মৰমৰ সাৰদা বা,
আশাকৰো ভালে আছে । বহুত দিনৰ মুৰত আপোনালৈ চিঠি লিখিবলৈ লৈছো । লিখাৰ ইচ্ছা সদায়েই আছিল – কিন্তু কেতিয়াবা ইচ্ছাক নানা প্রতিকুল পৰিস্থিতি বা পৰিবেশে সাকাৰ ৰূপ দিবলৈ নিদিয়ে । কিন্তু মই আপোনাক এদিন কৈছিলো যে মই কেতিয়াও পৰিস্থিতি বা পৰিবেশৰ দাস নহওঁ । পৰিস্থিতিকহে মোৰ দাস বনাই লম । এৰা সাৰদা বা, বৰ্তমান পৰিস্থিতিয়ে মোৰ লগত সন্ধি কৰি লৈছে ।মই হাজাৰ অসুবিধাৰ মাজতো নিজৰ ইচ্ছাক সাকাৰ ৰূপ দিয়াৰ চেষ্টাৰ ক্রুটি কৰা নাই – আৰু তাৰে প্রমাণ আজিৰ মোৰ এই চিঠিখন ।
বাৰু এয়া এহো বাহ্য । সিদিনা আপোনাৰ লেখা এটা পঢ়িছিলো । কেনেকৈ আপুনি কাহিনীৰ মাধ্যমেৰে বুজাইছিল : কাউৰী ইতৰ প্ৰাণী হ’লেও একতাৰ ক্ষেত্ৰত যেন ইহঁতৰ বোধ শক্তি মানুহতকৈ অলপ হ’লেও বেছি । ময়ো এনেকুৱা ইতৰ বুলি ভবা প্রাণী এটাৰ কাহিনী এটা পঢ়িছিলো তাকে মই নিজৰ মতে সঁজাই পৰাই লিখিছোঁ । শুনক চোন ...

জাপান দেশৰ এজন ব্যক্তিৰ এটা সৰু অভিজ্ঞতাৰ কাহিনী এইটো ! সাধাৰণতে জাপানত ঘৰবোৰৰ বেৰবোৰ কাঠৰ দুটা তৰপেৰে বনোৱা হয় যাতে দুই তৰপৰ মাজত কিছু খালি ঠাই থাকে । অৰ্থাৎ ঘৰবোৰৰ বেৰবোৰৰ ভিতৰখন ফোপোলা । ভূমিকম্প প্রধান ঠাই বাবেই হয়তো এনে দৰে ঘৰবোৰ বনায় । প্রয়োজন হলে তেওঁলোকে নিজেই সেই বেৰবোৰ খুলি মেৰামতি কৰি লয় । চাকিনাকা নামৰ এজন লোকে তেওঁৰ ঘৰটোৰ এখন বেৰ মেৰামতি কৰিবৰ বাবে প্রথম তৰপটো খুলি লৈ দেখিলে যে জেঠি এটা বেৰখনৰ ভিতৰৰ ফালে গজালবিদ্ধ হৈ আছে । ঘৰটোৰ বেৰখন লগোৱাৰ সময়ত ব্যৱহাৰ কৰা এটা গজালে জেঠিটোৰ এখন ঠেং ফুটা কৰি বেৰতে লৰচৰ কৰিব নোৱাৰাকৈ বন্দী কৰি থলে । তেওঁ বেৰৰ পৰা জেঠিটো এৰুৱাবলৈ ওচৰলৈ গৈ আচৰিত হ’ল । কাৰণ তেওঁ মৃত বুলি ভবা সেই জেঠিটো জীৱিত হৈ থকাই নহয় বেছ স্বাস্থ্যৱান হৈয়ো আছে । ঘৰটোৰ বেৰখন লগোৱা ইতিমধ্যেই পাঁচটা বছৰ হৈ গৈছিল । এই পাঁচটা বছৰ অলপো লৰচৰ নকৰাকৈ আন্ধাৰ বেৰ দুখনৰ ফাঁক এটাত এটি অকণমাণি জেঠী কেনেকৈ জীয়াই থাকিল – তাকে ভাবি চাকিনাকা আচৰিত হ’ল ।
