Friday, 9 September 2016

এক আলোকৰযাত্ৰা - নিজৰ পৰা নিজলৈ

এক আলোকৰযাত্ৰা  - নিজৰ পৰা নিজলৈ                    
অনুপমা বৰগোহাঁই
নয়ডা
ভ্ৰাম্যভাষ : ৯৭১১৪৯৭৩২৮

এক )
প্ৰতিজন মানুহৰ নিজৰ ভিতৰত অপৰিসীম শক্তি আছে  কিন্তু সেই শক্তি ব্যৱহাৰ কৰা - নকৰা  বা  ভাল কামত ব্যৱহাৰ কৰা  নে বেয়া কামত ব্যৱহাৰ  কৰা   এই সকলো  কথা মানুহৰ নিজৰ আত্মোলব্ধিৰ  ওপৰত নিৰ্ভৰ কৰে  বিজ্ঞানৰ সমীক্ষামতে এজন মানুহে জীৱন কালত নিজৰ মগজুৰ  শতাংশও সৰ্ম্পূণ ব্যৱহাৰ নকৰে  নিজৰ মগজুৰ  শতাংশও ম্পূৰ্ণ   ব্যৱহাৰ নকৰাকৈয়ে  মানুহে পৃথিৱীত কিমান যে অসাধ্য  সাধন কৰিছে ! গৌতম বুদ্ধই কৈছিল : প্ৰতিজন ব্যক্তিৰ ভিতৰতে এজন বুদ্ধ সোমাই আছে  প্ৰয়োজন  মাথো কৰ্ম আৰু  সাধনাৰে সেই বুদ্ধক জগাই তোলাৰ   নিজৰ ভিতৰত থকা পৰিসীম শক্তি আৰু বুদ্ধক উপলব্ধি  কৰিব পাৰিলে , আমি আৰু এটা  কথা উপলব্ধি  কৰিম যে  আমি এই পৃথিৱীখন সলনি কৰিবলৈ বিচাৰিলে প্ৰথমে নিজক সলনি কৰিব লাগিব  নিজক সলনি কৰা কামটোৱেই সকলোতকৈ সহজ ( নতুবা কঠিণ ) কাম  আমি প্ৰায় সকলো মানুহেই সমাজত আশা কৰামতে হৈ নুঠা বিকাশ আৰু  দুৰ্নীতিৰ বাবে  চৰকাৰ , সংলিষ্ট  ব্যক্তি বা অনুষ্ঠানক দোষাৰূপ কৰোঁ৷ এই কথা সত্য যে চৰকাৰ বা প্ৰশাসনে বহুত সময়ত  দুৰ্নীতি দুৰাচাৰত লিপ্ত  হৈ কৰিবলগীয়া কামবোৰ নকৰে   দুৰ্নীতি দুৰাচাৰৰ বিপক্ষে মাত মতাৰ লগতে আন এটা কথাও লক্ষ্য কৰিব লাগে যে এই দুৰ্নীতি দুৰাচাৰত  আমিও পৰোক্ষ ভাবে বা নিজৰ অজানিতে লিপ্ত  হৈছো  নেকি ?  আমি সকলো কাম কেৱল  চৰকাৰে কৰিব বুলি কিয় বাট চাই থাকো ? নিজৰ সামৰ্থৰে সমাজৰ বাবে আমি কৰিব পৰা কামবোৰ কৰিছোঁনে ? আমাৰ নিজৰ চুবুৰীটো , নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো নিজেই  অলপ মেৰামতি কৰি লব নোৱাৰোনে ? এই যে  ৰাস্তাতে বা কাৰোবাৰ অলপমান মুকলি হৈ থকা পথাৰ এখনতে জাবৰ জোথৰ পলিথিন  আদি নেপেলাই সেই জাৱৰখিনি ভালদৰে ব্যৱহাৰ কৰাৰ কথা ভাবিব  নোৱাৰোঁনে ? পলিথিন , প্লাষ্টিক , গ্লাচ  আদি  পচি নোযোৱা বস্তুবোৰ বেলেগকৈ ৰাখি  , শাক পাচলিৰ বাকলিকাগজ , এৰেহা খাদ্য আদি মাটিৰ লগত মিহলি হোৱা জাৱৰবোৰ পৃথক ভাবে ৰাখি ঘৰৰ চৌহদৰ কোণা এটাত পুতি থোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ৷ পলিথিনৰ দৰে পৰিবেশ  প্ৰদূষণ কৰা বস্তুবোৰ যিমান পাৰি কমকৈ ব্যৱহাৰ কৰিবলৈ নিজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হব পাৰোঁ   আৰু বহুত সৰু সৰু কাম -  যিবোৰ  কামে আমাৰ নিজৰ লগতে সমাজৰো  হিত সাধন কৰে - আমি  সহজেই কৰিব পাৰোঁ    কাকত আলোচনীত প্ৰায়েই আমি এনে ধৰণৰ লেখা  পঢোঁ - পঢ়ি থকাৰ সময়ত এনেবোৰ কাম কৰিম বুলি দুদ্ধ হওঁ  কিন্তু কিছু দিনৰ পিছত  সামান্য বাধা এটা আহিলেই  আমি সেইবোৰ কাম কৰিবলৈ এৰি দিওঁ  আৰু এটা সময়ত এনেবোৰ কথা  কেৱল  ভাব আৰু শব্দৰ ৰূপতেই  ৰৈ যায় !
 সমাজৰ  বাবে নিঃস্বাৰ্থ ভাবে  ভাল কাম কৰাৰ  স্পৃহা  বহুতৰে আছে  কিন্তু তাৰ মাজৰ বহুতেই নিজক শক্তিহীন বুলি ভাবি  আগবাঢ়ি নাহে  সাধাৰণতে নিবনুৱা যুৱক যুৱতী ,  ঘৰুৱা কামত ব্যস্ত গৃহিনীয়ে  সমাজৰ  হকে কাম কৰিবলৈ নিজৰ কোনো শক্তি নাই বুলিয়েই ভাবে   ময়ো এগৰাকী সাধাৰণ গৃহিনী  বুদ্ধ দৰ্শনৰ আধুনিক প্ৰবক্তা  ডঃ ডাইচাকু ইকেডাৰ  লিখনি  আৰু দৰ্শনৰ মই  একান্ত অনুৰাগী   লগতে  এটা  আন্তৰাষ্টিয়  বুদ্ধসংঘ SGI   সদস্যা  ডঃ ডাইচাকু ইকেডা এই  সংগঠণৰ সভাপতি  বুদ্ধ দৰ্শনৰ অনুশীলন কৰিবলৈ লোৱাৰ পৰা  নিজক মই কোনোদিনেই দুৰ্বস্থিতিহীন  বুলি ভবা নাই  সমাজৰ হকে কাম কৰিবলৈ মোৰো ইচ্ছা হয়  বিশেষকৈ নিজৰ জন্মভূমিৰ নিজৰ মাটিৰ মানুহসকলৰ বাবে হাতে কামে লাগি কাম কৰিবলৈ মোৰো বহুত মন যায়  সংসাৰৰ দায়িত্ব আৰু নিজে অৰ্থ পাৰ্জন নকৰাৰ  বাবে ময়ো বহু সময়ত সংকুচিত হৈ পৰিছিলোঁ  কিন্তু যেতিয়াই মই ভাঙি পৰো , দুৰ্ব যে অনুভব কৰোঁ ডঃ ডাইচাকু ইকেডাৰ  লেখনি এটা  মেলি লওঁ   সংঘৰ মিটিংত আমি গোৱা উৎসাহজনক গানবোৰৰ এটা গুণ গুণাও    তেনে এটা গান হল  : 
Standing along when no one dared

Fighting battles no one shared

Your faith and love has moved the world

And so many people sharing in your joy
Standing alone to live our dreams

Fighting for all that we believe in

To seek our mission in this world

To share this hope and joy with every heart...

