পুতি থোৱা সপোনৰ বীজৰ পৰা গজা এজোপা বৃক্ষ – ড: টেৰেৰাই ট্রেণ্ট
অনুপমা বৰগোহাঁই
নয়ডা
‘নিউয়ৰ্ক টাইমচ’ নামৰ আলোচনীখনৰ স্তম্ভলেখক তথা “Half the Sky” নামৰ বিক্রীৰ অভিলেখ সৃষ্টি কৰা কিতাপখনৰ স্রষ্টা নিকোলাচ স্ত্রিষ্টভে কৈছিল :
“ Any time anyone tells you that a dream is impossible, any time you’re discouraged by impossible challenges, just mutter this manta : Tererai Trent .”
কুৰি শতিকাৰ আফ্রিকাৰ জিম্বাবুৱেৰ এখন সৰু গাওঁ - ৰ’ডেচিয়া । ইয়াত আছিল দৰিদ্রতা কু –সংস্কাৰ, অন্ধবিশ্বাস আৰু ঔপনিবেশিক শাসনত জুৰুলা হোৱা কিছুমান পৰিয়াল । সভ্য সমাজৰ বহুবোৰ সা-সুবিধাৰ পৰা বঞ্চিত এইখন গাওঁত শিক্ষাৰ সেৰেঙা ৰ’দ এচেৰেঙা মাত্র পৰিছিল । কিন্তু সেই ৰ’দ চেৰেঙা কেৱল এটি বৰ্গৰ বাবেহে সংৰক্ষিত আছিল ! সেই বৰ্গটো হ’ল – পুৰুষ বৰ্গ । কাৰণ এইটো বৰ্গই বংশৰ ভৱিষ্যতৰ বীজ কঢ়িয়াই ফুৰে আৰু পৰিয়ালৰ বাবে খাদ্য সংগ্রহ কৰে !! পৰিয়ালৰ বাবে সংগ্রহ কৰা খাদ্যবোৰ পৰিবেশন কৰা , ভৱিষ্যতৰ বীজ গৰ্ভত ধাৰণ কৰি ভূমিস্থ কৰা আনটো বৰ্গ অৰ্থাৎ নাৰীৰ বাবে শিক্ষাৰ ৰ’দৰ এটি কণা পৰাটোও অসম্ভৱ আছিল । পথাৰত গৰু- ছাগলী চৰুৱা, ৰন্ধন শালত সহায় কৰা, মাকহঁতে বছৰি বছৰি প্রসৱ কৰা ভবিষ্যতৰ বীজ এটাক বলে নোৱাৰিলেও হেপোৰ তেপোৰ কৈ কোচত লৈ খেলা ধূলা কৰায়েই আছিল ছোৱালীবোৰৰ জীৱন । অলপ ডাঙৰ হলেই এটা গৰু বা ছাগলীৰ বিনিময়ত সিহঁতক বেলেগ এখন ঘৰত খাদ্য পৰিবেশন কৰিবলৈ আৰু সেই ঘৰৰ বীজক গৰ্ভত ধাৰণ কৰি ভূমিস্থ কৰিবলৈ পঠিয়াই দিয়া হয় ।
১৯৬৫ চনৰ অক্টোৱৰ মাহৰ এটা দিনত সেই ৰ’ডেছিয়া গাঁৱৰ ৰ’দ নপৰা ক’লা আন্ধাৰ ঠাই এটুকুৰাত এজনী ক’লা বৰণৰ ছোৱালী জন্ম হৈ টেঁৱা টেঁৱা কৰি কান্দিবলৈ লাগিল । মাকে কিন্তু কেচুঁৱাজনীৰ ক’লা ৰঙটো এটুকুৰা উমি উমি জ্বলি থকা ৰঙা অঙঠা যেনহে দেখিলে !! সেই ৰঙা অঙঠাৰ উত্তাপ অনুভৱ কৰিবলৈ তেওঁ তাইক সাৱটি ল’লে – নাম দিলে তাইক টেৰেৰাই । অৱশ্যে সেই ৰঙা অঙঠাৰ উত্তাপ লবলৈ তেওঁৰ সময় নাছিল । কাৰণ তেওঁ এগৰাকী নাৰী । তেওঁৰ মাত্র কাম সন্তান জন্ম দিয়া আৰু খাদ্য পৰিবেশন কৰা … ! ক’লা ৰঙৰ আৰু দুটা লৰা সন্তানৰ জন্ম দিলে টেৰেৰাইৰ মাক শ্বামিচ’ ই ! ল’ৰা হোৱাৰ সৌভাগ্যৰে সিহঁত শিক্ষাৰ ৰ’দ ল’বলৈ স্কুললৈ গ’ল । কিন্তু শিক্ষাৰ ৰ’দে ল’ৰাহঁতক অলপো আনন্দ দিব পৰা নাছিল । আনহাতে শিক্ষাৰ ৰ’দ ল’বলৈ উচপিচাই থকা টেৰেৰাই সেই ৰ’দত বহিবলৈ বিচাৰিলে দেউতাকৰ কটুক্তি শুনিবলৈ লগীয়া হয় । শিক্ষাৰ প্রতি প্রৱল ধাউতি থকা টেটেৰাই নিৰাশ নহৈ ভায়েকহঁতৰ পৰাই লুকাই চুৰকৈ পঢ়া লিখা শিকিবলৈ ধৰিলে । ভায়েকহঁতে নোৱাৰা স্কুলৰ “হোম ৱৰ্ক” বোৰ কৰি দি তাইৰ অতৃপ্ত আশা পূৰণ কৰিবলৈ ল’লে । টেৰেৰাইৰ ভায়েকহঁতৰ স্কুলত কৰা কাম আৰু ঘৰত কৰা কামৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখি শিক্ষক আচৰিত হ’ল । চেকনিৰ ভয় দেখুৱাই তেওঁ সিহঁতৰ পৰা প্রকৃত সত্য বাহিৰ কৰি ল’লে । কোনোদিনে স্কুলৰ পোহৰ নেদেখা এজনী ছোৱালীৰ প্রতিভা শিক্ষকে লগে লগে আবিষ্কাৰ কৰিলে । তেওঁ গৈ টেটেৰাইৰ পিতৃক অনুৰোধ কৰিলে তাইক স্কুললৈ পঠিয়াবৰ বাবে । শিক্ষকৰ নানান বুজনি আৰু অনুৰোধত দেউতাকে তাইক স্কুললৈ যাবৰ বাবে অনুমতি দিলে । কিন্তু মাত্র দুটা বছৰৰ পিছতে ১১ বছৰ হোৱা টেৰেৰাইক দেউতাকে এটা গৰুৰ বিনিময়ত এজন খেতিয়কলৈ বিয়া দি দিলে । ১৮ বছৰ বয়স হোৱালৈকে টেৰেৰাই তিনিটা সন্তান ভূমিস্থ কৰিলে ।
০০০০
শিক্ষাৰ ৰ’দৰ পৰা বঞ্চিত হলেও টেৰেৰাইৰ কলিজাৰ ভিতৰত মাকে জন্মতে দেখা ৰঙা অঙঠা টুকুৰাৰ উত্তাপ কিন্তু শেষ হৈ যোৱা নাছিল । বৰঞ্চ সেই অঙঠা টুকুৰা আৰু বেছি ৰঙা হৈ পৰিছিল ! সেই উতপ্ত অঙঠাই মাজে মাজে টেৰেৰাইৰ পতিৰ আগত শব্দ হৈ ফুটিছিল – “ মই পঢ়িবলৈ বিচাৰো !” কিন্তু পতি নামৰ সেই পুৰুষজনে টেৰেৰাইৰ মুখত পঢ়া-শুনাৰ কথা শুনিলেই তাইক তুচ্ছ্য তাচ্ছিল্য কৰাই নহয়- মাৰধৰো কৰে ! কিন্তু কোনো বাধা আৰু অত্যাচাৰেও টেৰেৰাইৰ শিক্ষাৰ প্রতি থকা অদম্য ইচ্ছাক দমন কৰিব পৰা নাছিল । তাইৰ কলিজাৰ ভিতৰত ৰঙা পৰি থকা অঙঠা টুকুৰা ফুট ফুট কৈ জ্বলি উঠিবলৈ যেন কেৱল এচাটি আশাৰ বা-ৰ প্রয়োজন আছিল ।
… ১৯৯১ চন । ৰ’ডেচিয়া গাঁৱৰ এটি নিৰ্মল, আশাব্যঞ্জক দিন । হেইফাৰ ইন্টাৰনেচনেল নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত গাঁৱলৈ দ্রৰিদ্রতা আৰু বুভুক্ষতা দূৰ কৰাৰ প্রকল্প এটা লৈ জ’ লাক নামৰ মহিলা এগৰাকী আহিছিল । সেইদিনা জ’ লাকে গাঁৱৰ মহিলা সকলক গোট খোৱাই তেওঁলোকৰ সপোন আৰু ইচ্ছাবোৰ জানিব খুজিলে । সেই মহিলা গোটৰ মাজত থকা অৰ্ধশিক্ষিত, সংসাৰৰ মেটমৰা বোজাতো ক্লান্ত যেন নলগা এজনী পকা অঙঠা সদৃশ মহিলাই জ’ লাকক ক’লে _ “ মোৰ আমেৰিকাত শিক্ষা ল’বলৈ মন । স্নাতক , স্নাতকোত্তৰ আৰু তাৰ পিছত পি এইচ ডি কৰাৰো মন আছে ।” শিক্ষাৰ জ্বলমল পোহৰ দূৰৰ কথা- দুবেলা দুমুঠি খাদ্যৰে মুখ নেদেখা, গৰু –ছাগলী খেদি জীৱন পাৰ কৰা তিনিটা লৰা ছোৱালীৰ মাতৃ সেই টেৰেৰাই নামৰ মহিলাগৰাকীৰ মুখত এনে কথা শুনি জ’ লাক স্তব্ধ হৈ গ’ল । টেৰেৰাইৰ চকুলৈ বহু সময় চাই থাকি তেওঁ মাত লগালে _ “ If you desire your dreams they are achievable !” হয়, সপোনবোৰ যদি আমাৰ অদম্য কামনা হয় , তেনে সেই সপোন সাকাৰো হয় ! ... সেই এষাৰ মাত্র কথাই – আশাৰ বা এচাটিৰ ৰূপ লৈ টেৰেৰাইৰ জীৱন সলনি কৰি দিলে ! জ’ লাকৰ কথা শুনি টেৰেৰাই দৌৰ মাৰি মাকৰ ওচৰলৈ গ’ল । মাকক তাই নিজৰ সপোন আৰু জ’ লাকৰ কথা ক’লে । মাকে জন্মৰ দিনটোৰ পৰাই টেৰেৰাইৰ ভিতৰত জ্বলি থকা ৰঙা অঙঠাৰ উত্তাপ অনুভৱ কৰিছিল । তেওঁ টেৰেৰাইক ক’লে : “আইজনী, তোৰ এই শিক্ষাৰ সপোন সাকাৰ হ’লে নিজৰ লগতে তোৰ আশে পাশে থকা বহুতৰে তথা ভবিষ্যতৰ প্রজন্মটোৰো জীৱন সলনি হৈ পৰিব !”
