অনুপমা বৰগোহাঁই
নয়দা
“সেন্দুৰ” -
শব্দটোতেই যেন সোমাই আছে বহুতো ৰহস্য – উত্তেজনা !
সেন্দূৰ সেন্দূৰ প্রভাতী সুৰুজ
মোৰ গালে মুখে পৰিছে ….
কবিয়ে প্রভাতী সুৰুজৰ কিৰণতো সেন্দূৰৰ ৰঙ অনুভৱ কৰে । সেন্দূৰৰ ৰঙা ৰঙটোৱে
জীৱন, যৌৱন আৰু প্রাণময়তাক বুজায় । সেয়ে হয়তো আমাৰ ভাৰতীয় বহুতো বিবাহিতা মহিলাই সেন্দূৰ
পৰিধান কৰে । কিন্তু বিবাহিতা মহিলা মাত্রেই সেন্দূৰ পৰিধান কৰিবই লাগিব – এই কথাষাৰ কিমান গ্রহণযোগ্য ?
সেন্দূৰ পৰিধান নকৰা হিন্দু বিবাহিতা মহিলা এগৰাকীৰ প্রতি বহুতো শিক্ষিত ব্যক্তিয়েও ৰক্ষণশীল মনোভাৱ পোষণ কৰা দেখা যায় । মহিলা গৰাকীৰ পতিৰ প্রতি থকা প্রেম, জীৱন ধাৰণৰ আদৰ্শ বা কেতিয়াবা
মহিলা গৰাকীৰ চৰিত্রৰ প্রতিও সন্দেহৰ ভাৱ প্রকাশ কৰা দেখা যায় । সেন্দূৰ পৰিধান
কৰা আৰু নকৰাক লৈ বহু বছৰৰ আগৰ পৰাই নাৰীবাদী সকলৰ মাজত আলোচনা , তৰ্ক বিতৰ্ক হৈ আছে । এগৰাকী
“নাৰী” হিচাপে মই সদায় গৌৰৱাম্বাবিত যদিও নিজকে সম্পূৰ্ণ নাৰীবাদী বুলিও ক’ব নিবিচাৰো । পৃথিৱীৰ প্রতিটো
জীৱৰ দৰেই নাৰীৰ স্বকীয় বৈশিষ্ট আছে । সকলো জীৱৰে কিছুমান সবলতা, কিছুমান দুৰ্বলতা আছে । সমাজত নাৰীয়েই হয়তো বহু সময়ত অন্যায় অবিচাৰৰ বলি বেচিকৈ হৈছে
। কিন্তু নাৰীয়ে
নিজৰ ভিতৰত থকা অপৰিসীম শক্তিখিনিক অনুভৱ কৰি আৰু তাৰ সদ প্রয়োগ কৰি নিজক সেই অন্যায় অবিচাৰ নিপীড়নৰ বলিশালৰ পৰা মুকলি কৰিব পাৰিব বুলিও সম্পূৰ্ণ বিশ্বাস আছে । তাৰবাবেই প্রতিগৰাকী নাৰীয়ে আত্ম বিশ্লেষণ
আৰু আত্মবিপ্লৱৰ সূচনা কৰিব লাগে । কেৱল প্রতিবাদ বা ৰাজপথত ওলাই আহিলেই বলিশালৰ পৰা মুকলি হ’ব
– এনে ধাৰণা ভুল । বলিশালৰ পৰা মুকলি হবৰ বাবে প্রথমে নিজৰ মনৰ ভিতৰত সৃষ্টি কৰা বলিশালখন ভাঙিব লাগিব । কাৰণ বাহিৰৰ বলিশাল ভাঙিলেও নিজৰ মনৰ ভিতৰত থকা
বলিশাল খন নাভাঙিলে – সেই বলিশালত যুগে যুগে ছামে ছামে নাৰীয়ে আহুতি দিব লাগিব ।
পৰিবৰ্তন বা আত্মবিপ্লৱৰ সূচনা হয় – কিছুমান সৰু সুৰা কথা আৰু কাৰ্যৰ যুগেদিহে । সেয়ে আজি সেন্দূৰ পিন্ধা বা নিপিন্ধা- এই বিষয়টো লৈয়ে এটা সৰু আত্মবিপ্লবৰ অবতাৰনা কৰিবলৈ বিচাৰিছো ।
০০০০০০০
সেন্দুৰৰ প্রচলন কেনেকৈ হ’ল তাৰ ওপৰত কিছু পঢ়া –শুনা কৰি গম পালোঁ যে প্রায় ৫,০০০ বছৰ পূৰ্বৰ পৰাই সেন্দূৰহিন্দু সংস্কৃতিৰ অংগ । মহাভাৰত, পুৰাণ, হৰাপ্পা সভ্যতাৰ পৰা সেন্দূৰব্যৱহৃত হোৱাৰ
প্ৰমাণ পোৱা যায় । সেন্দূৰ দেৱী দুৰ্গাৰ প্ৰতীক ৰূপে বিবেচনা কৰা হয় । ইয়াক ভগৱানক অৰ্পণ কৰা
হয়, বিশেষকৈ শক্তি-স্বৰূপা, লক্ষ্মী আৰু বিষ্ণুক । সেয়ে সেই মংগলময় সেন্দুৰক নিজৰ সেউতাত ধাৰণ কৰিবলৈ পোৱাটো গৌৰবৰ
কথা বুলি ভবা হয় !
