মৰমৰ অনামিকা,
মৰমবোৰ ল’বা । বাবা, মাজনীক মোৰ মৰম আৰু আশীৰ্বাদ জনাবা । বৰুৱাদাদাকো মোৰ শ্রদ্ধা জনাবা । তোমাৰ চিঠিখনে মোৰ হৃদয় চুই গ’ল । লগতে বহুবোৰ চিন্তাৰ খোৰাকো দিছে । অনামিকা, তুমি নিশ্চয় “সুস্থ শৰীৰত সুস্থ মনে বাস কৰে” এই প্রবাদটো জানা । কিন্তু মই সদায় বিশ্বাস কৰো যে সুস্থ আৰু শক্তিশালী মনেহে সুস্থ শৰীৰ সৃষ্টি কৰে । বিশ্বাস , সাহস আৰু ধৈৰ্যই আমাক ইমানেই শক্তিশালী কৰি তোলে যে চিকিৎসক, ঔষধ, পৰিয়াল তথা বন্ধু –বান্ধৱৰ শুভেচ্ছা আদি সকলো জীৱনৰ সঞ্জীৱনী সুধা হৈ পৰে । হাজাৰ ৰোগেও এজন মানসিক ভাবে শক্তিশালী ব্যক্তিক দুৰ্বল কৰিব নোৱাৰে । উদাহৰণ স্বৰূপে আমাৰ চিঠিগোটৰ অলংকাৰ (Debaraj Kalita)দেৱৰাজ ককাইদেউলৈকে চোৱাচোন । আজি ১৮ বছৰ ধৰি তেওঁ কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগত ভুগিও জীৱনত হাৰ মনা নাই । কণ্ঠ ৰুদ্ধ হৈ গ’ল যদিও তেওঁৰ ক’বলগীয়া কথাখিনি যথাযথ ভাবে আমাৰ কাণত পেলাই আছে । কণ্ঠ থকা মানুহতকৈয়ো বলিষ্ঠ তেওঁৰ কণ্ঠ । নিতৌ তেওঁৰ কবিতা বা চিঠি লিখি আমাক জীৱন সম্পৰ্কে বুজিবলৈ সহায় কৰে ।
অনামিকা, তুমি চিঠিত উল্লেখ কৰা কিশোৰী গৰাকীৰ কথা জানি সঁচাই বৰ দুখ লাগিল । জীৱন যুঁজৰ পৰা এনেদৰে পলায়ন কৰা সেনানীলৈ মোৰ সদায়ে পুতৌ হয় । এই কণমাণি কিশোৰীগৰাকীক নিজৰ মানসিক শক্তিৰ লগত পৰিচয় নকৰাই কেৱল প্ৰতিযোগিতাৰ লগতহে চিনাকি কৰি দিয়াৰ বাবেই এনে হৈছে বুলি মই ভাবো । তুমি ঠিকেই কৈছা - পিতৃ-মাতৃ হ’ব পৰাটোৱে এই জীৱনৰ এক মহৎ দান, এক গৌৰৱ্, এক অনন্য উপলব্ধি। যদি জীৱনে দিয়া এই মহৎ দানক সঠিক ভাবে প্রতিপাল নকৰি কেৱল নিজৰ গৌৰৱ আৰু অহংকাৰৰ ধজ্বা বহনকাৰী সম্পত্তি হিচাপে ব্যৱহাৰ কৰো তেনে প্রতিফল এনেকুৱাই হ’ব । ....”..