Wednesday, 10 June 2015

চিঠি --মল্লিকালৈ

মৰমৰ মল্লিকা,
বহুত বহুত মৰম ল’বা । আশাকৰো ভালে আছা । তোমালৈ চিঠি এখন লিখিম লিখিম বুলি ভাবিও “এলাহ” (!)ৰ বাবে লিখা হোৱা আছিল । আচলতে কাম এটা কৰিবলৈ আমাক তীব্র ইচ্ছা এটা লাগে । ইচ্ছাৰ এজাক তীব্র বতাহে সকলো বাধা বিঘিনিক ধূলিকণা এটাৰ দৰেই উৰুৱাই নিয়ে । বাধা- বিঘিনি সকলোৰে জীৱনত থাকে । এই বাধা- বিঘিনিবোৰ নিয়ন্ত্রণ কৰাৰ ক্ষমতা আমাৰ হাতত নাই । কিন্তু ইচ্ছা ৰুপী বতাহজাকক তীব্র কৰি ইয়াক ধূলিকণাৰ দৰে উৰুৱাই দিয়াৰ ক্ষমতা আমাৰ হাততে আছে । আজি ময়ো মোৰ মনৰ ভিতৰত থকা ইচ্ছাৰ বতাহজাকক তীব্রভাবে চলিবলৈ দিছোঁ । দেওঁবাৰৰ অলস দুপৰীয়াটোত পৰিয়ালৰ সকলোৰে লগত একেলগে বহি হাস্য লঘু চিনেমা এখন উপভোগ কৰাৰ পৰা আঁতৰি কম্পিউটাৰৰ কি বৰ্ডত হাত বুলাই আছোঁ – তোমালৈ বুলি মোৰ মনৰ ভাববোৰ জনাবলৈ …..
মল্লিকা, সিদিনা তুমি সৰস্বতী পূজাই আধ্যাত্মিকতা হেৰুৱাইছে নেকি বুলি প্রশ্ন এটা তুলিছিলা । আচলতে সৰস্বতী পূজা বা কোনোবা উৎসৱ , দিৱস উদযাপনৰ সময়ত ফেচবুক বা টি ভি সকলোতে এই সন্দৰ্ভত আলোচনাবোৰ দেখি শুনি বৰ বিৰক্ত হৈ পৰোঁ ! সেয়ে এই সন্দৰ্ভত মই কোনো মতামত নিদিওঁ । পূজা বা উৎসৱবোৰ পাৰ হৈ যোৱাৰ কেইদিনমানৰ পাছতে সকলো মানুহে সংশোধনৰ কথাবোৰ পাহৰি যায় । আজিকালি প্রতিটো উৎসৱ, পূজা, পৰম্পৰাৰ লগত কিছুমান বিতৰ্কৰ সৃষ্টি হয় । বহুবোৰ গুণী –জ্ঞানী সমাজ সচেতন ব্যক্তিয়ে গহীন গহীন আলোচনা কৰে আৰু পাহৰি যায় ।বৰ্তমানলৈকে কাৰ্যক্ষেত্রত ক’তো একো সংশোধন বা যোগাত্মক পৰিবৰ্তন দেখা পোৱা নাই । বৰঞ্চ উৎসৱ, পূজা, পৰম্পৰাবোৰ দিনে দিনে অধিক অমনোগ্রাহী বা বিকৃত হৈ পৰা যেনহে অনুভৱ কৰিছোঁ ! মই সৰুৰে পৰা সৰস্বতীক পূজা কৰা নাছিলোঁ । কিন্তু সেইদিনা স্কুল বা কলেজত হোৱা সকলো কাৰ্যসূচীত আনন্দৰে অংশগ্রহণ কৰিছিলোঁ । পূজাৰ কেইদিন মান পূৰ্বৰ পৰাই কি কাপোৰ পিন্ধিম , কোনটো ষ্টুডিঅ’ত ফটো উঠিম – এইবোৰ আলোচনা চলিছিল । নিজৰ বুলি মেখেলা চাদৰ এযোৰা নাছিলেই । গতিকে মা বা ডাঙৰ বাইদেউৰ কাপোৰ বিচাৰি কাকূতি মিনতি কৰিব লাগিছিল । মোতকৈ ওপৰৰ শ্রেণীত পঢ়া বাইদেউজনীয়ে সদায় তাই বিচৰা কাপোৰ সাঁজ পাইছিল –মই কিন্তু পোৱা নাছিলোঁ । কাৰণ মাহঁতৰ মতে মই সৰু ছোৱালীজনীয়ে ভাল কাপোৰবোৰ চম্ভালিব নোৱাৰিম আৰু নষ্ট কৰি পেলাম !! ঘৰৰ সৰু সন্তান হোৱাৰ বাবে মই বহুবোৰ মৰম আব্দাৰৰ লগতে কেতবোৰ অবিচাৰৰো বলি হ’ব লগা হৈছিল !...
