For the first time I was able to touch a Printed Daily News paper where my story was published . That too from the hand of my son ( son of my heart & soul ) who was the inspiration of this story . The day was also special . 19th April, our 16th marriage anniversary . We were in Kaziranga , Assam with our family of heart .
( ইত্যাদি জনসাধাৰণত প্রকাশিত গল্পটিৰ কৃতজ্ঞতা স্বীকাৰ নিকুঞ্জ নাথ , Dr. Buljit Buragohain
সূৰ্য উঠাৰ গান ( গল্প )
১.
কচুৱা পাৰ ঘাটত তাৰ বাবে ৰৈ থকা কণমাণি নাওঁখনত জাপ মাৰি উঠিল সি । পিঠিত থকা ক’লা বেকপেকটোৰ ভিতৰত থকা সৰু কোমল ডায়েৰীখন আৰু চেলফোনটোৰ চাৰ্জাৰডালে তাৰ পিঠিতে খুন্দা এটা মাৰি দিলে । তাৰ কিন্তু সেইবোৰ একোলৈ ভ্রূক্ষেপ নাই ! মনটো বৰ ফৰকাল লাগিছে তাৰ । মুখেৰে গুণ গুণকৈ গান এটা ওলাই পৰিল ….

কপিলী কপিলী
ৰাংঢালী ছোৱালী
মহিমা বুজাকে টান …
ৰাংঢালী ছোৱালী
মহিমা বুজাকে টান …
এইখন কপিলী নদী তাৰ সৰুৰে পৰা অতি চিনাকী – মৰমৰ । সৰুৰে পৰা কপিলীক সি বিভিন্ন ৰূপত দেখি আহিছে । এজনী পাকৈত নাচনীৰ দৰেই লিহিৰী পতীয়া একা বেকা কপিলীজনী । হামৰেনৰ এই কপিলীজনী তাৰ চকুত নগাঁওৰ কপিলীজনীতকৈ বেছি ধুনীয়া ! কেতিয়াবা বৰ চঞ্চল আৰু কেতিয়াবা বৰ শান্ত ! কালি গধূলিয়েই সি কপিলী পাৰ হৈ সেই সৰু কাৰ্বি গাওঁখনলৈ গৈছিল । ৰংপি নামৰ ডেকাটোৰ কইনাজনী মাক হ’বলৈ ওলাইছে । ৰংপিহঁতৰ গাঁৱত কেঁচুৱাৰ জন্ম ঘৰতে হয় । কোনেও সন্তান জন্মৰ বাবে দূৰৰ ডংকামকামত থকা ডাক্টৰখানালৈ নাযায় বা যাব নোখোজে । ডংকামকামত থকা ডাক্টৰখানালৈ যাবৰ বাবে কপিলী নদীখন পাৰ হব লাগে । গা ভাৰী মানুহ এজনীক নদী পাৰ কৰাই তিনি মাইল ৰাস্তা খোজকাঢ়ি ডংকামকানলৈ লৈ যোৱাটো বৰ সহজ কথা নহয় । তাৰোপৰি ডংকামকামৰ সেই ডাক্টৰখানাত ডাক্টৰেই নাথাকে । ডাক্টৰৰ নামত কম্পাউণ্ডাৰ আৰু নাৰ্চ কেইজনীয়েই সকলোবোৰ চোৱাচিতা কৰে । কম্পাউণ্ডাৰ আৰু নাৰ্চ কেইজনীৰ ৰোগীৰ প্রতি ব্যৱহাৰ ইমানেই বেয়া যে ৰোগীয়ে তালৈ যাবৰ বাবে ভয়েই কৰে । ৰংপিয়ে তাৰ কইনা কাদমো গাঁৱৰ অভিজ্ঞ বয়সীয়াল মহিলাসকলৰ সহায়ত মাক হ’ব বুলিয়েই ভাবি আছিল । কিন্তু তাইৰ পেটটো সাধাৰণ গৰ্ভৱতী নাৰীতকৈ দুগুণ বেছি ডাঙৰ হৈ যোৱাৰ বাবে বৰ কষ্ট পাইছে । দৌৰি ঢাপৰি কাম