Thursday, 21 July 2016

ক'তেনো আছা মোৰ কলিজাৰ আই ... খণ্ড -৬

প্রথম দিনা ৰুলীক অকলে লগ পোৱাৰ স্মৃতি সোঁৱৰণ কৰি তাৰ মুখত এটা মিঠা হাঁহি বাগৰি
মল্লিকাৰ হেপেটাইটিচ- হৈছিল গুৱাহাটীৰ প্রাইভেট হস্পিতেলত ভৰ্ত্তি হৈ আছিল তাই সেই সময়তে তাৰ গুৱাহাটীৰ স্বাস্থ্য শিক্ষা সঞ্চালকালয়ত তাৰ প্রভিজনেল ৰেজিষ্ট্রেচন নম্বৰৰ বাবে যাব লগা হৈছিল অমলে তাক মল্লিকাক লগ ধৰি খা-খবৰ কৰি আহিবলৈ অনুৰোধ কৰিছিল মল্লিকাৰ বান্ধৱী ৰুলীৰ লগত ফোন যোগে ইতিমধ্যে তাৰ বহু কথা হৈছিল এইবাৰ গুৱাহাটীলৈ গলে ৰুলীক লগ ধৰাৰ প্রতিশ্রুতিও দিছিল অফিচত তাৰ কাম দুপৰীয়াহে সেয়ে সি ৰাতিপুৱাই মল্লিকাৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লে নৈশ বাচত পিন্ধা জধলা সাজটোৰে সি গৈ হস্পিটেল পালেগৈ হাতত আপেল আৰু বিস্কুটৰ টোপোলালৈ মল্লিকাৰ ৰুমত টোকৰ মাৰোতে দুৱাৰ খুলি দিয়া ছোৱালীজনী দেখি সি থতমত খাই হস্পিটেলত ৰাতিপুৱাই ইমান ধুনীয়াকে সাজি কাচি থকা ছোৱালী এইজনী কোন বাৰু ? দুদিন বেমাৰতে শুকাই হাড় চাল ওলোৱা মল্লিকাই তাক দেখি দুৰ্বল হাঁহি এটা মাৰি লে
: “
শ্যাম দা, আপুনি মোক লগ ধৰিবলৈ আহিব বুলি অমলে কোৱাত ৰুলী মোৰ ওচৰৰ পৰা নোযোৱাই জানে ?”
ৰুলীএইজনীয়েই ৰুলী ! ইমান দিনে যাৰ লগত ফোনত কথা পাতি সি আপোন পাহৰা হৈ বেলেগ এখন পৃথিৱীলৈ যাবৰ উদ্যত হৈছিল , সেইজনী ছোৱালীৰ লগত এইজনী ছোৱালীৰ যেন আকাশ পাতাল পাৰ্থক্য ! ইমান ধুনীয়া ছোৱালীজনীয়ে নিজক কিয় এনেদৰে প্রসাধনৰ প্রলেপত ডুৱাই পেলাইছে তাৰ চিন্তাবোৰত যতি পেলাই মল্লিকাই পুনৰ লে -
: “
শ্যামদা , কোনখন পৃথিৱীলৈ গলাগৈ? কথা পাতা আকৌ ৰুলীৰ লগত! তাই তোমাৰ বাবেই ৰাতিপুৱাৰ পৰা সাজি কাচি পোৱা নাই
: “
ধ্যেৎ এইজনী কি কথা কয় !” – শ্যামে ৰুলীৰ মুখত তাৰ চিৰপৰিচিত মাতটো শুনি সকলো পাহৰি পেলালে এৰা তাৰ কাৰণেই এজনী ধুনীয়া ছোৱালীয়ে নিজকে সজাইছে ! আস কি যে মন পুলকিত কৰা অনুভৱ তাৰ বাবে কেৱল তাৰবাবে কৰবাত এটা জোন ওলাইছে , মাধৈ মালতী ফুলিছে , এজাক মিঠা দে ধুনীয়া কোমল ঘাঁহনিত লুকা ভাকু খেলিছে …. 
ৰুলীৰ লগত প্রথম কি কথা পাতিছিল বাৰু সি ! ভাবিলে সি মল্লিকাৰ বিচনাখনৰ তলৰ পৰা ৰিপৰ্ট লিখা ফাইলটো উলিয়াই পঢ়ি সি কৈছিল
: “ AST, ALT
বহুত বেচি আছে থাকিব লাগে বত্রিশ আছে চাৰি হাজাৰ !”-ৰুলীয়ে মন্ত্রমুদ্ধ হৈ তাৰ মুখলৈ চাই থাকিল ! সি আকৌ লে -
: “Interferon Alpha
দিব লাগিব ...Tenofovir দিব লাগিব
শ্যামে নিজৰ অসহজবোধ ঢাকিবৰ বাবে দৰব আৰু বেমাৰৰ কথাই কৈ থাকিলহেঁতেন কিন্তু মল্লিকাই তাক বাধা দি পুনৰ তাইৰ দুৰ্বল মাতটোৰে লে -
: “
শ্যাম দাদা , তুমি এতিয়া ডাক্তৰি কথা বাদ দি বেলেগ কথা পাতাচোন !” 