With Love

এইটো হল   SGI ( Value Creating Society )   spirit song 
ঠিক  এই গানটোৰ দৰেই আন এটি গীত হল
 'যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে 
একলা চলো , একলা চলো , একলা চলো , একলা চলো রে ৷৷
 কবি গুৰু ৰবীন্দ্ৰনাথৰ এইটো  গীতো মোৰ অতি প্ৰিয়  বাংলা ভাষা বুজি নোপোৱা বহুজনৰ  মুখত , মবাইল ফোনত এই গানটো শুনিছো  ৰ্থাৎ এই গানটো মোৰ দৰেই আন বহুজনৰে প্ৰিয়  কিমান গভীৰ  অৰ্থ বহন কৰিছে এই গীতটোৰ কথা কেইফাঁকিয়ে৷
ঠিক একেদৰেই ডঃ ডাইচাকু ইকেডাই  লিখিছিল  যে এজন সাধাৰণ মানুহৰ এটা ক্ষুদ্ৰ পদক্ষেপেই পৃথিৱীখন সলনি কৰিব  পৃথিৱীখন ধুনীয়া কৰিব  পাৰিব    
 যেতিয়াই মই নিজক দুৰ্ব অকলশৰীয়া বুলি ভাবো , তেতিয়াই  মোৰ কাণত যেন  বাজি  উঠে চেনচেই ডাঃ ইকেডাৰ গুৰু গম্ভীৰ মাত :   অকলেই আগবাঢ়া  এজন সাধাৰণ মানুহৰ এটা ক্ষুদ্ৰ পদক্ষেপেই পৃথিৱীখন সলনি কৰিব  পৃথিৱীখন ধুনীয়া কৰিব  যোৱা - আগবাঢ়া  মানৱতাৰ বাবে কৰিব খোজা কোনো কামেই ক্ষুদ্ৰ নহয়  মই ভাবিবলৈ ললো  :   অৰ্থ  পাৰ্জ কৰিবলৈ নোৱাৰিলেও অৰ্থ ৰাহি কৰিব যদি পাৰোঁ - তেনে মই সেইখিনি  নিজৰ আৰ্জন বুলি ধৰিম   কাৰো সহায় নোলোৱাকৈ মই সকলো ঘৰুৱা কাম কৰোঁ  এগৰাকী ঘৰুৱা কামত সহায় কৰোঁতাই মাহটোত কমেও তিনি হাজাৰ টকা লয়  গতিকে সেই তিনি হাজাৰ টকা মোৰ উপাৰ্জন  সৌন্দৰ্য  চৰ্চা বা চেলাউৰিহাত  ভৰিৰ নোম উঠোৱা  - আদি কোনো কামৰ বাবে মই  বিউটি পাৰ্লাৰ নাযাওঁ   সৌন্দৰ্য  চৰ্চাৰ খৰচ নামত মাহে এহেজাৰ টকা ৰাহি হলে , সেই এহেজাৰ টকা মোৰ পাৰ্জন   নিজৰ বাবে প্ৰয়োজনতকৈ অধিক একো বস্তুৱেই মই নলওঁ , নাখাওঁ  কোনো বিলাসী সামগ্ৰী বা কাপোৰত অযথা অৰ্থ ব্যয় নকৰোঁ   গতিকে মই মাহটোত ঘৰত বহি বহিয়েই কমেও চাৰি পাঁচ হাজাৰ টকা  পাৰ্জন কৰোঁ আৰু এই পাৰ্জনৰ টকা মোৰ চ্ছাৰে মুক্তমনে আৰ্তজনক সহায় কৰিব পাৰোঁ  গৃহস্থৰ কষ্টোপাৰ্জিত ধনেৰে মই  নিজৰ মনৰ পৃথিৱীখন চহকী কৰিব নিবিচাৰোঁ  নিজৰ নিজৰ মনৰ পৃথিৱীত আমি দুয়ো স্বাধীন হৈ থাকোঁ 
 এতিয়া কথা হল হাতে কামে আগবাঢ়ি অহাটো৷  ডাঃ ইকেডাই কৈছিল  ( _The important thing is to take that first step. Bravely overcoming one small fear gives you the courage to take on the next._  _Small things matter. What may look like a small act of courage is courage nevertheless. The important thing is to be willing to take a step forward._  )
 প্ৰতিবছৰৰ দৰে এইবাৰো অসমত হোৱা বানপানীত মোৰ ওপজা মাটিৰ মানুহ সকলৰ ৰ্দুদশা টি ভি , বাতৰি কাকত আৰু ফে ইচ বুকত  প্ৰত্যক্ষ কৰিলোঁ  প্ৰতিবছৰেই বানপানীৰ সাহাৰ্য্য  নামত বহুতো চৰকাৰী বেচৰকাৰী সংস্থাত  আমি কিছু টকা দিওঁ  সেই টকা প্ৰকৃত বানপিড়ীত সকলৰ কামত আহিছেনে নাই সেই কথাও নাজানো  সেয়ে  এইবাৰ এই বানপানীত আক্রান্ত লোক সকলক নিজে লগ ধৰি , তেওঁলোকৰ ৰ্দুদশাৰ বুজ লবলৈ , মোৰ নিজৰ সাঁচতীয়া টকাখিনিৰে  কিছু সহায় কৰিবলৈ ইচ্ছা হল  মোৰ এই ইচ্ছাত প্ৰথমেই  সাহস আৰু সঁহাৰি জনালে মোৰ গৃহস্থ আৰু ৰাকেইটাই  তাৰপিছত  অসমৰ বিভিন্ন জিলাত থকা মোৰ  বহু কেইগৰাকী সহপাঠিয়ে সহায় আৰু সহযোগ কৰাৰ মৌখিক প্ৰতিশ্ৰুতি দিলে  অৱশ্যে তাৰ মাজতে দুই একে মোৰ এই যাত্ৰাক লৈ বিদ্ৰূপ আৰু নিৰাশাজনক মন্তব্যও আগবঢ়ালে  কিন্তু কোনো বাধা আৰু ঠাট্টা বিদ্ৰূপত মই বিচলিত হোৱা নাছিলো   ২৩ আগষ্টত মই গৃহস্থৰ হাতত ৰাকেইটাৰ দায়িত্ব দি দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে উৰা মাৰিলো  ডিব্ৰুগড়লৈ গৈ  মই  প্ৰথমেই শলঠেকত  পৰিলোঁ - কোন অঞ্চলত যাম সেই বিষয়টো লৈ  ইতিমধ্যে  মোক সহযোগ দিম বুলি কোৱা অসমৰ প্ৰায় সকলো বান্ধৱী নিমাত হৈ পৰিল   ৰাস্তা ঘাট নথকা , ৰ্দুগম  ভিতৰুৱা অঞ্চললৈ কোনেও যাব নিবিচাৰে  কিন্তু মোৰ লক্ষ্য আছিল ,  প্ৰকৃত ৰ্দুদশাগ্ৰস্থ ভিতৰুৱা ঠাইলৈ গৈ সেই সকল লোকৰ অৱস্থাৰ বুজ লোৱা   সৌভাগ্যক্রমে  ডিব্ৰুগড় নিবাসী বান্ধৱী বন্দিতা  বৰুৱাই যিকোনো পৰিবেশ পৰিস্থিতিতে নহওক কিয় মোৰ এই যাত্ৰাত সহযোগ কৰিমেই   বুলি কাষত থিয় দিলেহি   যিকোনো ভাল কাম কৰিবলৈ হাতত বহুত সমল বা লগত বহুত লোক থাকিবই লাগিব  এনে কথা নাই   মানুহৰ দৃঢ় ইচ্ছা আৰু সততাহে মুখ্য কথা   বন্দিতা আৰু মোৰ এই অভিযানত সহায় কৰিবলৈ দেবদূতৰ দৰেই এজন যুৱকক লগ পালোঁ  কৰ্মসূত্ৰে ডিব্ৰুগড় নিবাসী চ্যু মাধৱ দাস ওৰফে অচ্যুত নেওগক মই মোৰ অসমলৈ অহাৰ উদ্দেশ্য কওঁতেই  লগে লগেই সহায়  কৰিবলৈ সাঁজু হল  অচ্যুতে কেইবছৰমান ৰ্পূবে মাজুলীৰ গ্ৰাম্য বিকাশ যোজনাত কাম কৰিছিল  মাজুলীৰ বহুবোৰ ভিতৰুৱা অঞ্চল তেওঁ চিনি পায়  অচ্যুতে বৰ্তমান মাজুলীত স্বাস্থ্য বিভাগত কাম কৰি থকা তেওঁৰ  বন্ধু উত্তম দত্ত আৰু ইলু চুতিয়া  বাইদেউক আমাৰ যাত্ৰাৰ বিষয়ে অৱগত কৰালে  মাজুলীলৈ আমি যাবলৈ ধাৰ্য কৰা দিনটো আছিল ২৫ আগষ্ট  সেইদিনা আছিল জন্মাষ্টমী  চৰকাৰী বন্ধৰ দিন  নতুনকৈ বিয়া পতা যোৰহাট জিলাৰ উত্তমে এনে এটা বন্ধৰ দিনলৈ আকুল ভাবে বাট চাই থাকে  ঘৰত অকলে এৰি থৈ অহা নবপৰিণীতা মৰমী পত্নীৰ ওচৰলৈ এনে এটা বন্ধৰ দিনতহে যাবলৈ পাৰে  কিন্তু আমাৰ যাত্ৰাৰ উদ্দেশ্য জানি  উত্তমে  নিজৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা বাতিল কৰি  আমাক মাজুলীৰ ভকতপাৰা নামৰ চাপৰিটোৰ বান আক্রান্ত লোক সকলৰ ওচৰলৈ লৈ যাবলৈ সাঁজু হল  একেদৰেই ইলু বাইদেউও সাঁজু হল আমাক সংগ দিবলৈ  আমি ২৪ আগষ্ট তাৰিখে যোৰহাটত ৰাতিটো কটালেহে ২৫ আগষ্টত   ৰাতিপুৱাৰ  প্ৰথমখন ফেৰীত  মাজুলীলৈ যাব পাৰিম  সেয়ে  যোৰহাটত থকা মোৰ কটন কলেজত হোষ্টেলত থাকোঁতেই  আত্মীয়তা গঢ়ি উঠা বাইদেউ আখতাৰা কলিতাৰ ঘৰলৈ যাবৰ বাবে বন্দিতা আৰু মই সাঁজু হলো  বাইদেউ   আৰু  ভিনদেউ দুয়ো যোৰহাটৰ জে বি কলেজৰ ৰসায়ন বিভাগৰ শিক্ষক  ভিনদেউ গৌতম কলিতা সেই কলেজৰে ৰসায়ন বিভাগৰ মুৰব্বী  ২৪ তাৰিখে বাইদেউৰ ঘৰলৈ যাবৰ বাৰে যো-জা কৰোতেই খবৰ আহিল : সেই দিনা ডিব্ৰুগড়  বন্ধ  পুনৰ এটা বাধা  মোৰ হাতত মাত্ৰ সীমিত কেইটামান দিনহে আছিল  এটা দিন অথলে গলে মোৰ গোটেই যাত্ৰাটোৱেই বিফল হব  বুদ্ধ ৰ্দশনৰ আনুশীলন কৰোঁতে শিকিছিলোঁ যে যিকোনো  বাধাত নিজৰ লক্ষ্যৰ পৰা  আঁতৰি অহাটো , হাৰ স্বীকাৰ কৰি লোৱাটো  বুদ্ধিসত্বৰ লক্ষণ নহয  মানুহৰ উদ্দেশ্য যেতিয়া সৎ হয় , ইচ্ছা শক্তি যদি প্ৰবল হয়  সন্মুখত  অহা সকলো বাধা বাটৰ ধূলিৰ দৰেই আঁতৰি যায়  যোৰহাটলৈ যাবৰ বাবে এখনো  গাড়ী মটৰ নাপালত  আমি ট্ৰেইনৰ খবৰ কৰিলোঁ  সৌভাগ্যক্রমে  দুপৰীয়া :৩০ বজাত যোৰহাট একচপ্ৰেস  নামৰ ৰেল এখন ডিব্ৰুগড়ৰৰ পৰা যোৰহাটলৈ যোৱাৰ খবৰ পালো  আমাৰ হাতত তেতিয়া সময় মুঠেই কম   শাৰীৰিক অসুস্থতাৰ বাবে  মোক এই যাত্ৰাত সহযোগীতা কৰিব নোৱাৰা ডিব্ৰুগড়ৰ  বান্ধৱী নাজৰিনে অসুখীয়া গাৰেই তাইৰ ঘৰৰ ওচৰত থকা বাণীপুৰ ৰেলৱে ষ্টেচনটোলৈ গৈ  আমাৰ বাবে  দুটা টিকেট কাটি  থলে  গুৱাহাটীত থকা বান্ধৱী বৰ্ণালী গগৈয়েও আমি যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ডিব্ৰুগড়ত থকা ভায়েকৰ হাতত মাজুলীবাসীৰ বাবে কিছু খোৱা বস্তু দি পঠিয়ালে   মোৰ ভিনদেউ  নিৰঞ্জন হাজৰিকাই  বিজুলী বেগেৰে গাড়ী চলাই আমাক  ট্ৰেইন ষ্টেচন পোৱাই দিলেহি   বৰ্তমান ৰেলৱে বৰ্ডৰ ৰ্কমচাৰী অচ্যুত  ইতিমধ্যেই সেইখনত ট্ৰেইনত বহি আছিল  ৰাতি  প্ৰায় -মান বজাত আমি আখতাৰা বাইদেউৰ ঘৰ পালোঁহি  ৰাতিটো বাইদেউভিনদেৱে আদৰ আপ্যায়ন কৰি ৰাখি পুৱা আমাক মাজুলী অভিমুখি ফেৰীত  উঠাই দিলেহি   নদী দ্বীপ মাজুলী মোৰ বাবে সদায় বিস্ময় আৰু গৌৰব 
 কবি  মৃদুল হালৈৰ ভাববোৰৰ সৈতে মোৰো একাত্ম হৈ কবৰ মন যায় :
মোৰ মনৰ পৰা মাজুলীলৈ
এটা বাট আছে
নিৰাকাৰ এই বাটৰ অদেখা ধূলি উৰুৱাই
 ৰা - ছোৱালীবোৰ দৌৰি ফুৰে
বাটৰ দুয়োকাষৰ সৰিয়হ ফুলৰ গোন্ধে
ওপঙাই ৰাখে মোৰ দিন আৰু ৰাতিবোৰ
কবিতা পুথি : আমাৰ ভাল   )
মাজুলীলৈ কোনো দিন যোৱা নাছিলোঁ যদিও বুকুৰ মাজত সদায় মাজুলীক লৈ ফুৰোঁ   অসমৰ বিষয়ে নজনা অন্য ভাৰতীয়ক প্ৰথমেই কওঁ  - মাজুলীৰ বিষয়ে  ভাল সময়ত  মাজুলীলৈ  বহুলোক যায়  মাজুলীৰ সৌৰ্ন্দয্য , তাত থকা সত্ৰ সংস্কৃতিক দৰ্শ কৰে  কিন্তু  মাজুলীৰ দুখৰ সময়ত  আমি কিমানজন যাওঁ ওচৰৰ পৰা মাজুলীক চাবলৈ  বুজিবলৈ ! সুখৰ সময়ৰ বন্ধুতকৈ , দুখৰ সময়ৰ বন্ধুহে আমাৰ বাবে অধিক প্ৰয়োজন  সেয়ে আমি মাজুলীৰ এই দুখৰ সময়তে যাবলৈ পাই নিজকে ধন্য মানিলোঁ   ফেৰী ঘাটৰ পৰা নামি আমি বাচবাইক বা অন্য বাহনেৰে কমলাবাৰীলৈকে যাব লাগিব  কমলাবাৰীত আমাৰ বাবে ৰৈ থাকিব  উত্তম , ইলু বাইদেউ আৰু বীৰেণ৷ অচ্যুতে ফেৰীত নিজৰ স্কুটি লৈ আহিছে  অচ্যুতে  