মোৰ মৰমবোৰৰ সাৰদাবা ,
প্ৰথমেই মোৰ শ্ৰদ্ধা আৰু সীমাহীন মৰম গ্ৰহণ কৰিব।
আপোনাৰ চিঠিখন পাই মোৰ যে কিমান ভাল লাগিল শব্দৰে বুজাব নোৱাৰোঁ। কিন্তু এটা কথা জানো যে প্ৰকৃত ভালপোৱাজনে নীৰৱতাৰো অৰ্থ বুজে _ শব্দহীনতাৰো অৰ্থ বুজে। নিস্বাৰ্থ মৰম, ভালপোৱা আৰু মানৱতাৰ অৱক্ষয় হোৱা আজিৰ পৃথিৱীত আপোনাৰ দৰে ব্যক্তিৰ লগত হোৱা সম্পৰ্কই মোক বাৰে বাৰে মানুহক ভাল পাবলৈ, বিশ্বাসী হ'বলৈ সাহস আৰু অনুপ্ৰেৰণা যোগায়। মই কাৰো পৰা বিশ্বাস বা সঁচা মৰম নিবিচাৰোঁ _ নিজেই বিশ্বাস আৰু সঁচা মৰম দিবলৈ বিচাৰো। সঁচা মৰম আৰু নিস্বাৰ্থ ভালপোৱাবোৰ নিজে নিজেই মোৰ হৃদয়ৰ জোলোঙাত সোমাই পৰে। বেছি সংখ্যক মানুহেই মোৰ জীৱনত অবিশ্বাস , ঘৃণা আৰু স্বাৰ্থপৰতাৰ বিষ চটিয়াইছে। কিন্তু আপোনাৰ দৰে ব্যক্তিৰ পবিত্ৰ মৰম আৰু ভালপোৱাৰ তাপত সেইবোৰ বিষ মোৰ হৃদয়ৰ জোলোঙাৰ পৰা বাষ্প হৈ উৰি যায়।

বা, আপুনি মোৰ অনুভৱৰ লগত একান্ত হোৱাৰ বাবে মই বৰ সুখী ! “অনুভৱৰ জোঁটনি” _ এই কিতাপখন মোৰ প্ৰথম মানস সন্তান। কিতাপখনত আৰু লিখনিবোৰত বহুতো ত্ৰুটি ৰৈ গৈছে যদিও আপোনাৰ দৰে অসমৰ আৰু কেইবাজনো পাঠকৰ অন্তৰ স্পৰ্শ কৰিব পৰাৰ বাবে মই বহুত সুখী। কিতাপখনৰ প্ৰচাৰ বা প্ৰসাৰৰ বাবে মই একো প্ৰচেষ্টা কৰা নাই। কিন্তু মনৰ ভিতৰত অসীম কচৰৎ কৰিছোঁ যাতে ইয়াৰ পিছত মই ত্ৰুটি বিহীন লেখা লিখি আৰু অধিক সংখ্যক পাঠকক উপকৃত কৰিব পাৰোঁ।
আপোনাৰ দৰে ময়ো কৰ্মফল আৰু জন্মান্তৰ বাদত বিশ্বাস কৰোঁ। মা-দেউতাই সৰুৰে পৰাই আমাৰ হৃদয়ত ভগৱানৰ বিশ্বাস আৰু ভক্তি ভৰাই দিছিল। কিন্তু কিছু জনা বুজা হোৱাৰ পৰা মোৰ মনত ভগৱান, ধৰ্ম- কৰ্ম আদিৰ ওপৰত বহুবোৰ প্ৰশ্ন উঠিবলৈ ধৰিলে। আপোনাৰ দৰে ময়ো এটা সময়ত “ভগৱান নাই” বুলি দৃঢ়তাৰে বিশ্বাস কৰিছিলোঁ। কিন্তু সেই সময়ত মই নিজকে বৰ অসহায় আৰু অকলশৰীয়া যেন অনুভৱ কৰিছিলোঁ। তেতিয়াই বহুতো দৰ্শনৰ কিতাপ পঢ়িছিলোঁ। কিছুমান বুজিছিলোঁ _ কিছুমান নুবুজিছিলোঁ। কিন্তু অৱশেষত সকলো দৰ্শনৰ ভিতৰত বুদ্ধ দৰ্শন- বিশেষকৈ জাপানী পুৰুহিত নিচিৰেন ডাইচনেনে বিশ্লেষন কৰা আধুনিক আৰু প্ৰায়োগিক বুদ্ধ দৰ্শনৰ লেখনীৰ অধ্যয়নে মোৰ জীৱনৰ দিশেই সলনি কৰি দিলে।