চাকিনাকাই এই কথা জানিবৰ বাবে ব্যগ্র হৈ পৰিল । সেয়ে তেওঁ খুলি থোৱা বেৰখন পুনৰ লগ লগাই এটা কোণাৰ পৰা লক্ষ কৰি থাকিল । অলপ সময়ৰ পিছত তেওঁ আন এটা জেঠিয়ে মুখত কিবা এটা লৈ গজাল বিদ্ধ জেঠিটোৰ ওচৰলৈ অহা দেখিলে । চাকানাকাক আচৰিত কৰি সেই জেঠিটোৱে বন্দী জেঠিটোক নিজৰ মুখত লৈ অহা খাদ্য খুৱাই আঁতৰি গ’ল ! পাচ বছৰে গজাল বিদ্ধ হৈ থকা জেঠিটো কিদৰে ইমান দিন সুস্থ সবল হৈ জীয়াই আছে – সেই কথাৰ ৰহস্য বুজি পাবলৈ চাকিনাকাৰ অলপো সময় নালাগিল ! এটি কণমানি জীৱই আজি পাচবছৰে নিজৰ সংগীক এনেদৰে নিজৰ ভাগৰ খাদ্য খুৱাই জীয়াই ৰাখিছে !!! দায়িত্ববোধ, প্রেম আৰু ভালপোৱাৰ ইয়াতকৈ আৰু ভাল উদাহৰণ ক’ত পোৱা যাব !
চাকিনাকাৰ নিজৰ ওপৰত বিতৃষ্ঞা জন্মিল । চাকিনাকাই নিজৰ বৃদ্ধ মাক আৰু দেউতাকক লৈ বৰ অশান্তিত ডুবি আছিল । কোনো এটা কাম নিজে কৰিব নোৱাৰা বৃদ্ধ মাক আৰু দেউতাকৰ বোজা আৰু অফিচৰ কামৰ বোজা –দুয়োটাৰ বোজা তেওঁ কঢ়িয়াব নোৱাৰা হৈ পৰিছে । পত্নীৰ খেচখেচনিত তেওঁ বৃদ্ধ মাক আৰু দেউতাকক অতি সোনকালেই কোনোবা বৃদ্ধাশ্রমত থৈ অহাৰ সিদ্ধান্ত লৈছে । তেওঁ ভাবিলে , এটি কণমানি জেঠিয়ে অলপো বিৰক্ত নোহোৱাকৈ নিজৰ দায়িত্ব পাচটা বছৰে অবিৰত ভাবে কৰি আছে । কোনো আইন কানুন বা ধৰ্ম কৰ্মৰ বাধ্য বাধকতা সিহঁতৰ মাজত নাই । তথাপিও কেৱল দায়িত্ববোধ আৰু ভালপোৱাৰ বাবেই এটা জেঠিয়ে আনটো জেঠিৰ যত্ন লৈ আছে । মানুহ বাৰু এটা কণমানি জীৱতকৈয়ো নিকৃষ্ট নেকি ? কিয় বাৰু মানুহক নিজৰ দায়িত্ববোধ শিকাব লগীয়া হয় । দায়িত্ব পাতল কৰিবৰ বাবে ৰীতি-নীতি, ধৰ্ম-কৰ্মৰ দোহাই দিব লগা হয় ! আইন কানুন আদি কিয় তৈয়াৰ কৰা হৈছে ! দায়িত্ব পালন নকৰিলে শাস্তি দিয়াৰ ভয় দেখুৱাবলৈকে নহয় নে বাৰু ? এই যে অকণমাণি জেঠিটো – তেনেই ক্ষুদ্র জীৱ সি – কোনে তাক শিকালে লৰচৰ কৰিব নোৱাৰা তাৰ সংগীটোক নিজৰ ভাগৰ খাদ্য বিচাৰি