মৰমৰ ভাইটি প্রণৱ, Pronab Xoikia
মৰমবোৰ ল’বা। মৰমবোৰ ল’বা । তোমাক “ভালনে” বুলি নুসোধো – কাৰণ মই জানো, তুমি অসুস্থ হৈ আছা । তোমাৰ মনটো অসুখী হৈ আছে - সেয়ে তুমি অসুস্থ ! আজি তোমাৰ জন্মদিন । জন্মদিনৰ মুঠি মুঠি শুভকামনা তুমি বহুতৰ পৰা পাইছা/পাবা – তথাপিও তুমি সুখী হ’ব নুখোজা – কাৰণ তুমি তোমাৰ সুখী হোৱাৰ পথত “ ন’ এন্টি” ফলক লগাই থৈছা ! এয়া তুমি নিজেই কৈছা। যেতিয়ালৈকে তোমাক তোমাৰ জোনবায়ে শুভকামনা নজনায় ,তেতিয়ালৈকে সুখী নহওঁ বুলি তুমি সিদ্ধান্ত লৈ থৈছা । আচলতে কি জানা প্রণৱ , এই যে দুখ সুখ , প্রেম , মৰম , ঘৃণা – এই সকলো অনুভূতিয়ে আমাৰ জীৱনত আমি বিচাৰাৰ দৰেই ক্রিয়া কৰে । আমি যদি সিদ্ধান্ত লওঁ “ যিকোনো পৰিস্থিতেই মই সুখী হমেই” - তেতিয়া আমাক দুখে কেতিয়াও কাবু কৰিব নোৱাৰে । প্রেমে প্রেমৰ জন্ম দিয়ে – ঘৃণাই ঘৃণাক জন্ম দিয়ে । সঁচা কথা, কাৰোবাৰ বিশ্বাসঘাটকতাৰ বিনিময়ত বিশ্বাস দিয়া , কাৰোবাৰ ঘৃণাৰ বিনিময়ত মৰম দিয়া – এইবোৰ কথা ক’বলৈ বৰ সহজ- কিন্তু বাস্তৱত ৰূপায়ণ কৰিবলৈ বৰ টান কাম । কেৱল মানসিক ভাবে শক্তিশালী ব্যক্তিয়েহে এনে কাম কৰিব পাৰে – আৰু মই তোমাৰ সেই মানসিক শক্তি আছে বুলিয়েই ভাবো । এতিয়া তুমি হয়তো মোক সুধিবা “ মোক বিশ্বাসঘাটকতা কৰা, ঘৃণা কৰা বন্ধুবোৰক ক্ষমা কৰি গ’লে সিহঁতি মোক দুৰ্বল বুলি ভাবি সদায় অনিষ্ট কৰি থাকিব ।” কিন্তু তোমাৰ প্রশ্নৰ উত্তৰত মই কি কম জানা : তুমি যেতিয়া সেই বিশ্বাসঘাটকতা কৰা বন্ধুবোৰক ক্ষমা কৰা , সেই সময়ত তুমি প্রকৃততে তোমাৰ নিজৰ হৃদয়খনক ঘৃণা নামৰ বিষাক্ত কীটটোৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা । তুমি ক্ষমা কৰা বন্ধুজনৰ লগত পুনৰ আগৰ দৰে সম্পৰ্ক নাৰাখিলেও অন্ততঃ বিতৃষ্ঞা ভাব নাৰাখিবা । বন্ধুজনৰ পৰা পোৱা এই ব্যৱহাৰখিনি জীৱনৰ এটা পাঠ হিচাপে মনত ৰাখিবা ।....