স্কুল এৰি কটন কলেজৰ হোষ্টেললৈ আহিলোঁ । ইয়াত সৰস্বতী পূজাৰ পৰিৱেশ আৰু মনোমোহা । হোষ্টেলত পূজাৰ আগ ৰাতি আমি সকলোৱে মিলি আখৈৰ মালা গুঠো – তোৰণ সজাও আৰু হোষ্টেলৰ প্রাচীৰ পত্রিকাখনৰ কাম কৰোঁ । কাৰণ সৰস্বতী পূজাৰ দিনাই হোষ্টেলৰ প্রাচীৰ পত্রিকাখন উন্মোচন কৰা হয় । আমাৰ নটা হোষ্টেলৰ মাজত তোৰণ আৰু প্রাচীৰ পত্রিকাৰ প্রতিযোগিতা হৈছিল । ভাল মেখেলা চাদৰ এযোৰ পিন্ধি অন্য দিনাতকৈ আকৰ্ষণীয় হৈ থকাৰ মন সকলোৰেই হৈছিল । পূজাৰ বেদীত থকা সৰস্বতী মূৰ্তিৰ আগত সেৱা কৰা বা অঞ্জলী লোৱা এইবোৰ কাম মই এতিয়াও নকৰোঁ আৰু আগতেও নকৰিছিলোঁ । কিন্তু সৰস্বতীপূজাৰ লগত জৰিত থকা মাদকতা খিনি বা প্রেৰণাখিনি অনুভৱ কৰাত অলপো হীন দেড়ী ঘটা নাছিল । নিজৰ পঢ়াৰ টেবুলখনত সেইদিনা কিতাপবোৰ সুন্দৰকৈ সজাই থৈছিলোঁ । ফাটি যোৱা কিতাপবোৰত আঠা লগাই ধুনীয়াকৈ বকলা ( জিল ) লগাইছিলোঁ !সৰস্বতী পূজা কৰিব লাগে বা নালাগে সেই বিষয়ে মই একো মতামত নিদিওঁ । কিন্তু পূজাৰ নামত আজিকালি ছোৱালীসকলৰ দেহ- সৌন্দৰ্য চৰ্চাৰ বান্দৰালীবোৰ দেখি আচৰিত অনুভৱ কৰোঁ । এইবাৰ কিছুমান টি ভি চেনেলে ঘোষণা কৰিছিল যে এইবাৰ সৰস্বতী পূজাত তেওঁলোকে ৰূপেৰ দ্বাৰা নহয়, গুণৰ দ্বাৰাহে সুন্দৰী বিচাৰ কৰিব । সেয়ে কেনেকৈনো সৰস্বতী পূজাত সুন্দৰী নিৰ্বাচন কৰিব তাকে চাবৰ বাবে টি ভিৰ অসমীয়া বাতৰি চ্যেনেল এটা খুলি লৈছিলোঁ ! কিন্তু গুণ বিচাৰ কৰাৰ মানদণ্ড দেখি আচৰিত হ’লো । তাতোতকৈয়ো আচৰিত হ’লো-যেতিয়া স্নাতক বৰ্ষত পঢ়ি থকা ছাত্রীয়েও লক্ষীনাথ বেজবৰুৱাৰ নাম নাজানে –ওবামা কোন দেশৰ ৰাষ্ট্রপতি ক’বৰ বাবে খোকোজা লাগে .... !! পোন্ধৰ মিনিট সময় চায়েই টি ভিটো বন্ধ কৰি থলো । কেৱল বাৰটা মাহত তেৰটা পূজা পতা বা লক্ষীৰ পাচালী, হনুমান চালিচা মুখস্থ কৰিলেই মানুহ আধ্যাত্মিক হৈ নপৰে । আধ্যাত্মিকতা আহে মনৰ পবিত্রতা, সততা আৰু শুদ্ধ চিন্তা চৰ্চাৰ দ্বাৰা ।
মল্লিকা , গোটেই সমাজখন সংশোধন কৰিবলৈ পাৰিম নে নোৱাৰিম – সেই কথা মই নাজানো – কিন্তু নিজক যে সংশোধন কৰিবলৈ, নিজৰ মনৰ পৱিত্রতা , সততা বৰ্তাই ৰাখিবলৈ পাৰিম, সেয়া জানো । মই সংশোধন হলে মোৰ সংসাৰখন বা মোৰ সন্তানকো সংশোধন কৰিবলৈ পাৰিম । মোৰ সন্তানসকলেও নিজৰ আশে পাশে থকা লোকসকলক সংশোধন কৰিব আৰু এইদৰেই সমাজখন সংশোধন হ’ব । কেৱল আনক উপদেশ দিয়াতকৈ উদাহৰণ সৃষ্টি কৰাটোহে বেছি প্রয়োজন বুলি তুমিও ভাবা নিশ্চয়- নহয়নে মল্লিকা ?