আনি খুৱাই জীয়াই ৰাখিবলৈ ? সি তাৰ সংগীৰ প্রতি সেই দায়িত্ব পালন নকৰিলেও তাক টো শাস্তি দিবলৈ কোনো আইন কানুন নাই ! কোনো আইন বা ধৰ্মৰ ভয় নোহোৱাকৈ যি জীৱই নিজৰ দায়িত্ব, কৰ্তব্য পালন কৰে , নিস্বাৰ্থভাবে আনক ভালপাব পাৰে সেই জীৱই প্রকৃতিৰ শ্রেষ্ঠ জীৱ । মানুহ যে জীৱৰ ভিতৰত শ্রেষ্ঠ - এনে আখ্যা দিয়াটো নিশ্চয় ভুল ।
নিজৰ আত্ম উপলব্ধিত চাকিনাকা সন্তোষ্ট হ’ল । লৰালৰিকৈ তেওঁ নিজৰ পত্নী ফুজিক’ক মাতি আনিলে । ফুজিক’ক তেওঁ দেখুৱালে কেনেকৈ এটা জেঠিয়ে আন এটা জেঠিক ( জেঠি দুটাৰ মাজৰ সম্পৰ্ক যিয়েই নহওক কিয় !!) পাঁচ বছৰ ধৰি অবিৰত ভাবে নিজৰ ভাগৰ খাদ্য খুৱাই জীয়াই ৰাখিছে । হয়তো মৃত্যু পৰ্যন্ত জেঠিটোৱে নিজৰ দায়িত্ব পালন কৰি যাব ..। দুয়ো পতি পত্নীয়ে ইজনে সিজনৰ মুখলৈ চালে । দুয়োৰে নিজৰ ভিতৰত শুই থকা বুদ্ধিসত্বা হয়তো জাগি উঠিল । ফুজিক’ই চাকিনাকা ৰ হাতখন খামুচ মাৰি ধৰিলে । “ মই দুঃখিত চাকিনাকা ! আজিৰ পৰা তোমাৰ মা-দেউতা আমাৰ লগতেই থাকিব । আজীৱন মই তেওঁলোকক শুশ্রুষা কৰিম ! এটা কণমাণি জেঠিয়েই যদি নিস্বাৰ্থ ভাবে নিজৰ সংগীক শুশ্রুষা কৰিব পাৰে – মই কিয় নোৱাৰিম !”
চাকিনাকাই আনন্দত ফুজিক’ক সাৱটি ধৰিলে । “ ফুজিক’ এতিয়াহে আমিও নিজকে জীৱ শ্রেষ্ঠ বুলি ক’ব পাৰিম ! বলা আমি বৃদ্ধাশ্রমখনলৈ ফোন কৰি দিওঁ ! ইতিমধ্যে আমি ৰেজিষ্ট্রেচনৰ বাবে দিয়া টকাখিনি তেওঁলোকক আশ্রমৰ অন্য বৃদ্ধ-বৃদ্ধাৰ বাবে খৰচ কৰিবলৈও কৈ দিওঁ !”

সাৰদা বা, জেঠিৰ কাহিনীটো জাপানত সঁচা কাহিনী বুলিয়েই প্রচলিত । চাকিনাকাৰ চৰিত্রটো পিছে মোৰ সৃষ্টি ।
আজিলৈ ইমানতে সামৰিলো । হাজাৰ সমস্যা আৰু সময়ৰ নাটনিৰ মাজতো চিঠি লিখি থাকিব বুলি আশা কৰিলোঁ । চিঠিয়ে আমাক পুৰণি দিনৰ সোণোৱালী দিনবোৰক সদায় সজীৱ সতেজ কৰি ৰাখিব ।
পুনৰ বহুত বহুত মৰম আৰু শ্রদ্ধাৰে
আপোনাৰ ভনী
অনু
নয়ডা
৭/১১/১৪
আপোনাৰ ভনী
অনু
নয়ডা
৭/১১/১৪
No comments:
Post a Comment