এখন কেনভাচ অজন্তাৰ …..
প্রথমবাৰ গৰ্ভধাৰণ কৰোঁতে অজন্তা এজনী পাটমাদৈ হৈ পৰিছিল । এজনী ‘আগলি ডাকলিং’ হঠাৎ যেন এক ৰূপহ কোঁৱৰৰ যাদুদণ্ডৰ পৰশত সপোন কুঁৱৰী পাটমাদৈ হৈ পৰিছিল ! ৰূপহ কোঁৱৰ – অজন্তাৰ হাঁহি উঠে । নাই ৰূপহ কোঁৱৰৰ তাইৰ প্রতি কোনো প্রেম ,অনুৰাগ নাই । ৰূপহ কোঁৱৰৰ যাদুদণ্ড ডালৰ স্পৰ্শৰ প্রভাৱ আছিল অতি ক্ষন্তেকীয়া! মাত্র দুটা মাহ – দুটা মাহতে যাদুদণ্ডৰ অলৌকিক পৰশ ভয়ংকাৰ ভাবে বিষাদময় হৈ পৰিছিল । তেজৰ চেকুৰা হৈ টোপা টোপে খহি পৰিছিল তাইৰ সপোন কুঁৱৰী , পাটমাদৈৰ ৰূপ !!
ইমান সোনকালে মাক হ’বলৈ তাইৰ ইচ্ছা নাছিল । কিন্তু তাই অনুজিতক এই ইচ্ছাৰ কথা ক’ব নোৱাৰিলে । এই কথা কোৱা হ’লে অনুজিতে হয়তো তাইক নিজৰ জীৱনৰ পৰাই বিদায় দিলেহেঁতেন ! কিনো জীৱন এটা তাই যাপন কৰি আছে ! তথাপিও ইমান যে মোহ জীৱনটোলৈ তাইৰ ! বিয়াৰ আগতে লুকাই চুৰকৈ হেমন্তৰ লগত পাৰ্কলৈ যোৱা , চিনেমা চোৱা আৰু এদিন তাৰ ভাৰাঘৰটোলৈ গৈ নিজৰ ছোৱালী জীৱনৰ অমূল্য সম্পদটো হেৰুৱাই থৈ অহা দিনবোৰেই যেন তাইৰ বাবে বেচি ভাল আছিল ! তাইৰ ঔৰষত হেমন্তৰ প্রেমৰ অংকুৰ এটি বাঢ়ি আহিছিল । ঠিক সেই সময়তে প্রতিপত্তিশালী সুন্দৰ যুৱক অনুজিতৰ ঘৰৰ পৰা বিয়াৰ প্রস্তাৱ পাই তাই আনন্দত অধীৰ হৈ পৰিছিল । কি কৰিব তাই সামান্য জুনিয়ৰ ইঞ্জীনিয়াৰ হেমন্ত কলিতাৰ লগত বিয়া হৈ !! ক’ৰ পুৰণা চুইফ্ট ডিজায়াৰ আৰু ক’ৰ বি এম ডাব্লু ডি !!হেমন্তক নজনোৱাকৈয়ে লগৰ পলী আৰু চুইটিক লৈ তাই মেডিকেল কলেজখনলৈ গৈ নিজকে মুক্ত কৰি আহিছিল । উস সিদিনা তাইৰ কিমান যে খং উঠিছিল – ইণ্টাৰ্নশ্বিপ কৰি থকা সেই অভং ডাক্তৰটোলৈ । তাইক সি নৈতিকতাৰ জ্ঞান দিবলৈ গৈছিল – প্রটকলৰ কথা কৈছিল । এতিয়া ভাবিলে তাইৰ খং নুঠে । নিজৰ ওপৰতে পুতৌ জন্মে । সেই অভং ডাক্টৰ শ্যামক যে বিয়াৰ পিছত অনুজিতৰ সম্পৰ্কীয় হিচাপে পাব – সেই কথা তাই সপোনতো ভবা নাছিল ! কিমান যে ভাল লৰাটো – এবাৰলৈও সি তাইৰ পুৰণা কথাবোৰ নুলিয়ালে । যেন সি সকলো পাহৰি গ’ল !
