“ কি হ’ল দোস্ত – তোমাক ইমান বেমাৰী যেন লাগিছে । ডাক্তৰ মানুহ ইমান বেমাৰী কিয় লাগিব লাগে ।” তাক দেখাৰ লগে লগে নীৰজে ক’লে ।
তৰা নথকা ক’লা আকাশখনৰ অকলশৰীয়া জোনটোৰ দৰে ৰৈ আছিল শ্যাম । চকুত তাৰ আউসীৰ জোন - নীৰজৰ প্রশ্নৰ উত্তৰ নিদি যন্ত্রবৎ বাইকৰ পিছৰ চিটত বহিল । নীৰজে তাৰ লজৰ সকলোতকৈ ধুনীয়া ৰুমটোলৈ শ্যামক লৈ গ’ল । খাবৰ বাবে কিবা কিবি অৰ্ডাৰ দি সি শ্যামৰ লগত বহিলহি । নীৰজে ৰুলীৰ লগত তাৰ সম্পৰ্কৰ কথা জানে । শ্যামৰ সকলো কথাই শুদ্ধ বুলি ভাবি লোৱা নীৰজে কিন্তু ৰুলীৰ লগত গঢ়া তাৰ সম্পৰ্কটো শুদ্ধ বুলি মানি ল’ব নিবিচাৰে । শ্যামে নীৰজক এই কথাৰ বাবে বেয়া পাবও নোৱাৰিছিল । সি ভাবিছিল – এটা সময়ত ৰুলীৰ লগ লাগি নীৰজৰ শংকা অমূলক বুলি প্রমাণ কৰি দিব । কিন্তু কি যে হৈ গ’ল ! মল্লিকাই কোৱা কথা কেইটা তাৰ কাণত ৰৈ ৰৈ বাজি আছে ।
: “দাদা , ৰুলীক আপুনি পাহৰি যোৱাই ভাল হ’ব । তাই আজিকালি বেলেগ এখন জগতত ঘুৰি ফুৰে । … ঘৰৰ পৰা কোনো অহা নাই । আজি তাইৰ চিনেমা চাবলৈ যোৱাৰ প্রগেম আছে । আজি দুপৰীয়া এক বজাত ফান চিনেমালৈ আহিলে সকলো নিজ চকুৰে দেখিব !”
: “ অই দোস্ত , কিয় ইমান চুপ চাপ আছা? মোৰ ভাল নালাগে তুমি চুপ চাপ থাকিলে !- কি হ’ল, কিবা লাগিলা নেকি সিফালে ?”
শ্যামে এইবাৰ নিজক সংযত কৰিবলৈ নোৱাৰিলে । নীৰজক সাৱটি হুক হুককৈ কান্দিবলৈ ধৰিলে । পাৰ ভঙা বেদনা আৰু আশাভংগৰ সীমাহীন যন্ত্রণা অশ্রুধাৰা হৈ সুৰু সুৰাই নামি আহিল তাৰ দুচকুৰে । কেঁচুৱা ল'ৰাৰ দৰে হিকটিয়াই হিকটিয়াই কন্দা শ্যামক দেখি নীৰজ প্রথমে হতভম্ভ হৈ ৰ’ল । খন্তেক সময়ৰ পিছত নিজকে সম্ভালি লৈ সি শ্যামক ক’লে -
: “দোস্ত , মই তোমাক কোৱা নাছিলোঁ নে এই ছোৱালীজনী তোমাৰ বাবে ঠিক নহয় বুলি ! তুমিহে নামানিলা । এতিয়া তুমি ছোৱালী মানুহৰ দৰে কান্দিবলে এৰাচোন ।”
: “ নীৰজ, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই কথাবোৰ । ৰুলী বৰ ভাল ছোৱালী । তাই মোক কেতিয়াও বিট্রে কৰিব নোৱাৰে । মই যে তাইক কিমান ভালপাওঁ !!”- থোকা থুকি মাতেৰে শ্যামে ক’লে ।