কোৱা হয় সেন্দূৰে
বিবাহিত নাৰীৰ সৌভাগ্য নিৰ্ধাৰণ কৰে । সেন্দূৰ ভাৰতীয় নাৰীৰ বিবাহিত হোৱাৰো প্ৰমাণ । যুগ্ম
জীৱনৰ আৰম্ভণিতে নাৰী গৰাকীৰ সেওঁতাত সেন্দূৰ দি কোৱা হয় : ‘তোমাৰ সেওঁতা সেন্দূৰেৰে
পূৰ্ণ হৈ থাকক’ । ‘শিৰত সেন্দূৰ লৈয়ে যাতে পৰলোক প্রাপ্ত্বি হ’ব পাৰা’ - অৰ্থাৎ স্বামীৰ
আয়ুস যেন তোমাতকৈ দীঘল হয় ! পৰোক্ষ ভাবে ক’বলৈ হলে, স্বামীৰ দীৰ্ঘায়ুৰ বাবে মহিলালৈ বৰদান হ’ল সেন্দূৰ। এটি প্ৰচলিত ব্যাখ্যা অনুসৰি যি মহিলা ই
নিজৰ শিৰত সেন্দূৰ লয়, নাৰী শক্তিৰ আধাৰ
পাৰ্বতী আৰু সতীৰ হাত তেওঁৰ মূৰৰ ওপৰত সদায় পৰি থাকে । দেৱী পাৰ্বতীয়ে নিজৰ
স্বামীৰ সন্মানৰ হকে জীৱন আহুতি দিছিল । হিন্দু জ্যোতিষ শাস্ত্রৰ মতে, মেষ ৰাশি আমাৰ কপালত বিৰাজমান । মেষ
ৰাশিৰ স্বামী গ্ৰহ হ’ল মংগল । মংগল গ্রহৰ ৰং হ’ল ৰঙা । যিহেতু ৰঙা ৰঙটো মংগলজনক বুলি বিশ্বাস কৰা হয় - সেয়ে ৰঙা সেন্দূৰকপালত
আৰু সেওঁতাত ধাৰণ কৰা হয় । বহুলোকৰ মতে সেন্দূৰ
সৌভাগ্যৰো প্ৰতীক ।
এঠাইত পঢ়িবলৈ
পালোঁ - সেন্দূৰত পাৰা (Mercury) থাকে । পাৰা হ’ল ঔষধি গুণ সম্পন্ন ধাতু , যিয়ে মানসিক অৱসাদ, চাপ আতঁৰাই মগজুক তত্পৰ, সক্ৰিয় আৰু কাৰ্যক্ষম কৰে ।
এগৰাকী জীয়াৰী বিবাহৰ পিছত যেতিয়া এগৰাকী বোৱাৰী আৰু পত্নীলৈ উত্তৰণ হয় ; বহুতো দায়িত্ব, কৰ্তব্যৰ বোজা মূৰ পাতি লওঁতে নতুন
অজানা ঘৰখনত শংকিত হৈ পৰে । সেয়ে তেওঁৰ কপাল আৰু শিৰত সেন্দূৰ ল’বলৈ দিয়া হয় যাতে সেন্দূৰত থকা পাৰা (Mercury) ধাতুৱে কইনা গৰাকীৰ মন-মগজু শান্ত-শীতল, ধীৰমনা কৰি,
মানসিক প্ৰশান্তি দিয়ে ! ( এই
যুক্তি বৈজ্ঞানিক ভাবে কিমান শুদ্ধ –তাৰ ওপৰত মোৰ সন্দেহ আছে !)
এবাৰ বাতৰি কাকতত নিউ
জাৰ্চি চহৰৰ এহাল ভাৰতীয় দম্পত্তিৰ তেৰ
বছৰীয়া শিশু পুত্রই দৈনিক অলপ অলপ সেন্দূৰ ভক্ষণ কৰাৰ বাবে এক মাৰাত্মক
লীডৰ বিষক্রিয়াৰ সন্মুখীণ হোৱাৰ বাতৰিয়ে সকলোকে আচম্ভিত কৰিছিল । সেন্দূৰ সাধাৰণতে শিৰত আৰু কপালতহে লোৱা হয় – কোনো খাদ্যবস্তুতে সেন্দূৰ
মিহলি কৰা নহয় । কিন্তু কেনেকৈ সেন্দূৰ খাদ্যবস্তুৰ লগত মিশ্রিত হ’ল – সেই কথাৰ বিচাৰ খোচাৰ কৰোঁতেহে
প্রকৃত সত্যটো পোহৰলৈ আহিল । শিশুটেৰ মাতৃয়ে পৰিধান কৰা
শুকান সেন্দুৰৰ গুৰি সদায় শিশুটিৰ খাদ্যৰ
লগত যুক্ত হৈ পৰিছিল । ..
সেন্দূৰৰ এলাৰ্জিৰ বাবে কপালত ঘাঁ হোৱা -
চুলিৰ ফাঁকত লোৱা সেন্দূৰৰ
বাবে চুলি সৰি কপালত উকা চোতাল ওলাই যোৱা বহুতো মহিলা চকুত পৰে । কিন্তু তেওঁলোকে
সেন্দূৰৰ ব্যৱহাৰৰ কেতিয়াও বৰ্জন নকৰে । কৰিলে হয়তো পাপ লাগিব – পতিৰ অমংগল হ’ব – সমাজে বেয়া ভাবিব –
ইত্যাদি ভাবেৰে নিজৰ মনৰ ভিতৰত নিজক বন্দী কৰি লয় ।
নাৰীবাদী সকলে কয় যে সেন্দূৰ
বন্দীত্বৰ প্ৰতীক । নাৰী যুগে যুগে পুৰুষৰ গোলামী, অৱদমন, বশ্যতাৰ স্বীকাৰ হৈ আহিছে । বিবাহ দুটি শৰীৰৰ নহয়, আত্মাৰ মিলন । তেনে ক্ষেত্ৰত মহিলাই
পুৰুষৰ আয়ুস বঢ়োৱাৰ আহিলা হ’ব নোৱাৰে । এতিয়াও গাঁৱসমূহত দেখা
পোৱা যায় মহিলা এগৰাকীয়ে সেন্দূৰকণ নোলোৱাকৈ ঘৰৰ চাৰিবেৰ পাৰ নহয় । সাধাৰণতে গা-পা ধুইহে সেন্দূৰ লোৱাৰ নিয়ম । মহিলা এগৰাকীয়ে নিজৰ
গা-ধোৱা কাপোৰখিনি লগে লগে ধুই শুকুৱাবলৈ নিদিলে গিৰিয়েকৰ আয়ুস টুটে হেনো । মাহেকীয়া শৰীৰেৰে ৰান্ধি-বাঢ়ি
দিলে নাইবা সেই সময়ত গিৰিয়েকক স্পৰ্শ কৰিলে আয়ুস টুটে । সেই খিনি সময়ত সেন্দূৰ লোৱা
নিষেধ ! কাটাৰত থকা মোৰ এগৰাকী ভন্টি লেখিকা মল্লিকা কলিতাই কৈছিল : “সেন্দূৰকণৰ
কাৰণেই বাহিৰা দেশত আমাৰ এক সুকীয়া পৰিচয় আছে । এবাৰ পাৰ্কত বহি থাকোঁতে এগৰাকী
কাটাৰী মহিলাই মোৰ সেন্দূৰৰ ফালে চাই জানিব বিচাৰিছিল মই ভাৰতীয় হয়নে !” মল্লিকাই দূৰদৰ্শনৰ পৰ্দাত বিশিষ্ট সাংবাদিক আৰু লেখিকা মাইনি মহন্তৰ
মুখেৰে শুনা এটি মৰ্মন্তুদ ঘটনাও মোক কৈছিল । মাইনি মহন্ত বাইদেৱে কাহানিও সেন্দূৰ লোৱা নাই ; কিয়নো তেখেতৰ বৈদিক নিয়ম অনুযায়ী বিবাহ
হোৱা নাছিল । এবাৰ ঘৰৰ কাষৰ মহিলা এগৰাকীৰ পতি ঢুকালত মাইনি বাইদেউৰ বিধৱা মাতৃক মাতি লৈ যোৱা হৈছিল সেই মহিলা গৰাকীৰ শিৰৰ সেন্দুৰখিনি মহিলাগৰাকীৰ মৃত পতিৰ
ভৰিৰ বুঢ়া আঙুলিৰে মচি পেলাবলৈ । কাৰণ তেওঁলোকৰ নিয়ম মতে এগৰাকী সদ্য বিধবা নাৰীৰ শিৰৰ সেন্দূৰ আন
এগৰাকী বিধবা নাৰীয়ে মৃত পতিৰ ভৰিৰ বুঢ়া
আঙুলিৰে মোহাৰি দিব লাগে ! এই কাৰ্যত মাইনি বাইদেউৰ মাতৃয়ে দুখ পাইছিল আৰু তেতিয়াৰ
পৰা বাইদেউৰ অন্তৰতো এই প্ৰথাটোৰ প্ৰতি
ঘৃণা জন্মিছিল বুলি উল্লেখ কৰিছিল । তেখেতৰ যুক্তি- পতি ঢুকালে এগৰাকী মহিলাৰ সেন্দূৰখিনি
কাঢ়ি নিয়াৰ অধিকাৰ কাৰো নাই । বিধৱা এগৰাকীৰ জীৱন ৰঙহীন কৰাৰ নিষ্ঠুৰ আৰু অবিবেচক
কাণ্ড কাৰখানাই মাইনি মহন্ত বাইদেউৰ মনতো সেন্দুৰৰ প্ৰতি বিদ্বেষ ভাৱ আনে বুলি
জানিবলৈ পালোঁ । পতি
ঢুকোৱাৰ লগে লগে সেন্দূৰকণ মচি দিবলৈ আগবঢ়া হাতখন কিমান যে নিষ্ঠুৰ ! সঁচাই এয়া মহিলা এগৰাকীৰ বাবে
অতি নিৰ্দয় সামাজিক ব্যৱস্থা !
