Tuesday, 28 June 2016

এটি সোণালী সপোনৰ পম খেদি .... (১)

এটি সোণালী সপোনৰ পম খেদি .... (১)
মই সৰুৰে পৰা মাথো সপোন দেখোঁ ... বহুত সপোন ! টোপনিত নহয় দিঠকত ! কেতিয়াবা কোনোবা এখন কিতাপ , কেতিয়াবা কোনোবা এটা কবিতা বা কেতিয়াবা কোনোবা এখন চিত্ৰই মোক সপোনৰ পৃথিৱী এখনলৈ লৈ যায় ! বাস্তৱৰ পৃথিৱীতো খেলিমেলি লগায় সপোনবোৰে ...মা-দেউতাৰ গালি আৰু সকীয়নি .. “ কেৱল সপোন দেখি থাকিলে নহ'ব একো.. বাস্তৱৰ পৃথিৱীলৈ আহ ..পঢ়া-শুনা কৰ” !! ..পঢ়া-শুনা .. পাঠ্যপুথিৰ কিতাপ কেইখনে মোক সপোনৰ পৃথিৱীখনলৈ লৈ যাবলৈ অলপো সহায় কৰা যেন নালাগে !! ...সৰুৰে পৰা দেখা সপোন সমূহৰ ভিতৰত মূল সপোনটো আছিল ..পৃথিৱীৰ আটাইবোৰ দেশ- মহাদেশ ভ্ৰমণ কৰা ...সৰুতে মাক সুধিছিলো : “মা ৰাতি হলে বেলিটোনো কলৈ যায় গৈ” !! মায়ে কয় : “বেলিটো পৃথিৱীৰ আনটো ফাললৈ আমেৰিকা নামৰ ঠাইলৈ যায়গৈ ..আমাৰ ইয়াত যেতিয়া দিন হয় ..আমেৰিকাত ৰাতি হয়” !!! ..চকুতো ডাঙৰ ডাঙৰ হৈ গৈছিল তেতিয়া ..কল্পনা কৰিছিলোঁ .. এতিয়া দিনৰ ১২ বজা - মানে আমেৰিকাত ৰাতি ১২ বাজিছে” !! সেইসময়তে পঢ়িছিলোঁ এটা সাধু : কম্বলসিং নামৰ এজন ৰজাই আদেশ দিলে যে তেওঁ দিনটো ৰাতি হিচাপে আৰু ৰাতিটো দিন হিচাপে পালন কৰিব। ৰাতি মানুহে কাম কাজ কৰিব লাগিব আৰু দিনত শুব লাগিব ...দিনত কিবা কাম কৰিবলৈ ঘুৰি ফুৰা মানুহক চুৰ _ডকাইত বুলি বিবেচনা কৰি কাৰাগাৰত বন্দী কৰি থ'ব ! দেশখনৰ মানুহবোৰে বৰ কষ্টৰে ৰজাৰ আদেশ পালন কৰি ৰাতিক দিন আৰু দিনক ৰাতি বুলি জীৱন নিৰ্বাহ কৰা প্ৰক্ৰিয়াটোৰ লগত অভ্যস্ত হৈছিল। এনেতে বেলেগ এখন দেশৰ পৰা কাপোৰ বেচা দুজন বেপাৰী সেইখন দেশত প্ৰৱেশ ঘটিল ( তেতিয়া পাছপৰ্ট, ভিচাৰ কাৰবাৰটো নাছিল !!) ..বেপাৰী দুজনে ভৰ দুপৰীয়া “ কাপোৰ ল'ব নেকি?”... “ ধুনীয়া ধুনীয়া নতুন কাপোৰ ল'ব নেকি?”.. বুলি চিঞৰি চিঞৰি কৈ পাৰ হৈ যাওঁতে ৰজাৰ প্ৰহৰীয়ে 'মাজৰাতি' (!) চিঞৰ বাখৰ কৰি নিয়ম ভংগ কৰা অপৰাধত দুয়োটাকে জেলত ভৰাই থলে ... তাৰ পিছত নিজৰ বুদ্ধিৰ বলত ৰজা কম্বলসিঙক বুৰ্বক বনাই কেনেদৰে সিহঁত নিজৰ দেশলৈ পলাই গ'ল _ সেয়া অন্য এটা কাহিনী। কিন্তু আমাৰ দেশৰ দিনৰ সময়ত আন কেইখনমান দেশত ৰাতি হোৱাটো চিৰন্তন নিয়ম ! ..গ্ৰীচৰ সাধু কথা .. “ৰোম ৱজ নট বিল্ড ইন এ ডে”,.. লন্ডন ব্ৰীজৰ কাহিনী .. ইলিয়াচ ওডিচি.. আদি পঢ়ি ইউৰোপলৈ যোৱাৰ প্ৰচণ্ড হেঁপাহ জাগিছিল .. “মনালিছাৰ হাঁহি” আৰু “দি লাষ্ট চাপাৰ” ..এই দুখন চিত্ৰ নিজ চকুৰে চোৱাৰ সপোন সদায় পুহি ৰাখিছিলোঁ .!! জাপানৰ বিদগ্ধ পন্ডিত, গুৰু ড: ডাইচাকু ইকেডাই কৈছিল : “ Dreams are the key to unlock a Brilliant Future “! আৰু লিখিছিল : “ Your dream can be anything, even if it's vague right now. It can be a small thing. Don't think about whether it's something you can realize or not. The first step is to envision it.”…. এনেকৈয়ে এদিন সপোনৰ পম খেদি খেদি ..নিজ চকুৰে চাব , উপলব্ধি কৰিব মন যোৱা বস্তুবোৰ বাস্তৱত দেখিলো ইউৰোপলৈ গৈ.. সপোনৰ একাংশ ফলৱতী হৈছিল ! ... তথাপিও আমেৰিকাৰ সপোনে মনটো সদায় উন্মনা কৰি ৰাখিছিল .... মোৰ সপোনৰ পাখিবোৰ বিয়াৰ পিছত বেছি দীঘল হৈছিল ..কাৰণ মোৰ জীৱনসংগীও আছিল সপোন বিলাসী। ভ্ৰমণ তেওঁৰ নিচা আৰু পেচাৰ বাবেও ভ্ৰমণ তেওঁৰ বাবে অপৰিহাৰ্য। ...
“Where there is a will, there is a way” _ ইচ্ছা থাকিলেই উপায় ওলায় ... তেনেকৈয়ে আমেৰিকা ভ্ৰমণৰ ইচ্ছা পূৰ্ণ কৰিবলৈ উপায় উলিয়াই লৈছিলোঁ। ২০১৩ চনৰ ১ জানুৱাৰীত সংকল্প ললো ..এইবছৰ আমেৰিকা যামেই ..য'ত যিমান সাঁচতীয়া টকা পইচা আছিল উলিয়াই ..ছয়মাহ ধৰি হিচাপ খিতাপ কৰি গ'লো। ....
৩১ মে ২০১৩ ..সময় ৯ বাজি ৪৫ মিনিট ... উৰা মাৰিলোঁ সপোনৰ দেশলৈ ..সোণালী পৰীৰ দেশলৈ .. আৰৱ ইমিৰেটচ নামৰ বিমান এখনত বহি ..... !!
( আগলৈ...)

No comments:

Post a Comment