: “ বাদ দিয়া তাইক ভালপোৱাৰ কথা ! মানুহে অপাত্রত কেতিয়াও দান দিব নালাগে । সেই ছোৱালীজনী তোমাৰ যোগ্যই নহয় । নাই স্বভাৱত মিল, নাই বুদ্ধিমত্তাত মিল। মই নিজ চকুৰে তাইক কত লৰাৰ লগত ঘুৰি ফুৰা দেখিছোঁ ।”-নীৰজে কিছু ভেকাহি মাৰি ক’লে ।
শ্যামক সি বুজাবলৈ বহুত চেষ্টা কৰিলে। কিন্তু শ্যামৰ কান্দোন কমক চাৰি বেছিহে হ’বলৈ ধৰিলে । নীৰজ অলপ বিৰক্ত হ’ল । সি আবেগক অত্যাধিক প্রশয় দিয়া মানুহ নহয় ।
: “দোস্ত, তুমি অলপ জিৰণি লোৱা । মই অলপ ব্যৱসায়ত লাগোগৈ । এইবোৰ ফাল্টু ছোৱালীৰ কথা ভাবি মন বেয়া কৰি নাথাকিবা বুজিছা ।” – তালৈ শেষ অস্ত্রপাত দলিয়াই নীৰজ ৰুমৰ পৰা ওলাই গ’ল ।
নীৰজ যোৱাৰ পিছত সি বাথৰুমলৈ গ’ল । পিন্ধি থকা কাপোৰসাজেৰেই পানীৰ চাৱাৰটো খুলি তলত থিয় হ’ল । তাৰ গোটেই গাত , কাপোৰত যিমান বেয়া লগা স্মৃতি লাগি আছিল ধুই পেলাবলৈ চেষ্টা কৰিলে । গা ধোৱাৰ পিছত মনটো তাৰ বহুত শান্ত যেন অনুভৱ হ’ল । বেগত লৈ অনা আনযোৰ কাপোৰ পিন্ধি থাকোঁতে সি ভাবিলে -
: “মইনো আনে ক’লে বুলিয়েই ৰুলীৰ কথা কিয় বেয়াকৈ ভাবিছোঁ । তাইতো মোক একো কোৱা নাই ! এয়া মোৰ বিশ্বাসৰ –প্রেমৰ পৰীক্ষা । নাই, মই ৰুলীক সন্দেহ নকৰো । কাইলৈ চি চি ডিত তাইক লগ পালে সকলো কথা খোলা খুলিকৈ সুধিম ।” – শ্যামে মনতে ভাবিলে । শ্যামে মাক অৰুণিমাৰ কথাও ভাবিলে । মাকে তাৰ হৃদয়ৰ এইবোৰ সংঘাত আৰু সংগ্রামৰ কথা একেবাৰেই নাজানে । সি ৰুলীক ভালপায় আৰু তাইক লৈ সুখী –এই কথাই মাকক বেচ সুখ দিছিল । এতিয়া তাৰ অৱস্থাটো জানিলে মাকে বৰ দুখ পাব । কিন্তু মাকক সি ৰুলীৰ বিষয়ে আনে কোৱা কথাবোৰ ক’লে তাক ক’ব যে – “শুনা কথাত নিদিবা কাণ, দেখাৰো ল’বা তিনিটা প্রমাণ !”

: “ অ’ মোৰ মা ! মোৰ মা ! মোৰ মা !!” – শ্যামে হঠাৎ চিঞৰি উঠিল । দুখ লাগিলে তাৰ মুখৰ পৰা স্বয়ংক্রিয় ভাবে ওলাই আহে এই কেইটা শব্দ । শব্দ নহয় যেন তাৰবাবে আত্মাক তৃপ্ত আৰু শান্ত কৰা পৰম মন্ত্র । “মোৰ মা” – এই শব্দ দুটাত কৈ বেছি আবেগ সি ক’তো বিচাৰি নাপায় । এই বয়সত ৰুলীৰ লগত তাৰ প্রেম, ভালপোৱা এক মাদকতা , যৌৱনৰ এক সুতীব্র মোহনীয় আকৰ্ষণ । কিন্তু মাক অৰুণিমাৰ প্রতি তাৰ ভালপোৱা সকলোৰে উৰ্ধত এক অতি মানৱীয় আকৰ্ষণ । পৃথিৱীৰ সকলো আবেগ ,অনুভৱ, জ্ঞান , বিজ্ঞান ,যুক্তি, বিশ্বাসৰ উৰ্ধত এক স্বৰ্গীয় পবিত্র সম্পৰ্ক তাৰ আৰু মাক