সন্তান ধাৰণ কৰাৰ পৰা, ল’ৰা-ছোৱালীৰ আলপৈচান ধৰা, ডাঙৰ দীঘল কৰা এখন ঘৰৰ বাবে
বছৰ বছৰ জুৰি দিন-ৰাতি
সমান কৰি অবিৰাম সেৱা আগবঢ়োৱা সেই ত্যাগী মহিলাগৰাকীৰ আয়ুস বঢ়াবলৈ আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত পিছে কোনো ৰীতি বা
প্রথা নাই !
সেন্দুৰৰ ব্যৱহাৰৰ সপক্ষে আৰু
বিপক্ষে অসমৰ কেইগৰাকীমান লেখক তথা সমাজ
সচেতন ব্যক্তিক প্রশ্ন কৰিছিলোঁ । বিশিষ্ট লেখক তথা প্রতিভাবান অভিযন্তা
দীপাংকৰমল্ল বৰুৱাই এই সম্পৰ্কে এনেদৰে মতামত আগবঢ়ায় : “যদিও সেন্দূৰ লোৱাটো এগৰাকী হিন্দু ধৰ্মাৱলম্বী নাৰীৰ বাবে এক
পৰম্পৰা বা নিয়মৰ ভিতৰত পৰে, তথাপিও মই সেন্দূৰ
লোৱা নোলোৱাটো এগৰাকী নাৰীৰ বাবে সম্পূৰ্ণ ব্যক্তিগত কথা বুলি গণ্য কৰোঁ । মোৰ
ব্যক্তিগত মতামত হ’ল, সেন্দূৰে এগৰাকী নাৰীক সমাজত
সুৰক্ষা আৰু আত্মবিশ্বাস প্ৰদান কৰে । শিৰত সেন্দূৰ দেখিলে বাটৰ
ৰোমিও সকলো আঁতৰি যায়। সেইদৰে সেন্দূৰে এগৰাকী বিবাহিতা নাৰীক সৌন্দৰ্য প্ৰদান কৰে। কিন্তু সেন্দূৰে যে মানুহৰ
বৈবাহিক জীৱনত প্ৰভাৱ পেলায়, সেই কথা মই
বিশ্বাস নকৰোঁ । বৈবাহিক জীৱনৰ আধাৰ হ’ল পৰস্পৰৰ ভাল
পোৱা আৰু বিশ্বাস। সেন্দূৰ লোৱা নোলোৱাৰ ওপৰত সেয়া নিৰ্ভৰ নকৰে। মই মোৰ পত্নীক মোৰ
নামত বা কেৱল মই জীয়াই থকা বুজাবলৈ সেন্দূৰ লোৱাটো নিবিচাৰোঁ । বৰং তেওঁ
নিজেই যদি সেন্দূৰৰ মৰ্যাদা
বুজি পায়, সেন্দূৰ ল’ব, নহ’লে লোৱাৰ
প্ৰয়োজন নাই। সেন্দূৰ নল’লে নাৰীসুলভতা নিশ্চয় কমি নাযায়।
কিন্তু মোৰ দৃষ্টিত সেন্দূৰ নোলোৱাটো এটা ফেশ্বন হোৱা উচিত নহয়। কোনো নাৰীয়ে যদি
নিজৰ বিবাহিতা পৰিচয় লুকুৱাবলৈ সেন্দূৰ নোলোৱাকৈ থাকে, তাত মোৰ আপত্তি আছে”।
জনপ্রিয় কবি তথা লেখিকা নিবেদিতা হাজৰিকাই বিবাহিত নাৰীয়ে সেন্দূৰ লোৱাৰ
সপক্ষে মতামত ব্যক্ত কৰিছিল এনেদৰে : “ (১) প্ৰথমেই ক'ব পাৰি এয়া আমাৰ এক পৰম্পৰা । হিন্দু ধৰ্ম
মতে বিবাহিত নাৰীৰ যি সেন্দূৰ লোৱা পৰম্পৰা সেই পৰম্পৰাৰ প্ৰতি সন্মান জনাই
বিবাহিত নাৰীয়ে সেন্দূৰ লোৱা উচিত । (২) মেখেলা-চাদৰ পৰিহিতা এগৰাকী অসমীয়া
বিবাহিত নাৰীৰ ব্যক্তিত্বলৈ শিৰৰ সেন্দূৰখিনিয়ে পূৰ্ণতা আনি দিয়ে। (৩) স্বামীৰ
মঙ্গল কামনা কৰি লোৱা শিৰৰ সেন্দূৰ খিনিয়ে এগৰাকী বোৱাৰীক অধিক উজ্জ্বল কৰি তোলে। সেন্দূৰ