অলপ ৰৈ তেওঁ আকৌ ক’লে : “ তই এটা কাম কৰ। তোৰ সপোনবোৰ এখন কাগজত লিখি পেলা । আমাৰ পৰম্পৰা মতে যিদৰে কেঁচুৱা ভূমিস্থ হোৱাৰ পিছত মাকৰ লগত সংলগ্ন হৈ থকা নাভিডাল কাটি মাটিৰ তলত পুতি শিল এটাৰে ঢাকি থোৱা হয় , ঠিক তেনেদৰেই তই তোৰ মনত ভূমিস্থ হোৱা সপোনবোৰ এখন কাগজত লিখি মাটিত পুতি থৈ দে । আত্মবিশ্বাসেৰে আগ বাঢ়ি যা – তোৰ পুতি থোৱা সপোনবোৰে এদিন নিজে নিজে গজালি মেলি তোক আবৰি ধৰিব ।”
টেৰেৰাই মাকৰ কথা মতেই কাগজ এখনত নিজৰ পাঁচটা সপোন লিখিলে আৰু সেই কাগজখন পুৰণা টিনৰ টেমা এটাত ভৰাই সাঁফৰ মাৰি হাবিৰ মাজত গাঁত এটা খান্দি পুতি শিল এচটাৰে ঢাকি থলে ।
০০০০
টেৰেৰাইৰ দিনবোৰ কোনো ছাঁ নপৰাকৈ অহা বাটে গুচি গল । ইতিমধ্যে টেৰেৰাই আৰু দুটা সন্তান ভূমিস্থ কৰিলে । সপোনবোৰ পুতি থোৱাৰ সাতোটা বছৰৰ পিছত অৰ্থাৎ ১৯৯৮ চনত টেৰেৰাইৰ পতিয়ে কামৰ সন্ধানত টেৰেৰাই আৰু পাচটা সন্তানৰ সৈতে আমেৰিকাৰ অক্লাহ’মা চহৰলৈ প্রবজন কৰিলে । আমেৰিকালৈ যোৱাটো আছিল টেৰেৰাইৰ প্রথম সপোন । প্রথম সপোন ফলৱতী হোৱাৰ পিছত টেৰেৰাইৰ দ্বিতীয় আৰু তৃতীয় সপোন ফলৱতী হ’বলৈও বেছি সময় নালাগিল । আমেৰিকালৈ প্রবজন কৰাৰ তিনিবছৰৰ পাছত টেৰেৰাই কৃষি বিজ্ঞানত স্নাতক ডিগ্রী ল’লে । ২০০৩ চনত স্নাতকোত্তৰ ডিগ্রী ল’লে । স্নাতক, স্নাতকোত্তৰ অধ্যয়ণ কৰি থকাৰ এই সময় খিনি টেৰেৰাইৰ বাবে সহজ নাছিল । প্রায় প্রতিটো দিনতে টেৰেৰাই পতিৰ বাধা , মাৰধৰ সহ্য কৰিব লগীয়া হৈছিল । পতিৰ এই বাধাই পাহাৰ সদৃশ হৈ হেঁচা মাৰি ধৰাৰ উপক্রম কৰাত টেৰেৰাই স্নাতকোত্তৰ ডিগ্রী লোৱাৰ পিছতে বিবাহ–বিচ্ছেদ কৰে । অবশ্যে কিছুদিনৰ পাছত তেওঁ মাৰ্ক ট্রেণ্ট নামৰ অক্লাহ’মা বিশ্ববিদ্যালয়ৰ কৃষি বিশেষজ্ঞ এজনক পুনৰ বিবাহ কৰে । ২০০৭ চনৰ ডিচেম্বৰ মাহত টেৰেৰাৰ পি এইচ ডি ডিগ্রী আহৰণ কৰা চতুৰ্থটো সপোন ফলৱর্ত্তী হয় । প্রতিটো সপোন পূৰ্ণ হোৱাৰ পিছত টেৰেৰাই নিজৰ গাঁৱলৈ গৈ সেই পুতি থোৱা সপোনৰ টেমাটো খুলি চায় আকৌ পুতি থৈ আহে । টেৰেৰাইৰ এই কাহিনী ইতিমধ্যে “নিউৱৰ্কচ টাইমচ” নামৰ আলোচনীখনৰ জৰিয়তে আমেৰিকাত জনাজাত হৈ পৰিছিল । এইখন আলোচনীৰ নিয়মীয়া স্তম্ভলেখক নিকোলাচ স্ত্রিষ্টভে “Half the Sky” নামেৰে