Thursday, 21 July 2016

ক'তেনো আছা মোৰ কলিজাৰ আই... খণ্ড --৫

ooooooooooooooooooooookooooooolooনবজাবি বাঁহী শ্যাম ……
সন্ধ্যা :৩০ বজাত চাৰ্জিকেল ইউনিট ডিউটি সামৰি লৰালৰিকৈ কাপোৰ কেইটা বেগত ভৰাই মন্তোষক খাতিৰ কৰিলে শ্যামে ষ্টেচনত নমাই থৈ আহিবলৈ ট্রেইন আছে ৰাতি :৩০ বজাত কেনেবাকৈ ট্রেইনখন ধৰিব নোৱাৰিলে সি পুনৰ এটা সপ্তাহ ৰৈ যাব লাগিব তাৰ প্রেয়সী ৰুলীক দেখা পাবলৈ নাই , তাৰ সিমান ধৈৰ্য নাই এটা সপ্তাহ কিয়এটা মিনিট সময় বলৈও তাৰ মনটো সৈমান নহয় পাৰিলে যেন এই ইন্টাৰ্নশ্বিপপঢ়া শুনা সকলো বাদ দি খেতি বাতিত ধৰিব আৰু ৰুলীক বিয়া কৰাই চিৰদিন তাইৰ মুখখন হেঁপাহ পলুৱাই চাই থাকিব ! কিন্তু নোৱাৰে সি এনে কৰিব কাৰণ ৰুলীয়ে সপোনতো খেতি কৰা লৰা এটাক বিয়া কৰোৱাৰ কথা ভাবিব নোৱাৰে আৰু সিও খন্তেকীয়া আবেগিক মূহূৰ্তত পঢ়া শুনা এৰাৰ কথা ভাবিলেওচিকিৎসক হৈ মানুহৰ জীৱনটো যন্ত্রণামুক্ত কৰাৰ সপোনটো কেতিয়াও হেৰুৱাব নোখোজে সেইটো সপোন হেৰাই গলেসিও হেৰাই যাব ! ডিব্রুগড়ৰ পুৰণা ৰেল ষ্টেচনটোত মন্তোষৰ বাইকৰ পৰা হুৰমুৰকৈ নামি আহিল শ্যাম  
: “
ভালকৈ যাবি দোস্ত ! ‘ভাবিজী লগ কৰাৰ আনন্দত নিজৰ কাম ধাণ্ডাৰ কথা পাহৰি নাযাবি সোনকালে ঘুৰি আহিবি
শ্যামে লাজ লাজ ভাবেৰে মন্তোষৰ পিঠিত ঢকা এটা মাৰি লে : 
তোৰ ভাবিজীয়ে মোক কাম ধাণ্ডা পাহৰিবলৈ নিদিয়ে চিন্তা নকৰিবি দুদিন থাকিয়েই মই ঘুৰি আহিম
ৰৈ থকা ট্রেইনখনে শেষ উকিটো মাৰিলে মন্তোষে থেলা মাৰি শ্যামক ডবাটোত উঠাই দিলে  
একেবাৰে ওপৰৰ বাৰ্থত তাৰ চিটটো ট্রেইনৰ ওপৰৰ বাৰ্থটোত দূৰৰ কথা মাজৰ বাৰ্থটোত শুই যাবলৈও তাৰ ভাল নালাগে মূৰটো ঘুৰায় কিন্তু ৰুলীৰ কাৰণে সি সকলো কৰিব পাৰে গোটেই ৰাতি সি হয়তো ট্রেইনত থিয় হৈ যাব পাৰিব বেগটো ওপৰৰ বাৰ্থটোলৈ দলিয়াই জোতাযোৰ খুলি ওপৰলৈ উঠিবলৈ লওঁতেই ফোনটো বাজি উঠিল ৰুলীৰ ফোন হয়তো মনটো তাৰ আনন্দত নাচি উঠিল পকেটৰ ভিতৰৰ পৰা ফোনটো উলিয়াই চালে ৰুলি নহয়চোন ! অনুজিত দাদাৰ ফোন ! কি বা ! অজন্তা বৌৰ এইবাৰো কিবা অঘটন নেকি ?? লৰালৰিকৈ ফোনটো কাণৰ ওচৰলৈ আনি সি লে ,
: “
অনুজিত দাদা, …” মুখখন সি ভালদৰে মেলিবলৈ নাপাওতেই অনুজিতৰ অস্থিৰ আৰু ক্রোধিত স্বৰ তাৰ কাণত ভাহি উঠিল  
: “
ভাইটি, মই শেষ হৈ লো ...বৰবাদ হৈ মোৰ জীৱন ... কি কৰিম মই এই কুকুৰৰ পোৱালীটোক ? চাল্লা সি ডাক্তৰি পঢ়িবলৈ আহে পি চি ডি মোক বুজাবলৈ আহে .. কাটি দুটুকুৰা কৰি দিম মই তাক !!”