পৰিধান কৰাৰ বিপক্ষে তেখেতৰ মতামত হ’ল - (১) মনৰ পবিত্ৰতা অবিহনে এগৰাকী
নাৰী পূৰ্ণ নহয় অথবা সেন্দূৰ খিনিয়ে তেওঁৰ সততা বা পবিত্ৰতাক প্ৰতিনিধিত্ব কৰিব
নোৱাৰে। (২) কেৱল শিৰৰ সেন্দূৰে স্বামীক ৰক্ষা কৰিব বুলি বা স্বামীভক্তি প্ৰকাশ
কৰিব বুলি ভবাটোৱেই এগৰাকী নাৰীৰ কৰ্তব্য নহয়....। স্বামীৰ
প্ৰতি থকা প্ৰকৃত ভালপোৱা, শ্ৰদ্ধা অটুত
ৰাখি
প্ৰতি খোজতে জীৱনৰ খলা-বমাত আগুৱাই
যোৱাত স্বামীক সহযোগ কৰিব পৰাটোহে প্ৰকৃত কৰ্তব্য এগৰাকী বিবাহিত নাৰীৰ। (৩) এটা
সময় আছিল নাৰীয়ে বিয়াৰ পিচত কেৱল মেখেলা চাদৰ বা শাৰী পৰিধান কৰিছিল । কিন্তু আজিকালি বিবিহিতা নাৰীয়ে নিজৰ সুবিধা অনুসৰিহে সাজপাৰ পৰিধান কৰে । স্বামীৰ প্রতি,পৰিয়ালৰ প্ৰতি এগৰাকী
নাৰীৰ যি দায়িত্ববোধ হোৱা উচিত সেয়া সেন্দূৰে নিশ্চয় দিব নোৱাৰে, সেয়ে ভাবো মনৰ দৃঢ়তাহে নাৰীৰ প্রকৃত
আভূষণ, সেন্দূৰ নহয়।”
সংবেদনশীল লেখিকা তথা কবি সাৰদা শ্রেষ্ঠাই এই বিষয়ে তেখেতৰ মতামত
এনেদৰে ব্যক্ত কৰিছিল :
“কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ একেষাৰে দিয়া টান । তেনেকৈয়ে -
বিবাহিতা নাৰীয়ে কিয় সেন্দূৰ পিন্ধিব লাগে- এই প্ৰশ্নটোৰ উত্তৰো একেষাৰে দিয়াটো মোৰ বাবে টান । এটা সময়ত
বিবাহিতা হিন্দু নাৰীয়ে কপাল আৰু শিৰত সেন্দূৰ
অলংকৃত কৰাটো বাধ্যতামূলক আছিল । বিশ্বাস আছিল যে নাৰীৰ শিৰৰ সেন্দুৰে স্বামীৰ
দীৰ্ঘায়ু সূচনা কৰে । সেয়ে আজিও বহু হিন্দু নাৰীয়ে শিৰত দীঘলকৈ সেন্দূৰ লয় । এইটো
ঠিক যে সেন্দূৰে নাৰী গৰাকীৰ সৌন্দৰ্য আৰু কমনীয়তা বহু পৰিমাণে ফুটাই তোলে । মই শুনামতে সেন্দূৰৰ ঔষধি গুণো
আছে, সেইবাবেই পৰম্পৰাগতভাবে যুগৰ পিছত
যুগ এই দ্ৰব্যবিধ হিন্দু নাৰীয়ে ব্যৱহাৰ কৰি আহিছে । কিন্তু বৰ্তমান বজাৰত যি সেন্দূৰ
কিনিবলৈ পোৱা যায় সি হেনো ছালৰ অপকাৰহে কৰে । যেনেকৈ পুৰণি কালত বসন্তকালত হোলী
উত্সৱত যি ৰঙ ৰস ব্যৱহাৰ হৈছিল, সেইবোৰ আছিল
প্ৰাকৃতিক আৰু বসন্তকালত সেইবোৰ ৰঙৰ ব্যৱহাৰে
বহু বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰিছিল । কিন্তু আজি বজাৰত পোৱা ৰংবোৰে আমাৰ ছালৰ
