যোৱাটো পূজাত গৃহস্থই ক’লে – “ ইমান বছৰে তোমাক পূজা বুলি একো উপহাৰ দিয়া নাই । এইবাৰ মই তোমাক ভাল উপহাৰ এটা দিম । কি লাগে কোৱা ! ধৰি লোৱা আজি মই তোমাৰ বাবে এটা ‘আল্লাউদ্দিনৰ জিন’ !” সেই ‘আল্লাউদ্দিনৰ জিন’ৰ অনুগ্রহতে মই এইবাৰ পূজাত আঁক বাক প্রকাশনৰ পৰা কেইবাখনো অসমীয়া বাচকবনীয়া গ্রন্থ ক্রয় কৰিলোঁ । সেইখিনি সময়ত মই মোৰ অন্যতম প্রিয় লেখিকা ফুল গোস্বামী বাইদেউৰ “সহযাত্রী” নামৰ গল্প কিতাপখন , তিলোত্তমা মিশ্র বাইদেউৰ “কা মেইখাৰ ঘৰ” , জুৰি বৰা বৰগোহাঞিৰ “ভোক”ৰ লগতে অতি অমায়িক ,সাহসী আৰু অদমনীয় ব্যক্তিত্বৰ সৰল লেখক মনীষ কুমাৰ ডেকাই নিজেই উপহাৰ হিচাপে পঠিওৱা “এভাৰেষ্টত বিশ মিনিট” নামৰ অতি ৰোমাঞ্চকৰ প্রেৰণাদায়ক কিতাপখন পঢ়ি শেষ কৰিছিলোঁ । কিতাপ পঢ়াটো মোৰ এটা নিচা । ব্লটিং পেপাৰ এখনে চিঞাহী যিদৰে তৎক্ষণাত শুহি লৈ শুকান হৈ পৰে, মোৰ মগজটোৱেও গল্প উপন্যাস পঢ়াৰ লগে লগে তাৰ ৰসস্বাদন কৰি শুকান হৈ পৰে । নিতৌ নতুন কিতাপ পঢ়িবলৈ নাপালে মোৰ নিজকে বৰ খৰাং যেন লাগে । অসম এৰি অহাৰ পিছত আজি প্রায় তেৰ বছৰ মানৰ আগলৈকে অসমীয়া গ্রন্থ সংগ্রহ কৰাটো মোৰ বাবে বৰ কষ্টকৰ আছিল ।যেতিয়া অসমলৈ যাওঁ– তেতিয়াহে নতুন অসমীয়া গ্রন্থ সংগ্রহ কৰিব পাৰিছিলোঁ । ইচ্ছা নাথাকিলেও ওজন বেচি হৈ যোৱাত বহু কিতাপ এৰি থৈ আহিব লগীয়া হৈছিল । কিন্তু আজি দুই তিনি বছৰৰ আগৰ পৰা প্রযুক্তি বিদ্যাৰ উন্নতিৰ বাবে পৃথিৱীৰ যিকোনো স্থানত ঘৰতে বহি অসমীয়া কিতাপ যেতিয়াই মন যায় , তেতিয়াই সংগ্রহ কৰিব পাৰিছোঁ । অলপতে “Amazon” নামৰ অনলাইন বিপনীখনত ন –পুৰণি বহুতো অসমীয়া গ্রন্থ উপলব্ধ লৈছে । ২০১৩ চনত বনফুল প্রকাশনৰ দ্বাৰা ছপা কৰা মোৰ “অনুভৱৰ জোঁটনি” নামৰ গ্রন্থখনো “Amazon” ত উপলব্ধ হৈছে । মই ভাবো আমাৰ প্রতিজন গ্রন্থপ্রেমী পাঠকে প্রতি মাহত মাত্র এখন বা দুখন অসমীয়া গ্রন্থ ক্রয় কৰিলেও অসমীয়া সাহিত্যৰ গ্রন্থৰ বজাৰখন কিছু টনকীয়াল হ’ব ।
এতিয়া মই আঁক-বাকৰ পৰা সংগ্রহ কৰা গ্রন্থ সমূহৰ কথা উল্লেখ কৰিবলৈ বিচাৰিম । “বছৰৰ গল্প” মোৰ ওচৰত মাত্র ২০১১ বৰ্ষৰ খন আছিল । সেইখনে মোৰ মগজুৰ শুষ্কতা মাজে মাজে দূৰ কৰি আছিল । এইবাৰ পূজাত ২০০৯ চনৰ পৰা ১০১৫ চনলৈ আটাই কেইটা সংকলন সংগ্রহ কৰিলোঁ । । “বছৰৰ গল্প” ৰ দুই এটা গল্পৰ বাদে প্রায় আটাইবোৰ গল্পয়ে জোকাৰি গৈছে । মই লক্ষীনাথ বেজবৰুৱাৰ বাহিৰে অসমীয়া সাহিত্যত ব্যংগ ৰচনা বহুত কমেই পঢ়িছোঁ ( ড: হীৰেন গোহাঁই চাৰৰ ব্যংগ ৰচনাক বাদ দি) সেয়ে কিতাপৰ ব্যৱসায়ক এটা শিল্পৰূপ দিবলৈ প্রচেষ্টা কৰা সাহিত্যিক তথা প্রকাশক সৌমিত্র যোগীৰ “সৌমিত্র যোগীৰ স্ব-নিৰ্বাচিত