ল’ৰা-ছোৱালীৰ প্ৰথম পঢ়াশালি ঘৰখন। ল’ৰা-ছোৱালীয়ে জীৱনৰ আদিপাঠ ঘৰখনৰ পৰাই আৰম্ভ কৰে। মৰম-চেনেহ, খং-ৰাগ, দুখ-হতাশা, বিষাদ-বেদনা জীৱনৰ প্ৰতিটো ৰূপ-ৰসৰ স’তে পৰিচিত হয় ঘৰখনতেই” – এইষাৰ কথাও মই সম্পূৰ্ণ সমৰ্থন কৰোঁ । কেৱল পাঠ্যপুথি আৰু প্ৰতিযোগিতাৰ লগত ব্যস্ত কৰি ৰাখোঁতে সন্তানে মানৱীয় মূল্যবোধ নিশিকেগৈ । আৰু সেয়ে ইমান কষ্টৰে , ধন সম্পত্তি ভাঙি ডাঙৰ কৰা সন্তানে নিজৰ পিতৃ মাতৃকো পিঠি দিবলৈ কুণ্ঠাবোধ নকৰে । অন্যৰ লগত কৰা প্রতিযোগিতা মই বৰ বেয়া পাওঁ । প্রতিযোগিতাই মানুহৰ মনত হিংসা ,দ্বেষ, হীনমন্যতা বা অহংকাৰ আদি আনে । প্ৰতিযোগিতা মানুহে সদায় নিজৰ লগতহে কৰিব লাগে । আজিৰ দিনটোতকৈ কাইলৈৰ দিনটো আৰু সুন্দৰ কৰিবলৈ – আজিৰ দিনত কৰা ভুলবোৰ কাইলৈ নকৰিবলৈ সংকল্পবদ্ধ হ’লে প্রতিজন ব্যক্তিয়ে নিজৰ নিজৰ ক্ষেত্রত আগবাঢ়ি যাব আৰু মানসিক শান্তি অব্যাহত থাকিব । অনামিকা , তুমি , মই আৰু আমাৰ দৰেই চিন্তাধাৰাৰ এমুঠি পিতৃ- মাতৃয়ে যদি সন্তানক সুশিক্ষা আৰু সু- সংস্কাৰ দিও, সিহঁত টকা আৰু সন্মান ঘটা জীৱন্ত যন্ত্রৰ সলনি মানৱীয় প্রমূল্যবোধ থকা সংস্কাৰি আৰু শিক্ষিত ব্যক্তি হ’ব । সিহঁতিয়েই আমাৰ সমাজখন সলনি কৰিব । মই বিশ্বাস কৰো : পৰিবৰ্তন আৰম্ভ হয় – নিজৰ পৰাই – নিজৰ ঘৰখনৰ পৰাই ।সেয়ে আজি তোমাৰ ওচৰত পুনৰ মই সংকল্প কৰিছোঁ – মই মোৰ সন্তানক সুশিক্ষা আৰু সু- সংস্কাৰ দিম । মানৱীয় প্ৰমূল্যবোধেহে সিহঁতৰ জীৱনৰ সফলতা বা বিফলতা নিৰ্ধাৰণ কৰিব ।ডিগ্রি বা চাৰ্টিফিকেটে নহয় !

আজিলৈ আৰু বেছি নিলিখোঁ দেই । ভালে থাকিবা । লিখা মেলা কৰি থাকিবা । তোমাৰ লিখনি অতি মসৃণ আৰু সাৱলীল । পঢ়ি খুব ভাল লাগে !! নিজৰ লগত নিজে প্রতিযোগিতা কৰি আৰু আগবাঢ়ি যোৱা ,তাকেই অন্তঃকৰণেৰে কামনা কৰোঁ !!
বাবা ,মাজনী ডাঙৰ হৈ বহুত ভাল মানুহ হওঁক । সিহঁত সুখী হওঁক আৰু নিজৰ সুখৰ মাহাত্ম্যৰে সমাজখনতো সুখ বিলাওঁক !
পুনৰ বহুত বহুত মৰম আৰু শুভকামনাৰে ---
ইতি,
তোমাৰ নেদেখা বান্ধৱী,
অনুপমা
নয়ডা
তোমাৰ নেদেখা বান্ধৱী,
অনুপমা
নয়ডা
[ বি:দ্র: চিঠি লিখি থাকিবা কিন্তু !! ]
No comments:
Post a Comment