সিদিনা তাই মেডিকেলৰ এফ /পি ৱাৰ্ডৰ পৰা মুক্ত মনে পলী আৰু চুইটিৰ লগত হাঁহি হাঁহি ওলাই আহিছিল । বিষ আছিল – ৰক্তক্ষৰণো বহুত হৈছিল । কিন্তু তথাপিও মনটো একেবাৰে পাতল হৈ পৰিছিল । তাইৰ শৰীৰৰ পৰা কাটি চিঙি ডাষ্টবিনত পেলাই দিয়া সেই ক্ষুদ্র প্রাণটোৰ কথা ভাবি তাইৰ অলপো দুখ লগা নাছিল । কিন্তু প্রথমবাৰ অনুজিতৰ লগত চহৰৰ সবাটোতকৈ দামী নাৰ্চিংহোমখনৰ সেই বিশেষ ৰূমটোৰ পৰা ওলাই আহোঁতে শৰীৰৰ বিষ আৰু ৰক্তক্ষৰণতকৈ মনৰ বিষ আৰু অনুতাপৰ ক্ষৰণ বেচি হৈছিল । সেই বিয়াৰ আগতে তাই মাৰি কাটি দেহৰ পৰা বাহিৰ কৰা প্রাণটোতকৈও ক্ষুদ্র এটা প্রাণৰ ইমান যে শক্তি থাকিব পাৰে – তাই ভবাই নাছিল ! অনুজিতে তাইক সন্দেহ কৰিছিল – ঘৃণা কৰিছিল । আস কি যে এটা দিন আছিল সেইয়া ! অনুজিতে মাতবোল নকৰাকৈ সিহঁতৰ এপাৰ্টমেণ্টৰ লিফ্টৰ দুৱাৰ মুখৰ ওচৰত তাইক এৰি থৈ গৈছিল । সেইবাৰ তাইৰ হেনো জাৰ্মান মিজলচ হৈছিল । ৰক্তক্ষৰণ ভালদৰে শেষ হবলৈ নাপাওঁতেই অনুজিতে তাইক চহৰখনলৈ নতুনকৈ অহা স্ত্রী ৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ লৈ গৈছিল । সেইবাৰ ডাক্টৰে তাইৰ শৰীৰৰ ওপৰত কেইবাটাও পৰীক্ষা নিৰীক্ষা চলাই গম পালে যে তাইৰ কিবা TORCH ( Toxo plasma Rubella CMV Harpes/Hepatitis ) নামৰ ইনফেকছন এটা হৈছে । ভাল হ’বলৈ কিছু সময় লাগিব বুলি ডাক্তৰে ক’বলৈহে পালে –অনুজিতে তাইক পুনৰ বেলেগ এজন ডাক্টৰৰ ওচৰলৈ নিলে । ডা: মিহিৰ দত্ত । এইজন ডাক্তৰে হাজাৰ হাজাৰ নিঃসন্তান দম্পত্তিৰ শূণ্য কোলা ভৰাই দিছে । ডাক্তৰ নহয় -ভগৱান এইজন ! অজন্তাৰ মন বোলা বস্তুটো সৰুৰে পৰা প্রায় নথকাৰ দৰেই । কেৱল শৰীৰ সৰ্বস্ব তাইৰ মন । গতিকে সেই শৰীৰটোক অনুজিতৰ অনুৰাগহীন কামনাৰ বলি হ’বলৈ সজাই পৰাই দিওঁতে বা ডাক্টৰৰ পৰীক্ষা নিৰীক্ষাৰ বাবে গিনিপিগৰ দৰে আগবঢ়াই দিওঁতেও অলপো বেজাৰ হোৱা নাছিল । বেজাৰ লাগে তাইৰ সমবয়সী বা চিনাকি কোনোবা মহিলা মাক হৈছে বুলি গম পালে