ব্যংগ” আৰু “সৌমিত্র যোগীৰ আত্মজীৱনী” – এই দুখন গ্রন্থও সংগ্রহ কৰি পঢ়িলোঁ । আঁক-বাক উপন্যাস বঁটা প্রাপ্ত ২০১০-১১ বৰ্ষৰ শ্রেষ্ঠ উপন্যাস মৃদুল শৰ্মাৰ “তেজীমলাৰ সাধু”, সন্তোষ কুমাৰ কৰ্মকাৰৰ উপন্যাস “অযান্ত্রিক” পঢ়ি শেষ কৰিয়েই গীতালি বৰাৰ “নিৰৱধি নৈৰাঞ্জনা” আৰু মণিকা দেৱীৰ “মৈদামৰ জোনাকী” পঢ়িলোঁ । খুউব ভাললগা কিতাপবোৰ, গল্পবোৰ মই একে উশাহতে দুই তিনিবাৰ মান পঢ়োঁ । তাৰপিচত সেই কেইখন কিতাপ মোৰ উশাহ নিশাহত ঘুৰি ফুৰে । কিতাপৰ কিছুমান বাক্য , চৰিত্র মোৰ অদৃশ্য সংগী হৈ মই বহা, কাম কৰা , শুৱা ঠাইৰ আশে পাশে ঘুৰি ফুৰে ...বহুত দিনলৈ । “নিৰৱধি নৈৰাঞ্জনা” আৰু “মৈদামৰ জোনাকী”ৰ গল্পৰ চৰিত্রৰ সংগত বহু কেইটাদিন পাৰ কৰিলোঁ । এই দুগৰাকী লেখিকাৰ হাতৰ আঙুলিত কি যাদু থাকে নাজানো – তেওঁলোকে লিখা প্রতিটো গল্পৰ চৰিত্রবোৰ , বাক্যবোৰ ইমান জীৱন্ত আৰু বাঙ্ময় হৈ পৰে । মই যিমানবাৰ পঢ়োঁ, সিমানবাৰেই নতুন আৱেশত উটি ভাঁহি যাওঁ । তাৰপিছত পঢ়িলোঁ মোৰ আদৰ্শ লেখক অতনু ভট্টাচাৰ্যৰ গল্প সংকলন “নীলাৰ কাৰণে অলপ ভালপোৱা” –কিমান যে ভাল লাগিল গল্পকেইটা বুজাবৰ বাবে মোৰ শব্দ নাই । তেখেতৰ আন এখন গল্প সংকলন “চেঁকুৰ” খনেও সমানেই আনন্দ দিলে । তাৰপিছত প্রশান্তকুমাৰ দাসৰ “গল্পবোৰ” পঢ়িলোঁ । আজি পঢ়ি শেষ কৰিলোঁ ডা: অপূৰ্ব কুমাৰ শইকীয়াৰ “লিংগমুক্ত পৃথিৱীৰ সাধু এটা” । চকু চিকিৎসক ডা: অপূৰ্ব কুমাৰ শইকীয়াৰ গল্পবোৰে আমাৰ চকু মুকলি কৰি দিয়ে মানব জীৱনৰ ৰহস্যময় অন্তৰ্জীৱন দেখিবলৈ ! ইমান ব্যস্ত বৃত্তি এটাও জৰিত হৈয়ো তেখেতে কিদৰে ইমান সুন্দৰ গল্প লিখিবলৈ সময়ৰ সৃষ্টি কৰে- ভাবিলে আচৰিত হওঁ ! তেখেতৰ এইখন গল্প সংকলন সঁচাই পঠণযোগ্য ।
আজি পূজাৰ উপহাৰৰ নামত কিনি লোৱা আটাই কেইখন কিতাপ পঢ়ি শেষ হোৱাত হঠাৎ মোৰ ব্যক্তিগত অনুভৱবোৰ লিখিবলৈ মন গ’ল । মই সাধাৰণ পাঠক । কিতাপৰ পৃথিৱীখনেই মোৰ বাবে সৰ্বকালৰ আনন্দ আৰু বিশ্বাসৰ পৃথিৱী। সেই পৃথিৱীখন যিসকলে ৰচনা কৰে তেওঁলোক মোৰ বাবে হাতেৰে ঢুকি নোপোৱা , চকুৰে চালে পলক পেলাবলৈ পাহৰি যোৱা একোটিহঁত তৰাৰ দৰে । তৰাবোৰৰ ওচৰ চাপিবলৈ ভয় লাগে – এটা সময়ত কিছু তৰাক ওচৰৰ পৰা দেখিছিলোঁ । কিন্তু তেওঁলোকৰ প্রকৃত ৰূপ দেখি হতাশ হৈছিলোঁ। তেনেকুৱা সময়ত মোৰ কিতাপৰ পৃথিৱীখনেই সংকুচিত হৈ পৰিছিল । সেয়ে তৰাবোৰক মই সদায় দূৰৰ পৰাই এনেদৰেই চাই থাকিবলৈ বিচাৰোঁ। তেওঁলোকৰ সৃষ্টিৰ সুন্দৰ পৃথিৱীখনত এগৰাকী সাধাৰণ পাঠক হৈ বিভোৰ হৈ থাকিব বিচাৰোঁ । সকলো সাহিত্য প্রেমীৰ নিজৰ নিজৰ কিতাপৰ পৃথিৱীখন আৰু সুন্দৰ আৰু বিশাল হৈ পৰক তাৰে কামনা কৰিলোঁ ।.....

পঢ়ি ভাল লাগিল৷
ReplyDelete