সঁচাকৈ মল্লিকা ছোৱালীজনী বৰ ভাল ছোৱালী প্রতিটো মূহূৰ্ততে তাই লোকৰ ভাল হোৱাটো চিন্তা কৰে মল্লিকাৰ লগত কিছু সময় কটোৱাৰ পিছত সি স্বাস্থ্য সঞ্চকালয়লৈ ওলাই ৰুলীক আৰু কিছু সময় লগ পোৱা হেঁপাহ মনতে লুকুৱাই সি গুচি গৈছিল পিছ দিনা ৰাতিপুৱাই সি ৰুলীৰ ফোন পাইছিল তাৰদৰেই অৱস্থা হৈছিল তাইৰ দুয়োটাই তেতিয়াই লগ ধৰাৰ সিধান্ত লৈছিল সি অটএখন ভাড়া কৰি তাইৰ হোষ্টেল ওলাইছিলগৈ ফুট ফুটিয়া ধুনীয়া ফুল থকা ফ্রক পিন্ধা ৰুলীজনীক দেখি তাৰ আকৌ খেলি মেলি লাগি গৈছিল একেজনী ছোৱালীৰ কিমান যে বেলেগ বেলেগ ৰূপ ! চিট পখিলীৰ দৰে নাচি থকা ৰুলীজনীক দেখি সি বিমোহিত হৈ পৰিছিল ! অলপ দূৰ লক্ষবিহীন ভাবে খোজ কঢ়াৰ পিছত সিহঁত এখন চিটি বাচত উঠি পৰিছিল অনৰ্গল কথা কৈ গৈছিল ৰুলীয়ে তাইৰ কথাই তাৰ কাণত মৌ বৰষিছিল কথা কৈ থাকোঁতেই ৰুলীয়ে তাৰ হাতখন খামুচ মাৰি ধৰিছিল মিডাচৰ স্পৰ্শৰ দৰেই তাইৰ হাতৰ স্পৰ্শই তাৰ তন মন হিয়া সোণসেৰীয়া কৰি তুলিছিল অদ্ভূদ এক পুলক আৰু শিহৰণত তাৰ হিয়া দ্রুতভাবে কঁপিছিল !তাৰ এইখন হাতেৰে কত ছোৱালীৰ হাত স্পৰ্শ কৰিছে শৰীৰ স্পৰ্শ কৰিছে কিন্তু তাৰটো একোৱে অনুভৱ নহৈছিল সকলো ছোৱালীকে সি মাথো ৰোগী হিচাপেহে স্পৰ্শ কৰিছিল ৰোগীক সি কেৱল ৰোগী হিচাপেহে জানে ছোৱালী , লৰা , ডেকা, বুঢ়া - একো বুলিয়ে নাভাবে ৰুলীৰ মধুৰ কলকলনি আৰু স্পৰ্শত সি সপ্তম স্বৰ্গত উঠি থকা যেন পাইছিল সি সকলো পাহৰি গৈছিল নহলেনো পকেটৰ পৰা যে তাৰ পইচাৰ বেগতো পৰি গৈছিল সেয়াও সি গম নাপায় নে ! হাতত ধৰিয়েই দুয়োটা নামি আহিছিল বাচৰ পৰানতুনকৈ খোলা KFC খনত সোমাবলৈ ওপৰৰ মহলাত থকা KFC খনৰ খট খটিৰ চিৰিকেইটাত উঠি যাওঁতে ৰুলীয়ে তাৰ মুখা মুখি হৈ হাতত ধৰি চিৰিকেইটা নোচোৱাকৈয়ে পাছলৈ ভৰি দি আগুৱাই গৈছিল তাৰ মন ভৰি উঠিছিল ইমান বেছি ভালপায় তাইক এই ছোৱালীজনীয়ে এটা পলৰ বাবেও তাক তাৰ চকুৰ আগৰ পৰা আঁতৰ কৰিব বিচৰা নাছিল KFC থকা সকলো মানুহৰ দৃষ্টি সিহঁতৰ ওপৰত আছিল তাৰ অলপ লাজ লাগিছিল কিন্তু ৰুলীয়ে অলপো সংকোচ কৰা নাছিল গোটেই পৃথিৱীখনকে যেন তাই প্রত্যাহ্বান জনাব খুজিছিল চোৱা চোৱা এইজন যুৱকশ্যাম মোৰ- মাথো মোৰ !!
কিন্তু সেই সময়তে অঘটনটো ঘটিছিল KFC বিভিন্ন খোৱা বস্তুৰ অৰ্ডাৰ দি পইচা দিবলৈ পকেটত হাত ভৰাইহে তাৰ সম্ভিত আহিল তাৰ পইচাৰ বেগটো হেৰাল হাতত তাৰ এটাও পইচা নাইনিজৰ আই কাৰ্ড , ডেবিট কাৰ্ড, পেন কাৰ্ড সকলো তাৰ পইচাৰ বেগটোতে আছিল কি কৰিব সি এতিয়া ? ৰুলী অপ্রকৃতিস্থ হৈ পৰিছিল তাইৰ চিট পখিলী ৰূপটো হেৰুৱাই উদ্ধাউল শুকান ফাগুনৰ বতাহ এজাক হৈ পৰিছিল চকুপানীৰে দুগাল দিয়াই তাই সকলোতে তাৰ পইচাৰ বেগটো বিচাৰি ফুৰিছিল বাচৰ পৰা নমা স্থানটো ব্যাকুল হৈ তাৰ বেগ বিচাৰিবলৈ ধৰিলে শ্যামৰ মনত সেই সময়ত মাথো চিন্তা হৈছিল বেংকলৈ ফোন কৰিব লাগিব তাৰ মা- মণিৰ কাৰ্ডখনো তাৰ লগত আছিল সেইখন হেৰুৱালে আতাকে মাকক মানে মা-মণিক আকৌ অনৰ্থক গালি পাৰিব সি শান্ত হৈ কথাবোৰ চিন্তা কৰিছিল তাক শান্ত হৈ থকা দেখি ৰুলী আৰু অশান্ত হৈ পৰিছিল তাই হনুমান চালিছা গাবলৈ ধৰিছিল মুখেৰে বিৰবিৰ কৰি হনুমান চালিছা গাইছিল আৰু তাক কৈছিল

No comments:

Post a Comment