বা দেখিলে । নিজৰ শিশু সন্তানক লৈ গৌৰৱেৰে ইফালে সিফালে যোৱা মাকবোৰক দেখিলে তাইৰ বুকুৰ ভিতৰত এটা অংশ ভমভমাই জ্বলি উঠে ! ডা: মিহিৰ দত্তই প্রথম সাক্ষাৎকাৰৰ দিনাই মৰম আৰু আস্থাৰে তাইৰ বুকুৰ ভিতৰৰ জ্বলি যোৱা অংশবোৰত শীতল মলম লগাই দিছিল । অনুজিতো সুখী হৈছিল । নিজৰ সমস্ত ধন দৌলত ডা: মিহিৰ দত্তক দিবলৈ সি সাজু হৈছিল ।
: “চাৰ , আমাক সোনকালে এটি সন্তান লাগে । আপুনি হাজাৰ হাজাৰ মানুহৰ আশা পুৰণ কৰিছে । আমাৰ আশাও পুৰণ কৰিব লাগিব ।”- অনুজিতে কিছু দাবীৰ সুৰতে ডাক্তৰক অনুৰোধ কৰিছিল । নিতৌ কতজন নিঃসন্তান দম্পত্তিৰ দুখ , সুখ,আশা নিৰাশা, হাঁহি আৰু হুমুনিয়াহৰ লগত মুখামুখি হয় ডা: মিহিৰ দত্ত । মুখ মেলিলেই এগৰাকী সন্তানকাংখী পুৰুষ বা মহিলাৰ ভিতৰৰ আকাংক্ষাৰ পৰিমাণ তেওঁ বুজি পায় । এইহাল দম্পত্তিৰ মহিলা গৰাকীতকৈ পুৰুষজনৰহে যে সন্তানৰ প্রতি তীব্র আকাংক্ষা সেয়া বুজি পাবলৈ অলপ সময়ো লগা নাছিল তেখেতৰ । নিজ তেজ মঙহৰ এটি সন্তান – নিজৰ অস্তিত্ব এই পৃথিৱীত সগৌৰৱে এৰি থৈ যাবৰ বাবে পৃথিৱীৰ সকলো মানুহ কি যে ব্যাকুল ! সেই ব্যাকুলতাৰে সুবিধা লৈ মিহিৰ দত্তৰ দৰে হাজাৰ হাজাৰ চিকিৎসকে নিজৰ জীৱন ব্যতিত কৰিছে । এনে বহু চিকিৎসকৰ পাৰ্থিব জীৱন ধন দৌলতেৰে ভৰি পৰিছে । নিঃসন্তান দম্পত্তিৰ কোলালৈ কেঁচুৱা আহক বা নাহক চিকিৎসকৰ পেৰালৈ কিন্তু টকা আহিবই । কেঁচুৱা হলে মৰম আৰু ভক্তিৰ সহিত টকা আহে আৰু কেঁচুৱা নহলে গালি আৰু বিতৃষ্ণাৰ সৈতে টকা আহে । আজিকালি ডা: মিহিৰ দত্ত নিৰ্বিকাৰ হৈ পৰিছে । ভক্তি আৰু গালি – একোৱেই তেওঁক স্পৰ্শ কৰিব নোৱাৰে । তেওঁ কেৱল মাত্র নিজৰ প্রাপ্য টকাখিনি আৰু ৰোগীৰ চিকিৎসাৰ জৰিয়তে আহৰণ কৰা অভিজ্ঞতাখিনিকহে গুৰুত্ব দিয়ে । মানুহৰ শৰীৰটো কিমান যে বিচিত্র – বিশেষকৈ মহিলাৰ শৰীৰত কিমান যে জটিলতা আৰু বিস্ময় আছে –সেয়া চিকিৎসা শাস্ত্র নপঢ়া মানুহে বুজি পাবলৈ কঠিণ । এজন পুৰুষতকৈ এগৰাকী মহিলাৰ গৰ্ভধাৰণত জটিলতা বা বাধা থকাৰ সম্ভাবনা অধিক । সকলোবোৰ জটিলতা ধৰা পেলোৱাটোও বৰ সহজ কাম নহয় । তথাপিও সৃষ্টিৰ প্রতিবদ্ধতাক বিজ্ঞানে প্রত্যাহ্বান জনাই আহিছে ।