উপকাৰতো নকৰেই বৰং ই ক্ষতিকৰ বুলি বিবেচিত হৈছে । সেইফালৰ পৰা চাবলৈ গলে, আজি সেন্দূৰ লোৱাতো অনিষ্টকাৰকহে । কেৱল শোভাবৰ্ধনৰ বাবে সেন্দূৰ পিন্ধি
নিজৰ ক্ষতি কৰাক যুক্তি মানি লবলৈ টান ।আকৌ, কিছুমান কথাই এখন সংসাৰ ধ্বংস কৰিব পাৰে, কাৰোবাক অহিত কৰিবলৈ অনুপ্ৰেৰণা
দিব পাৰে । বহু সময়ত নাৰীয়ে সেন্দূৰ শিৰত লৈ নিজকে সুৰক্ষিত অনুভব কৰে ।”
আন
এগৰাকী অতি অনুভৱী কবি , গল্পকাৰ , অভিযন্তা
মৌচুমী বৰিয়ে অতি সুন্দৰ ভাবে
তেওঁৰ মতামত এনেদৰে দিছিল :
“সেন্দূৰৰ স'তে প্ৰথম
চিনাকী হৈছিলো মায়ে যেতিয়া সেন্দূৰ লয় ৷ মাক খুব ধুনীয়া দেখিছিলো সেন্দূৰ লোৱা
মুখখনেৰে ,
আজিও ধুনীয়া দেখো ৷ মোৰ
সৰুবাইদেৱে যেতিয়া বিয়া হৈ প্ৰথমবাৰ ঘৰলৈ আহিছিল কপালত ডাঙৰকৈ লোৱা সেন্দূৰৰ
ফোটটোৰে বাইদেউক পূৰ্ণিমাৰ জোনজনীৰ দৰে লাগিছিল৷ গতিকে সেন্দূৰৰ প্ৰতি এটা ভাল
ধাৰণা মোৰ মনত গঢ লৈ উঠিছিল ৷ সেন্দূৰৰ পবিত্ৰতাই মুগ্ধ কৰিছিল, সেন্দূৰকণক সন্মান কৰিছিলোঁ ৷ এদিন মই , বান্ধৱী পাপৰিৰ সতে কৰবালৈ গৈ
থাকোঁতে পাপৰিৰ শৈশৱৰ বান্ধৱী বুবিক লগ পাইছিলো ৷ বুবিয়ে ঘৰৰ অমতত ভালপোৱা ল'ৰাটোৰ লগত বিয়া সোমাইছিল ৷
সেইদিনা বুবিক বিয়া হোৱা সত্বেও সেন্দূৰ লোৱা নেদেখি বুবি যোৱাৰ পিছত পাপৰিক
সুধিছিলো তাই কিয় সেন্দূৰ লোৱা নাই? পাপৰিয়ে মোক কৈছিল - " তুমি এতিয়াও আধুনিক হোৱা নাই ! তুমি
নাজানানে আজিকালিৰ বিয়া হোৱা ছোৱালীয়ে সেন্দূৰ নলয় ?" পাপৰিৰ কথা শুনি মই মনত বৰ দুখ
পাইছিলো ৷ মই যেন বহু পিছপৰি ৰ'লো ; গাঁৱলীয়া ভূত!! মই মুখেৰে একো
কোৱা নাছিলো তাইক ৷ কিন্তু মনতে
ভাবিছিলো তাই যিখন সমাজত ডাঙৰ হৈছে সেইখন সমাজে তাই সেন্দূৰ নললে সুদাই এৰিবনে ? জোৰোণত শাহুৱে যেতিয়া তাইক
সেন্দূৰ দিব, তাই নলওঁ বুলি কব পাৰিবনে ? এতিয়া দেখো, পাপৰিয়ে
অস্পষ্টকৈ হ'লেও সেন্দূৰৰ ৰেখা এডাল টানে ৷
এবাৰ আমাৰ অফিচলৈ DGM চাৰ আহিছিল পৰিবাৰক লৈ ৷ পৰিবাৰে সেন্দূৰ লোৱা নাছিল আৰু তেওঁ
সেন্দূৰ নোলোৱা দেখি আমাৰ অফিচত তেওঁলোকে গম নোপোৱাকৈ সকলোৱে বু বু বা বা কৰিছিল ‘চাৰে
মুছলিম মহিলা বিয়া পাতিলে’ ৷ এজনেটো বেলেগ এজনলৈ ফোন মাৰি সুধিলেই চাৰৰ পৰিবাৰ
মুছলিম নেকি!! ফোনত সিটো পাৰৰ ব্যক্তিজনে ক'লে --" মুছলিম নহয়! এইয়া আজিকালিৰ ফেশ্বন!!" এগৰাকী
