Thursday, 21 April 2016

এটি পৰিবৰ্তনৰ সপোন –: ধৰ্ম, ৰাজনীতি আৰু মানবতাবাদৰ আলমত

এটি পৰিবৰ্তনৰ সপোন –: ধৰ্ম, ৰাজনীতি আৰু মানবতাবাদৰ আলমত অনুপমা বৰগোহাঁই নয়ডা
“Great Individuals fight abuses of authority. The truly strong do not lord it over the weak. People of genuine strength and courage battle against the powerful, the arrogant, the authoritarian, the evil and corrupt – all who look down on the people with contempt” – Dr. Daisaku Ikeda.
বহুলোকে ৰাজনীতি বুজি নাপায় – ভাল নাপায় । কিন্তু ৰাজনীতি বুজি পাওঁক বা নাপাওঁক – ভাল পাওঁক বা নাপাওঁক ইয়াৰ প্রভাৱৰ পৰা কোনো ব্যক্তি মুক্ত হ’ব নোৱাৰে । ব্যক্তি বা ৰাষ্ট্রৰ অন্যায়, অবিচাৰৰ বিপক্ষে মাত নমতা, দেশখন যি নীতিৰে পৰিচালিত হৈছে হৈ থাকক – মই নিজৰ মতে শান্তিৰে থাকিম– এয়া কোনো সজ্জ্বন ব্যক্তিৰ মনোভাব নহয় । অন্যায়ৰ প্রতিবাদ মানেই চিঞৰ বাখৰ গালি-গালাজ , হিংসা সন্ত্রাস নহয় – কিন্তু অন্যায়, অবিচাৰ দেখিও নীৰবে থকাটোও শান্তিপ্রিয় ব্যক্তিৰ লক্ষণ নহয় ।
ভাৰতৰ দৰে এখন গণতান্ত্রিক দেশত সকলো নাগৰিকে ওঠৰ বছৰ হোৱাৰ লগে লগে ভোট দানৰ অধিকাৰ আহৰণ কৰে। সেই ভোট দানৰ অধিকাৰেৰে এজন ব্যক্তি ৰাজনীতিৰ লগত পৰোক্ষ ভাবে জৰিত হৈ পৰে । ‘অধিকাৰ’ শব্দটোৱেই যেন এটা শক্তি । ভোট কাক দিব লাগিব – নিজৰ ভোটেৰে কোনোবা জয়ী হলে কি ভাল বা বেয়া হ’ব - এই বিষয়ে বহুলোকেই অজ্ঞ । কিন্তু নিৰ্বাচনৰ সময়ত চলা এজাক বতাহে বহুলোকক নিৰ্দিষ্ট এটা সোঁতত বা এটা নীতিত ডো খোৱাই নিয়ে । বহুলোকে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত নকৰিলেও – নিজৰ নিজৰ স্থানত বহিয়েই দেশ চলাবলৈ ভাল দল, ভাল ব্যক্তি নিৰ্বাচিত কৰিব লাগে বুলি উপদেশ দি থাকে । যি পদ্ধতিৰেই নহওঁক কিয় - দেশ এখন পৰিচালনা কৰিবলৈ সৎ, বিবেকবান , জ্ঞানী ব্যক্তিৰ সমুহৰ প্রয়োজন । সৎ , বিবেকবান , জ্ঞানী – এই তিনিটা গুণৰ পৰা এটা