Friday, 22 July 2016

ক'তেনো আছা মোৰ কলিজাৰ আই... খণ্ড-৭

: “মোৰ যদি তোমাৰ প্রতি ভালপোৱা সঁচা হয়তেনে তুমি পাৰ্চটো ঘুৰাই পাবাই চাবা  

পকেটত ভাইব্ৰেচন মুডত থোৱা চেলফোনটোৱে বহু সময় ধৰি তাক কুটকুটাই আছিল সেয়ে ফোনটো পকেটৰ পৰা টান মাৰি উলিয়াই আনি অন্যমনস্ক ভাবে চকু ফুৰালে আৰেতাৰ ফোনত চোন কেইবাটাও মিচ কল ! এটা অচিনাকী নম্বৰৰ পৰা তেৰটা মিচ কল দেখি কৰোঁ নকৰোঁকৈ সেইটো নম্বৰতে ফোন কৰিলে সিফালৰ পৰা অচিনাকী মাত এটাই তাক সুধিলে
: “
আপুনি ডাক্তৰ শ্যামকানু নেকি ?” 
সি হয় বুলি কোৱাত সেই অচিনাকী মাতটোৱে পুনৰ 'লে
: “
আপুনি কিছু সময় আগেয়ে পল্টন বজাৰলৈ যোৱা বাচত নিজৰ পইচাৰ বেগটো হেৰুৱাইছিল নেকি ?”
সি হয় বুলি চিঞৰি উঠিল মানুহজনে তাক পুনৰ কলে
: “
মই পল্টন বজাৰ পুলিচ ষ্টেচনত আপোনাৰ বেগটো লৈ ৰৈ আছোআপুনি অনুগ্রহ কৰি সোনকালে বেগটো লৈ যাওঁকহি আৰু পোন্ধৰ মিনিটৰ পাছত মোৰ ট্রেইন আছে আপুনি আহি নেপালে মই বেগটো পুলিচকে দিব লাগিব
মানুহজনৰ কথা শুনি সিহঁত দুয়োটাই উকিয়াই উঠিছিল সি সকলো পাহৰি ৰুলীক জোৰকৈ সাৱটি চুমা এটা খাই পেলাইছিল সকলো মানুহৰ অবাক চাৱনিক অগ্রাহ্য কৰি দুয়োটাই হাতত ধৰি ধৰি দৌৰ মাৰি বাচ এখনত উঠিছিল কিন্তু সেইদিনা বাচখনেও যেন সিহঁতৰ লগত খেলা কৰিবলৈ বিচাৰিছিল কইনাৰ খোজেৰে বাচখন অলপ দূৰ আগবাঢ়ে আকৌ ৰৈ যায় এনেদৰে পাঁচ মিনিট সময় পাৰ হৈ যোৱাত ৰুলীৰ কথা মতেই দুয়োটাই বাচৰ পৰা নামি পুনৰ দৌৰিবলৈ ধৰিলেপল্টন বজাৰ পুলিচ স্টেচনলৈ মানুহৰ ভিৰ ফালি দুয়োটাই দৌৰিছে ৰুলী আগে আগেসি তাইৰ পিছে পিছে আপ্রাণ দৌৰিছে ইমান ভিৰতো সিহঁতি পৰস্পৰৰ হাত দুখন এৰি দিয়া নাছিল শ্যামৰ চকুত আগত সৰগৰ তৰাৰ দৰে নাচি আছিল ৰুলীৰ ফুট ফুটিয়া ফ্রক , কান্ধৰ ওপৰেদি কেৰেচিয়াকৈ লোৱা হালধীয়া বেগটো , তাইৰ মৰাপাটৰ দৰে চুলিখিনি তাৰ ভাব হৈছিল এনেকৈয়ে যেন সি দৌৰি থাকিব আজীৱন ৰুলীৰ পিছে পিছে যিমান দৌৰিলেও তাৰ ভাগৰ নালাগিব ! অৱশেষত সি তাৰ পইচাৰ বেগটো ঘুৰাই পাইছিল বুদ্ধৰ দৰে এজন ব্যক্তিয়ে নিজৰ কাম বন আওকাণ কৰি দুঘন্টা সময় তাৰবাবে বাট চাই ৰৈ আছিল তাৰ হাতত পইচাৰ বেগটো দি মানুহজন দৌৰ মাৰিছিল