বন্দিতা আৰু মোক গাড়ী এখনত উঠাই নিজে পিছে পিছে স্কুটিত গৈ থকাৰ পৰিকল্পনা প্ৰকাশ কৰাত আমাৰ লগত বহি যোৱা মাজুলীত ভাৰত সঞ্চাৰ নিগমত কৰ্মৰত আদহীয়া সহযাত্ৰীজনে কলে :  মই কমলাবাৰীলৈকে যাম  মোৰ মটৰ চাইকেলতে আপোনালোকৰ এগৰাকীক লৈ যাব পাৰিম ভদ্ৰলোকৰ  কথা বতৰা আৰু সহৃদয়তাত আমি ইতিমধ্যেই মোহিত হৈ  পৰিছিলোঁ  মই তেখেতৰ মটৰ চাইকেলত উঠি গৈ থাকোঁতে মাজুলীৰ বিষয়ে তেওঁৰ মুখতো বহু কথা শুনিলোঁ  তেখেতে কলে : এইবাৰ মাজুলীত বানপানীৰ বিশেষ তাণ্ডব নাই দেখা  এয়া চাওঁক কমলাবাৰীৰ ৰাস্তা ঘাট , ঘৰ বাৰী  কৰবাত বানপানীৰ সংহাৰৰ চিন দেখিছে জানো ? ভিতৰুৱা চাপৰিবোৰত হয়তো এতিয়াও পানীয়ে ঘৰ দুৱাৰ ভৰাই ৰাখিছে  সেয়া মই নাজানো৷ কিন্তু মই আজি দুবছৰে যোৰহাটৰ পৰা মাজুলীলৈ সদায় অহা যোৱা কৰি আহিছো  বানপানীৰ বাবে এদিনো মই ৰৈ যাব লগীয়া হোৱা নাই   অৱশ্যে ২০১২   চনৰ  বানপানীত মাজুলীৰ বহুত ক্ষতি হৈছিল  তেখেতৰ কথা শুনি শুনি দুয়োপাৰে সূৰ্য ৰশ্মিত  চিক মিকাই থকা  বেতগছ , মৰাপাটৰ গছ আৰু মই চিনি নোপোৱা নানান সেউজীয়া গছ লতিকাৰে  শুৱনি মাজুলীখন চাই চাই কেতিয়ানো কমলাবাৰী পালোহি গমেই নাপালোঁ 
কমলাবাৰীত একাপ চাহ খাই আমি এটি ভিতৰুৱা ৰাস্তাৰে ভকতচাপৰি অভিমূখে আগবাঢ়িলো   বাইকত উঠি কিছু দূৰ আগবাঢ়োহে  - বালিময় ৰাস্তা , বাঁহৰ লেহুকা দলং একোখন দেখি বাইকৰ পৰা নামি খোজ কাঢিব লগীয়া হয়   বাইক চালক অচ্যুতউত্তম আৰু বীৰেণে অতি কষ্টৰে ঠেলি ঠেলি বাইক কেইখন  সেইখিনি  ঠাই পাৰ কৰাই লৈ যায়  ৰ্সূযটোৱেও সিদিনা পাৰে মানে   জুই বৰষিছিল   আমাৰ ওপৰত যেন অহেতুক খং ৰ্সূযটোৰো  একেই মানুহ - আমাৰ দৰেই তেজ মঙহৰ  সদায় তেওঁলোকে এনেদৰেই অহা যোৱা কৰিব লগীয়া হয় - মুখেৰে উস আস শব্দ এটা নকৰাকৈ ! উত্তম , ইলু বাইদেউহঁতৰ দৰে স্বাস্থ্য ৰ্কমীয়ে এনেদৰেই এইবোৰ অঞ্চলত ঘৰে ঘৰে  গৈ  চিকিৎসা পৰাৰ্মশ দিয়ে  কিন্তু আপাত কালিন  স্থিতিত এই সকল লোকে কি কৰে ? ভাবি খুবেই বেয়া লাগি গল  আজি কুৰি শতিকাতো আমাৰ দেশত এনে বাট পথ  যোগা যোগৰ দুৰৱস্থা  গৈ গৈ আমি প্ৰথমে একেবাৰে নদীৰ কাষতে থকা ঘৰ এটা পালোঁহি  ঘৰটো  মোটামুটি ভালেই  সন্মুখৰ চোতালত  ডাঙৰ অমৰা গছ এজোপা উঘাল খাই পৰি আছে  বাহিৰত এটি ডেৰ বা দুবছৰীয়া কেঁচুৱাই  উলংগ হৈ হাতত থকা বাটি এটাৰ পৰা শুকান ভাত এটা দুটাকৈ লৈ খাই আছে  আমাক দেখি পিছ চোতালৰ পৰা এগৰাকী কিশোৰী দৌৰি ওলাই আহিল   ইলু বাইদেউ আৰু উত্তমে  কিশোৰী গৰাকীৰ পৰা মাকৰ খবৰ ললে   মাক অলপ ওলাই গৈছে কিবা বুটলিবলৈ  মই কেঁচুৱাটিৰ হাতত বিস্কুটৰ পেকেট দুটা দিলোঁ - ছোৱালীজনীক মুড়ীৰ দুটা পেকেট  কথা বতৰা পাতি  গম পালোঁ তেওঁলোকৰ চোতালৰ লৈকেহে পানী হৈছিল  ঘৰৰ ভিতৰত পানী সোমোৱা নাছিল৷ তথাপিও বান সাহাৰ্য তেওঁলোকে পাইছে বুলি জনালে  ইতিমধ্যে  বান সাহাৰ্য দিবলৈ কোনোবা আহিছে বুলি গম পাই  ঘৰটোৰ গৃহিনী গৰাকীও দৌৰি ঢাপৰি ওলালহি  গৃহিনীগৰাকী ধুনীয়া স্বাস্থ্যৱতী গাভৰু  ইচ্ছা কৰিলেই তেওঁ নিজেই কোৰ এখন লৈ ঘৰৰ সন্মুখত এনেই পৰি থকা এই বিশাল পলসুৱা মাটি খান্দি খুচৰি শাক পাচলিৰ খেতি কৰি খাব পাৰে  কিন্তু চোতালখনত নিজে নিজে গজি উঠা দুই এডাল স্বাস্থ্যবান বন শাকৰ বাহিৰে একো নাই  তেনেই অপৰিষ্কাৰ অযত্ন পালিত ঘৰ চোতাল  মনটো অলপ যেন কোঁচ খাই আহিল  ভাব   আমাৰ মানুহসকল বাৰু কৰ্ম বিমুখপৰমুখাপেখী হৈ পৰিছে নেকি ? চৰকাৰে কৰণীয়খিনি কৰক  বা নকৰক  প্ৰতিজন ব্যক্তি বা পৰিয়ালে নিজেও কিছু কাম কৰি লবলৈ পাৰে  মানুহগৰাকীৰ হাতত কেইশমান টকা গুজি দি আমি এইবাৰ আন এটা চুবুৰীলৈ গলো  চুবুৰীটোত গৈ  প্ৰথমেই  উপস্থিত লো তেনেই ভঙা চিঙা  ঘৰ  এটাৰ সন্মুখত৷ অৱস্থাই  বয়সতকৈ বেচি বৃদ্ধ কৰি পেলোৱা দম্পত্তি এহাল ওলাই আহি আমাক আদৰ সাদৰ কৰি বহিবলৈ দিলে  উত্তমে মানুহগৰাকীৰ অসুখ ভাল হৈছে নাই - দৰববোৰ নিয়মীয়াকৈ খাইছে নে নাই সুধিলত তেওঁলোকে যি উত্তৰ দিলে  তাকে শুনি মোৰ চকু কপালত উঠিল  তেওঁলোকৰ মতে ডাক্তৰৰ দৰবত মানুহগৰাকীৰ অসুখ অলপো ভাল নহল  বেজেহে  তেওঁলোকক ভাল কৰিলে  কোনোৱাই তেওঁলোকৰ  ঘৰৰ আগত বেয়া বস্তু পুতি থৈছিল  সেইবোৰ খান্দি উলিয়ালতহে মানুহ গৰাকী সুস্থ    মই মানুহগৰাকীক  সুধিলোঁ  : আপুনি ডাক্তৰে দিয়া দৰব খাইছিলে নে নাই ? তেওঁ  কলে :খালোঁ খালোঁ - খাই শেষ কৰিলো  হস্পিটেলতো থাকিলোঁ  তথাপিও ভাল নহল  ঘৰত মোৰ মুৰটো অনবৰতে কোনোবাই পিছৰ পৰা টানি থকা যেন লাগিছিল “  এইবাৰ মানুহজনে কলে :  “সেয়ে মই বেজৰ ওচৰলৈ গলো  বেজে আমাৰ চোতালৰ সৌ সেই খিনিৰ পৰাই খান্দি বেয়া বস্তু ওলিয়ালে  কোনোবাই পুতি থৈছিল  তাৰ পিছৰ পৰা তাইৰ মুৰটো কোনেও টানি ধৰা নাই  “ দম্পত্তি হালৰ  সৰলতা আৰু অন্ধবিশ্বাসত মোৰ পুতৌ জন্মাতকৈ দুখহে লাগিছিল  মই মানুহজনলৈ চাই  সুধিলোঁ :  বেজক টকা পইচা দিব লগা হল নে ? আৰু ডাক্তৰক ? তেখেতে লে :  “আমাৰ মেডিকেল কাৰ্ড আছে নহয়  ডাক্তৰে পইচা নলয় , সেইখন দেখুৱালে  বেজে বহুত পইচা ললে  পুৰা হাজাৰ টকাতথাপিও  বেয়া বস্তুবোৰ যে আঁতৰিল !  মানুহজনক আমি বহুতবোৰ কথাই বুজালোঁ  প্ৰকৃততে ডাক্তৰৰ দৰব খায়েই  মহিলাগৰাকীৰ  বেমাৰ ভাল হল  কিন্তু ভালদৰে খোৱা বোৱা কৰিবলৈ নোপোৱাৰ বাবে ৰ্দুবল হৈ পৰিছিল  আৰু ৰ্দুবলতাৰ বাবেই মূৰ ঘুৰাইছিল  বেজে যে তেওঁলোকৰ অজানিতে নিজেই সেইবোৰ বেয়া বস্তু পুতি থৈছিল , সেই কথাও বুজাইছিলো৷ নাজানো , কিমান বুজিলে তেওঁলোকে আমাৰ কথা  সেই সময়ত তেওঁলোকৰ দশম শ্ৰেণীত পঢ়ি থকা লৰাটি   কৰবাৰ পৰা আহি পালেহি  পঞ্চম শ্ৰেণীত পঢ়ি থকা ছোৱালীজনীয়ে  মাকৰ গাতে গা লগাই আমালৈ লাজ লাজকৈ চাই আছিল   স্কুলীয়া শিক্ষা বিনামূলীয়া যদিও লৰাজনৰ টিউচনৰ বাবে মাহে এহেজাৰ টকা খৰচ কৰিব লগীয়া হয়৷ মনতে ভাব হল : মাজুলীত যে কিমান মেধাবী বুদ্ধিদীপ্ত ব্যক্তি আছে ! এনে ব্যক্তিসকলৰ কোনোবাই  বাৰু মেট্ৰিক আৰু হায়াৰ চেকেন্দ্ৰেৰী পৰীক্ষা দিব লগীয়া দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ এমাহমান পঢ়ুৱাই দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰেনে ? লৰাজনক ভালদৰে পঢ়ি শুনি মাক দেউতাৰ মাজত থকা অন্ধবিশ্বাস দূৰ কৰাত সহায় কৰিবলৈ উপদেশ দিলোঁ  বন্দিতাই লৰা ছোৱালীহালক এসাজ কাপোৰ দিলে  বৰ্ণালীয়ে দি পঠিওৱা খোৱা বস্তু অলপ আৰু  মানুহজনক ভালদৰে খোৱা-বোৱা কৰিবলৈ টকা দুহেজাৰ দিলোঁ  আমি জানো - এইকণ সহায় এইটো পৰিয়ালৰ বাবে তেনেই নগন্য  তাৰপিছত আমি আৰু কেইবাটাও  পৰিয়ালৰ দুখ ৰ্দুদশাৰ খবৰ ললো  এটা কথা অনুভৱ কৰিলোঁ যে এই সকল মানুহক কেৱল বানপানীয়ে  উদ্বাস্ত কৰা নাই  এওঁলোক  প্ৰকৃততেই  অভাৱগ্ৰস্থ  প্ৰাকৃতিক ৰ্দুযোগত সময়ত যিবোৰ চৰকাৰী বা বেচৰকাৰী সাহৰ্ায্য পায় সেয়া তেওঁলোকৰ  বাবে যেন মহৰ্াঘ্য  অৱশ্যে এই কথা অনস্বীকৰ্ায্য যে যাতায়তৰ ব্যৱস্থা নথকা এই অতি ভিতৰুৱা স্থানবোৰত দুৰ্যোগৰ সময়তো খুউব কম লোকে হে সহায়ৰ বাবে উপস্থিত হয়হি  সেয়ে তেওঁলোকে নিজেই দৌৰি ঢাপৰি  আঁকুহি বাকুহি হলেও লৈ আনে সাহাৰ্য বিতৰণ কৰি থকা স্থানৰ পৰা কেইটিমান চাউল , দুখনমান কাপোৰ , দুটামান ৰন্ধন তেলৰ বটল  সেইবোৰে তেওঁলোকক এদিন বা দুদিনৰ বাবে সকাহ দিলেও দীৰ্ঘদিনৰ বাবে  পৰমুখাপেক্ষী , কিছু আক্রোহি আৰু অকৃতজ্ঞহে কৰি পেলাইছে  যেন অনুভব হল  আমি উত্তম আৰু ইলু বাইদেউৱে দেখুৱাই দিয়া অতি বেচি দুখীয়া দহ বাৰটামান পৰিয়ালৰ ঘৰলৈহে যাব পাৰিলোঁ  আমাৰ হাতত তেওঁলোকক দিবৰ বাবে বহুত সমলো নাছিল  তাৰোপৰি  হাতত সময়ো অতি সীমিত আছিল  সেয়ে তুলনামূলক ভাবে ভাল অৱস্থা যেন দেখা মানুহ কেইঘৰত নোসোমালোঁ  যোৰহাটলৈ ঘুৰি যোৱাৰ ফেৰীখনৰ সময় হলত ভকতচাপৰি এৰি কমলাবাৰীলৈ যাবৰ বাবে যো জা কৰোঁতেই   কেইবাজনো যুৱকমুনিহ , তিৰোতা দৌৰা দৌৰিকৈ  আমাৰ ওচৰ ওলালহি  তেওঁলোকৰ  ঘৰলৈ  নোযোৱাৰ বাবে  আমাক অলপ তিৰস্কাৰ কৰিলে  উত্তমে নম্ৰ ভাবে কলে : এই বাইদেউ দুইগৰাকী কোনো দল সংগঠণৰ ফালৰ পৰা অহা নাই   বাতৰি কাকত , টি ভিত আপোনালোকৰ ৰ্দুদশা দেখি নিজৰ সাঁচতীয়া পইচা লৈ আপোনালোকক মাত এষাৰ দিবলৈহে আহিছে  কিন্তু  উত্তমৰ কথাকেইষাৰে মানুহসকলক  সন্তুষ্ট কৰিবলৈ নোৱাৰিলে  আমাৰ হাতত ইতিমধ্যে সকলো বস্তু শেষ হৈ গৈছে  মোৰ বেগতো মাত্ৰ কেই হেজাৰমান টকাহে বাকী   সেইখিনি উলিয়াই দিলে মই পৰিকল্পনা কৰা যোৰহাটৰ গাওঁ কেইখনত দিবলৈ একো নাথাকিব  তাৰোপৰি মই সুদূৰ দিল্লীলৈ পুনৰ অকলে ঘুৰি যাবলৈ লাগিব   মানুহসকলৰ অসন্তুষ্টি সহিব নোৱাৰি বন্দিতাই নিজৰ বেগ খুচৰি প্ৰত্যেকৰে হাতত  এশ এশ টকা গুজি দিলে  তথাপিও মানুহসকলৰ মাজত সন্তুষ্টিৰ হাঁহি এটি নেদেখিলোঁ  মনলৈ ভাব এটা আহিল  আমি