বুদ্ধৰ কথাৰে ২
দয়া, ক্ষমা, কৰুণা , সহানুভূতি আদি প্ৰবৃত্তিবোৰ আয়ত্ব কৰি লোৱাৰ প্ৰচেষ্টাটোৱেই হৈছে আধ্যাত্মিক সাধনা ৷ তেজ মঙহৰ সম্পৰ্ক নথকা এজন ব্যক্তিৰ প্ৰতি আন এজন ব্যক্তিৰ মৰম, সমবেদনা, চিন্তা তথা সেৱাৰ মনোভাব থকা কথাটো - আজিৰ পৃথিৱীত যেন এক আচৰিত আৰু অদৰকাৰী কথা ৷ আজিৰ পৃথিৱীত মানুহে লাহ বিলাস আৰাম স্বাচন্দ্যৰে থাকিবৰ বাবে বহুবোৰ সুবিধা সৃষ্টি কৰি লৈছে ৷ আধুনিক প্ৰযুক্তিৰ কৃপাত মানুহে পৰস্পৰক ওচৰৰ পৰা নেদেখাকৈয়ো একে সময়তে , একেলগে বহুবোৰ কাম কৰিব পাৰিছে ৷ মানুহৰ বাবে যেন এজন জীৱন্ত মানুহতকৈ যন্ত্ৰ বা প্ৰযুক্তিহে বেছি অপৰিহায্য হৈছে ! অলপতে বাতৰি কাকতত হিন্দি চলচিত্ৰৰ এজন অভিনেতা তুষাৰ কাপুৰে মহিলা জীৱনসংগীৰ অবিহনেই আধুনিক বিজ্ঞানৰ সহায়ত পিতৃত্ব লাভ কৰাৰ বাতৰি প্ৰকাশিত ্হৈছিল৷ কোনোদিনে নেদেখা , হৃদয়ৰ টান নথকা এগৰাকী মহিলাৰ ভাৰাতীয়া গৰ্ভৰ সহায়ত তুষাৰ কাপুৰ পিতৃ হক্সল ৷ পিতৃৰ পৰিচয় পোৱা আৰু মাতৃৰো তেজ মঙহ জিন কঢ়িওৱা সন্তানটোৱে কিন্তু কোনোদিনেই মাতৃৰ মৰম আবেগ আৰু মমতাৰ লগত পৰিচিত হক্সব নোৱাৰিব ! প্ৰযুক্তি , বিজ্ঞান আৰু মানুহৰ জ্ঞান অষেণৰ এই দুৰ্দান্ত যাত্ৰাই মানুহক কেতিয়াবা ভীষণ অকলশৰীয়া কৰি পেলাব ৷ মানুহে হয়তো নিজৰ পৰাও নিলগ হৈ সকলো পায়ো অতৃপ্তি আৰু অশান্তিৰ যন্ত্ৰনাত চট ফট কৰিব লগা হব ৷
বুদ্ধই হাজাৰ বছৰৰ আগেয়েই আমাক দয়া, ক্ষমা, কৰুণা , সহানুভূতি আদি প্ৰবৃত্তিবোৰ আয়ত্ব কৰি লোৱাৰ প্ৰচেষ্টা কৰিবলৈ উপদেশ দিছিল ৷ কাৰণ এই প্ৰবৃত্তিবোৰে আমাৰ হৃদয়খন বিশাল কৰে ৷ বিশাল হৃদয়ত দুখ , যন্ত্ৰণাই বাস কৰিবলৈ সুৰুঙাই নাপায় - কিয়নো বিশাল হৃদয়ত দয়া, ক্ষমা, প্ৰেম, কৰুণা , সহানুভূতি আদি প্ৰবৃত্তিবোৰেই সৰহ সংখ্যক স্থান অধিকাৰ কৰি ৰাখে ৷ এনে এখন বিশাল হৃদয় যাৰ আছে তেওঁ সদায় অসুন্দৰতাৰ মাজতো সুন্দৰৰ সন্ধান পায় ৷ সকলোকে ভালপাবলৈ আৰু নিজৰ বুলি আঁকোৱালি লবলৈ পাৰে ৷ এনে মানুহ কেতিয়াও নিসংগ নহয় , দুখী নহয় ৷ সদাশয় পাঠকসকল , আহকচোন আমিও বুদ্ধই কোৱাৰ দৰেই দয়া, ক্ষমা, কৰুণা , সহানুভূতি আদি প্ৰবৃত্তিবোৰ আয়ত্ব কৰিবলৈ চেষ্টা কৰোঁ ৷ নিজেও সুখী হওঁ আৰু আনকো সুখী কৰোঁ ! ধন্যবাদ ৷

No comments:
Post a Comment