কৰি থকা স্বাস্থ্যৱান , ধুনীয়া মানুহজনীয়ে দুটা কাম কৰিলেই ভাগৰত বহি পৰে । অতি সাৱধানে লাহে লাহে খোজ কাঢ়ি কাম কৰি ফুৰা কাদমজনীৰ অৱস্থাটো দেখি তাৰ মনটো সেমেকি যায় । নিজৰ ওপৰতে খং উঠে । স্বাৰ্থপৰ যেন লাগে তাৰ । মানুহজনীৰ এই অৱস্থাটোৰ বাবে সিয়েই যেন দায়ী ! তাৰ চিন্তাক্লিষ্ট সৰল মুখখনলৈ চালে কাদমৰ সৰু ধুনীয়া চকুকেইটা এসোপামান মৰমৰ চকুপানীৰে ভৰি পৰে । পূৰঠ ধুনীয়া ৰঙা গালখন আৰু ৰঙা হৈ পৰে । … ৰংপিৰ গাঁৱৰে ডেকা চাৰহানে এখন মবাইল মেডিকেল ভান চলায় । সিয়ে ক’লে ডংকামকামলৈ এইবাৰ এজন বৰ ভাল ডাক্টৰ আহিছে । সৰু লৰা – ডাক্টৰ যেন নালাগেই । সিহঁতৰ নিচিনা সৰু সৰু মানুহবোৰৰ লগত ইমান আপোনভাবে ব্যৱহাৰ কৰে যে ডাক্টৰ চাহাবক কেতিয়াবা অকণমানি দেৱদূত যেনহে লাগি যায় । আগৰ ডাক্টৰজনৰ দৰে মাজে মাজে ডাক্টৰখানাত ভুমুকি মাৰি দৰমহা লৈ টাউনত বহি নাথাকে । মবাইল মেডিকেল ভান দুখন লৈ যিকোনো গাঁৱলৈ গৈ ৰোগী চায় । টকা পইচাৰ কোনো লোভ নাই । আগৰ ডাক্টৰ, কম্পাউণ্ডাৰ , নাৰ্চকেইজনীৰ দৰে টকাৰ বাবে খোৱা কামোৰা কৰা দূৰৰ কথা – কেতিয়াবা ৰোগীক নিজৰ পকেটৰ পৰাও টকা উলিয়াই দিয়ে । ৰোগী নথকা সময়খিনিত ডাঙৰ ডাঙৰ কিতাপ পঢ়ি থাকে । ইমান অকণমাণি লৰাটোৱে ইমানবোৰ ডাঙৰ ডাঙৰ কিতাপ কেনেকৈ যে পঢ়ে !!!
চাৰহানৰ কথা শুনিয়েই ৰংপিয়ে তাৰ ওচৰলৈ গৈছিল । দুদিন ধৰি প্রসৱ বেদনাত চটফটাই থকা কাদমৰ চিঞৰ বাখৰ কান্দোন সহ্য কৰিব নোৱাৰি ৰংপি দৌৰি গৈছিল – কিতাপ পঢ়ি থকা ‘অকণমানি’ ডাক্টৰ শ্যামকানুৰ ওচৰলৈ । মবাইল মেডিকেল ভানখনত সকলো সৰঞ্জাম, কম্পাউণ্ডাৰ আৰু নাৰ্চ গৰাকীক লৈ ৰংপিৰ সৈতে তাৰ গাঁৱলৈ যাবলৈ তৎক্ষণাত সাজু হ’ল ডাক্টৰ শ্যামকানু । কচুৱাপাৰ ঘাটত গাড়ীখন ৰখাই ৰংপিৰ লগত টুলুঙা নাঁৱত উঠি নদী পাৰ হবলৈও সাজু হ’ল সি । ৰংপিৰ ভয় হৈছিল – জানোচা ডাক্টৰে সেই গধূলি পৰত এই টুলুঙা নাৱখনত উঠি তাৰ ঘৰলৈ যাবলৈ ইচ্ছা নকৰে ! কিজানি কাদমকে তালৈ নদী পাৰ কৰি লৈ আনিবলৈ কয় ! .. কিন্তু নাই নক’লে । নাৰ্চ আৰু কম্পাউদাৰে অলপ হেহো নেহো কৰিছিল যদিও ডাক্টৰে কাৰো কথাতে গুৰুত্ব নিদি ৰংপিৰ লগতে গজং গজং খোজ দি নাঁৱত বহিলহি । সৰু নাঁৱখনত দুটাতকৈ বেছি মানুহ উঠিব নোৱাৰি । ওচৰতে থকা আনখন নাঁৱত ডক্টৰী বেগটো লৈ কাৰ্বি নাৰ্চ আনচি আৰু নেপালী কম্পাউণ্ডাৰ গুৰুং উঠিল ।