জানা মল্লিকা, যদি কোনো এক নতুন তথ্য আমাৰ প্রতিষ্ঠিত ধ্যান ধাৰণাৰ লগত নিমিলে, তাক সাধাৰণতে আমি ভুল বা অপ্রাসংগিক বুলি উপেক্ষা কৰোঁ । কিন্তু প্রতিষ্ঠিত ধ্যান ধাৰণাও যে ভুল হ’ব পাৰে তাৰ প্রতি লক্ষ্য নকৰোঁ । পৰম্পৰাগত ধ্যান –ধাৰণাক প্রত্যাহবান জনাই নতুন সংজ্ঞা, নতুন অৰ্থ, নতুন সূত্র বিচাৰি চিন্তা চৰ্চা কৰাটোৱেই হ’ল সৃজনীশীলতাৰ প্রধান লক্ষণ । প্রচলিত ৰীতি নীতি , বিশ্বাস –পৰম্পৰাত উলংঘা কৰাটোক সাধাৰণতে সামাজিক অপৰাধ হিচাপে গণ্য কৰা হয় যদিও দেখা গৈছে যে পৰম্পৰা উলংঘনকাৰী প্রতিভা সম্পন্নব্যক্তিয়েহে জ্ঞান-বিজ্ঞান বা আন-আন ক্ষেত্রত নতুন – নতুন তথ্যৰ আবিষ্কাৰ কৰি আহিছে । পৰিবৰ্তনবিৰাগী ঠেক মনোভাবে সৃজনীশীলতাৰ বিকাশত বাধা দিয়ে । আনহাতে বিভিন্ন সংস্কাৰ, সংস্কৃতিৰ অধ্যয়ণ বা অভিজ্ঞতাপুষ্ট সৃজনশীলতা বিকাশৰ বাবে অনুকুল উৰ্বৰ ভূমিৰ সৃষ্টি কৰে ।
মল্লিকা, তোমাৰ পৰিবৰ্তন কাঙ্খী, প্রগতিবাদী চিন্তা চৰ্চাখিনি সদায় অব্যাহত ৰাখিবা । তুমি , মই আৰু আমাৰ সন্তানসকলে মিলি এই পৃথিৱীখন আৰু অধিক ধুনীয়া কৰি থৈ যাবলৈ প্রতিশ্রুতিবদ্ধ হওঁ আহা !
মোৰ হিয়া ভৰা মৰম আৰু আশীষ কণমাণি দুজনীক দিবা ! ভনীজোঁৱাইকো শুভকামনা জনাৱা । মোৰ স্নেহৰ ফল্গুধাৰা তোমাৰ প্রতি চিৰদিন প্রবাহিত হৈ থাকিব !! উত্তৰ দিবা দেই !!
ইতি,
তোমাৰ অনুবা
নয়ডা
৮/২/১৫
  • Debaraj Kalita ভাল লাগিল ...সৰস্বতী পূজাৰ লগত সংগতি থকা চিঠিখন পঢ়িবলৈ পায়।টিভি চেনেল বোৰে কি যে কিছুমান কাম কৰে .... ! কিছুমানে ভাল পাব পাৰে কিন্তু বেয়া পোৱাৰ সংখ্যা নিশ্চয় বেছি আছে বুলিয়েই ভাবো ...
  • Anupama Borgohain ধন্যবাদ ককাইদেউ!
  • Mousumee Bori সুন্দৰ মনেৰে ভৰা এখনি সুন্দৰ চিঠি ! ভাল লাগিল বা 

No comments:

Post a Comment