উপসংহাৰ : বিশ্বৰ সকলোতকৈ ধনী আৰু সফল উদ্যোগপতিসকলৰ নাম লওঁতেই আমাৰ মনলৈ প্রথমেই আহে উদ্যোগপতি ঘনশ্যাম দাস বিৰলাৰ নাম ! ভাৰতৰ সকলোতকৈ অগ্রনী ঔদ্যোগিক গোট বিৰলাৰ প্রতিষ্ঠাপক ঘনশ্যাম দাস বিৰলাক আমি কেৱল উদ্যোগপতি হিচাপেই নহয় , এজন দেশভক্ত আৰু সৎ ব্যক্তি ৰূপেও জানো ! ঘনশ্যাম দাস বিৰলাই তেখেতৰ পুত্র বসন্ত কুমাৰ বিৰলালৈ ১৯৩৪ চনত লিখা চিঠিখন বিশ্বৰ এখন অন্যতম শ্রেষ্ঠ চিঠি বুলি স্বীকৃত হৈছে । প্রকৃততে আব্রাহম লিংকনে তেখেতৰ পুত্রৰ শিক্ষকলৈ লিখা চিঠি আৰু ঘনশ্যাম দাস বিৰলাই তেখেতৰ পুত্রলৈ লিখা চিঠি- এই দুইখন চিঠিক বিশ্বৰ সকলোতলৈ প্রেৰণা দায়ক চিঠি বুলি জনা যায় । আজি আমাৰ চিঠিগোটৰ সমূহ সদস্যক ঘনশ্যাম দাস বিৰলাৰ এই অমূল্য চিঠিখনৰ মই কৰা অসমীয়া অনুবাদৰ ক্ষুদ্র প্রয়াসটো পঢ়ি চাবলৈ অনুৰোধ কৰিলোঁ !
মৰমৰ বসন্ত,
আশাকৰোঁ মই আজি লিখা এই চিঠিখন তুমি ডাঙৰ হৈ এজন বৃদ্ধ ব্যক্তি হোৱাৰ পিছতো পঢ়িবা ! কাৰণ আজি মই তোমালৈ যি লিখিম , মোৰ জীৱনৰ গভীৰ অনুভৱ আৰু সঁচা অভিজ্ঞতাৰ ভিত্তিতহে লিখিম । মনুষ্য জন্ম সঁচাই দুৰ্লভ । কিন্তু এই মনুষ্য জন্ম লাভ কৰিও যি নিজৰ শৰীৰটোৰ দুৰূপযোগ কৰে, তেনে মনুষ্য জন্ম পশুতুল্য ! আমাৰ পৰা তুমি প্রচুৰ সা-সুবিধা আৰু আৰ্থিক সম্পদ পাবা । কিন্তু যদি তুমি সেই সম্পদসমূহক আনৰ সহায় বা কল্যাণৰ বাবে ব্যৱহাৰ নকৰি কেৱল নিজৰ সুখ- আনন্দৰ বাবে ব্যৱহাৰ কৰা , তেনে সেই সম্পদ অৰ্থহীন আৰু চয়তানৰ ক’লা অস্ত্র বুলিহে পৰিগণিত হ’ব ।
বাচা, জীৱনত তুমি কেইটামান কথা সদায় মনত ৰাখিবা –
১. ধন সম্পত্তি অৰ্থহীন ভোগ বিলাসত ব্যয় নকৰিবা । ৰাৱনে নিজৰ ৰাজকোষৰ ধন কেৱল ভোগ লালসাত বোৱাই দিছিল । কিন্তু জনক ৰজাই নিজৰ সম্পত্তি জনতাৰ কল্যাণৰ বাবে খৰচ কৰি নিজেও সাধাৰণ জীৱন যাপন কৰিছিল । সেয়ে জনক ৰজা সকলোতকৈ মহান ৰজা বুলি বুৰঞ্জীত পৰিগণিত হৈছে ! ধন সম্পত্তি কেতিয়াও স্থায়ী নহয় । আজি আছে – কালি নাই ! কিন্তু মানুহৰ সুকৰ্ম সদায় স্থায়ী । ধন সম্পত্তিৰ এটি ক্ষুদ্র অংশ – যি অংশৰে নিজৰ সকলো প্রয়োজন পুৰাব পাৰি – মাত্র সেইখিনিকে ৰাখি , বাকী অতিৰিক্ত অংশ দুখীয়া জনগণৰ কল্যাণৰ বাবে খৰচ কৰিবা ।
২. ধনে ক্ষমতাক আকৰ্ষণ কৰে । ক্ষমতাই মানুহক অহংকাৰী আৰু অন্ধ কৰে । গতিকে ধন সম্পত্তিৰ পৰা উদ্ভৱ হ’ব পৰা অহংকাৰ আৰু উদ্ধত ভাবৰ পৰা বাচি চলিবা! মনত ৰাখিবা – অহংকাৰেই পতনৰ মূল !
২. ধনে ক্ষমতাক আকৰ্ষণ কৰে । ক্ষমতাই মানুহক অহংকাৰী আৰু অন্ধ কৰে । গতিকে ধন সম্পত্তিৰ পৰা উদ্ভৱ হ’ব পৰা অহংকাৰ আৰু উদ্ধত ভাবৰ পৰা বাচি চলিবা! মনত ৰাখিবা – অহংকাৰেই পতনৰ মূল !
৩. তোমাৰ লৰা-ছোৱালীকো এইটো শিক্ষা দিবা যে চকু মুদি এগাল ধন খৰচ কৰি এটা আৰামৰ আৰু বিলাসী জীৱন কটোৱাটো পাপ । যদি তোমাৰ লৰা-ছোৱালীয়ে সম্পত্তিৰ অপব্যৱহাৰ কৰে , কেৱল নিজৰ ভোগ বিলাসত অৰ্থ খৰচ কৰে , তেনে তেওঁলোকক আমাৰ এই ব্যৱসায় আৰু সম্পত্তিৰ ভাগ নিদিবা । বৰঞ্চ আমাৰ এই সম্পত্তি দুখীয়া জনগণৰ মাজত বিলাই দিবা ।
৪. মনত ৰাখিবা- তুমি এই সম্পত্তি এই সাধাৰণ জনতাৰ শ্রমৰ বিনিময়তহে আৰ্জন কৰিছা , সেয়ে এই সম্পত্তি তুমি কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰা ।
৫. ভগবানক কেতিয়াও পাহৰি নাযাবা । কাৰণ তেওঁহে তোমাক সঠিক জ্ঞান দিব ।
৬. তোমাৰ সকলো ঈন্দ্রিয় নিজৰ নিয়ন্ত্রণত ৰাখিবা । কিন্তু তুমি যদি ঈন্দ্রিয়ৰ দ্বাৰা নিয়ন্ত্রিত হোৱা, তেন্তে এদিন কোনোৱা অন্ধকাৰ খাৱৈত পৰিবা । গতিকে সাৱধান হ'বা !
৭. সদায় নিয়মিত ভাবে শাৰীৰিক পৰিশ্রম কৰিবা ।
৮. নিজৰ খাদ্য অভ্যাসৰ ওপৰত চকু ৰাখিবা । মনত ৰাখিবা “ তুমি জীয়াই থাকিবলৈহে খোৱা , খাবৰ বাবে জীয়াই নাথাকা !”
ইতি ,
তোমাৰ দেউতা
ঘনশ্যামদাস বিৰলা !
তোমাৰ দেউতা
ঘনশ্যামদাস বিৰলা !
No comments:
Post a Comment