বিবাহিতা মহিলাৰ যেতিয়া পুৰুষজনৰ মৃত্যু হয় তেতিয়া মহিলা গৰাকীৰ সেন্দূৰকণ আঁতৰাই
দিয়া হয় ৷ যি সেন্দূৰে এদিন মহিলা গৰাকীক উজ্জ্বল, ধুনীয়া কৰি ৰাখিছিল সেই মহিলাগৰাকী পুৰুষজনৰ মৃত্যুৰ পিছত হঠাতে
বাহিৰে ভিতৰে বিবৰ্ণ হৈ পৰে ৷ সেই মহিলাগৰাকীক ইমানেই ৰংহীন দেখাই যে হৃদয় মোচৰ
খাই যায় ৷ সেই দৃষ্টিকোণৰ পৰা চালে সেন্দূৰৰ বিৰোধিতা নুই কৰিব নোৱাৰি ৷ এগৰাকী মহিলাই
সেন্দূৰকণ লৈ বাহ্যিকভাৱে নিজৰ জীৱনৰ পুৰুষজনৰ অস্তিত্বক কঢিয়াই লৈ ফুৰে ৷ কিন্তু
পুৰুষজনে নিজৰ মানুহজনীৰ বাবে বাহ্যিকভাৱে অস্তিত্ব কঢ়িওৱাৰ কিবা চিহ্ন আছেনে ? এজন পুৰুষক সমাজে বহু স্বাধীনতা
দিয়ে কিন্তু সেই একেই স্বাধীনতা মহিলাগৰাকীৰ ক্ষেত্ৰত কিয় বাধা
হৈ পৰে ? আজিকালিৰ নগৰকেন্দ্ৰিক সমাজত
বেছিভাগ মহিলাই সেন্দূৰ নলয়.... এইয়া যুগৰ পৰিৱৰ্তন, মনৰ পৰিৱৰ্তন, আধুনিকতাৰ চাপ
যিয়েই নাম নিদিওঁ কিয় ৷ কিছু মহিলাই সেন্দূৰৰ বাবে এলাৰ্জী হয় বুলিও সেন্দূৰ নলয় ৷”
সম্ভাৱনাপূৰ্ণ হাস্য-ব্যংগ ৰচনাকাৰ , লেখক যুব অভিযন্তা
ঈশানজ্যোতি বৰাই তেওঁৰ স্বভাৱজাত স্পষ্টবাদীতাৰে উত্তৰ
দিছিল :
“পুৰুষপ্ৰধান সমাজ-ব্যৱস্থাই 'পৰম্পৰা'ৰ আশ্ৰয় লৈ
কেতবোৰ অস্থিচৰ্মসাৰশূন্য নীতি-নিয়ম সৃষ্টিৰে নাৰীক সদায় 'পাতৰ তলত' ৰাখিবলৈ
চেষ্টাৰ ক্ৰটি কৰা নাই ৷ কোৱাটো নিষ্প্ৰয়োজন,সেন্দূৰ লোৱা নিয়মটোও সমাজত খোপনি
পুতি থকা 'পৰম্পৰা' নামৰ অতিকায় গছজোপাৰ আন এটা 'ফল' ৷ ফল খোৱা সকল
সমাজত স্বীকৃতি পায় ভদ্ৰ, ধাৰ্মিক আৰু পতিব্ৰতা মহিলা হিচাপে- লাগিলে মহিলাৰ কপালৰ সেন্দূৰ
গৈ কোনো আধুনিক 'জেন্টলমেন'ৰ চোলাতেই জিলিকি নাথাকক কিয় ৷ সেইবোৰ সমাজৰ বিচাৰ্য বিষয় নহয়
৷ সিপিনে,'ফল' নোখোৱা
মহিলাসকলক 'পৰম্পৰা' গছজোপাৰ ৰখীয়াসকলে চকু বহল কৰি চায় ৷ তাতেই ক্ষান্ত নাথাকে 'যুক্তিবাদ'ৰ
আদ্য-শ্ৰাদ্ধত অগ্ৰণী ভূমিকা লোৱা মহানুভৱ ৰখীয়াসকলে সেন্দূৰলোৱাৰ সপক্ষে কেইবাটাও
'নাপায়' মন্তব্য পোষণ
কৰে ৷ কোনোৱে কয় বোলে-কপালৰ সেন্দুৰকণে অসমীয়া বিবাহিতা মহিলা এগৰাকীক অইন জাতিৰ
মানুহৰ পৰা পৃথক কৰে ৷ এইয়া এক অলঙ্কাৰ ৷ এইয়া আমাৰ সংস্কৃতি(?)ৰ চিহ্ন ৷
পিছে জাতীয়,ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সৱলভাৱে