০০০০০
নাঁৱখনত উঠিয়েই কানাই হাতদুখন বহলকৈ মেলি দিলে । মনটো খুউব ভাল লাগিছে তাৰ ! হাতখন মেলি দিওঁতেই চকুত পৰিল তাৰ- নতুন নেমু ফুলৰ ৰঙৰ দামী চাৰ্টটোত তেজৰ চেকুঁৰা লাগি আছে । এতিয়াহে তাৰ তললৈ নিজৰ সম্পূৰ্ণ গাটোলৈ চকু গ’ল । চাৰ্টটোৰ অ’ত ত’ত তেজৰ দাগ ! এই মূহূৰ্তত তাৰ মনটো যে কেনেকুৱা লাগিল – সি নিজেই বুজিব নোৱাৰিলে । এইটো চাৰ্ট তাক মাকে দিছিল – হাউচ চাৰ্জনৰ বাধ্যতামূলক ৩৬৫টা দিন শেষ হোৱাৰ দিনা । সেইদিনটো তাৰ ভাল লগা আৰু বেয়া লগা দুটা দিনৰ মিশ্রণ আছিল । অনেক ভাললগা আৰু বেয়ালগা সোঁৱৰণী জড়িত মেডিকেল কলেজখন একেবাৰে এৰি আহিব লগীয়া দুখ – মাকক দিয়া প্রতিশ্রুতি পালনৰ সুখ – সকলো জড়িত আছিল । মাকে বৰ ভাল দেখে তাক এইটো ৰঙেৰে । অজিও তাৰ মৰমৰ চাৰ্টটোত লাগি থকা এই তেজৰ চেকুঁৰা কেইটাই তাৰ মনত ভাল লগা বেয়া লগা দুটা মিশ্রণৰ সৃষ্টি কৰিলে । কালি সি প্রথমবাৰৰ বাবে প্রায় অকলেই এটা জটিল প্রসৱৰ কেচ সফলতাৰে সমাধান কৰালে । দুটা সুস্থ সবল যমজ সন্তানে সুকলমেৰে পৃথিৱীৰ মুখ দেখিলে – তাৰ এই নিপুণ হাতদুখনৰ সহায়ত ! হাতদুখন নিজৰ চকুৰ আগলৈ ডাঙি ধৰিলে সি । দুখন বগা গ্ল’ভচ পিন্ধা তেজলগা হাত যেন তাৰ চকুৰ আগত ভাঁহি উঠিল । হঠাৎ তাৰ খঙ এটা উঠি আহিল । এই গ্ল’ভচ কেইজোৰ, কপাহ, সাধাৰণ সস্তীয়া দৰৱ, বেজী আদিক লৈয়ো ইমান টকা পইচাৰ খেলি মেলি কৰে এই টকা লোভীয়া মানুহবোৰে ! হস্পিতেলৰ বাবে চৰকাৰে যোগান ধৰা নূন্যতম প্রয়োজনীয় বস্তু কেইটা লৈয়ো টনা আজোৰা - ইমান পইচাৰ খক ! ছিঃ বৰ ঘৃণণীয় ! এই যে পাহাৰীয়া সৰল মানুহবোৰ, কিমানবোৰ সা সুবিধাৰ পৰা বঞ্চিত । এই সৰল মানুহবোৰৰ জীৱনটোক লৈও এখিনি মানুহে হেতালী খেলি আছে । এখন হাতত এই দুখীয়া হোজা মানুহৰ জীৱন – আনখন হাতত কিছুমান অসৎ মানুহ নামধাৰী বিষয়া কৰ্মচাৰীৰ টকাৰ লোভ । সি বহুদিন এইখন হেতালীখেলৰ নীৰৱ দৰ্শক হৈ আছিল । তাৰ হাতদুখনৰ দ্বাৰায়ো যেতিয়া হেতালী খেলখন চলাব বিচাৰিছিল – তেতিয়াহে সি সজাগ হৈ পৰিছিল !

“ চাৰ, এতিয়া আপুনি ঘৰলৈ যোৱা বাচখন নাপাবগৈয়ে ছাগে’ ।” কম্পাউণ্ডাৰ গুৰুঙে মবাইল ভেনখনত বহাৰ পিছত তাক সুধিলে । সি উত্তৰ দিয়াৰ পূৰ্বেই গুৰুঙে কৈ উঠিল :
“ আপুনি আমাৰ ইনোভাখনকে লৈ যাব । ময়ো আপোনাৰ লগতে হোজোইৰ লৈকে যাম !”