নিজৰ ট্রেইন ধৰিবৰ বাবে তাৰ পৰা টকা পইচা লোৱা দূৰৰ কথা ধন্যবাদ এটা লবৰ বাবেও মানুহজনৰ আহৰি নাছিল অভিভূত হৈ পৰিছিল সি ! আজিৰ যুগতো যে এনে মানুহ থাকেসি ভাবিবই পৰা নাছিল ৰুলীয়ে তাক বিশ্বাস নিয়াইছিলএয়া সকলো তাইৰ প্রাৰ্থনাৰ ফল হনুমানে নিজে অৱতাৰ লৈ তাইক সহায় কৰিলে সি সেইদিনাৰ পৰাই ৰুলীৰ কথাত বান্দৰৰ দৰেই নাচিবলৈও যেন মনে মনে সন্মত হৈ পৰিছিল ! 
গোটেই ৰাতি অনুজিত আৰু ৰুলীৰ কথা ভাবি ভাবিয়েই সি টোপনি ৰুলীৰ পৰা ফোন কল এটা আহিব আহিব বুলি সি ভাবি আছিল টোপনিৰ পৰা চকা মকাকৈ সাৰ পায়েই সি ফোনটো চালেনাই কোনো মিচ কল নাই ঘড়ীটোলৈ চালেপুৱা ছয় বাজিল আনকালে পাঁচ বজাতে ৰুলীয়ে ফোন কৰি হুলস্থূল লগাই দিয়ে কি বাৰু তাইৰ ! আজিকালি ৰুলী যেন এজাক সেমেকা হৈ পৰিছে কথা বতৰাত আগৰ উৎসাহ , উচ্ছলতা নাই সি ফোন কৰিলে হে তাই ফোন কৰে তাইৰ লগৰ দুই একে তাইক সঘনে নতুন বন্ধু এজনৰ লগত দেখাৰ কথা কৈ থাকে সি কিন্তু গুৰুত্ব দিয়া নাছিল কিন্তু আজি কিয় জানো তাৰ মনটো হঠাৎ ৰিক্ত ভাব এটাই জোকাৰি সি লৰালৰিকৈ ৰুলীলৈ ফোন লগালে বাজি বাজি শেষ হোৱাৰ আগতে ৰুলীয়ে ধৰিলে ফোনটো
: “
শ্যাম , পালাহিয়েই নেকি ?” – হামি এটা মাৰি তাই টোপনিৰ জড়তা থকা মাত এটাৰে মাত লগালে  
: “
আৰে মোৰ চানশ্বাইন জনীএতিয়া লৈকে শুই আছা ! কিয় তোমাৰ গা বেয়া নেকি ? মই গৈ আছো ৰবা … !” শ্যামৰ চকুত অলপ অভিমান , দুখ আৰু শংকা স্পষ্টকৈ ফুটি উঠিছিল যদিও মুখেৰে সি স্বাভাৱিক বলৈ আপ্রাণ চেষ্টা কৰিছিল  
: “
নাই নাই নাই শ্যাম মই একেবাৰে সুস্থ কালি ৰাতি শোৱাত দেৰী হৈ এটা কথা শুনাচোনতুমি আজি হোষ্টেললৈ আহিবলৈ নালাগে মোৰ লগত বা আছেহি তোমাক কৈছিলোৱেই বায়ে আমাৰ কথা জানিলে সকলোবোৰ খেলিমেলি কৰি দিব !”
: “
চানশ্বাইন , তুমি কিয় এনেকৈ কৈছা ! মই মাত্র তোমাক লগ কৰিবৰ কাৰণে ছয়ত্রিশ ঘণ্টাৰ ডিউটি একেলেথাৰিয়ে কৰি মাত্র দুদিনৰ বাবে আহিছোঁ !” – শ্যামৰ চকুৰ পৰা এজোলোকা চকুপানী বাগৰি আহিল !
: “