ডা: মিহিৰ দত্তৰ পৰা অজন্তাই গম পাইছিল তাইৰ TORCH নামৰ ইনফেকছনটো ভাল হৈছিল যদিও PCOD (Polycystic Ovarian Disease ) নামৰ অন্য এটা আহুকালে দেখা দিছিল । তাইৰ অভাৰিত অলপ চৰ্বিও জমা হৈছিল । ডাক্তৰে ওজন অলপ কমাবলৈ কোৱাৰ পিছদিনাই অনুজিতে তাইক ৰাতিপুৱা পাঁচবজাতে জগাই ৰাস্তাত খোজ কাঢ়িবলৈ পঠিয়াব ল’লে । সম্পূৰ্ণ এক ঘণ্টা খৰকৈ ঘাই ৰাস্তাত অকলে খোজ কাঢ়িবলৈ তাইৰ অলপ বেয়া্ লাগে । অনুজিতক সেই কথা ক’বলৈহে পালে – সি তাইক চুইহে নিকিলালে । লগতে সি তাইক এই বুলিও হুমকি দিলে –
: “ এইবাৰ যদি কিবা গণ্ডগোল হয় আৰু মোক এটা বাচ্চা দিব নোৱাৰা– তেনে তোমাক মই একেবাৰে মাৰৰ ঘৰলৈ পঠিয়াই দিম !”
মাকৰ ঘৰলৈ কেইদিন মানৰ কাৰণে যাবলৈ সকলো বিয়া দিয়া ছোৱালীয়ে ভাল পায় – কিন্তু চিৰদিনৰ বাবে যাবলৈ কোনো বিয়া দিয়া ছোৱালীয়ে ভাল নাপায় । অজন্তাই চিৰদিনৰ বাবে দূৰৰ কথা কেইটামান দিনৰ বাবেও মাকৰ ঘৰলৈ যাবলৈ ভাল নাপায় । গাঁৱৰ লেতেৰা পেতেৰা ঘৰ এখন – তিনিজনী বিয়া নোহোৱা ভনীয়েক । বেমাৰী মাক- দেউতাক হাললৈও তাইৰ কোনো আবেগ-অনুভূতি নাই । অনুজিতে কেৱল তাইৰ ৰূপ যৌৱন দেখি আৰু কোষ্ঠি কুণ্ডলি আদি মিলাৰ বাবেহে বিয়া পাতিছিল । শহুৰেকৰ ঘৰলৈ সি কেৱল আঠমঙলাৰ দিনতেই যি গৈছিল । তাৰ পিছত এদিনো যোৱা নাই । অজন্তায়ো “মাৰ ঘৰলৈ যাওঁ” বুলি আনবোৰ মাইকী মানুহৰ নিচিনাকৈ পেন পেন কৰি নথকাৰ বাবে অনুজিতে ভালেই পাইছিল । অজন্তাৰ ভনীয়েক কেইজনী তাইৰ দৰে ধুনীয়া নহয় । কিন্তু পঢ়া শুনাত অজন্তাতকৈ ভাল । অজন্তাই নামতহে পঢ়া-শুনা কৰিছিল । কিতাপ বুলি কলেই তাইৰ গাতো বিচাই ডকাৰ দৰে লাগে । কোনোমতে চুচৰি বাগৰি বি. এ পাছ কৰিলে । ভাগ্যে বি এ পৰীক্ষা দি উঠিয়েই তাইৰ বিয়া হ’ল । নহলে হয়তো