কোনো উত্তৰ নিদি সি কেৰাহীলৈ গুৰুঙলৈ চালে । তাৰ দেউতাকৰ সমবয়সৰে হ’ব গুৰুং । সকলোবোৰ অনৈতিক কাম – যেনে হস্পিতেলৰ কপাহ, গ্ল’ভচ আদিৰ কাৰণে অহা টকা পইচা স্বাস্থকেন্দ্রৰ মুখ্য চিকিৎসকজনৰ সৈতে মিলি গ্রাস কৰা, মবাইল মেডিকেল ভান খনৰ বাবে দিয়া দৈনিক ৬ লিটাৰ ডিজেলৰ টকা আত্মসাৎ কৰা –জননী সুৰক্ষা আঁচনিৰ নামত অহা ধন আত্মসাৎ কৰা – এই সকলোবোৰ কাম তেওঁৰ বাবে একেবাৰে সহজ আৰু স্বাভাৱিক কথা । হস্পিতেলৰ কামত ব্যৱহাৰ কৰিবলৈ দিয়া ইনোভাখন সি অহাৰ আগলৈকে সকলোৰে ব্যক্তিগত কামত ব্যৱহাৰ কৰা সম্পত্তি যেন হৈ পৰিছিল । দেউতাকৰ সম বয়সৰ হোৱাৰ বাবেই সি গুৰুঙক যথেষ্ঠ সন্মান কৰিছিল । কিন্তু গুৰুঙে তাৰ সেই সন্মানৰ সুবিধা ল’বলৈ বাৰুকৈয়ে চেষ্টা কৰা লক্ষ কৰিছে । প্রতিটো কথাই যেন গুৰুঙেহে তাতকৈ বেছি জানে । প্রতিটো কথাতে গুৰুঙে এটা অধিকাৰী স্বত্ব দেখুৱায় ।
“ এহ মাইনা – তুমিনো কি জানা । তোমাৰ ডাক্তৰী বিদ্যাতকৈ বহুত বেছি দৰকাৰী কথা আমি জানো । নতুন ডেকা তেজ দেখুৱাইছা । তোমাৰ এই সৎ, নৈতিক আদৰ্শেৰে জীৱনটো চলাব নোৱাৰিবা ! জীৱনটো চলিবলৈ টকা লাগে – কেৱল টকা …” গুৰুঙৰ কাম আৰু কথাত এনে এটা ভাব নকলেও সি শুনি পায় !
: “ নাই, ইনোভাখন মই ঘৰলৈ নিনিওঁ । মোক ইনোভাখনেৰে বাচ ষ্টেণ্ডলৈকো লৈ যাব নালাগে । মই টেম্পোতে যাম । আপুনিও মোৰ লগতে আহিব পাৰিব । আপোনাৰ ভাড়াটো ময়েই দি দিম । চিন্তা নকৰিব ।”
তাৰ কথা শুনি গুৰুং আৰু নাৰ্চ আনচিয়ে পৰস্পৰৰ চকুলৈ চাই বিনিময় কৰা সাংকেতিক ভাষা তাৰ চকুত নপৰাকৈ নাথাকিল । আনচি তাৰ ওপৰত বিতুষ্ট হৈ আছে । ৰংপিহঁতৰ পৰা টকা লোৱাৰ পৰিবৰ্তে সি চৰকাৰী ভাবে পোৱা টকা চৈধ্যশ দিহে আহিলে । আনচিহঁতে মাতৃ সুৰক্ষা আঁচনিৰ নামত চৰকাৰে দিয়া চৈধ্যশ টকাৰ চেক প্রসুতিক ঠিকেই দিয়ে । তাৰপিছত কিন্তু ৰোগীৰ পৰা পুনৰ দাবী ধমকি দি হলেও সাতশ নগদ টকা ঘুৰাই লয় । সেই সাতশ টকা নাৰ্চ , ডাক্টৰ কম্পাউণ্ডাৰ সকলোৰে মাজত ভাগ বতৰা হয় । সাধাৰণতে চৰকাৰী আঁচনি , ৰীতি নীতিৰ একো ভু -ভা নোপোৱা সৰল অশিক্ষিত মানুহসকলে হাঁহি হাঁহি পৰম সন্তোষ্টিৰে নাৰ্চক এই সাতশ টকা দি দিয়ে । শ্যামকানুয়ে কামত যোগদান কৰাৰ পৰা প্রসুতিৰ পৰা এই অন্যায় ধন লোৱা প্রথাটো প্রায় বন্ধ হৈ পৰিছে । তাৰোপৰি প্রসুতিৰ নামত অহা পইচা আত্মসাৎ কৰিবৰ বাবে মিছা নামত অনেক প্রসৱৰ বিল বনাই