টেৰেৰাইৰ জীৱনৰ ওপৰত এখন কিতাপ প্রকাশ কৰিলে । কিতাপখনে সেই সময়ত নিউয়ৰ্কত বিক্রীৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হল । কিতাপখনৰ সঁচা নায়িকা টেৰেৰাইৰ কাহিনীয়ে সকলোৰে মাজত আলোড়নৰ সৃষ্টি কৰিলে । আমেৰিকান টেলিভিচনৰ আটাইতকৈ জনপ্রিয় আৰু উচ্চমানৰ অনুষ্ঠান “ডি অপ্ৰা উইনফ্রে শ্ব” লৈ টেৰেৰাই নিমন্ত্রিত হ’ল । সেই সাক্ষাৎকাৰ অনুষ্ঠানৰ আগতে টেৰেৰাইৰ সপোনৰ টেমাটো অৱস্হিতিৰ সত্যতা প্রমাণ কৰিবৰ বাবে অনুষ্ঠানৰ গুৰি ধৰোতা অপ্ৰা উইনফ্রে –এ টেৰেৰাই ৰ লগত নিজৰ এদল কৰ্মচাৰীক জিম্বাবুৱেৰ সেই গাওঁখনলৈ পঠিয়ালে । অপ্ৰা উইনফ্রেৰ দলটোৱে টেৰেৰাৰ টেমা পুতি থোৱা কথাটো সত্য বুলি স্বীকাৰ কৰিলে । তেওঁলোকে সপোনৰ টেমাটো খুলি চাই দেখিলে যে টেৰেৰাৰ পঞ্চম আৰু শেষ সপোনটো এতিয়াও পুৰ্ণ হোৱা নাই । টেৰেৰাইৰ পঞ্চম সপোন আছিল - নিজৰ গাঁৱত লৰা-ছোৱালীহঁতৰ বাবে এখন উন্নত মানৰ বিদ্যালয় স্থাপন কৰা । ০০০
“ ডি অপ্ৰা উইনফ্রে শ্ব”ৰ জৰিয়তে সহজ সৰল সপ্রতিভ টেৰেৰাই লাখ লাখ দৰ্শকৰ মন জয় কৰাই নহয় অনুষ্ঠানৰ প্রযোজিকা অপ্ৰা উইনফ্রে ৰো মন জয় কৰিলে । অপ্ৰা উইনফ্রেয়ে প্রতি বছৰে তেওঁৰ সকলোতকৈ ভাল লগা আলহীক একোটি পুৰস্কাৰ দিয়ে । টেৰেৰাই ২০১১ চনত অপ্ৰা উইনফ্রেৰ পৰা সেই পুৰস্কাৰ লাভ কৰে । এই পুৰস্কাৰ আছিল ১.৫ মিলিয়ন ডলাৰ নগধ টকা - যি টকাৰে টেৰেৰাই নিজৰ পঞ্চম আৰু শেষ সপোনটোও সাকাৰ কৰিবলৈ সক্ষম হ’ল।
ড: টেৰেৰাই ট্রেণ্টৰ এই কাহিনীটো কোনো পৌৰাণিক লোককথা নহয় । এয়া বৰ্তমান সময়ৰ এগৰাকী অদম্য আত্মবিশ্বাসী সাধাৰণ নাৰীৰ কাহিনী । আমি বহুতেই টেৰেৰাইতকৈয়ো বহু বেছি সা-সুবিধাৰে পুষ্ট হৈও নিজৰ সপোনবোৰ পূৰ্ণ কৰিব নোৱাৰোঁ । সপোন সাকাৰ নহলে আমি ভাগ্য বা পৰিবেশক দায়ী কৰোঁ । কিন্তু আফ্রিকাৰ সেই পিছ পৰা ঠাইৰ সংসাৰৰ হাজাৰটা বোজায়েও হাৰ মনাব নোৱাৰা টেৰেৰাই নামৰ মহান নাৰীগৰাকীৰ জীৱন কাহিনী অনুধাৱন কৰিলে বিশ্বাস হয় যে মানুহৰ সকলো সপোন সাকাৰ হয় – যদিহে মনত প্রচুৰ সাহস আৰু অন্তৰত শিলৰ দৰে অটল বিশ্বাস থাকে।
টেৰেৰাইৰ প্রতিটো কাম আৰু কথাৰ পৰা বিশ্বৰ হাজাৰ হাজাৰলোক অনুপ্রেৰিত হৈছে ।
