Thursday, 21 July 2016

ক'তেনো আছা মোৰ কলিজাৰ আই ... খণ্ড-১

'তেনো আছা মোৰ কলিজাৰ আই ... 
খণ্ড .
আবেলিৰ অৰুণিমা
মনত দুখ আৰু অভিমানৰ জন্ম লে মানুহবোৰ বৰ স্বাৰ্থপৰ হৈ পৰে মা ?”
শ্যামৰ এই কথাষাৰ শুনি অৰুণিমাৰ সম্বিত ঘুৰি আহিল এৰা, যেতিয়াই তাই নিজৰ দুখ বিলাসত ডুবি থাকে , তেতিয়াই নজনাকৈ কিমানক যে দুখ দিয়ে! কোনোবাই মাতি থাকিলেও সহাঁৰি দিবলৈ মন নোযোৱা হয় অলপ দোষতে 'ৰা-ছোৱালী কেইটাক ডাঙৰকৈ ডাবি ধমকি দিয়ে শ্যামে মাতিলে বা সেই সময়ত ফোন কৰিলেও ভালদৰে উত্তৰ নিদিয়ে নিজৰ দুখৰ পুখুৰীত সাঁতুৰি নাদুৰি খলকনি লগাই থাকোঁতে সেই দুখৰ পানী ওচৰত থকা আন কাৰোবাৰ গাতো যে চিটিকি পৰিব পাৰে , সেই কথা ভবাই নাছিল তাই আজি শ্যামে কোৱা কথাষাৰে তাইক ভবাই তুলিলে কি নো দৰকাৰ তাইৰ সেই হৈ যোৱা কথাবোৰ , কোনোবাই ছটিওৱা মিছা অপবাদৰ বোকাবোৰ লৈ দুখৰ পুখুৰী এটা খান্দি তাত খলকনি লগাই থাকিবলৈ! কিমান বয়স তাইৰ ... চৌৰাল্লিচ নে পঞ্চলিশ ! হয়, চাৰে চাৰিটা দহক অতিক্রম কৰিলে তাই আৰুনো কিমান বছৰ তাই জীয়াই থাকিবপচিশ বা বিশ বছৰ ভাৰতীয় মানুহৰ গড় আয়ুস সত্তৰ বছৰ গতিকে হিচাপ কৰি চালে খুউব বেছি বিশটা বছৰ তাই সুস্থ সবল হৈ জীয়াই থাকিব সেই বিশটা বছৰ পাৰ হবলৈচোন চকুৰ পলক এটাই যথেষ্ট সময় ! এই যে পঞ্চলিশটা বছৰ কেনেদৰে কোন পলকত পাৰ হৈ তাই বই নোৱাৰিলে ! সৌ সিদিনা তাই সৰু ছোৱালী এজনী হৈ মাকৰ আঁচলত ধৰি ঘুৰি ফুৰিছিল হঠাৎ কেতিয়া তাইৰ জীৱনটো বন্ধকত সোমালগমেই নাপালে ! জীৱনটো কেতিয়াবা বন্ধকত থোৱাৰ দৰেই লাগে তাইৰ বহুতৰ বাবে বিবাহিত জীৱন এটা সুৰীয়া সপোনৰ দৰে কিন্তু তাইৰ বাবে এই জীৱনবন্ধকী জীৱন পচিশটা বছৰ আনে তাইৰ জীৱনটো চহাই নানা শস্য ৰুলেফচল ভোগ কৰিলে নিজৰ মতে চহাবলৈ, শস্য ৰুবলৈ তাইৰ কোনোদিনেই অধিকাৰ নাপালে খৰাং , বানপানী সকলো দুৰ্যোগ তাই সহ্য কৰিব লাগে তাই সামান্য প্রতিবাদ কৰিলে বা নীৰৱ হৈ পৰিলেই তাইৰ ওপৰত যেন বহু কেইখন ট্রেক্টৰ চলিবলৈ ধৰে তাইৰ উশাহ আৰু নিশাহো যেন বিয়াৰ পিছৰে পৰা বেদান্তৰ ওচৰত বন্ধকত থলে ! এই বন্ধকী জীৱনটোৰ পৰা মুক্ত হবলৈ খুজিলে তাৰ সূত আৰু মূল ইমানেই বেছি হয় যে অৰুনিমাই দুখৰ পুখুৰী এটা খান্দি লৈ তাতে মুখ গুজি থাকে !
: “
মা, আহানা ভিতৰলৈ কিমান সময়নো অকলে এই আন্ধাৰ বেলকণিটোত বহি থাকিবা শুই থাকা মানহলে তোমাৰ গাটো বেয়া লাগিব !” – শ্যামে পুনৰ কলে  