তাৰ হতুৱাই চহী কৰিবলৈ বিচাৰে । এই মিছা প্রসুতিৰ নামত অহা ধনৰ সত্তৰ শতাংশই তাক দিব বুলি টোপ দিয়ে । তথাপি সি চহী নকৰে । আনচি সেয়ে তাৰ ওপৰত বৰ অসন্তোষ্ট । আনচি এজনী সুন্দৰী কাৰ্বি নাৰ্চ । হস্পিতেলৰ চৈধ্যজনীয়া স্টাফৰ দহজন পুৰুষেই তাইৰ সান্নিধ্য লবলৈ বিচাৰি ফুৰে । অন্য পাহাৰীয়া গাভৰুৰ দৰে সৰল আৰু আঁকৰী নহয় তাই । আনচিৰ মন ডিফু টাউনত নিজাকৈ এটা ঘৰ কিনাৰ - ডাঙৰ ডাক্টৰ এজনৰ লগত বিয়া হৈ ডিফু চহৰতে নাৰ্চিং হোম এটা খুলি মালিকনী হৈ থকাৰ । বৰ বিলাসী সপোন তাইৰ । তাক আকৰ্ষিত কৰিবলৈ তাই সকলো প্রকাৰেই চেষ্টা কৰিছিল । প্রায়ে তাই নিজ হাতেৰে কিবা কিবি ৰান্ধি তাক খোৱাবৰ বাবে লৈ আনিছিল । সি কাঁহ এটা মাৰিলেও দৌৰ মাৰি তাৰ ওচৰত থিয় হৈছিল । তাৰ মূৰৰ কামোৰণি হলে নিজ হাতেৰে মালিচ কৰি দিব বিচাৰে । নতুন নতুন প্রসাধনেৰে নিজকে মোহিনী কৰি ৰাখিবলৈ চেষ্টা কৰে । কিন্তু তাৰ পৰা সামান্যও আসৈ নোপোৱাত তাই ক্ষুন্ন হৈছিল । তাই ইতিমধ্যে শ্যামকানুৰ লগত তাইৰ খুব ভাল সম্পৰ্ক আছে বুলি বাহিৰত কৈ ফুৰিছিল! তাৰ সেইবোৰতো কোনো ভ্রূক্ষেপ নাছিল! তাইনো ক’ত বুজিব সি যে ইতিমধ্যে তাৰ হৃদয়খন এক কণ্টকময় অন্ধকাৰ বনত হেৰুৱাই থৈ আহিছে !!

২.
: “অ’ মা – মা- কি কৰিছা .. ক’ত আছানো ..চোৱাহি চোন তোমাৰ কানাই আজি এটা বৰ ডাঙৰ কাম কৰি আহিছে !”
সি এজাক ধুমুহা হৈ ঘৰলৈ সোমাই আহিল ।
: “ ইমানকৈ কিয় চিঞৰিছ ! কিনো পৃথিৱীখন জয় কৰি আহিছ তই ।” – তাৰ চিঞৰ শুনি ভনীয়েকে পঢ়াৰ টেবুলৰ পৰা উঠি আহি মৰমৰ ডাবি এটা দিলে । অলপ সময় তালৈ চাই তাই চিঞৰ মাৰি উঠিল ।
: “ আৰে কি হ’ল ? তোৰ গাত এইবোৰ তেজ যে ! কৰ তেজ ? তোক কোনোবাই মাৰ ধৰ কৰা নাই তো ?” - ভনীয়েকৰ উত্তেজিত মাত শুনি দেউতাকো ওলাই আহিল ।
ঘটনাৰ কোনো উমঘাম নোপোৱাকৈয়ে ভিতৰত কিবা এখন কাগজ বিচাৰি দিবলৈ মাকক হুলস্থুল কৰি থকা দেউতাকে ড্রইং ৰুমলৈ ওলাই আহি ক’লে –
: “ কিয় নামাৰিব তাক । ইমান মানা কৰিছো – সেই হাত ঘাটৰ চেঙেলী বদমাচকেইটাৰ লগত যুঁজি নাথাকিবলৈ – নাই সি নুশুনে ! সেইবোৰ ক্ষমতাশালী মানুহ । মন্ত্রী আমোলাৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ লৈকে সকলো জড়িত আছে । তই তোৰ কম্পালচৰী পষ্টি্ংৰ বাবে গৈছ – এবছৰ যেনে তেনে কাম কৰি গুচি আহ । সেই অসুৰবোৰৰ লগত যুঁজি শত্রু বঢ়াই ল’বৰ কি দৰকাৰ বাৰু ??”