দেউতাকে তাইক এম এ পঢ়িবলৈ পঠিয়ালেহেঁতেন । তাইৰ মতে বি এ, এম এ- এই ডিগ্রীবোৰ ছোৱালীবোৰৰ ‘বিয়াৰ বজাৰত বিক্রি'ৰ বাবে এটা অন্যতম অৰ্হতা । তাইৰ ভনীয়েক কেইজনীৰ দৃষ্টি ভংগী কিন্তু তাইৰ দৰে নহয় । সেয়ে তাই ভাল নাপায় ভনীয়েক কেইজনীক । ডাঙৰ ভনীয়েক জনীয়ে বি এ পাছ কৰি চাকৰি এটাত সোমাইছে আৰু লগতে কোনোবা এখন মুক্ত বিশ্ব বিদ্যালয়ৰ পৰা এম এ ডিগ্রী ল’বৰ বাবেও পঢ়া শুনা কৰি আছে । তাই ভনীয়েকক কৈছিল –প্রথমবাৰ গৰ্ভধাৰণ কৰোঁতে অজন্তা এজনী পাটমাদৈ হৈ পৰিছিল । এজনী ‘আগলি ডাকলিং’ হঠাৎ যেন এক ৰূপহ কোঁৱৰৰ যাদুদণ্ডৰ পৰশত সপোন কুঁৱৰী পাটমাদৈ হৈ পৰিছিল ! ৰূপহ কোঁৱৰ – অজন্তাৰ হাঁহি উঠে । নাই ৰূপহ কোঁৱৰৰ তাইৰ প্রতি কোনো প্রেম ,অনুৰাগ নাই । ৰূপহ কোঁৱৰৰ যাদুদণ্ড ডালৰ স্পৰ্শৰ প্রভাৱ আছিল অতি ক্ষন্তেকীয়া! মাত্র দুটা মাহ – দুটা মাহতে যাদুদণ্ডৰ অলৌকিক পৰশ ভয়ংকাৰ ভাবে বিষাদময় হৈ পৰিছিল । তেজৰ চেকুৰা হৈ টোপা টোপে খহি পৰিছিল তাইৰ সপোন কুঁৱৰী , পাটমাদৈৰ ৰূপ !!
ইমান সোনকালে মাক হ’বলৈ তাইৰ ইচ্ছা নাছিল । কিন্তু তাই অনুজিতক এই ইচ্ছাৰ কথা ক’ব নোৱাৰিলে । এই কথা কোৱা হ’লে অনুজিতে হয়তো তাইক নিজৰ জীৱনৰ পৰাই বিদায় দিলেহেঁতেন ! কিনো জীৱন এটা তাই যাপন কৰি আছে ! তথাপিও ইমান যে মোহ জীৱনটোলৈ তাইৰ ! বিয়াৰ আগতে লুকাই চুৰকৈ হেমন্তৰ লগত পাৰ্কলৈ যোৱা , চিনেমা চোৱা আৰু এদিন তাৰ ভাৰাঘৰটোলৈ গৈ নিজৰ ছোৱালী জীৱনৰ অমূল্য সম্পদটো হেৰুৱাই থৈ অহা দিনবোৰেই যেন তাইৰ বাবে বেচি ভাল আছিল ! তাইৰ ঔৰষত হেমন্তৰ প্রেমৰ অংকুৰ এটি বাঢ়ি আহিছিল । ঠিক সেই সময়তে প্রতিপত্তিশালী সুন্দৰ যুৱক অনুজিতৰ ঘৰৰ পৰা বিয়াৰ প্রস্তাৱ পাই তাই আনন্দত অধীৰ হৈ পৰিছিল । কি কৰিব তাই সামান্য জুনিয়ৰ ইঞ্জীনিয়াৰ হেমন্ত কলিতাৰ লগত বিয়া হৈ !! ক’ৰ পুৰণা চুইফ্ট ডিজায়াৰ আৰু ক’ৰ বি এম ডাব্লু ডি !!