Thursday, 14 July 2016

বুদ্ধৰ কথাৰে

বুদ্ধৰ কথাৰে ......... (1) কিছুমান সম্পৰ্ক বহুদূৰত থাকিলেও, কেতিয়াও নেদেখা হলেও হৃদয়ৰ একেবাৰে অন্তৰংগ কোণত স্থাপিত হয় । কিছুমান সম্পৰ্ক কেতিয়াবা বহুত ওচৰত থাকিলেও হৃদয়ৰ কোনো এটা চুকতো যেন স্থাপন হ’ব নোৱাৰে ! হৃদয় – ইংৰাজীত যাক কয় Heart - কি যে এক আচৰিত ‘বস্তু’ ! অকণমাণি এটি শৰীৰৰ অংগ, যি সদায় ব্যস্ত থাকে শৰীৰৰ প্রতিটো অংগলৈ খাদ্য সৰবৰাহ কৰা – অপ্রয়োজনীয়, অনাৱশ্যক খাদ্য পেলাই দিবলৈ কঢ়িয়াই অনা তেজবোৰক পাম্প কৰি থকাত । মগজুৰ নিৰ্দেশতে সকলো কাম কৰিলেও মগজুতকৈয়ো যেন হাজাৰ গুণে বেছি গুৰুত্বপূৰ্ণ এই হৃদয় । যাৰ হৃদয় মগজুতকৈ বেছি কাৰ্যক্ষম , সেইজনেই যেন জীৱজগতৰ সকলোতকৈ শ্রেষ্ঠ জীৱ ! শৰীৰ বিজ্ঞানত হৃদয় বুলি কলে আমি শৰীৰৰ ভিতৰৰ সেই অকণমাণি অংগটোকে বুজোঁ যদিও – আচলতে মই ক’বলৈ বিচাৰা “হৃদয়” বোলা ‘বস্তু’ টো যেন বহুত বেলেগ । মোৰ বাবে হৃদয়খন অকণমাণি নিৰ্দিষ্ট এটা অংগ নহয় – এইটো এটা নিজৰ কৰ্ম আৰু সদ্দিচ্ছাৰে সৰু ডাঙৰ কৰি ল'ব পৰা আচৰিত অংগ ! এইখিনিতে মই হৃদয়ৰ লগত সম্বন্ধিত বুদ্ধদেৱৰ কাহিনী এটা উল্লেখ কৰিবলৈ লৈছোঁ । এদিন গৌতম বুদ্ধই সোঁ হাতত সৰু পানীৰ পাত্র এটা আৰু বাওঁহাতত এমুঠি নিমখ লৈ শিষ্যসকলৰ ওচৰত উপস্থিত হ’ল। তেওঁ বাওঁহাতত থকা সমস্ত নিমখ সোঁহাতৰ পানীৰ পাত্রত ঢালি ভালদৰে গুলি ল’লে । তাৰ পিছত শিষ্যসকলক সুধিলে : “ মোৰ মৰমৰ ভিক্ষুবৃন্দ, তোমালোকে বাৰু মোৰ হাতত থকা এই নিমখ মিহলোৱা পানীখিনি খাব পাৰিবানে ? খালে কেনে লাগিব বাৰু ?” সকলোৱে একেমুখে উত্তৰ দিলে - : “ তথাগত আমি এই পানী খাবলৈ নোৱাৰোঁ । যদিহে খাওঁ আমাৰ খাদ্যনলী চিঙি অসহণীয় যন্ত্রণা হ’ব।” তেতিয়া বুদ্ধই স্মিত হাঁহি এটা মাৰি ক’লে - : “এই একেমুঠি নিমখ মই যদি এখন নদীৰ পানীত মিলাই দিওঁ, নদীৰ পানী খাব নোৱাৰাকৈ লুণীয়া হৈ পৰিব নেকি ?” সেইবাৰো সকলোৱে একেমুখে উত্তৰ দিলে - : “নহয় তথাগত । নদীৰ পানী এমুঠি নিমখে অলপো লুণীয়া কৰিব নোৱাৰে ।” তেতিয়া গৌতম বুদ্ধই পুনৰ শিষ্যসকলক ক’লে - : “ আমাৰ দুখ-যন্ত্রণাবোৰ এই মুঠি নিমখ আৰু পানীখিনি আমাৰ হৃদয়ৰ লগত তুলনা কৰিব পাৰোঁ । আমাৰ হৃদয়খন যদি নদীৰ দৰে বিশাল হয় – জীৱনত দুখ আৰু যন্ত্রণাবোৰৰ প্রভাব শূণ্য হৈ পৰে । কিন্তু হৃদয়খন ক্ষুদ্র হলে একে সমান পৰিমাণৰ দুখ আৰু যন্ত্রণাই আমাৰ জীৱন ভয়ংকৰ ভাবে গধুৰ কৰি দিয়ে । সেয়ে আহা , আমি দয়া , ক্ষমা, মৰম , ভালপোৱাৰে আমাৰ এই হৃদয়খন বিশাল কৰোঁ । হৃদয় যিমানে বিশাল হ’ব – যন্ত্রণা সিমানে কম হ’ব – আনন্দ সিমানেই বেচি হ’ব !”
বন্ধুসকল , আহকচোন আমিও বুদ্ধই কোৱাৰ দৰেই দয়া , ক্ষমা, মৰম , ভালপোৱাৰে আমাৰ হৃদয়খন বিশাল কৰি যাওঁ । হৃদয়ৰ সেই বিশালতাক নিজেও চুই চাওঁ ! আৰু সকলোবোৰ দুখ যন্ত্রণা , জীৱনৰ তিতা গৰল সামৰি লৈ আনন্দৰ লহৰত নাচি বাগি সকলোকে শান্তি বিলাওঁ ৷
(সকলোলৈকে পবিত্ৰ ঈদৰ শুভকামনা জনালোঁ) — অনুপমা বৰগোঁহাই ( নয়ডা)

No comments:

Post a Comment