দেউতাকৰ এনেবোৰ কথা শুনিলেই তাৰ মগজৰ ঘিউবোৰ উতলি আহে । ডেকা কালত দেউতাকে নিজেও অন্যায় অবিচাৰৰ বিপক্ষে বহুত মাত মাতিছিল । কাৰ্ল মাক্স, লেনিনৰ থিয়’ৰী পঢ়ি ভাৰততো সাম্যবাদ স্থাপন কৰিবলৈ আন্দোলন কৰিছিল । অসম আন্দোলনৰ সময়ত দেউতাকক বহুতে হেনো সামাজিক ভাবে বৰ্জনেই কৰিছিল । সেইজন দেউতাকেই তাক এতিয়া অন্যায়ৰ বিৰুদ্ধে মাত নামাতি অন্যায়ৰ লগত বুজাবুজি কৰিবলৈহে কয় !!
মুখেৰে একো নামাতি সি নিজৰ ৰুমলৈ সোমাই গ’ল । বেগটো জোৰকৈ বিচনাখনলৈ দলিয়াই দিলে । চাৰ্টৰ বুটাম কেইটা খুলিবলৈ লওঁতেই পানী এগিলাচ লৈ মাক সোমাই আহিল তাৰ ৰুমলৈ । যিমান খং উঠিলেও , যিমান অশান্ত হলেও মাকে তাক মূহূৰ্তৰ ভিতৰতে শান্ত কৰি পেলাব পাৰে । মাকক সি বহুত ভাল পায় । বহুতে তাক “মামাজ বয়” .. “মাকৰ আঁচলত ধৰা কেচুৱা” আদি নামেৰে পেংলায়ো কৰে । তথাপিও তাৰ বেয়া নালাগে । ভনীয়েকৰ লগত এই লৈ সদায় কাজিয়া হয় । ভনীয়েকৰ মতে ল’ৰাই ইমানকৈ মাকৰ আদৰ লৈ থাকিবৰ দৰকাৰ নাই । ছোৱালীবোৰ এখন ঘৰত কেইদিন মানৰ বাবেহে থাকে । সেয়ে বেছি মৰম ছোৱালীকহে কৰিব লাগে । মাকৰ লগত একেখন বিচনাত শুবৰ বাবে এতিয়াও সি ভনীয়েকৰ লগত যুদ্ধ কৰে ।
: “ কালি ৰাতি বহুত কষ্ট হ’ল নেকি কানা ?” – মাকে তাক সুধিলে । মাকেহে কেৱল তাৰ অন্তৰখন দেখে । তাৰ বাহিৰৰ শৰীৰটোত যিমানেই আঘাট নালাগক কিয় – ভিতৰৰ অন্তৰখনত যাতে অকণো দুখ নাপায় – তাৰবাবে মাক সদায় সষ্টম হৈ থাকে । দেউতাকৰ কথাই যে তাৰ মনত দুখ দিছে – সেয়া মাকে বুজি পাইছে । কিন্তু সেই বিষয়টো পুনৰ উনুকিয়াই মাকে তাৰ খঙটো আৰু এবাৰ জগাই ল’বৰ বাবে সুবিধা নিদিলে । মাকক সি সেই বাবেই ভাল পায় বেছিকৈ । এজাক শীতল বতাহৰ দৰেই মাকে তাৰ খং, দুখ, অশান্তি নিমিষতে কোনোবা দিগন্তলৈ উৰুৱাই লৈ যায় ।
: “ অ’ মা , কালি গোটেই ৰাতি এখন কাৰ্বি গাঁৱত কটাব লগীয়া হ’ল । এটা ডেলিভাৰীৰ কেচ আছিল । অলপ জটিলেই আছিল কেচটো । ইয়াত, টাউনত হোৱা হলে কোনো ডাক্টৰেই পেট নফলাকৈ বাচ্চা উলিয়াবলৈ সাহস নকৰিলেহেঁতেন । কিন্তু তোমাৰ কানাই অকলেই এই দুখন হাতেৰে কোনো কষ্ট নিদিয়াকৈ দুটা বাচ্চা এহাল সৰল মা-দেউতাকৰ হাতত তুলি দিছে !”