অৰুণিমাৰ । যি শান্তি সুখ বিচাৰি মানুহে কালাতিপাত কৰে, যি শান্তিৰ সন্ধানত মানুহে বিভিন্ন ধৰণেৰে জীৱনক, জীৱনৰ পৰীক্ষাগাৰত ব্যৱচ্ছেদ কৰাত ব্যস্ত হয় – সেই শান্তি , সেই সুখ সি “মোৰ মা” এই শব্দ দুটা উচ্চাৰণ কৰি পায় ! বিশ্ব চৰাচৰৰ যিকোনো বস্তু, মানুহ , ঘটনা বা পৰিঘটনাৰ বাখ্যা হয়তো সম্ভৱ –কিন্তু তাৰ “মোৰ মা” শব্দ দুটা আওঁৰাই কিয় ভাল লাগে বা মাক অৰুণিমাক কিমান ভালপায় তাৰ বাখ্যা কৰা অসম্ভৱ ! যিদিনাৰ পৰাই সি অৰুণিমাৰ সান্নিধ্যত আহিছে – সেই দিনাৰ পৰাই সি অৰুণিমাক ‘মা’ বুলিয়েই ধাৰণ কৰি আহিছে । মানুহগৰাকীৰ কথা বাৰ্তা চিন্তা চৰ্চা সকলোতে জীৱন দিয়াৰ প্রয়াস, জীৱনক জনাৰ, নিজক জনাৰ অহৰহ প্রচেষ্টা । লাহে লাহে অৰুণিমায়ো তাক হৃদয়ত ধাৰণ কৰিছিল । একলা দুকলাকৈ সি অৰুণিমাৰ হৃদয়ত বাঢ়ি আহিছিল । শীতৰ এটি ঠাণ্ডা দিনত অলপো কষ্ট নোহোৱাকৈ অৰুণিমাই তাক জন্ম দিছিল –তাইৰ বিশাল হিয়াখনৰ পৰা । সাধাৰণতে সন্তানৰ জন্মৰ পিছত মাতৃৰ স্ফীত উদৰ সৰু হৈ যায় । কিন্তু তাক জন্ম দিয়াৰ পিছত অৰুণিমাৰ হৃদয়খন আৰু আৰু অধিক ডাঙৰ , বহল আৰু স্ফীত হৈ পৰিছিল । এনেও ভয়ংকৰ ভাবে ডাঙৰ আছিল অৰুণিমাৰ হৃদয়খন – এতিয়া হৃদয়ৰ সেই বিশালতাই আকাশ চুই যায় ।
মাক অৰুণিমালৈ ফোন এটা কৰিবলৈ লৈ সি ৰৈ গ’ল । এতিয়া মাকৰ ঘৰুৱা বহুত কাম থাকে । সদায় বোৱাৰী পুৱাতে শুই উঠি মাকে সম্পূৰ্ণ এক ঘণ্টা চান্টিং কৰে । পুৱাতে “নাম ম্যহ’ ৰেংগে ক্য” ৰ ধ্বনিৰে গোটেই ঘৰ ছন্দোময় /ঝংকাৰিত হৈ পৰে । তাৰপাছত সকলোকে জগাই পানী খাবলৈ দিয়ে । মুখ হাত ধুই সকলোৱে একেলগে চান্টিং কৰাৰ পিছত সূৰ্যনমস্কাৰ, ধ্যান ,প্রাণায়ম , দিনটোলৈ নিজৰ লক্ষ্যৰ কথা কৈ ভায়েক দুটাক স্কুললৈ পঠিয়ায় –তাৰপিছত দেউতাকক অফিচলৈ । তাৰপিছতো মাকৰ কামৰ অন্ত নহয় ।ঘৰুৱা কামৰ উপৰিও পঢ়া লিখা – নতুবা কাৰোবাৰ ঘৰলৈ চান্টিং কৰিবলৈ, প্রেৰণা দিবলৈ যোৱা আদি কামত ব্যস্ত থকা মাকক তাৰ যেতিয়াই তেতিয়াই ফোন কৰি আমনি কৰিবলৈ ভাল নালাগে । সি ফোনটো উলিয়াই মাকলৈ মেচেজ এটাকে লিখিলে ।
: “মা , মই ভালে ভালে গুৱাহাটী পালোঁহি । কিন্তু মোৰ মনটো খুব বেয়া লাগিছে । আপোনালৈও মনত পৰিছে । মই এতিয়া কি কৰোঁ মা ?”