মানুহবোৰ কিয় বাৰু  ইমান দুখী ? কাৰণ আমি বৰ অসন্তুষীয়া  লগতে আমি বৰ অকৃতজ্ঞও  জীৱনে দিয়া সুন্দৰতাক আমি হাঁহিমুখে , কৃতজ্ঞচিত্তে গ্ৰহণ নকৰোঁ   গৌতম বুদ্ধই এবাৰ এজন অতি দুখীয়া মানুহৰ ওচৰত উপস্থিত হৈ তেওঁৰ ভিক্ষাৰ পাত্ৰটো আগবঢ়াই দিলে  দুখীয়ালোকজনে বুদ্ধক লে : মোৰ নিজৰ ওচৰতে একো নাই তথাগত  আপোনাক কি দিম ? তেতিয়া গৌতম বুদ্ধই  লে :  কিয় তেনেকৈ ভাবিছে ? আপোনাৰ এখন  সুন্দৰ মুখদুটা উজ্জ্বল চকু , দুখন বলিষ্ঠ ওঁঠ আছে  এই ওঁঠ দুটা যেতিয়া অলপ বহল কৰি মেলি ৰ্অধ চন্দ্ৰাকৃতি কৰে  এটা সুন্দৰ হাঁহিৰ সৃষ্টি   সেই হাঁহিয়ে আপোনাৰ সুন্দৰ মুখখন আৰু সুন্দৰ  কৰি তুলিব  সেই সুন্দৰতাখিনিয়েই আপুনি মোক উপহাৰ দিব পাৰে !  এৰাপ্ৰত্যেক মানুহৰ ওচৰত আন মানুহক দিব পৰা বহুতো অমূল্য সম্পদ থাকে  প্ৰয়োজন মাথো নিজৰ ভিতৰত থকা সেই অমূল্য সম্পদখিনি বিচাৰি উলিওৱাৰ 
(দুই )
মাজুলীৰ পৰা  আহি মই শিৱসাগৰত থকা অন্তৰৰ ভনী কবিসুলেখিকা তথা অভিযন্তা মৌচুমী বৰিৰ ঘৰত দুটা ৰাতি কটালোঁ   ঘৰুৱা অসুবিধাৰ বাবে বন্দিতাই মোক এইবাৰ লগ দিব নোৱাৰিলে   মৌচুমীয়ে মোক ২৭ আগষ্টৰ আবেলি যোৰহাটত থৈ লহি   আখতাৰা  বাইদেউ আৰু গৌতম ভিনদেউৱে তেওঁলোকৰ কলেজৰ প্ৰাক্তন ছাত্ৰ শ্ৰীমন্ত মাধৱ দত্ত আৰু তেওঁৰ সহযোগী  বন্ধু সাক্ষৰজ্যোতি মহন্ত , এঞ্জেল চাৰহঁতক  মোৰ উদ্দেশ্যৰ কথা অবগত কৰাইছিল  শ্ৰীমন্তহঁতে  জে বি কলেজৰ শিক্ষক ,ৰ্কমচাৰী সকলোৰে সহায় , পৰাৰ্মশ লৈ বানপিড়ীত অঞ্চলত খোৱা বস্তুবিশুদ্ধ পানী , পুৰণি ব্যৱহাৰযোগ্য কাপোৰ সংগ্ৰহ কৰি বিতৰণ  কৰিছিল  তেওঁলোকে  কাৰো পৰা টকা সংগ্ৰহ কৰা নাছিল  কোনো দল , সংগঠণৰ  বেনাৰ ব্যৱহাৰ নকৰি সাধাৰণ নাগৰিক হিচাপে বানপিড়ীতৰ সাহৰ্ায অভিযানৰ  পষ্টাৰ বনাই এসপ্তাহ দিন সামগ্ৰী সংগ্ৰহ কৰিছিল  দৈনিক পুৱা দহ বজাৰ পৰা ৰাতি আঠনবজালৈকে বস্তু সংগ্ৰহ কৰি সেই সামগ্ৰীখিনি তেওঁলোকে যোৰহাটৰ ভিতৰুৱা  এনেবোৰ ঠাইত বিতৰণ  কৰিছিল  যত  চৰকাৰী , বেচৰকাৰী কোনো অনুষ্ঠান  প্ৰতিষ্ঠানৰ সহায় গৈ পোৱা নাছিল  জাঁজিমুখচিন্তামণিগড়মোকালনি আদি অঞ্চলত  হাত নাৱেৰে নদী পাৰ হৈ বস্তু বিতৰণ কৰিছিল   নীৰবে , নিঃস্বাৰ্থ ভাবে তেওঁলোকে  বানপিড়ীত লোকসকলক সহায় কৰি  গৈ আছে  তেওঁলোকৰ এই অভিযানত  বহুতো নিঃস্বাৰ্থ মানবদৰদী  ব্যক্তিয়ে সহযোগ কৰিছে  শ্ৰীমন্তৰ বন্ধু অসম চৰকাৰৰ বিষয়া দীপক খনিকৰৰ মধ্যস্ততাত দাক্ষিণাত্যৰ দুজন ব্যক্তি (  কেপ্তেইন প্ৰকাশ আৰু অভিযন্তা বিষু ) য়ে ডেৰ লাখ টকাৰ অনুদান এটা আগবঢ়াইছিল৷  সেই টকাৰে তেওঁলোকে দেৰগাওঁ , কাজিৰঙাসহ প্ৰায় পাঁচ ঠাইত সাহৰ্ায আগবঢ়োৱাৰ ওপৰিও কাজিৰঙাত থকা ৰিহেবিলেটেচন চেন্টাৰত থকা গড় পোৱালীসমূহৰ বাবেও খাদ্যবস্তু দিছিল  সেই শ্ৰীমন্তহঁতৰ লগতে         ২৮ আগষ্টৰ দিনা ভিনদেউ গৌতম কলিতা আৰু মই   যোৰহাট জিলাৰ অৰ্ন্তগত চিন্তামণিগড়  অঞ্চলৰ কেতবোৰ  ভিতৰুৱা স্থানলৈ  যাবৰ বাবে সাঁজু লো  শাৰিৰীক অসুস্থতাৰ বাবে মন থকা স্বত্বেও  আখতাৰা বাইদেউ  আমাৰ লগত আহিব নোৱাৰিলে  গৌতম ভিনদেউৰো স্বাস্থ্য  বিশেষ ভাল নাছিল  কিন্তু তেখেতে আমাৰ আগত নিজৰ অসুস্থতাৰ কথা ঘুণাক্ষৰেও উল্লেখ নকৰি বহুত উৎসাহেৰে আমাৰ লগত এই অভিযানলৈ ওলাল   ইতিমধ্যে গাওঁবোৰত পানী শুকাইছিল  কিন্তু বানপানী শুকোৱাৰ পিছত মহ , সাপ আদিৰ প্ৰকোপ বাঢ়ি গৈছে  বহুতৰে ডেংগু হৈছে  এইবাৰ  শ্ৰীমন্তহঁতৰ মুখ্য  উদ্দেশ্য হল ৰাইজক সজাগ কৰা  আৰু  মহ,  সাপ আদিৰ পৰা ৰক্ষা পাবলৈ  আঠুৱা , মহ মৰা ধূপ , ফেনাইল  আদি বিতৰণ কৰা  কিছুদূৰ যোৱাৰ  পিছত  আমাৰ লগত চিন্তামণিগড়ৰ স্থানীয় যুবক  টিয়ক কলেজৰ ছাত্ৰ কুশল ফুকনো লগ হলহি  কুশলেও নিজৰ তথা ওচৰ পাজৰৰ অঞ্চল সমূহৰ উন্নতিৰ বাবে  সাধ্য অনুসৰী কাম কৰি আছে  চিন্তামণিগড়ৰ ৰাজহুৱা নামঘৰৰ ওচৰতে আমাৰ গাড়ী দুখন ৰখাই ৰাইজৰ বাবে নিয়া বস্তুবোৰ লৈ আমি কেঁচা মাটিৰ  ভিতৰুৱা অকোৱা পকোৱা বাটেৰে মোকালনি  গাঁৱলৈ আগবাঢ়িলোঁ  কুশলে  ইতিমধ্যে গাওঁখনৰ  একাৱন্নটা পৰিয়ালৰ একোজনহঁত সদস্যৰ  নামৰ তালিকা এখন কৰি ৰাখিছিল আৰু  সেইদিনা  সকলোকে গাঁৱখন চৰকাৰী নিম্ন বুনিয়াদী  স্কুলৰ সন্মুখত গোট খাবলৈও জনাই থৈছিল  আমাক দেখি গাৱঁৰ আই বাই সকলে চিঞৰা শুনিলো   অই ছাত্ৰসন্থাৰ মানুহবোৰ আহি পালেহিয়েই  আহ আহ  জলদি আহ !  