"অসহিষ্ণুতা বনাম শান্তি"
আজি কিছু দিনৰ পৰা “অসহিষ্ণুতা” , “ভয়”, “খং”, “শংকা” আদি নঞৰ্থক শব্দবোৰ খবৰ কাকত, সামাজিক জালপঞ্জী ,ৰেডিঅ’, টি ভি , আদিত সঘনাই পঢ়িবলৈ আৰু শুনিবলৈ পোৱা গৈছে । ধৰ্ম বিশ্বাস , ধৰ্ম বিদ্বেষ আদি কথাবোৰেও সমাজখনক ঘুণীয়া কৰি গৈছে । ধৰ্ম –প্রকৃততে কি ? ঈশ্বৰ বিশ্বাস নে মানৱ প্রেম ? প্রকৃততে ‘ধৰ্ম’ শব্দৰ প্রকৃত অৰ্থ অনুধাৱন কৰিব নোৱাৰা বাবেই সমাজত সংকটৰ সৃষ্টি হৈছে বুলি ভাব হয় । কুৰি শতিকাৰ এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ আৰ্নল্ড টয়নবীয়ে কৈছিল , “ .. to master oneself is the essence of religion, as I see it, and ….. this precept is , I believe , the only effective response to the challenge of being human” . নিজক মনটোক শুদ্ধ ভাবে পৰিচালনা কৰিবলৈ, নিজক ‘ভাল মানুহ’ হিচাপে গঢ় দিবলৈ সাহস যোগোৱা কাৰ্যই ধৰ্ম । পৃথিৱীৰ ধৰ্মবিলাকৰ ভিতৰত বৌদ্ধধৰ্মৰ অনুগামীৰ সংখ্যা আজিও সৰ্বাধিক । কিন্তু বৌদ্ধ ধৰ্মৰ দৰ্শনত সৃষ্টিকৰ্তা বা ঈশ্বৰক কেন্দ্র কৰি কোনো প্রশ্ন নাই । অৰ্থাৎ এই দৰ্শন ঈশ্বৰৰ কবলৰ পৰা মুক্ত ।
বহুলোকে অন্যায়ৰ প্রতিবাদ খং বা হিংসাৰে দিয়াটোহে শক্তিৰ পৰিচয় বুলি ভাবে । কিন্তু শক্তিৰ পৰিচয় ক’ত থাকে ? সহজে কৰিব পৰা কামত নে সহজে কৰিব নোৱাৰা কামত ? কোনোবাই আমাক অন্যায় কৰিলে সহজে কৰিব পৰা কামৰ ভিতৰত আছে খং , গালি, প্রতিশোধ বা হিংসা । কিন্তু সহজে কৰিব নোৱাৰা কাম হ’ল ধৈৰ্য ধৰি শান্ত ভাবে প্রতিবাদ কৰা, অন্যায় কৰা ব্যক্তিজনক নিঃচৰ্ত ক্ষমা কৰা আৰু সেই ঘটনাটোৰ পৰা জীৱনত উপকাৰ হ’ব পৰা এটা শিক্ষা গ্রহণ কৰা । আমাৰ মনে কিবা এটা কৰিব বিচাৰিছে , বিবেকে তাত বাধা দিছে – এনে পৰিস্থিতিত মন বিবেকতকৈ বলী হলে মনেই জিকিব । কিন্তু বিবেক বলী হলে বিবেকহে জিকিব । সাধাৰণতে মনক নিয়ন্ত্রণলৈ আনি বিবেকক শক্তিশালী কৰাই ধৰ্মৰ উদ্দেশ্য । আন অৰ্থত এয়াই আধ্যাত্মিক সাধনা । এইখিনিতে অসহিষ্ণুতাৰ সন্দৰ্ভত বুদ্ধদেৱে শিষ্যসকলক কোৱা এটা সুন্দৰ সাধু লিপিবদ্ধ কৰিব বিচাৰিছোঁ।
০০০০০০০০
এসময়ত পৃথিৱীত অসহিষ্ণু নামৰ এটা দানৱ আছিল । সেই দানৱটোক জীৱন ধাৰণৰ বাবে অদ্ভুত খাদ্যৰ প্রয়োজন হৈছিল । সেই খাদ্য হ’ল খং , অশান্তি , গালি আদিৰ ধ্বনি । পৃথিৱীত সি বহুকাল বৰ আনন্দৰে জীৱন ধাৰণ কৰিলে । যতে খং , অশান্তি , গালি আদিৰ ধ্বনি হয়, তালৈকে সি লৱৰি যায় আৰু সন্তুষ্ট পৰিপুষ্ট হৈ আহে । দিনে দিনে সি শকত আৱত নোদোকা হৈ পৰিল । কিন্তু পৃথিৱীৰ ইমানবোৰ পুষ্টিকৰ খাদ্য আৰু শৰীৰৰ বল বিক্রমৰ ঊৰ্ধ গতিয়ে তাক আমুৱাবলৈ ধৰিলে । সি পৃথিৱীত মানুহৰ মুখত দেৱলোকৰ কথা শুনিছিল । দেৱলোক পৃথিৱীতকৈ বহু গুণে বেছি