কি যে লৰা তুমি!! মই তোমাক জানো কৈছিলোঁ আহিবলৈ ? শুনাচোন আমি কাইলৈ লগ চাৰি বজাত চিচিডি দীঘলী পুখুৰীত ?” ৰুলীয়ে তাক লে শ্যামেনহবুলি চিঞৰি বলৈ বিচাৰোঁতেই ৰুলীয়ে ফোনটো কাটি দিলে পুনৰ ফোনটো লগাবলৈ লৈ সি থমকি কি কৰিব সি ? কলৈ যাব ? নগাঁৱলৈ যাবগৈ নেকি ? নাই যোৱা মাহত সি দুবাৰ গুৱাহাটীলৈ অহাৰ বাবে আতাকে বহুত গালি পাৰিছিল ইমান ঘনাই কিয় আহি থাকিব লাগে ? মা-মণিকে খং কৰিছিল বহুত নাই সি নগাঁৱলৈ নাযায় ইতিমধ্যে ষ্টেচনত সোমোৱা ট্রেইনখনৰ পৰা সি উদাস ভাবে নামি পৰিল ভৰিত আনবাৰৰ দৰে চঞ্চলতা , চকুত তিৰবিৰণি নাই ! ষ্টেচনৰ পৰা অলপ আগলৈ খোজকাঢ়ি গৈ এখন সৰু চাহৰ দোকান এখনৰ ওচৰত কলৈ যাব সি ? এই চহৰৰ তাৰ প্রিয় স্থান চি চিডি দীঘলী পুখুৰীত অকলে ঘন্টাৰ পিছত ঘণ্টা সময় পাৰ কৰিব পাৰে কিন্তু চিচিডি খুলিবলৈ এতিয়াও বহুত সময় আছে দুপৰীয়া বাৰ বজাৰলৈকে সি কি কৰিব ? পুনৰ সি ভাবিলেতাৰ লগৰ নীৰজৰ ওচৰলৈকে যাব নহলে অনুজিতহঁতৰ ঘৰলৈকে যাব নেকি ? হঠাৎ তাৰ মনত পৰিল - মল্লিকালৈকে ফোন এটা কৰা যাওঁক মল্লিকাৰ লগত কথা পাতি তাৰ মনটো বেচিহে বেয়া লাগিল  
দোকানীজনে দিয়া চাহৰ গিলাচটোত খৰকৈ দুটা সোহা মাৰি গিলাচটো দলিয়াই দি নীৰজলৈ ফোন এটা কৰিলে নীৰজ হাইস্কুলত তাৰ লগত একেলগে পঢ়িছিল পঢ়া শুনাত সি বৰ এটা ভাল নাছিল সদায় ক্লাচত প্রথম হোৱা শ্যামলৈ তাৰ অপাৰ শ্রদ্ধা আৰু বিস্ময় আছিল শ্যামৰ সফলতাত সবাতোতকৈ সুখী হোৱা লৰাটো আছিল নীৰজ শ্যামে মেডিকেলত চিট পোৱাৰ দিনা নীৰজে লগৰ সকলোকে মিঠাই বিলাইছিল পূৰ্বপুৰুষ বিহাৰৰ যদিও নীৰজ সম্পূৰ্ণ অসমীয়া লৰা হৈ পৰিছিল দুবাৰতো মেট্রিক পাচ কৰিব নোৱাৰি দেউতাকৰ দৈ আৰু মিঠাই ব্যৱসায়ত সহায় কৰিবলৈ লাগি গৈছিল পঢ়া শুনাৰ দৰে ব্যৱসায়ত কিন্তু সি অসফল নহ দেউতাকৰ ব্যৱসায় ওপৰলৈ উঠাই সি এতিয়া গুৱাহাটীত নিজাকৈ এখন খুলিছে নীৰজৰ জত থাকিলে শ্যামে ভাড়া দিৱ নালাগেমানে নীৰজে ভুলতো শ্যামৰ পৰা ভাড়া নলয় এই কাৰণেই শ্যামে নীৰজৰ জত নাথাকে আজি তাৰ উপায় নাইকীয়া অৱস্থা হৈছে এখন বিচনাত তাৰ শৰীৰটো ধাচকৈ পেলাবলৈ মন গৈছে কোনোবা এজন বন্ধুক সাৱটি ধৰি হুক হুককৈ কান্দিবলৈ মন গৈছে তাৰ মাত শুনিয়েই নীৰজে বাইক ষ্টাৰ্ট কৰি তাক লৈ আনিবলৈ উদ্যত তাৰনাই’ , ‘নালাগেআদি একো কথাই সি শুনিবলৈ ৰাজী নহ

No comments:

Post a Comment