মোৰ অলপ হাঁহি উঠি   অসম আন্দোলনৰ  পিছৰে পৰা এতিয়াও আমাৰ সহজ সৰল চহালোকৰ মনত কলেজত পঢি থকা লৰা ছোৱালী মানেই  “ছাত্ৰ সন্থা  এতিয়াও কিমান পিছ পৰি আছে আমাৰ অসমৰ এই গাওঁ ভুইবোৰ  যোগাযোগৰ ব্যৱস্থা নাই  গাড়ী মটৰ সোমাব পৰা ৰাস্তা নাই  চৰকাৰী বিকাশ আঁচনি , চৰকাৰী সা-সুবিধা সকলোৰে পৰা বঞ্চিত এওঁলোক  প্ৰায়  ৬০০ মিটাৰ বাট  যোৱাৰ পিছত আমি নিৰ্দিষ্ট বিদ্যালয়খনত উপস্থিত লোহি  খন্তেক পিছতে সকলো ৰাইজ গোট খালেহি  আমি লগত লৈ যোৱা বস্তুবোৰ বিতৰণ কৰাৰ ওপৰিও শ্ৰীমন্তই কেনেকৈ বানপানীৰ পিছত  পৰা বেমাৰ আজাৰৰ পৰা প্ৰতিৰোধৰ ব্যৱস্থা লব পাৰি এই সৰ্ন্দভত ৰাইজক বুজালে  ময়ো ব্যক্তিগতভাবে মহিলাসকলৰ লগত  কিছু  কথা বতৰা পাতি গম পালোঁ যে এওঁলোকৰ গাঁৱত চৰকাৰী স্বাস্থ্যকেন্দ্ৰ নামত আছে যদিও কোনো  চিকিৎসক নাই ! আশাৰ্কমীৰ উপস্থিতিও তাত নাই  আশাকৰ্মীয়ে কৰিব লগীয়া কামবোৰৰ বিষয়েও তেওঁলোক জ্ঞাত নহয়  আশাকৰ্মীয়ে গাওঁখনত ঘুৰি গাঁৱৰ ৰ্গভৱতী নাৰীসকলক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰাৰ ওপৰিও সময়ত শিশুসকলক  প্ৰতিষেধক দৰব খোওৱা , বিবাহিতা মহিলা সকলক ৰ্গভনিৰোধক পিল , গাভৰু ছোৱালী , বোৱাৰীক চেনিটেৰী নেপকিন  বিলোৱা -  আদি কামবোৰ যে বিনামূলীয়াকৈ  কৰিব লাগে -  এই সকলোবোৰ আঁচনিৰ বিষয়ে তেওঁলোকে নাজানেই  চৰকাৰী ভাল আঁচনি , যোজনাৰ সুবিধাখিনিও কেৱল সজাগতাৰ অভাবৰ বাবে এই লোকসকলে গ্ৰহণ কৰিবলৈ পৰা নাই  এইসকল ৰাইজক সজাগ আৰু শিক্ষিত কৰিব নোৱাৰিলে আমি নিজকে কেতিয়াও সচেতন , আধুনিক বা তথাকথিত  “স্মৰ্াট  বুলি কব নোৱাৰিম  মোকালনি  গাঁৱৰ ৰাইজক এৰি এইবাৰ আমি  পানীগাওঁলৈ ওলালো  কুশলৰ অনুৰোধত আমি সেইখন গাঁৱৰ  দহ বাৰঘৰ মান পৰিয়ালৰে গঠিত এটি চুবুৰীলৈ যাবলৈ সাঁজু হলো৷ সেইটো চুবুৰীলৈ যাবৰ বাবে পথাৰৰ সৰু আলি এটাৰ মাজে মাজে যাব লাগে  সেই আলিবোৰত এতিয়াও একাঠু  পানী  আছে   মাজে মাজে ভাঙি যোৱা আলিটোৰ দুই এঠাইত একোডালহঁত বাঁহ দি জোৰা দিছে  মই অসমৰ ডিব্ৰুগড় চহৰৰ  খেতি পথাৰ নথকা ঘৰৰ  ছোৱালী  শিৱসাগৰৰ  খেতি খোলা থকা গাঁৱৰ পৰিয়াললৈ বিয়া হৈছো যদিও বিবাহিত জীৱনটো অসমৰ বাহিৰত যান্ত্ৰিক মহানগৰতে পাৰ কৰিছো৷ সেইদিনা  মোৰ পথাৰৰ বোকা পানীত নামিবলৈ অলপ ভয় লাগিছিল  কিন্তু তেতিয়াই মোক ভিতৰৰ অন্তৰাত্মাই  উপহাস কৰি উঠিছিল  মোৰ দৰেই একে তেজ মঙহৰ মানুহে সদায়  সেই পথাৰৰ  এবুকু বোকা পানী ভাঙি ঘৰৰ বাহিৰলৈ ওলোৱা সোমোৱা কৰিছে  আৰু মই ? যাৰ দুখ সুখৰ বতৰা লবলৈ আহিছো , তেওঁলোকৰ জীৱনৰ  চৰম সত্যক অলপ ওচৰৰ পৰা উপলব্ধি কৰিবলৈও ভয় কৰিছো  নিজকে হাজাৰবাৰ ধিক্কাৰ দি বস্তু বাহানিৰে সৈতে গুম গুমকৈ বোকা পানী ফালি আগবাঢ়ি যোৱা ডেকা কেইজনৰ পিছ লো  প্ৰায় এক কিলোমিটাৰৰ ৰাস্তা  কুশলে  লে  :  “বাইদেউ , এই যে  পথাৰৰ আলিটো - এই আলিটোও সেই চুবুৰীটোৰ বাসিন্দাসকলৰ নিজৰ নহয়  এইটো আলিৰে অহা যোৱা কৰাৰ বাবে এই পথাৰ কেইখনৰ  গৰাকীক  তেওঁলোকে পইচা দিব লাগে  কেতিয়াবা সেই  পথাৰৰ গৰাকী অসন্তুষ্ট লে বা কাজিয়া পেচাল লাগিলে  এই আলিটোও ব্যৱহাৰ কৰিবলৈ নিদিয়ে   কথাখিনি কওঁতে কুশলৰ মাতটো সেমেকি উঠিছিল  মোৰো মনটোৱে চটফট  কৰিবলৈ ধৰিলে  আজিৰ একবিংশ শতিকাত মানুহে মংগল গ্ৰহত ঘৰ সাজি বাস কৰাৰ সপোন দেখাৰ সময়ত আমাৰ অসমৰ এই সকল আপোনমানুহে  এনে দৰে দিনৰ পিছত দিন  আলি পদুলিবিজুলী বাতি , পানীৰ সুবিধা নোহোৱাকৈ বাস কৰি আছে   হৈছেনে বাৰু আমাৰ কিবা উত্তৰণ ! হৈছেনে কোনো পৰিৰ্বতন ? তথ্যগতপ্ৰযুক্তিগত উত্তৰণৰ কথা বাদ দিলে মানুহ হিচাপে  হয়তো আমাৰ অলপো উত্তৰণ হোৱা নাই  আজি আমাৰ দেশত ( ৰাজ্যতো ) নিজৰ টকাৰে এটা দ্বীপ কিনি  তাত অট্টালিকা সাজি বাস কৰিব পৰা মানুহ আছে , নিজ দুহিতাই  খন্তেক সময়ৰ বাবে পিন্ধিবলৈকে কোটি টকাৰ হীৰাৰ টুকুৰা খটুৱা  কাপোৰ  চিলোৱা উদ্যোগপতি আছে - কিন্তু এই সকল মানুহক এটা ৰাস্তা বনাই দিবলৈ , তেওঁলোকৰ ঘৰবোৰত বিজুলীৰ পোহৰ আনি দিবলৈ  আনকি বিশুদ্ধ খোৱা পানী এটোপাৰ বাবে দমকল এটা সাজি দিবলৈও মানুহ এজন নাই ! ভৰ দুপৰৰ প্ৰখৰ ৰদ - পিছল ঠেক পথাৰৰ আলিটো কেতিয়ানো পাৰ হলো গমেই নাপালো ! চুবুৰীটোৰ ওচৰ পাওঁতেই দেখিলোঁ  কেইজনমান পুৰুষ মহিলাই ঘৰৰ সন্মুখৰ খালি হৈ পৰি থকা পথাৰখনত নীলা ৰঙৰ তিৰপাল পাৰি থৈছে  আমি