তাৰ গৰ্বৰে কোৱা কথাকেইষাৰে মাকৰ বুকু ভৰাই তুলিলে । তেওঁৰ চকু মুখত গৌৰৱ আৰু মৰমৰ হেজাৰ বকুল ফুলি উঠিল । পানী গিলাচ টেবুলখনত থৈ হাত মেলি তাৰ মুখখন নিজৰ বুকুৰ মাজত সাৱটি ল’বলৈ খোজোতেই সি চিঞৰ মাৰি উঠিল _-
: “ নাই নাই – মোৰ ওচৰলৈ নাহিবা । মোৰ গাত এইবোৰ তেজ লাগি আছে । কাৰ্বি মাকৰ কেঁচা তেজ ! তোমালোকৰ আকৌ এইবোৰ চুৱা নিকা , ধূতি বিধূতিৰ কথা আছে নহয় !”
হাঃ হাঃ কৈ জোৰেৰে মৰা তাৰ সৰল হাঁহিটোত ৰুমটোৰ অভিমানখিনি আঁতৰি গ’ল ।
মাকে কৃত্রিম খঙেৰ তালৈ চাই ক’লে -
: “ যোৱা সোনকালে গা ধুই আহাগৈ … ইচ ৰাম এই চাৰ্টটো তুমি পেলায়েই দিব লাগিব !”
: “ নিদিওঁ মা । এই চাৰ্টটোৰ লগত মোৰ বহুত স্মৃতি জৰিত আছে । এইটো ধুই মেলি মই থৈ দিম !” সি ক’লে ।
: “ জীৱনত স্মৃতি বিজৰিত বহুত বস্তু পাবা । কিমান সামৰি যাবা ? ভাললগা স্মৃতিবোৰ বুকুৰ মাজতে সামৰি থব লাগে । এইবোৰ পাৰ্থিৱ বস্তুৰ সৈতে স্মৃতি সামৰিবলৈ গলে জীৱনটো টানিব নোৱাৰাকৈ গধুৰ হৈ পৰিব কানা !”
মাকৰ এইবোৰ কথাই তাৰ বহুত ভাল লাগে । হয় , মাকে তাৰ জীৱনৰ জঁটবোৰ খুলি সহজ সৰল ভাবে আগবাঢ়ি যোৱাত সদায় সহায় কৰি আহিছে । এগৰাকী সাধাৰণ কিন্তু সৎ প্রশাসনিক বিষয়া তাৰ মাক ! বহুত বেছি অধ্যয়নশীল নহয় যদিও মানৱ জীৱনৰ প্রতিখিলা পাতেই তেওঁ তন্ন তন্নকৈ অধ্যয়ণ কৰিছে । অন্যায়ৰ বিপক্ষে যুঁজিবলৈ মাকেই তাক সদায় সাহস যোগাই আহিছে ।
গা ধুই ভাতৰ টেবুলত বহি সি মাকক কৈ গ’ল :
: “ বুজিছা মা , ইমান যে টকাৰ খেলি মেলি গোটেই স্বাস্থ্যকেন্দ্রটোত । আমাৰ মবাইল মেডিকেল ইউনিট দুটাৰ বাবে প্রয়োজন হোৱা ডিজেলৰ প্রায় পাচগুণ বেছি বিল বনাই মোক চহী কৰিবলৈ কৈছে একাউণ্টেণ্ডজনে । মই চহী নকৰিলোঁ । যিমানখিনি তেল খৰচ হৈছে মই সিমানখিনিৰ বিলতহে চহী কৰিম বুলি ক’লো । মোৰ ওপৰত আমাৰ ডাইৰেক্টৰ, ইনচাৰ্জজন আৰু স্টাফৰ সকলো একেবাৰে নাৰাজ হৈ আছে । মই কিন্তু কাকো গুৰুত্ব দিয়া নাই !”