হেমন্তক নজনোৱাকৈয়ে লগৰ পলী আৰু চুইটিক লৈ তাই মেডিকেল কলেজখনলৈ গৈ নিজকে মুক্ত কৰি আহিছিল । উস সিদিনা তাইৰ কিমান যে খং উঠিছিল – ইণ্টাৰ্নশ্বিপ কৰি থকা সেই অভং ডাক্তৰটোলৈ । তাইক সি নৈতিকতাৰ জ্ঞান দিবলৈ গৈছিল – প্রটকলৰ কথা কৈছিল । এতিয়া ভাবিলে তাইৰ খং নুঠে । নিজৰ ওপৰতে পুতৌ জন্মে । সেই অভং ডাক্টৰ শ্যামক যে বিয়াৰ পিছত অনুজিতৰ সম্পৰ্কীয় হিচাপে পাব – সেই কথা তাই সপোনতো ভবা নাছিল ! কিমান যে ভাল লৰাটো – এবাৰলৈও সি তাইৰ পুৰণা কথাবোৰ নুলিয়ালে । যেন সি সকলো পাহৰি গ’ল !
সিদিনা তাই মেডিকেলৰ এফ /পি ৱাৰ্ডৰ পৰা মুক্ত মনে পলী আৰু চুইটিৰ লগত হাঁহি হাঁহি ওলাই আহিছিল । বিষ আছিল – ৰক্তক্ষৰণো বহুত হৈছিল । কিন্তু তথাপিও মনটো একেবাৰে পাতল হৈ পৰিছিল । তাইৰ শৰীৰৰ পৰা কাটি চিঙি ডাষ্টবিনত পেলাই দিয়া সেই ক্ষুদ্র প্রাণটোৰ কথা ভাবি তাইৰ অলপো দুখ লগা নাছিল । কিন্তু প্রথমবাৰ অনুজিতৰ লগত চহৰৰ সবাটোতকৈ দামী নাৰ্চিংহোমখনৰ সেই বিশেষ ৰূমটোৰ পৰা ওলাই আহোঁতে শৰীৰৰ বিষ আৰু ৰক্তক্ষৰণতকৈ মনৰ বিষ আৰু অনুতাপৰ ক্ষৰণ বেচি হৈছিল । সেই বিয়াৰ আগতে তাই মাৰি কাটি দেহৰ পৰা বাহিৰ কৰা প্রাণটোতকৈও ক্ষুদ্র এটা প্রাণৰ ইমান যে শক্তি থাকিব পাৰে – তাই ভবাই নাছিল ! অনুজিতে তাইক সন্দেহ কৰিছিল – ঘৃণা কৰিছিল । আস কি যে এটা দিন আছিল সেইয়া ! অনুজিতে মাতবোল নকৰাকৈ সিহঁতৰ এপাৰ্টমেণ্টৰ লিফ্টৰ দুৱাৰ মুখৰ ওচৰত তাইক এৰি থৈ গৈছিল । সেইবাৰ তাইৰ হেনো জাৰ্মান মিজলচ হৈছিল । ৰক্তক্ষৰণ ভালদৰে শেষ হবলৈ নাপাওঁতেই অনুজিতে তাইক চহৰখনলৈ নতুনকৈ অহা স্ত্রী ৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ লৈ গৈছিল । সেইবাৰ ডাক্টৰে তাইৰ শৰীৰৰ ওপৰত কেইবাটাও পৰীক্ষা নিৰীক্ষা চলাই গম পালে যে তাইৰ কিবা TORCH ( Toxo plasma Rubella CMV Harpes/Hepatitis ) নামৰ ইনফেকছন এটা হৈছে । ভাল হ’বলৈ কিছু সময় লাগিব বুলি ডাক্তৰে ক’বলৈহে পালে –অনুজিতে তাইক পুনৰ বেলেগ এজন ডাক্টৰৰ ওচৰলৈ নিলে । ডা: মিহিৰ দত্ত । এইজন ডাক্তৰে হাজাৰ হাজাৰ নিঃসন্তান দম্পত্তিৰ শূণ্য কোলা ভৰাই দিছে । ডাক্তৰ নহয় -ভগৱান এইজন ! অজন্তাৰ মন বোলা বস্তুটো সৰুৰে পৰা প্রায় নথকাৰ দৰেই । কেৱল শৰীৰ সৰ্বস্ব তাইৰ মন । গতিকে সেই শৰীৰটোক অনুজিতৰ অনুৰাগহীন কামনাৰ বলি হ’বলৈ সজাই পৰাই দিওঁতে বা ডাক্টৰৰ পৰীক্ষা নিৰীক্ষাৰ বাবে গিনিপিগৰ দৰে আগবঢ়াই দিওঁতেও অলপো বেজাৰ হোৱা নাছিল । বেজাৰ লাগে তাইৰ সমবয়সী বা চিনাকি কোনোবা মহিলা মাক হৈছে বুলি গম পালে বা দেখিলে । নিজৰ শিশু সন্তানক লৈ গৌৰৱেৰে ইফালে সিফালে যোৱা মাকবোৰক দেখিলে তাইৰ বুকুৰ ভিতৰত এটা অংশ ভমভমাই জ্বলি উঠে ! ডা: মিহিৰ দত্তই প্রথম সাক্ষাৎকাৰৰ দিনাই মৰম আৰু আস্থাৰে তাইৰ বুকুৰ ভিতৰৰ জ্বলি যোৱা অংশবোৰত শীতল মলম লগাই দিছিল । অনুজিতো সুখী হৈছিল । নিজৰ সমস্ত ধন দৌলত ডা: মিহিৰ দত্তক দিবলৈ সি সাজু হৈছিল ।
: “চাৰ , আমাক সোনকালে এটি সন্তান লাগে । আপুনি হাজাৰ হাজাৰ মানুহৰ আশা পুৰণ কৰিছে । আমাৰ আশাও পুৰণ কৰিব লাগিব ।”- অনুজিতে কিছু দাবীৰ সুৰতে ডাক্তৰক অনুৰোধ কৰিছিল । নিতৌ কতজন নিঃসন্তান দম্পত্তিৰ দুখ , সুখ,আশা নিৰাশা, হাঁহি আৰু হুমুনিয়াহৰ লগত মুখামুখি হয় ডা: মিহিৰ দত্ত । মুখ মেলিলেই এগৰাকী সন্তানকাংখী পুৰুষ বা মহিলাৰ ভিতৰৰ আকাংক্ষাৰ পৰিমাণ তেওঁ বুজি পায় । এইহাল দম্পত্তিৰ মহিলা গৰাকীতকৈ পুৰুষজনৰহে যে সন্তানৰ প্রতি তীব্র আকাংক্ষা সেয়া বুজি পাবলৈ অলপ সময়ো লগা নাছিল তেখেতৰ । নিজ তেজ মঙহৰ এটি সন্তান – নিজৰ অস্তিত্ব এই পৃথিৱীত সগৌৰৱে এৰি থৈ যাবৰ বাবে পৃথিৱীৰ সকলো মানুহ কি যে ব্যাকুল ! সেই ব্যাকুলতাৰে সুবিধা লৈ মিহিৰ দত্তৰ দৰে হাজাৰ হাজাৰ চিকিৎসকে নিজৰ জীৱন ব্যতিত কৰিছে । এনে বহু চিকিৎসকৰ পাৰ্থিব জীৱন ধন দৌলতেৰে ভৰি পৰিছে । নিঃসন্তান দম্পত্তিৰ কোলালৈ কেঁচুৱা আহক বা নাহক চিকিৎসকৰ পেৰালৈ কিন্তু টকা আহিবই । কেঁচুৱা হলে মৰম আৰু ভক্তিৰ সহিত টকা আহে আৰু