অনুজিতে অসংলগ্ন ভাবে কথাবোৰ কলেও শ্যামে লগে লগে কি ঘটনা ঘটিছে বুজি পালে  
: “
অনুজিত দাদা …” 
কিবা বলৈ লোৱাৰ আগতেই অনুজিতে পৃথিৱীৰ সমস্ত ডাক্তৰৰ ওপৰত থকা তাৰ বিৰক্তি, অভিযোগ শ্যামৰ ওপৰত উজাৰি ! যেন সেই সকলোবোৰ ডাক্তৰৰ কৰ্ম কাণ্ডৰ বাবে শ্যামেই পৰোক্ষ ভাবে জগৰীয়া ডাক্তৰৰ দোষ মানে শ্যামৰ দোষ অৱশ্যে ডাক্তৰৰ গুণ মানে শ্যামৰ গুণ নহবও পাৰে ! 
: “
বুজিছা শ্যাম, ডাক্টৰ হলে এনেকুৱা ডাক্টৰ হবা এয়াহে ডাক্টৰ !” – অজন্তাৰ দ্বিতীয়বাৰৰ কৃত্রিম গৰ্ভধাৰণৰ বাবে হোৱা প্রচেষ্টাত সফলতাৰ মুখ দেখোঁতে অনুজিতে কৈছিল প্রতিদিনে পাঁচ, ছয় পেগ মদ খোৱা অনুজিতে মদ খাবলৈ এৰি দিছিল ঘৰখনৰ প্রতিটো ৰূমৰ বেৰত শিশু কৃষ্ণ আৰু বহুতো ভগৱানৰ ফটোৰ আবিৰ্ভাব হৈছিল ৰাতিপুৱা বোৱাৰী পুৱাতে গা ধুই ধুতী পিন্ধি প্রতিখন ভগবানৰ ফটোৰ সন্মুখত ধূপ ধূনা জ্বলাই সেৱা কৰা অনুজিতক দেখিলে মাখি এটাও মাৰিব নজনা নিমাখিত প্রাণী যেন লাগে এইটো অনুজিত যে এসময়ত একদুধৰ্ষ দেশপ্রেমিকআছিলহত্যা আৰু সন্ত্রাস যিকোনো প্রকাৰে নিজৰ বাবে এখন স্বাধীন দেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছিল, সেই কথা বিশ্বাস কৰিবলৈও কঠিণ লাগে  
শ্যামৰ কথাক গুৰুত্ব নিদি তৃতীয়বাৰো বৰ লৰালৰিকৈ আন এজন বিখ্যাত স্ত্রীৰোগ বিশেষজ্ঞৰ ওচৰলৈ দৌৰ মাৰিছিল অনুজিত আগৰ ৰিপৰ্ট আৰু অনুজিতৰ ব্যৱহাৰ দেখিয়েই ডা: ডোগ্গল নামৰ চতুৰ ডাক্তৰজনে নিজৰ কৰ্ম পদ্ধতি ঠিক কৰি লৈছিল তেওঁ অনুজিতৰ টকাৰ পাহাৰটো ঢাহি মুহি খহাব পৰাকৈ নানাবিধৰ আৰু পৰীক্ষা নিৰীক্ষা কৰিলে অৱশেষত তেওঁ কৃত্রিম ভাবে অজন্তাৰ গৰ্ভত অনুজিতৰ বীৰ্য সোমোৱাই অজন্তাক গৰ্ভৱতী কৰাৰ সিদ্ধান্ত লে সেই সময়ত অনুজিতে ফোন কৰি শ্যামৰ পৰামৰ্শ বিচাৰিছিল শ্যামেনো কি সি এটা সৰু আৰু অনভিজ্ঞ ডাক্তৰ MBBS পাছ কৰি এবছৰ ইনটাৰ্নশ্বিপ কৰি শেষ কৰিছেহে তাৰোপৰি শ্যামৰ পৰামৰ্শ অনুজিতে যে নামানে , সেই কথাও সি জানে কেৱল জনাব লাগে বাবেই বা পিছত কিবা এটা গণ্ডগোল হলে দোষাৰোপ কৰিবলৈ কাৰোবাক লাগে বাবেই শ্যামক কথাবোৰ সুধিলে  
: “
দাদা , ডা: ডোগ্গল অভিজ্ঞ মানুহ তেওঁ নিশ্চয় আপোনালোকক সঠিক পৰামৰ্শই দিছে আগবাঢ়ক আপোনালোক মোৰ শুভকামনা থাকিল ” – শ্যামে কৈছিল  
: “
চাবা , এইবাৰ কিবা গণ্ডগোল লে মই ডাক্তৰক গুলীয়াই দিম জেলত যাব লগীয়া হলেও যাম ”- 
অনুজিত যিমানহে বৰ্বৰ ,সি সঁচাকৈয়ে ডাক্তৰক গুলীয়াই দিব - শ্যামে ভাবিলে তাৰ মনত পৰিল এবাৰ অনুজিতে কাজিৰঙাৰ পৰা পিকনিক খাই আহোঁতে ৰাস্তাত শুই থকা দুজন মগনীয়াৰ ওপৰদি গাড়ী চলাই দিছিল  
: “
মাছৰ পেটুৰ দৰে পেৰেককৈ মানুহ কেইটাৰ পেটৰ নাড়ী ভুৰু ওলাই আহিছিল !” –বৰ গৌৰৱেৰে অনুজিতে শ্যামক কৈছিল শ্যাম শিয়ঁৰি উঠিছিল মাক অৰুণিমাক এই কথা নে নক সি ভাবি পোৱা নাছিল সি জানে অনুজিতৰ কথা লে মাকে তাক অনুজিতৰ সুমতি বৰ বাবে প্রাৰ্থনা কৰিবলৈ লগতে তাক অনুজিতৰ দৰে মানুহক সহায় নকৰিবলৈও দঢাই দঢাই কিন্তু সি যে অনুজিতহঁতক কি পৰিস্থিতিত সহায় কৰিবলৈ বাধ্যত পৰে কেনেকৈ মাক অৰুণিমাক বুজাব !! 
