Thursday, 21 July 2016

ক'তেনো আছা মোৰ কলিজাৰ আই ... খণ্ড-২

বেলকণিৰ দক্ষিণ-পূৱ কোণাটোতে অৰুণিমাই অতি সযতনে এটা টাবত সৰু জাতৰ কমলা পুলি এটা ৰুইছিল অৰ্নামেণ্টেল অৰেঞ্জ বুলি কয় ইয়াক সকলোৱে তাইৰ চকুৰ আগতে পুলিটো লহপহকৈ বাঢ়ি এদিন আমোল মোলাই ফুল ফুলিবলৈ ধৰিলে আহ কি যে সুন্দৰ গোন্ধ কমলা ফুলৰ গোন্ধনেমু ফুলৰ গোন্ধৰ লগত একেই অৰুণিমাই দিনটোত কেইবাবাৰো বেলকণিটোলৈ ওলাই আহি দীঘল দীঘল উশাহ লয়হি মনটো অজান এক উল্লাহত ভৰি উঠে সেই ফুলবোৰ সৰু সৰু সেউজীয়া মাৰ্বলৰ আকৃতিলৈ ৰূপান্তৰ হৈ কিছু পুৰঠ হোৱাৰ পিছত এতিয়া সোণসেৰীয়া ৰং ধৰিছে ৰাষ্ট্রপতি ভৱনৰ বাগিছাত থকা কমলা গছ কেইজোপালৈ মনত পৰে তাইৰ অকণমাণি , উজ্জ্বল পুৰঠ সোণৰ দৰে ৰঙৰ সুমথিৰা কেইটাই যেন তাইৰ বেলকণিলৈ ৰাষ্ট্রপতি ভৱনৰ বাগিছাৰ দৰেই প্রাচ্যুৰ্য কঢ়িয়াই আনিছে !
তাইৰ মৰমৰ সেই কমলজোপালৈ আঙুলিয়াই শ্যামে হঠাৎ তাইক সুধিলে :
: “
মা, এই কমলাগছজোপা তোমাৰ বৰ মৰমৰ ’ ?”
: “
বৰ ভাল লাগে মোৰ এই গছজোপা অকণমাণি যদিও কিমান পৰিপূৰ্ণ আৰু ৰং ৰসেৰে ভৰি পৰা এইজোপা গছ !”- তাই লে
: “
এই গছজোপাৰ পৰা কমলা এটা লৈ মই যদি বহুত জোৰেৰে চেপা মাৰি দিওঁ- তেনে কি বাৰু ?” শ্যামে গহীণ ভাবে অৰুণিমাক সুধিলে
: “
কিনো আৰু ! সৰু হলেও ৰসেৰে ভৰপূৰ এই কমলাবোৰ তুমি চেপি দিলে ইয়াৰ পৰা চৌ চৌৱাই ৰসেই ওলাব !” অৰুণিমাই ইষৎ হাঁহিৰে লে  
: “
বাৰু মা , এই কমলাবোৰৰ পৰা কি ৰস ওলাব কমলা ৰসেই ওলাব নে ? ইমান সৰু কমলা এটা সৰু বেলকণিৰ সৰু টাবত জন্ম হোৱা কমলা !”
অৰুণিমাই জোৰকৈ হাঁহি মাৰি শ্যামক লে
: “
কিয় সৰু লৰাৰ দৰে কথা কৈছা শ্যাম - সৰু বেলকণিৰ সৰু টাব এটাত জন্ম হলেও এই কেইটা কমলা ভৰপূৰ ৰসেৰে ভৰি আছে গতিকে তুমি ইয়াৰ এটা কমলা হেঁচিলে ইয়াৰ পৰা কমলা ৰসই ওলাব বাচা !” 
এইবাৰ শ্যামে আৰু অধিক গহীণ হৈ লে ,
: “
মা , কমলাটোৰ ভিতৰত কমলা ৰস আছেসেয়ে তুমি হেঁচা মাৰিলেইয়াৰ পৰা কমলাৰ ৰসেই ওলাব যদিও স্বাভাৱিক পৰিবেশত ডাঙৰ হোৱা নাইতথাপিও এই কমলাটোৰ পৰা মিঠা মিঠা কমলা ৰসেই ওলাব কাৰণ কমলাটোৱে নিজৰ ভিতৰত মিঠা কমলা ৰস ভৰাই থৈছে যদি তিতা ৰস ভৰাই থয়তেনে ইয়াৰ পৰা তিতা ৰসেই ওলাব- নহয় জানো ?”
: “