প্রণৱ, তুমি তোমাৰ লক্ষৰ পথত আগবাঢ়ি যাওঁতে বিষাক্ত জাৱৰ জোথৰ আবৰ্জনা বহুত পাবা – সেইবুলিয়েই তুমি পাচ হোহুকি যাবা জানো ! সেই জাবৰবোৰ আঁতৰাই আগবাঢ়ি যোৱাচোন । হাতত দুই এডাল কায়েটে বিন্ধিব – তোমাৰ ৰক্তক্ষৰণো হ’ব – তথাপিও আগবাঢ়ি যোৱাচোন । তোমাক দেখি আৰু দুই এজন আগবাঢ়ি আহি সেই জাবৰবোৰ আঁতৰ কৰাত তোমাক সহায় কৰিব। শেষত দেখিবা তোমাৰ পথ কিমান সুন্দৰ হৈ পৰিছে । আৰু যদি তোমাৰ পথত কোনো নাহেও, হতাশ হ’বৰ কি প্রয়োজন । তোমাৰ পথ যদি শুদ্ধ আৰু সত্য বুলি জানা তেনে অকলেই আগবাঢ়া । কবিগুৰুৰ “একলা চলো” গানটো মনত পেলোৱাচোন । …

এইখিনিতে তোমাক এটা কাহিনী ক’বলৈ মন গৈছে । এটা ৰুমত চাৰিগছি চাকি জ্বলি আছিল । প্রথম চাকিগছি হ’ল – শান্তি , ২য় চাকিগছি হ’ল – বিশ্বাস , ৩য় চাকিগছি হ’ল –প্রেম আৰু ৪ৰ্থ চাকিগছি হ’ল – আশা । চাৰিওটা চাকিৰ কোমল স্নিগ্ধ পোহৰত গোটেই ৰুমটো সুন্দৰ আৰু উজ্জ্বল হৈ আছিল । হঠাৎ প্রথম চাকিখনৰ গাত এচাটি বতাহ আহি লাগিল – সেই বতাহ চাটিৰ নাম হ’ল অশান্তি । অশান্তিৰ বতাহজাকে শান্তিৰ চাকিগছি নুমোৱাই পেলালে । তেনেতে আন এচাটি বতাহ আহিল – যিচাটি বতাহৰ নাম বিশ্বাসঘাটকতা – সেই বতাহচাটিয়ে “বিশ্বাস” নামৰ উজ্জ্বল চাকিগছি নুমোৱাই পেলালে । তেনেতে আকৌ এচাটি বতাহ আহিল – সেই বতাহচাটিৰ নাম হ’ল _ “ঘৃণা”। সেই বতাহচাটিয়ে হাঁহি হাঁহি জ্বলি থকা প্রেম নামৰ চাকি গছি নিষ্ঠুৰভাবে নুমোৱাই পেলালে । এনেতে এটা সৰু লৰা ৰুমটোলৈ সোমাই আহিল । ৰুমটোত জ্বলি থকা শেষ চাকিগছিৰ ওচৰলৈ গৈ সি সুধিলে : “এই তিনিও গছি চাকি নুমাই গ’ল । তুমিনো কেনেকৈ জ্বলি আছা ?” তেতিয়া সেই জ্বলি থকা চাকিগছিয়ে ক’লে । “ মই জ্বলি আছো নুমাই যোৱা বাকী কেই গছি চাকিক পুনৰ জ্বলাবলৈ । মোৰ নাম আশা । তুমি মোক ডাঙি লৈ এটা এটা কৈ বাকী তিনিওটা চাকিক জ্বলাই দিয়া ।” সৰু লৰাটোৱে তাকেই কৰিলে। আটাই কেই গছি চাকি জ্বলি উঠাত ৰুমটো পুনৰ আগৰ দৰে উজ্জ্বল হৈ উঠিল । অশান্তি , বিশ্বাসঘাটকতা আৰু ঘৃণাৰ বতাহে যিমান বাৰেই শান্তি, বিশ্বাস আৰু প্রেমৰ চাকি নুমাই দিয়ে ,সিমানবাৰেই জ্বলি জ্বলি শেষ নোহোৱা পৰ্যন্ত আশাৰ চাকিগছিয়ে সিহঁতক জ্বলাই ৰাখিলে ।
প্রণৱ, আশাৰ প্রদীপ জ্বলাই তোমাৰ জীৱনটো পুনৰ উজ্জ্বল কৰা । মৃত্যু আৰু হতাশাৰ কথা কেতিয়াও নক’বা আৰু নিলিখিবা । মোক নিস্বাৰ্থভাবে ভালপোৱা আৰু সন্মান কৰা মুষ্টিমেয় ভাতৃ কেইজনমানৰ ভিতৰত তুমি এজন । সেয়ে তোমাৰ জন্মদিনত আশাৰ চাকি গছি জ্বলাই মই ৰৈ আছো – তোমাৰ পৰা আনন্দৰ , প্রেমৰ আৰু বিশ্বাসৰ নানা সৃষ্টিশীল কাম আৰু লিখনি পাবলৈ বুলি ।

যিকোনো পৰিস্থিতিতেই সুখী হোৱা – এই প্রাৰ্থনা সদায় আছে তোমালৈ ....
শেষত পুনৰ কৈছো "শুভ জন্মদিন - বাৰে বাৰে আহক এই শুভদিন ... "
শেষত পুনৰ কৈছো "শুভ জন্মদিন - বাৰে বাৰে আহক এই শুভদিন ... "
উত্তৰ দিবা
ইতি,
তোমাৰ
অনুপমা বা
নয়ডা
২৮/১১/১৪
ইতি,
তোমাৰ
অনুপমা বা
নয়ডা
২৮/১১/১৪
No comments:
Post a Comment