ধুনীয়া , আৰামদায়ক , বিলাস বিনোদনৰ সুবিধাৰে পৰিপূৰ্ণ । তাত কেৱল সুন্দৰ সুন্দৰ আলোকিত ব্যক্তি থাকে । সেয়ে সি এবাৰ দেৱলোকলৈ যোৱাৰ কথা চিন্তা কৰিলে । যেনে চিন্তা তেনে কাম । দেৱলোকত প্রৱেশ কৰিয়েই সি পোনে পোনেই দেৱসকলৰ ৰাজসভালৈ গ’ল । ৰাজসভাত সেই সময়ত এজনো দেৱব্যক্তি নাছিল । সি তাত দেৱলোকৰ ৰজা বহিবৰ বাবে স্থাপন কৰা অতি সুন্দৰ উচ্চ আসনখন দেখিলে । অসহিষ্ণু দানৱে ক্ষন্তেক কিবা ভাবি মুখত মিচিকিয়া হাঁহি এটা লৈ সিংহাসনত ভৰি উঠাই মহা আৰামেৰে বহি ল’লে । কিছু সময়ৰ পিছতে সভাকক্ষত দুজনমান দেৱব্যক্তিৰ আগমন ঘটিল । অসহিষ্ণু দানৱক ৰজাৰ আসনত দেখি তেওঁলোকৰ মুখৰ জ্যোতি হেৰাই গ’ল । আশ্চৰ্য আৰু ক্রোধত তেওঁলোকে অসহিষ্ণু দানৱক কঠোৰ তিৰস্কাৰ কৰি ৰজাৰ আসনৰ পৰা উঠিবলৈ আদেশ দিলে । কিন্তু অসহিষ্ণু দানৱে তেওঁলোকৰ গালি তিৰস্কাৰত পৰম পুষ্ট হৈ সিংহাসনতে থমথমকৈ বহি থাকিল । উপায় নাপাই দেৱলোকৰ ব্যক্তিসকলে দানৱক জোৰ কৰি আসনৰ পৰা নমাবলৈ চেষ্টা কৰিলে । দেৱলোকৰ ব্যক্তিসকলৰ খং, বিৰক্তি যিমানেই বেছি হ’ল - অসহিষ্ণু দানৱৰ চেহেৰাৰ আকৃতি আৰু শক্তি সিমানেই বৃদ্ধি হ’বলৈ ধৰিলে । অসহায় হৈ দেৱ পুৰুষসকলে বিকল্প উপায়ৰ চিন্তা কৰিবলৈ ধৰিলে । হঠাৎ সভাকক্ষত যেন এচমকা উজ্জ্বল পোহৰ সোমাই আহিল ! সেই উজ্জ্বল পোহৰ চমকা আছিল দেৱলোকৰ ৰজা শাকা । ৰজা শাকাৰ শান্ত মুখ, উজ্জ্বল হাঁহিয়ে অসহিষ্ণু দানৱক অলপ বিব্রত কৰিলে । ৰজা শাকাই বাকী দেৱসকলক শান্ত হ’বলৈ বিনম্র অনুৰোধ কৰি অসহিষ্ণু দানৱৰ ওচৰলৈ গৈ বিনয়েৰে অভিবাদন জনাই ক’লে : “আমাৰ ৰাজসভাত আপোনাক আদৰণি জনাইছোঁ । মোৰ সহযোগীসকলে আপোনাক দিয়া কষ্টৰ বাবে ক্ষমা বিচাৰিলোঁ । আপোনাৰ নিশ্চয় এইখন আসন ভাল লাগিছে – গতিকে ইয়াতে বহক । মই বেলেগ এখন আসনত বহিম । দেৱলোকত আসনৰ কোনো অভাৱ নাই ।” ৰজা শাকাৰ প্রতিটো মিঠা শব্দ আৰু বিনম্র আচৰণত অসহিষ্ণু দানৱৰ আকৃতি শক্তি হ্রাস হ’বলৈ যাবলৈ ধৰিলে । আৰু এনেকৈয়ে এটা সময়ত সি দেৱলোকৰ পৰা সম্পূৰ্ণ অদৃশ্য হৈ পৰিল । মিঠা শব্দ আৰু বিনম্র আচৰণ অসহিষ্ণু দানৱৰ বাবে বিহ সদৃশ আছিল । ৰজা শাকাই নিজৰ অলপো শাৰীৰিক আৰু মানসিক শক্তিৰ ক্ষয় নকৰাকৈয়ে কেৱল মিঠা শব্দ, বিনম্র ব্যৱহাৰৰ দ্বাৰাই শক্তিশালী অসহিষ্ণু দানৱক দেৱলোকৰ পৰা নাইকীয়া কৰিবলৈ সক্ষম হ’ল । গৌতম বুদ্ধৰ এই সাধুটোক আজিও আমি সমাজত শান্তি স্থাপনৰ বাবে প্রেৰণা হিচাপে ল’ব নোৱাৰোঁনে ? আমাৰ সমাজত, জীৱনত চলি থকা অসহিষ্ণুতা , ভয়, বিৰক্তি , প্রতিশোধ আদি বীজাণুবোৰক ধ্বংস কৰি মৰম , ক্ষমা , বিনম্রতা আদিৰ দৰে ভিটামিনবোৰ গ্রহণ কৰিলে কেৱল ব্যক্তিগত পৰ্যায়তে নহয় , সামাজিক পৰ্যায়তো শান্তি স্থাপন হ’ব ।

No comments:
Post a Comment