oঅজন্তাৰ বাবে কৃত্রিম বীৰ্যকৰণৰ এই পদ্ধতিও বৰ সুচল নাছিল কেবাটাও প্রচেষ্টাৰ মূৰত অজন্তা পুনৰ গৰ্ভৱতী মিলিৰ কোলালৈ এটি সুন্দৰ শিশু আহি পৰাৰ দিনাই অজন্তাৰ কৃত্রিম গৰ্ভধাৰণ সফল হোৱাৰ খবৰ ওলাইছিল সেয়ে মিলিৰ সন্তান নিমি অনুজিত আৰু অজন্তাৰ চকুৰ কাঁইট হোৱাৰ পৰা ৰক্ষা পৰিছিল অনুজিতে ভায়েক দেৱজিত, ভাই বোৱাৰীয়েক মিলি আৰু অকণমাণি নিমিক উপহাৰেৰে ভৰাই দিছিল নিমিৰ শুদ্ধিকৰণত অহা শ্যামকো এযোৰ সুন্দৰ দামী চাৰ্ট-পেণ্ট উপহাৰ দিছিল অনুজিতে শ্যামে কিন্তু ইমান দামী চাৰ্ট পেণ্ট পিন্ধিবলৈ ভালপোৱা নাছিল ৰুলীয়ে বৰ ভাল পাইছিলঅনুজিত তাক দিয়া কাপোৰ যোৰ কেৱল ৰুলীক সন্তষ্ট কৰিবলৈকে সি সেইযোৰ কাপোৰ পিন্ধিছিল ৰুলীয়ে লে সি বান্দৰৰ দৰে নাচি থাকিবলৈও ৰাজী ৰুলীয়ে যদি দহৰ লগত দহ যোগ কৰিলে ত্রিশ বুলি কয়সি সেইটোও সঁচা বুলি কেৱল ৰুলীক সন্তষ্ট কৰাটোৱেই যেন তাৰ জীৱনৰ উদ্দেশ্য ! ৰুলী তাৰবাবে এজাক , এটা মিঠা গান তাৰ উশাহ-নিশাহ আৰু সকলো সি তাইকচানশ্বাইনবুলিহে মাতিছিল  
ৰুলীএই নামটোতেই যেন তাৰ জীৱনটো সোমাই আছে মেডিকেলৰ গধুৰ গধুৰ কিতাপৰ বোজা , শিক্ষক, চিনিয়ৰৰ গালি , গাধৰ দৰে কাম আৰু জন্ম হোৱা ঘৰখনৰ অশান্তিকৰ পৰিস্থিতিএই সকলোবোৰৰ পৰা পৰিত্রাণ পাবলৈ তাৰ জীৱনত এজাক মিঠা দৰ প্রয়োজন আছিল বন্ধু অমলৰ প্রেয়সী মল্লিকাই তাৰ বাবে লৈ আহিছিল এজাক মিঠা ! অমল আৰু মল্লিকাৰ মাজত প্রেমৰ খুত খাত জ্বলনি পুৰণিবোৰত মলম লগাবলৈ যাওঁতে সি নিজেই কেতিয়ানো প্রেমৰ জুইত জাহ কবই নোৱাৰিলে আচলতে বৰ ভাগৰুৱা হৈ আছিল সি হৃদয়খনো সিক্ত হৈ পৰিছিল তাৰ হৃদয়খনে জিৰাবলৈ এডোখৰ ঘাই আশ্রয় পোৱাৰ লগে লগে ৰৈ গৈছিল ৰুলীনো কেনেকুৱা , তাইৰ মানসিকতানো কেনে , কিমান গভীৰ চিন্তাৰ গৰাকী সেইবোৰ কথা সি চিন্তাই কৰা নাছিল কোনোৱাই কিৱা লেও সি কৈছিল
: “
সঁচা প্রেমত এইবোৰ হিচাপ নিকাচ নাথাকে Love is blind !!”

No comments:

Post a Comment