এতিয়া ভগৱানৰ ধাৰণাটো মই অলপ বেলেগ ধৰণেৰে কৰোঁ। মই ভাবো ভগৱান আমাৰ প্ৰতিজন ব্যক্তিৰ অন্তৰতে সুপ্ত হৈ আছে। কিছুলোকে এয়া উপলব্ধি কৰিব পাৰে আৰু কিছুলোকে নোৱাৰে। নিজৰ মনৰ ভিতৰত সুপ্ত হৈ থকা ভগৱানক জগাই তোলাৰ চেষ্টাই আধ্যাত্মিকতা। সেই আধ্যাত্মিকতাৰ সাধনা আমি নানান ধৰণেৰে কৰিব পাৰোঁ। আমাৰ সাধনাই যাতে অন্য কাৰো অপকাৰ নকৰে তাৰ প্ৰতি সচেতন হব লাগে। মই ব্ৰত , উপবাস কৰি বা মঠ মন্দিৰত ভগৱানক বিচাৰি নাযাওঁ। এই বিষয়ে মই আপোনাৰ লগত আগতেও আলোচনা কৰিছোঁ। বিজ্ঞানেও প্ৰমাণ কৰিছে _ প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। আমি যি কাম কৰিম তাৰ ফল এটা পামেই। ভাল কাম কৰিলে ভাল ফল আৰু বেয়া কাম কৰিলে বেয়া ফল। জীৱনত পোৱা সুখ _দুখ , তিতা মিঠা- এই সকলো আমিয়েই সৃষ্টি কৰা কৰ্মৰ ফল বুলি ভাবোঁ। সেয়ে কেতিয়াও কোনো পৰিস্থিতিতে আক্ষেপ নকৰো। নিজে ভাল কৰ্মৰ বীজ ৰুই যাবলৈ চেষ্টা কৰোঁ _ যাতে ভৱিষ্যতে তাৰ মিঠা ফল খাব পাৰোঁ। আপোনাৰ দৰে এজনী বাইদেউ পোৱাটোও মোৰ ভাল কৰ্মৰে ফল। আমি যে পূৰ্বৰ কোনো এটা জন্মত সহোদৰা আছিলোঁ সেইয়া ময়ো বিশ্বাস কৰোঁ।
আপুনি ঠিকেই কৈছে বা _ জীৱনটো সুন্দৰ ভাবে যাপন কৰিবলৈ বু্দ্ধিতকৈ আমি জ্ঞানকহে প্ৰাধান্য দিব লাগে। জ্ঞানৰ লগতে প্ৰয়োজন হয় প্ৰজ্ঞাৰো। সেয়ে মই প্ৰজ্ঞাৰ সাধনা কৰিব বিচাৰো। আপোনাৰ দৰে ব্যক্তিৰ সান্নিধ্যই মোক প্ৰজ্ঞাৰ সাধনাৰ পথ দেখুৱায়। আপোনাৰ দৰে বাইদেউ এগৰাকী যে পালো _ তাৰবাবে জীৱনৰ ওচৰত মই বহুত বহুত কৃতজ্ঞ। আপুনি সদায় আপোনাৰ দৰেই হৈ থাকক .....আমাৰ সম্পৰ্কবোৰ আৰু অধিক দৃঢ় হৈ সৰগীয় সুমধুৰতাৰে ভৰি পৰক তাকে কামনা কৰোঁ।

আপোনাৰ লগত চিঠিৰ জৰিয়তে আৰু বহুত কথা পাতিব বিচাৰো । কেৱল ময়েই নহয় _ মোৰ দৰে আন বহুতেই আপোনাৰ মৰমসনা , জ্ঞান গৰ্ভেৰে ভৰা চিঠি এখন পাবলৈ বিচাৰিব।
সাৰদা বা , আজিলৈ চিঠিখন ইমানতে সামৰিছোঁ। ঘৰৰ সকলোকে মোৰ যথাযোগ্য মৰম, শ্ৰদ্ধা জনাব। উত্তৰ সোনকালে দিব দেই। পুনৰ বহুত বহুত মৰম আৰু শুভকামনাৰে -
ইতি,
আপোনাৰ ভনী অনু
নয়ডা
১৭/৮/১৪
ইতি,
আপোনাৰ ভনী অনু
নয়ডা
১৭/৮/১৪