নিজৰ কেতবোৰ সাক্ষাৎকাৰত প্রকাশ কৰা টেৰেৰাইৰ কেতবোৰ মূল্যবান উক্তি হ’ল -
:#: সপোন দেখা, সেই সপোনবোৰৰ ওপৰত বিশ্বাস ৰাখা - তোমাৰ সপোন ফলিয়াবই ! (Dream, Believe and Achieve )
: #: “মনৰ ইচ্ছা বা সপোন লিখি ৰখা কার্যটো হল সেই ইচ্ছা বা সপোনৰ বাস্তৱ হোৱাৰ প্রথম প্রতিৰূপ” ।
:#: “মই যদি নিজক সলনি কৰিব নোৱাৰো – পৃথিৱীৰ কাকোৱেই সলনি কৰিব নোৱাৰো । আমাৰ সকলোৰে ভিতৰত থকা মৌলিক অন্তনির্হিত শক্তিখিনি বিচাৰি আৰু তাক মুকলি কৰি সেই শক্তিৰ বলত সাহসেৰে আগুৱাই গলেহে আমি বিচৰাৰ ধৰণেৰে সলনিবোৰ কৰিবলৈ সক্ষম হম ।”
:#: “ এজন সপোন দেখোতাৰ অন্তৰত ঘৃণাৰ কোনো স্থান নাই । পৃথিৱীখনত শান্তিৰে জীয়াই থাকিবলৈ হলে আনক ভাল পাবলৈ আৰু ক্ষমা কৰিবলৈ জানিব লাগিব ।
:#: “পৃথিবীখন আগতকৈও সুন্দৰ কৰিবৰ বাবেহে আমি জন্ম হৈছো ।”
উপসংহাৰ :
“ এটা কথা আমি সদায় মনত ৰাখিব লাগে যে সমাজৰ পৰা আমি যিমান পালো তাৰ দুগুণ সমাজক ঘুৰাই দিয়াৰ আন্তৰিক ইচ্ছা থাকিব লাগে ।”
ড: টেৰেৰাইৰ তেওঁৰ এক অনুপ্রেৰণা মূলক ভাষণত কোৱা ওপৰুক্ত ব্যতিক্রমি উক্তিটোৱে আজিৰ স্বাৰ্থলোভী আত্মকেন্দ্রিক সমাজলৈ এক অনন্য সুন্দৰ বাৰ্তা দিছে । আজিৰ আমাৰ সমাজৰ বহুলোকে নিজৰ সপোনবোৰ পূৰ্ণ হোৱাৰ পিছত নিজৰ দেশ , জাতি আৰু বহু লোকে নিজৰ পৰিয়ালকো পাহৰি পেলায় । আত্ম সুখত মগ্ন হৈ এদিন তেওঁলোকে হেৰুৱাই নিজৰ বিজয়ৰ প্রকৃত আনন্দ, হেৰুৱাই জীৱনটো যাপন কৰাৰ প্রকৃত সুখ আৰু শান্তি !
ড: টেৰেৰাই ট্রেণ্টে নিজৰ সপোন সাকাৰ হোৱাৰ পিছত নিজৰ সেই পিছপৰা গাঁওখনৰ কথা পাহৰি নগ’ল । সপোনৰ বীজ পুতি ৰখা সেই পিছ পৰা গাঁৱখনৰ শিক্ষা আৰু অন্যান্য সামাজিক উন্নয়ণৰ কাম কৰিবৰ বাবে “ Tinogona Foundation” নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটা গঠন কৰি নিস্বাৰ্থ ভাবে কাম কৰি গৈছে । সমাজে টেৰেৰাইক যিমান দিলে তাতকৈ হাজাৰ গুণ বেছি ড: টেৰেৰাই ট্রেণ্টে সমাজক ঘুৰাই দিছে । মাটিত পুতি থোৱা সপোনৰ বীজৰ পৰা হোৱা বৃক্ষৰ ডাল ভৰি লগা ফল সমাজক বিলাই দি টেৰেৰাই আজি এক প্রকৃত সুখী আৰু বিজয়ীৰ জীৱন যাপন কৰিছে। ড: টেৰেৰাই ট্রেণ্ট আমাৰ সকলোৰে বাবে এক অনুপম আদৰ্শ হওঁক !!
*************

No comments:
Post a Comment