প্ৰতিনিধিত্ব কৰা অসমীয়া মহিলা এগৰাকীৰ কপাল উকা হৈ থাকিলে আমি তেওঁক সংস্কৃতিৰ অৱমাননা
কৰিছে বুলি ক'ম নেকি ? যুগ যুগ ধৰি চলি অহা পৰম্পৰাক তেওঁ কুঠাৰাঘাত কৰিছে বুলি
মতামত আগবঢ়াম নেকি ! মোৰ বোধেৰে, আমাৰ তথাকথিত 'আধুনিক' সমাজখনে 'পৰম্পৰা'ৰ গছডালত
সাৰ-পানীৰ যোগান ধৰি সংস্কৃতি ৰক্ষাৰ অহোপুৰুষাৰ্থ কৰি থকাতকৈ নাৰী জাতিৰ সুপ্ত হৈ
থকা প্ৰতিভাখিনিক জগতৰ সমুখত উপস্থাপনৰ হেতু অনুপ্ৰেৰণা আগবঢ়ালে ক্ৰমাৎ বেঁকা হৈ
যোৱা জাতিটোৰ কঁকালটো অদূৰ ভৱিষ্যতে পোন হৈ উঠাৰ সম্ভাৱনা আছে ৷”
মই নিজে সেন্দূৰ শৃংগাৰ হিচাপেহে ব্যৱহাৰ কৰোঁ । বিবাহৰ পিছত ন-কইনা হৈ
থাকোঁতে হেঁপাহ পলুৱাই সেন্দূৰ লৈছিলোঁ ।
শিৰৰ ৰঙা সেন্দূৰৰ পৰিমাণ সৰহ কৰি লৈ পতিৰ প্রতি যেন সৰহ মৰম ভালপোৱা প্রকাশ কৰিবলৈ বিচৰিছিলোঁ ! কোনো দিনে সেন্দুৰক কোনো দৈৱিক বস্তু বুলি ভৱা নাছিলোঁ । সেন্দূৰ ললে পতিৰ মংগল হ’ব , নললে অমংগল হ’ব – এনে ভাবো মনলৈ অহা নাছিল । মাত্র মনৰ আনন্দ আৰু ভালপোৱাৰ প্রকাশ কৰিব বিচাৰিছিলোঁ । শিৰৰ
সেন্দূৰেৰে মই যেন তেওঁক ক’ব বিচাৰিছিলো : “চোৱা , তোমাৰ মৰমবোৰে মোৰ জীৱনটো
এনেকৈয়ে ৰঙীণ কৰি ৰাখিছে !” বছৰ বাগৰাৰ লগে লগে আমাৰ পতি পত্নীৰ মাজত মৰম, ভালপোৱা, বুজাবুজিও বাঢ়িল । ইজনে সিজনৰ মুখখন চালেই সকলো কথা বুজি পাওঁ । শিৰৰ সেন্দুৰৰ জড়িয়তে মৰম ভালপোৱা প্রকাশ নকৰিলেও হয় বুলি অনুভৱ কৰাৰ লগতে সেন্দুৰে ছালত এলাৰ্জীৰ সৃষ্টি কৰাত সেন্দূৰ লোৱা বন্ধ কৰিলোঁ । সেন্দূৰ নলগোৱাৰ বাবে নিজকে বেছি আধুনিক বা ৰঙহীন যেনো অনুভৱ কৰা নাই । সেন্দূৰ নোলোৱাৰ বাবে মই বাস কৰা সমাজখনৰ কাৰো কু-দৃষ্টিৰো সন্মুখীন হোৱা নাই । সেন্দূৰ বা বাহিৰা কোনোৱা আভুষণে কেতিয়াও কাকো সুৰক্ষা, শক্তি বা ৰঙ দিব নোৱাৰে । আচল শক্তি, ৰং বা পবিত্রতা নিজৰ মনৰ মাজত আৰু নিজৰ আচাৰ ব্যৱহাৰতহে থাকে । সেয়ে সময় থাকোঁতেই আমাৰ নাৰীসকলে এই কথাষাৰ হৃদয়ংগম কৰিলে আত্মোকৰ্ষৰ পথ অধিক মসৃণ হ’ব । শেষত জনপ্রিয় লেখিকা , অভিনেত্রী ড0 আকাশীতৰা শইকীয়া বাইদেউৰ কথা এষাৰ
সমৰ্থন কৰি উদ্ধৃতি দিলোঁ :
“নাৰীৰ বাবে সেন্দূৰকণ অলংকাৰহে, বিশ্বাস আৰু প্ৰেমহে আচল কথা ”--
**************************************
No comments:
Post a Comment