কেঁচুৱা নহলে গালি আৰু বিতৃষ্ণাৰ সৈতে টকা আহে । আজিকালি ডা: মিহিৰ দত্ত নিৰ্বিকাৰ হৈ পৰিছে । ভক্তি আৰু গালি – একোৱেই তেওঁক স্পৰ্শ কৰিব নোৱাৰে । তেওঁ কেৱল মাত্র নিজৰ প্রাপ্য টকাখিনি আৰু ৰোগীৰ চিকিৎসাৰ জৰিয়তে আহৰণ কৰা অভিজ্ঞতাখিনিকহে গুৰুত্ব দিয়ে । মানুহৰ শৰীৰটো কিমান যে বিচিত্র – বিশেষকৈ মহিলাৰ শৰীৰত কিমান যে জটিলতা আৰু বিস্ময় আছে –সেয়া চিকিৎসা শাস্ত্র নপঢ়া মানুহে বুজি পাবলৈ কঠিণ । এজন পুৰুষতকৈ এগৰাকী মহিলাৰ গৰ্ভধাৰণত জটিলতা বা বাধা থকাৰ সম্ভাবনা অধিক । সকলোবোৰ জটিলতা ধৰা পেলোৱাটোও বৰ সহজ কাম নহয় । তথাপিও সৃষ্টিৰ প্রতিবদ্ধতাক বিজ্ঞানে প্রত্যাহ্বান জনাই আহিছে ।
ডা: মিহিৰ দত্তৰ পৰা অজন্তাই গম পাইছিল তাইৰ TORCH নামৰ ইনফেকছনটো ভাল হৈছিল যদিও PCOD (Polycystic Ovarian Disease ) নামৰ অন্য এটা আহুকালে দেখা দিছিল । তাইৰ অভাৰিত অলপ চৰ্বিও জমা হৈছিল । ডাক্তৰে ওজন অলপ কমাবলৈ কোৱাৰ পিছদিনাই অনুজিতে তাইক ৰাতিপুৱা পাঁচবজাতে জগাই ৰাস্তাত খোজ কাঢ়িবলৈ পঠিয়াব ল’লে । সম্পূৰ্ণ এক ঘণ্টা খৰকৈ ঘাই ৰাস্তাত অকলে খোজ কাঢ়িবলৈ তাইৰ অলপ বেয়া্ লাগে । অনুজিতক সেই কথা ক’বলৈহে পালে – সি তাইক চুইহে নিকিলালে । লগতে সি তাইক এই বুলিও হুমকি দিলে –
: “ এইবাৰ যদি কিবা গণ্ডগোল হয় আৰু মোক এটা বাচ্চা দিব নোৱাৰা– তেনে তোমাক মই একেবাৰে মাৰৰ ঘৰলৈ পঠিয়াই দিম !”
: “ কিমাননো আৰু পঢ়া-শুনা কৰি থাক । চাকৰি পাইছ – অলপ জীৱনটো এনজয় কৰ । সোনকালে ভাল লৰা এটা চাই বিয়া হ ।”
ভনীয়েকে তাইৰ কথাৰ উত্তৰ নিদি কেৱল এটা হাঁহি মাৰি থৈছিল । সেই হাঁহিটোৰেই যেন তাইক বুজাই দিছিল অজন্তাৰ দৰে এজনী বুৰ্বক গাধা ছোৱালীক একো কথা কোৱাৰ প্রয়োজন নাই । ভনীয়েকহঁতৰ অবজ্ঞা , মাক দেউতাকৰ হাজাৰ বিজাৰ উপদেশ, গাৱলীয়া ৰীতি নীতি আদিয়ে তাইক জন্ম হৈ ডাঙৰ দীঘল হোৱা ঘৰখনৰ প্রতি বিতশ্রদ্ধ কৰি তুলিছিল ।
No comments:
Post a Comment