মাকৰ আগত অন্তৰখন উবুৰিয়াই দি সি শান্তি পায় । সি জানে তাৰ লগত ফোনত কথা পাতক বা নাপাতক – তাৰ মেচেজৰ উত্তৰ দিয়ক বা নিদিয়ক – তাৰ এই বাৰ্তা দেখাৰ লগে লগে মাকে তাৰবাবে চাণ্টিং কৰিব । মাকে চাণ্টিং কৰাৰ লগে লগেই যেন তাৰ জীৱনৰ সকলো বিহ , জটিলতা মধুৰ আনন্দলৈ পৰিণত হয় !! আৰু সেই কথা সি সদায় হৃদয়েৰে উপলব্ধি কৰে । তাৰ বন্ধু বান্ধৱী, অঙহী বঙহী বহুতে তাক এই কথা লৈ উপলুঙা কৰে – নিজৰ জন্মদাত্রী তেজ মঙহৰ মাকজনী থাকোঁতে কিয় আৰু আন এগৰাকী মাকৰ প্রয়োজন তাৰ ! ইটাৰনেল মাদাৰ ! সনাতন তাৰ মাক !
মাকৰ কথা ভাবি থাকোঁতেই কোন সময়ত তাৰ টোপনি আহিল-গমেই নাপালে । ৰুমত কোনোবাই টুকুৰিয়াই থকাত সাৰ পাই ঘড়ী চাই দেখিলে দুই বাজি গ’ল । লৰালৰিকৈ দৰজাখন খুলি দিলে । হাতত টোপোলা এটা লৈ নীৰজ আৰু তাৰ পিছে পিছে খোৱা বস্তুৰ বৃহৎ ট্রেখন লৈ লগৰ লৰা এজন সোমাই আহিল ।
: “দোস্ত তোমাৰ মন ভাল কৰা দৰব লৈ আনিছোঁ । বহা – কি এজনী সাধাৰণ ছোৱালী এজনীৰ কাৰণে মন বেয়া কৰি থাকা !” নীৰজে কথা কৈ কৈ লগত লৈ অনা ব্লেক ডগ নামৰ মদৰ বটলটো উলিয়ালে । দুটা গিলাছত বৰফ ঢালি কল কলকৈ মদ বাকিবলৈ ল’লে ! শ্যামৰ হাতত গিলাছ এটা গুজি দি সি গাবলৈ ধৰিলে :
“দৰ্দ মিন্নত কশে দৱা না হোৱা
মে না আচ্ছা হোৱা, বুৰা না হ্যোৱা”
দিনতে হেঁপাহ পলুৱাই মদ খালে দুয়োটাই সিদিনা । নীৰজৰ লগত পৰি তাৰ মুখৰ পৰাও গালিবৰ শ্বেৰ ওলাবলৈ ধৰিলে ।
“হে খবৰ গৰ্ম উনকে আনে কি
আজ হি ফৰ মে বৰিয়া না হোৱা ”
“ কতৱ কীজে না তচল্লুক হমছে
কুচ নহী তো অদাৱত হী সহী !”
বহুতেই মদৰ নিচাত নিজৰ দুখবোৰ পাহৰি পেলায় । কিন্তু শ্যামে নোৱাৰিলে । ৰুলীৰ প্রতি তাৰ ভালপোৱা মদৰ নিচাতকৈয়ো তীৱ্র । হাজাৰ বটল মদেও তাৰ ৰুলীৰ প্রতি থকা ভালপোৱাৰ নিচাৰ লগত ফেৰ মাৰিব নোৱাৰিব । ৰুলীয়ে নিজ মুখেৰে তাক যেতিয়ালৈকে “ তোমাক ভাল নাপাওঁ” বুলি নকয় –তেতিয়ালৈকে সি ৰুলীৰ প্রেমৰ নিচাত আকণ্ঠ ডুব গৈ থাকিব ! সি সদায় কৃতজ্ঞ ৰুলীৰ প্রতি । প্রেমৰ নামত তাইৰ পৰা পোৱা অমৃতময় মূহূৰ্তখিনি লৈ সি চিৰজীৱন সুখী হৈ থাকিব !