এইবাৰ অৰুণিমাই তাইৰ সন্মুখত আঠু কাঢ়ি মিনতি কৰি থকা শ্যামৰ মুখখন নিজৰ কোলালৈ টানি আনিলে আকুল ভাবে শ্যামৰ কপালত আৰু দুয়োগালত দুটা চুমা খালে তাই ! কেতবোৰ মূহূৰ্তত পচিশ বছৰীয়া শ্যামক তাইৰ এটা পাঁচ বছৰীয়া শিশুৰ দৰে লাগে তাইৰ অন্তৰত শ্যামৰ প্রতি থকা সীমাহীন মৰম আৰু মমতা কোনেও ভালদৰে বুজিব নোৱাৰে ! তাইৰ শ্যামৰ প্রতি জাগ্রত হোৱা এই মমতা সকলো বাখ্যা, যুক্তি আৰু জ্ঞানৰ উৰ্ধত! এয়া এক স্বৰ্গীয় পবিত্র অনুভৱ, যাক মাথো এখন পবিত্র হৃদয়েহে উপলব্ধি কৰিব পাৰে ! 
: “
অৰু, ভিতৰলৈ আহিবা নে মই ৰুমৰ দুৱাৰ বন্ধ কৰোঁ !” 
আন্ধাৰ বেলকণিটোত আবেগৰ লতাৰে বান্ধ খাই থকা দুটা নিষ্পাপ আত্মাক এক কঠোৰ আৰু তীক্ষ্ণ স্বৰে সচকিত কৰি তুলিলে অপৰাধীৰ দৰে শ্যামে আকৌ মাকক মিনতি কৰিলে
: “
মা, যোৱা ভিতৰলৈদেউতাৰ খং উঠিব নহলে !”
হঠাৎ অৰুণিমাৰ মনত এক প্রতিবাদী সত্বা জাগি উঠিল আজি পচিশ বছৰে বেলকণিৰ এই আন্ধাৰখিনিৰ লগত অকলে নীৰবে তাই নিজৰ দুখ, সুখ, বিষাদ ভাগ কৰি আহিছে বেদান্তই কোনো দিনেই তাইৰ আবেগিক মূহূৰ্তৰ ভাগ বিচৰা নাই তাই ভাগ দিব খুজিলেও তেওঁ বিৰক্ত হয় এতিয়া শ্যামে তাইৰ এনে মূহূৰ্তবোৰৰ ভাগ বিচাৰাত তেওঁ যেন কিছু শংকিত হৈ পৰিছে কিয়কিয় এনে কৰিছে বেদান্তই অৰুণিমাই ভাবি নাপায় কোনো দিনেই সুখী কৰিব নোৱাৰিলে অৰুণিমাই বেদান্তক সদায় আপত্তি আৰু অসন্তষ্টিৰ এখন মুখ ! 
: “
তোমাক হাঁহিলে ইমান যে ধুনীয়া দেখে ! হাঁহি থাকিবাচোন ” – অৰুণিমাই মাজে মাজে বেদান্তক কয়
: “
তোমাৰ দৰে দমনশীল মানুহ এজনীক বিয়া কৰাই কৰাই কোনোৱামতা মানুহেজানো হাঁহি থাকিব পাৰে !” বেদান্তই ভেকাহি মাৰি এইষাৰ কথা কোৱাৰ পিছত অৰুণিমা স্তব্ধ হৈ পৰে  
মতা মানুহ’ – এই শব্দটোৱে তাইক বিয়াৰ পিছৰ পৰা যাঠিৰ দৰে হানি খুচি আহিছে কেতিয়ানো বেদান্তমতা মানুহগুচিমানুহ ভাবি নাপায় তাই ! 
: “
আজি গোটেই ৰাতি মই এই আন্ধাৰ বেলকণিটোতেই বহি থাকিম বেদান্ততুমি ৰুমৰ দুৱাৰ বন্ধ কৰি চি চলাই ধুনীয়াকৈ শুই যোৱা
অৰুণিমাই চিঞৰ মাৰি কথাষাৰ লে ইয়াৰ পিছত পৰিস্থিতি কি তাই ভালদৰেই জানে তথাপি তাই আজি বেদান্তৰ বন্ধকৰ পৰা নিজৰ জীৱনটো অলপ সময়ৰ বাবে হলেও আজুৰি আনিবলৈ ব্যাকুল হৈ পৰিল

No comments:

Post a Comment