গৈ তেওঁলোকৰ ওচৰ পোৱাত প্লাষ্টিকৰ সৰু সৰু টুল কেইখনমানো আনি পাৰি দিলেহি  মুখিয়াল যেন লগা খালি গাৰে থকা আদহীয়া মানুহ এজনে আমাক আথে বেথে বহিবলৈ দি চিঞৰ মাৰিলে  :  “অই টেঙা পানী অলপ বনাই আন - বিচনী আন ! ইচ ইচ এওঁলোকে গৰমত বৰ কষ্ট পাইছে দেহী ! মানুহজনৰ মাতত আছিল সঁচা আন্তৰিকতা  আমি বস্তু দিম , সহায় কৰিম - সেয়ে আতৌ পিতৌ কৰিছে এনে  যেন নালাগিল   মই টুল এখনত বহি পৰাৰ পিছতে আইতা এগৰাকীয়ে বিচনী এখন দিলেহি  অলপ সময়ৰ পিছত গাভৰু বোৱাৰী এগৰাকীয়ে সকলোকে নেমু টেঙাৰ চৰবত  একো গিলাচ দিলেহি  কুশলৰ বাহিৰে বাকীসকল  তিৰপালখনত কিছু সময়ৰ বাবে বাগৰি পৰিল  সকলো শাৰীৰিক আৰু আবেগিক ভাবে ক্লান্ত হৈ পৰিছিলোঁ  এই চুবুৰীটোৰ ৰা ছোৱালী সকলে বাৰিষা পানী বাঢ়িলে নাৱেৰে স্কুললৈ যায়  কিন্তু পানী যেতিয়া শুকায় একাঠু বোকাত খোজ কাঢ়িবলৈ নোৱাৰে  ফলত কেইবা মাহলৈ স্কুল যোৱাও বন্ধ হৈ পৰে  লাইট , পানী একোৰে ব্যৱস্থা নাই  যি বা এটা ৰাজহুৱা দমকল আছে  তালৈও ওচৰ পাজৰৰ মহৰ খুটিৰ গুৱালসকল আহি  ভিৰ কৰি থাকেহি  গতিকে খোৱা  পানী সংগ্ৰহ কৰিবলৈ তেওঁলোকৰ বৰ অসুবিধা হয়  আদহীয়া মানুহজনৰ কথাবোৰে তেওঁৰ বুকু ফাটি অহা বেদনাৰ ভাৰ  কঢ়িয়াব নোৱাৰি  চকুৰ লোতক হৈ বাগৰি ৰিছিল 
 “আমাৰ লৰা ছোৱালীবোৰো আমাৰ দৰেই পঢ়িব লিখিব নজনা হৈ  আই  সিহঁতকনো কি দোষ দিম - স্কুললৈ যাবলৈকে আলি এটা নাই !
চকুপানী , হুমুনিয়াহ , সমবেদনাৰে যদি আমি এখিনি মানুহৰ দুখবঞ্চনা,অপ্ৰাপ্তিৰ যন্ত্ৰণাবোৰ এদিনৰ কাৰণে হলেও আনন্দ আৰু প্ৰাপ্তিলৈ  পৰিৰ্বতন কৰিদিবলৈ পাৰিলোঁহেঁতেন  তেনে ইমান দিনে এই সকল মানুহ এনেদৰে বাস কৰিব লগীয়া নহলহেঁতেন ! আমাৰ সমাজত দুখীজনৰ বাবে হা - হুমুনিয়াহ , চকুপানীৰ নিজৰা বোৱাই দিয়া মানুহ  বহুতেই লগ পাইছোঁ  চৰকাৰ আৰু সমাজতন্ত্ৰক টেটু ফালি গালি পাৰিও এই সকল মানুহৰ অৱস্থা আমি উন্নত কৰিব পৰা  নাই  ভোকাতুৰক বিকাশৰ হাৰৰ পিল খোৱাই উন্নতিৰ জয়গান গোৱা গণতান্ত্ৰিক সমাজবাদ নামৰ তন্ত্ৰটোৰ বলি আমি সকলো  কিন্তু  মই ভাবো আমি প্ৰতিজন মানুহে নিজৰ সাৰ্মথৰে অলপ হলেও এই সকললোকক যদি সহায় কৰিবলৈ চেষ্টা কৰোঁ - কেতিয়াবা নিজৰ বিলাস বহুল ব্যস্ততাৰ্পূণ জীৱনটোৰ পৰা আহৰি উলিয়াই এওঁ লোকৰ ওচৰলৈ গৈ প্ৰকৃত অৱস্থাৰ বুজ বলৈ পাৰোঁ , এওঁলোকক চৰকাৰৰ আঁচনিৰ সুবিধাবোৰ কেনেদৰে লবলৈ পাৰে শিকাব পাৰোঁ , তেনে অলপ হলেও এই দুখী লোকসকলৰ অৱস্থা  উন্নত ব৷ কথা মই নিজেনো কি কৰিব পাৰিলোঁ ? মই কুশলক তেওঁৰ লগৰ অন্য শিক্ষিত  যুবক যুবতীসকলক লৈ কেতিয়াবা বন্ধৰ দিনত  এইবোৰ অঞ্চলৰ ৰা ছোৱালীক বিনামূলীয়াকৈ পাঠদান কৰা , ছবি অঁকাগান শিকোৱা  আদি কামবোৰো কৰিবলৈ  পৰামৰ্শ দিলোঁ৷ লগতে  মোৰ হাতত থকা পাঁচহেজাৰ টকা শ্ৰীমন্তহঁতৰ হাতত তুলি দিলোঁ যাতে তেওঁলোকে আৰু অলপ টকাৰ যোগাৰ কৰি সেই অঞ্চলত এটা ওখ দমকল বনাই  দিয়ে  গৌতম ভিনদেৱেও এই কামত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে  কিন্তু দুঃখজনক ভাবে ভিনদেউ যোৰহাটৰ  ঘৰলৈ গৈয়েই  পেনক্রিয়াটাইটিচৰ বিষত  আক্রান্ত হৈ চিকিৎসালয়ত ভৰ্তি  লগা হল  এতিয়াও ভিনদেৱে হস্পিটেলৰ  আই চি ইউ  এটা কোঠাত  শৰীৰৰ  যন্ত্ৰণাবোৰৰ লগত যুঁজি আছে  কিন্তু তথাপিও দুঃখীজনৰ সহায়ৰ বাবে কিবা এটা কৰাৰ আনন্দই  তেওঁৰ শৰীৰৰ দুখ যন্ত্ৰণাবোৰ পাহৰাই দিছে 
 এই যে আনৰ বাবে  নিজৰ সামৰ্থৰে আন্তৰিকতাৰে কাম কৰিবলৈ বিচাৰা মানুহ সকল  তেওঁলোকেই এদিন আমাৰ সমাজখন সলনি কৰিব পাৰিব  সমাজখন সলনি কৰিবলৈ বহুত ডাঙৰ চিন্তাবিদবিদ্বান ব্যক্তিতত্ববাগীশ বা বহুত উন্নত প্ৰযুক্তি নালাগে  আমাৰ দৰে সাধাৰণ মানুহেই সৰু সৰু ভাল কামেৰে সমাজখন পোহৰ কৰিব পাৰিব  কোনো মানুহ ৰ্দুবল , অসহায় নহয়  প্ৰত্যেকৰে মাজতে আছে পৰস্পৰক দিব পৰা বহুবোৰ অমূল্য সম্পদ   আমি যি দিওঁ  তাকেই ঘুৰাই পাওঁ  যিমানেই আনন্দ বিলাম সিমানেই আনন্দ আমাৰ মাজলৈ ঘুৰি আহিব  যিমানেই অশান্তি , অভিযোগ কৰিম সিমানেই অশান্তি , অভিযোগ আমাৰ জীৱনত যোগ হৈ গৈ থাকিব   প্ৰিয় পাঠকসকল , আহকচোন আজি আমি  বুদ্ধৰ সেই বাণী সাৰোগত কৰোঁ :  আমাৰ নিজৰ ভিতৰৰ শিখা নিজেই  জ্বলাম আৰু   আনকো সেই শিখা জ্বলাবলৈ প্ৰেৰণা দিম  এয়াই   আমাৰ আলোকৰ যাত্ৰা - নিজৰ পৰা নিজলৈ!  
   

No comments:

Post a Comment