মাক অৰুণিমালৈ ফোন এটা কৰিবলৈ লৈ সি ৰৈ গ’ল । এতিয়া মাকৰ ঘৰুৱা বহুত কাম থাকে । সদায় বোৱাৰী পুৱাতে শুই উঠি মাকে সম্পূৰ্ণ এক ঘণ্টা চান্টিং কৰে । পুৱাতে “নাম ম্যহ’ ৰেংগে ক্য” ৰ ধ্বনিৰে গোটেই ঘৰ ছন্দোময় /ঝংকাৰিত হৈ পৰে । তাৰপাছত সকলোকে জগাই পানী খাবলৈ দিয়ে । মুখ হাত ধুই সকলোৱে একেলগে চান্টিং কৰাৰ পিছত সূৰ্যনমস্কাৰ, ধ্যান ,প্রাণায়ম , দিনটোলৈ নিজৰ লক্ষ্যৰ কথা কৈ ভায়েক দুটাক স্কুললৈ পঠিয়ায় –তাৰপিছত দেউতাকক অফিচলৈ । তাৰপিছতো মাকৰ কামৰ অন্ত নহয় ।ঘৰুৱা কামৰ উপৰিও পঢ়া লিখা – নতুবা কাৰোবাৰ ঘৰলৈ চান্টিং কৰিবলৈ, প্রেৰণা দিবলৈ যোৱা আদি কামত ব্যস্ত থকা মাকক তাৰ যেতিয়াই তেতিয়াই ফোন কৰি আমনি কৰিবলৈ ভাল নালাগে । সি ফোনটো উলিয়াই মাকলৈ মেচেজ এটাকে লিখিলে ।
: “মা , মই ভালে ভালে গুৱাহাটী পালোঁহি । কিন্তু মোৰ মনটো খুব বেয়া লাগিছে । আপোনালৈও মনত পৰিছে । মই এতিয়া কি কৰোঁ মা ?”
মাকৰ আগত অন্তৰখন উবুৰিয়াই দি সি শান্তি পায় । সি জানে তাৰ লগত ফোনত কথা পাতক বা নাপাতক – তাৰ মেচেজৰ উত্তৰ দিয়ক বা নিদিয়ক – তাৰ এই বাৰ্তা দেখাৰ লগে লগে মাকে তাৰবাবে চাণ্টিং কৰিব । মাকে চাণ্টিং কৰাৰ লগে লগেই যেন তাৰ জীৱনৰ সকলো বিহ , জটিলতা মধুৰ আনন্দলৈ পৰিণত হয় !! আৰু সেই কথা সি সদায় হৃদয়েৰে উপলব্ধি কৰে । তাৰ বন্ধু বান্ধৱী, অঙহী বঙহী বহুতে তাক এই কথা লৈ উপলুঙা কৰে – নিজৰ জন্মদাত্রী তেজ মঙহৰ মাকজনী থাকোঁতে কিয় আৰু আন এগৰাকী মাকৰ প্রয়োজন তাৰ ! ইটাৰনেল মাদাৰ ! সনাতন তাৰ মাক !
মাকৰ কথা ভাবি থাকোঁতেই কোন সময়ত তাৰ টোপনি আহিল-গমেই নাপালে । ৰুমত কোনোবাই টুকুৰিয়াই থকাত সাৰ পাই ঘড়ী চাই দেখিলে দুই বাজি গ’ল । লৰালৰিকৈ দৰজাখন খুলি দিলে । হাতত টোপোলা এটা লৈ নীৰজ আৰু তাৰ পিছে পিছে খোৱা বস্তুৰ বৃহৎ ট্রেখন লৈ লগৰ লৰা এজন সোমাই আহিল ।
: “দোস্ত তোমাৰ মন ভাল কৰা দৰব লৈ আনিছোঁ । বহা – কি এজনী সাধাৰণ ছোৱালী এজনীৰ কাৰণে মন বেয়া কৰি থাকা !” নীৰজে কথা কৈ কৈ লগত লৈ অনা ব্লেক ডগ নামৰ মদৰ বটলটো উলিয়ালে । দুটা গিলাছত বৰফ ঢালি কল কলকৈ মদ বাকিবলৈ ল’লে ! শ্যামৰ হাতত গিলাছ এটা গুজি দি সি গাবলৈ ধৰিলে :
“দৰ্দ মিন্নত কশে দৱা না হোৱা
মে না আচ্ছা হোৱা, বুৰা না হ্যোৱা”
দিনতে হেঁপাহ পলুৱাই মদ খালে দুয়োটাই সিদিনা । নীৰজৰ লগত পৰি তাৰ মুখৰ পৰাও গালিবৰ শ্বেৰ ওলাবলৈ ধৰিলে ।
“হে খবৰ গৰ্ম উনকে আনে কি
আজ হি ফৰ মে বৰিয়া না হোৱা ”
“ কতৱ কীজে না তচল্লুক হমছে
কুচ নহী তো অদাৱত হী সহী !”
No comments:
Post a Comment