গুণ বাদ দিলেও আমি সু- নেতা বা সুস্থ ৰাজনীতি পোৱাৰ আশা কৰিব নোৱাৰোঁ । কিন্তু বাস্তৱ জগতত ৰাজনীতিত এনে তিনিটা গুণৰ সমাহাৰ থকা ব্যক্তি আশা কৰাটো যেন আকাশত চাং পতাৰ দৰে কথা! আমি সদায় “বেয়া” আৰু “অতি বেয়া”ৰ মাজত “বেয়া” টোক লৈ সন্তুষ্ট হ’বলৈ চেষ্টা কৰি আহিছোঁ । বৰ্তমান সময়ত ‘ভাল’ – ‘সম্পূৰ্ণ ভাল’ এনে এটা ৰাজনৈতিক স্থিতিৰ কথা ভৱা মানুহ এজনক বহুলোকে অতি কল্পনাবিলাসী বুলি হাঁহি উৰুৱাই দিব ।
ব্যক্তিৰ সমষ্টিয়েই সমাজ । সমাজৰ সমষ্টিয়েই ৰাজ্য । ৰাজ্যৰ সমষ্টিয়েই ৰাষ্ট্র । ৰাষ্ট্রৰ সমষ্টিয়েই বিশ্ব । আজি আমি বিশ্ব কল্যাণৰ দৃষ্টিভংগীৰে সকলো কথা চিন্তা কৰা হ’লে পৃথিৱীত বহুবোৰ সাম্প্রদায়িক , ধাৰ্মিক সংঘৰ্ষৰ ওৰ পৰিলহেঁতেন । কিন্তু বিশ্ব কল্যাণৰ দৃষ্টিভংগীতকৈ আমি ব্যক্তিগত কল্যাণতহে বেচি গুৰুত্ব দিওঁ । ইয়াৰ ফলত আমি যে নিজেই ক্ষতিগ্রস্থ হওঁ- সেই কথা মুঠেই অনুভৱ নকৰোঁ । মোৰ চুবুৰীটো বেয়া হ’লে তাৰ প্রভাৱ মোৰ ঘৰখনতো পৰিব । মোৰ ঘৰৰ গেলা জাবৰ জোথৰবোৰ ঘৰৰ বাহিৰলৈ দলিয়াই দি নিজৰ ঘৰখন দুৰ্গন্ধমুক্ত কৰি ৰাখিব নোৱাৰোঁ । সেইদৰে বিশ্বৰ আন আন দেশত শান্তি স্থাপন নহলে ,মোৰ দেশখনতো শান্তি স্থাপন হ’ব বুলি কল্পনা কৰিব নোৱাৰোঁ । আজিৰ পৃথিৱীত লাখ লাখ লোকে হিংসা, সন্ত্রাস আৰু অন্য প্রাকৃতিক দুৰ্যোগত নিজৰ দেশ হেৰুৱাই আন দেশত ভগনীয়া হিচাপে থিতাপি ল’ব লগীয়া হৈছে । এই ভগনীয়া সমস্যাই বিশ্বৰ সকলোবোৰ দেশতে কম বেচি পৰিমাণে প্রভাব পেলাইছে । “Life as a refugee is like being stuck in quicksand- every time you move, you sink down further .” - সংযুক্ত ৰাষ্ট্রৰ প্রাক্তন হাই কমিচনাৰ এন্টনিও গোতাৰ্চে কৈছিল । নিজৰ দেশ , নিজৰ অস্বিত্ব নথকা এই সকল মানুহো আমাৰ দৰেই তেজ আৰু মঙহেৰেই গঠণ হৈছে । আন্তৰ্জাতিক মানৱ সুৰক্ষা সমিতিৰ ১৪ নং দফাত লিখা আছে : “ Everyone has the right to seek and to enjoy in other countries asylum from persecution.”