হয় , কিন্তু তুমি মোক কিয় এইটো কথা লা শ্যামমই ঠিক ধৰিব পৰা নাই !” - এইবাৰ অৰুণিমাও কিছু গহীণ হৈ পৰিল
: “
মা, জীৱনটোৱে যদি আমাক হেঁচা মাৰি ধৰেচেপি খুন্দি পেলায়আমাৰ মাজৰ পৰা সেই ৰসেই ওলাবযি ৰস আমি ভিতৰত ভৰাই থৈছো নহয়নে বাৰু ? যদি জীৱনৰ চেপাত আমাৰ মাজৰ পৰা দুখ , খং, গালি গালাজ ওলায়ইয়াৰ অৰ্থ হব আমাৰ ভিতৰত এইবোৰ বস্তুৱেই ভৰি আছে কিন্তু আমি যদি আমাৰ ভিতৰখন কেৱল মৰম , ভালপোৱা আৰু প্রেমেৰে ভৰাই থওঁজীৱনে যিমান হেঁচিলে, খুন্দিলেও আমাৰ মাজৰ পৰা কেৱল মৰম , ভালপোৱা আৰু প্রেমহে বাহিৰ !” –শ্যামে শান্ত ভাবে লে  
অৰুণিমাৰ জীৱনৰ প্রতিটো কোঁহত কেৱল মৰম, ভালপোৱা আৰু আশাই ভৰাই থোৱা আছে কেতিয়াবা জীৱনৰ কোনোৱা কেঁকুৰিত হয়তো অলপ বিষাদ , নিৰাশা বা নিৰানন্দই প্রৱেশ কৰেসেয়ে তাই মাজে মাজে দুখৰ পুখুৰী খান্দে কিন্তু শ্যামৰ কথাখিনিয়ে তাইক আজি আকৌ জীৱনৰ বিষয়ে নতুনকৈ ভাবিবলৈ সুবিধা দিলে জীৱনৰ প্রতিটো দিনেই নতুন শিক্ষা , নতুন জ্ঞানৰ এটা পৃষ্ঠা লাগে যিদিনাই আমি জীৱনৰ পৰা এটা নতুন শিক্ষা, নতুন জ্ঞান নোৱাৰোঁ, সেইদিনাই জীৱনটোৰ এটা পৃষ্ঠা অথলে যায় তাইৰ গুৰু চেনচেই : ডাইচাকু ইকেডাই ঠিকেই কৈছিল “Life is a never ending struggle to grow”  
লৰালৰিকৈ তাই দুখৰ পুখুৰীটো পুতি পেলালে বেলকণিৰ আনটো টাবত ৰমক জমক কৈ ফুলি থকা খৰিকাজাঁই জোপাৰ পৰা আলফুলে চাৰিপাহ ফুল চিঙি আনিলে দুহাতত ফুলকেইপাহ লৈ নাকৰ ওচৰলৈ আনি দীঘলকৈ দুবাৰমান উশাহ লে মনটো এক পবিত্র সুখানুভূতিৰে ভৰি উঠিল বিশেষ কেতবোৰ গোন্ধ,সুৰ আৰু শব্দই মানুহৰ আবেগৰ পৃথিৱীখন ওলট পালট কৰি দিব পাৰে ঘন্টাৰ পিছত ঘণ্টা নষ্টালজিয়াত ডুবাই ৰাখিবলৈ পাৰে খৰিকাজাঁই ফুলৰ গোন্ধ তাইৰ লগতে বেদান্তৰো বৰ প্রিয় এই গোন্ধই তাইক শৈশৱৰ সোণোৱালী দিনবোৰলৈ - অসমৰ মাকৰ ঘৰখনলৈ লৈ যায় বেদান্তৰো হেনো খৰিকাজাইৰ গোন্ধ পালে নিজৰ গাঁৱৰ পুৰণা ঘৰটোলৈ সি ককাক আৰু আইতাকৰ লগত বহুবোৰ আনন্দৰ মূহূৰ্ত পাৰ কৰিছিলসেই দিনবোৰলৈ মনত পৰে তাইৰ ওপৰত ৰুষ্ট হৈ থকা বেদান্তক এই ফুলকেইপাহ দিব মনতে তাই সিদ্ধান্ত লে বেদান্তই তাইক পত্নী হিচাপে পাই অসুখী হলেও , তাই কিন্তু বেদান্তক লৈয়ে সুখী আৰু জীৱনৰ শেষ মূহূৰ্তলৈকে তাই বেদান্তক সুখী কৰিবলৈ চেষ্টা কৰি যাব

No comments:

Post a Comment