বিশ্ব কল্যাণৰ দৃষ্টিভংগী ৰূপণ কৰিবলৈ আমি ব্যক্তিক সৰুৰে পৰা শিক্ষা দিব লাগিব । সমাজৰ প্রতিজন ব্যক্তি যদি সৎ , বিবেকবান আৰু জ্ঞানী হয় – তেনে আমি ‘ভাল” আৰু “সম্পূৰ্ণ ভাল” – এই দুটাৰ মাজত এটা স্থিতি পচন্দ কৰিবলৈ অনায়াসে সুবিধা পাম । প্রতিজন ব্যক্তি সৎ , বিবেকবান আৰু জ্ঞানী হোৱাৰ অৰ্থ এয়া নহয় যে প্রতিজন ব্যক্তিৰ ভাবধাৰা , ৰীতি নীতি , প্রতিভা , পদন্দ অপচন্দ একেই হ’ব । নিজৰ নিজৰ বৈসাদৃশ্যতাৰ মাজতে সকলোৰে বিশিষ্ট গুণ থাকে । সেই বিশিষ্ট গুণবোৰ বিকশিত হ’বলৈ সজাগতা লাগে । নিজৰ ভিতৰত থকা “ইগ’” বা “অহংবোধ” টোক বিসৰ্জণ দি নিজক বিশ্লেষণ কৰিলেই সজাগ হ’বলৈ পৰা যায় । নিজৰ যুক্তি বা চিন্তাক শ্রেষ্ঠ হিচাপে প্রতিপন্ন কৰাত তথা আনক হেয় বুলি প্রতিপণ্ন কৰা প্রচেষ্টাত ব্যক্তিৰ বহু সময় নষ্ট হয় । সেই নষ্ট কৰা সময়খিনিত নিজৰ উৎকৰ্ষ সাধনৰ বাবে আহি পৰা বহুবোৰ সুন্দৰ সুযোগ হেৰাই যায় । নিজৰ যুক্তি বা চিন্তাক শ্রেষ্ঠ প্রতিপণ্ন কৰাৰ ধাৰণাটোতে আহি পৰে মোৰ ধৰ্ম, মোৰ ভাষা, মোৰ সংস্কৃতি শ্রেষ্ঠ প্রতিপন্ন কৰিবলৈ কৰা সংঘৰ্ষ । ধৰ্ম কি ? মানুহক ভাল চিন্তা কৰিবলৈ শক্তি দিয়া এটা উপাদান । কিন্তু ভাল চিন্তাৰ সলনি পৰস্পৰক হিংসা কৰিবলৈ প্রৰোচিত কৰা উপাদানবোৰক জানো ধৰ্ম বুলি কয় ? প্রতিটো ধৰ্মই দয়া , ক্ষমা , কৃতজ্ঞতা, বিনম্রতা আৰু পৰোপকাৰৰ কথা কয় । মোৰ নিজৰ কৰ্ম প্রচেষ্টাত খাবলৈ পোৱা এসাঁজ খাদ্যৰ বাবে মই যদি কৃতজ্ঞ অনুভৱ কৰোঁ - তাৰ দ্বাৰা কাৰো অনিষ্ট নহয় । কৃতজ্ঞতাবোধে মনলৈ নিৰ্মল আনন্দৰ ভাব বোৱাই দিয়ে । আনন্দই আমাক আৰু বেচি ভালদৰে কাম কৰিবলৈ মানসিক শক্তি দিয়ে। শাৰিৰীক শক্তিৰে কৰিব নোৱাৰা কামো মনৰ শক্তিৰে কৰিব পাৰি । কিন্তু গণ্ডগোল হয় তেতিয়াই - যেতিয়া আমি পোৱা এসাঁজ খাদ্যৰ বাবে নিৰ্দ্দিষ্ট নাম একোটা দি মতা এজন ‘ভগবান’ক ( গড, ঈশ্বৰ, আল্লা, প্রভু ….. ) কৃতজ্ঞতা জনাওঁ ! যদিওঁ আমি ‘মই’ সত্বাটোৰ বাবেই বহু সময়ত যুঁজ বাগৰ কৰি যন্ত্রণাত চটফটাই থাকোঁ - ‘ধৰ্ম’ শব্দটো ওলালেই ‘মই’ সত্বাতকৈ বেচি ওপৰত গুৰুত্ব দিওঁ অদেখা ‘ভগবান’ এজনক । ধৰ্মই প্রকৃততে “মই” সত্বাটোৰ বাবে যুঁজ বাগৰ কৰিবলৈ নকয় - ধৰ্মই ‘মই’ সত্বাটোক শ্রদ্ধা কৰিবলৈহে শিকায় । মোৰ মাজতেই আছে সেই শক্তি , সেই জ্ঞান , সেই প্রেম , সেই দয়া, ক্ষমাৰ অনিৰ্বাণ শ্রোত । ময়েই সকলোঁ । মই পৰিবৰ্তন হ’লেই সমাজ পৰিবৰ্তন হ’ব – ৰাজনীতি পৰিবৰ্তন হ’ব । জগত পৰিবৰ্তন হ’ব ।
****

No comments:

Post a Comment