মাকে সি ভালপোৱা শাকৰ আঞ্জাখনৰ পৰা আৰু অলপ তাৰ কাঁহীত ঢালি দি ক’লে –
: “ ও নকৰিবা চহী । কিয় কৰিবা ? একো ভয় কৰিব নালাগে । সত্যৰ সদায় জয় হয় । সিহঁতে তোমাক কি কৰিব পাৰিব । খুউব বেচি তোমাৰ মিছা বদনাম কিছু উলিয়াব । দৰমহাৰ খেলিমেলি কৰিব । তাৰ বাহিৰে একো কৰিব নোঁৱাৰে । সৎ মানুহক সকলোৱে ভয় কৰে ।”
: “মোক দেউতায়ো সিহঁতৰ কথা মতেই কাম কৰিবলৈ কয় । স্টাফৰ সকলোৱে মোক বেছি মহাত্মা ওলাইছে বুলি ঠাট্টা কৰে । মই অকলশৰীয়া হৈ পৰিছো মা !”- তাৰ মাতৰ ব্যথা !
: “ তোমাৰ লগত কোনো নাথাকিলেও মই আছো কানা । তোমাৰ প্রতিটো ভাল কামত মই তোমাক সহায় কৰিম, সমৰ্থন দিম । মাকৰ আশীৰ্বাদ থাকিলে কোনো ব্যক্তিয়েই জীৱনত পৰাজিত হ’ব নোৱাৰে !” তাৰ মূৰৰ চুলিখিনিত হাত ফুৰাই মাকে পুনৰ ক’লে –
: “যেতিয়া আমি সোঁতৰ বিপৰীতে যাবলৈ বিচাৰোঁ , কামবোৰ সকলোৱে কৰাৰ দৰে নকৰি নিজৰ মতে, বিশেষ ধৰণেৰে কৰিব বিচাৰো – মানুহৰে প্রতিবাদৰ বা বাধাৰ সন্মুখীন হবই লাগিব । কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি ভুল পথ লৈছো বা আমি হাৰি যাম !”
মাকৰ কথাবোৰ সি নীৰৱে শুনি গ’ল । ভাতকেইটা খাই কিতাপ এখন হাতত লৈ সি বিচনাত পৰিলগৈ । কিতাপখনৰ পাত দুখিলামান পঢ়ি শেষ কৰিবলৈ নাপাওঁতেই তাৰ চকুকেইটাক টোপনিয়ে টানি ধৰিলে !
হঠাৎ সি নিজকে এখন মুকলি আকাশৰ তলত, এখনি সুন্দৰ সজীৱ সেউজীয়া বননিৰ মাজত আবিষ্কাৰ কৰিলে । সি এটি কণমানি ধুনীয়া ভালুকৰ পোৱালী । পৃথিৱীখন চাবৰ বাবে ওলাই আহিছে - আনন্দৰে ইফালে গৈছে – সিফালে দৌৰিছে । মৌৰ বাহ এটা বিচাৰি সি নদীৰ পাৰত থকা গছৰ ডাল এটাত বগাই গ’ল । গছৰ ডালটো বৰ দুৰ্বল আছিল - তাৰ ভৰত ডালটো তললৈ হালি পৰিল । সি কোনোমতে খোপনি পুতি ওভটি আহিবলৈ লওঁতেই দেখিলে – এটা নাহৰফুটুকী বাঘে তাক খাবৰ বাবে আগুৱাই আহিছে । বাঘটোৱে তাক ধৰিবলৈ হাতোৰা মেলি দিওঁতেই ডালটো ভাঙি টুপুংকৈ পানীত পৰিলেহি । সিও ডালটোতে খামুচি পানীত ওপঙি গৈ থাকিল । শিলাময় নদীখনৰ ওলাই থকা যিটো ওখ শিলত সি থিয় হয় – বাঘটোও আহি তাৰ ওচৰত থিয় হয়হি । পাহাৰীয়া নদীৰ ঠাণ্ডা পানীখিনিত সাঁতুৰি সাঁতুৰি সি ভাগৰি পৰিল । এটা সময়ত সি পানীৰ পৰা মুৰ ডাঙি ওলাই থকা এডোখৰ ডাঙৰ শিলাত উঠি থিয় হ’লহি । তাৰ পিছ নেৰা হিংস্রুক বাঘটোৱে তাতো তাক ৰেহাই নিদিলে । প্রকাণ্ড হাতোৰাখনেৰে তাৰ কোমল মুখখনত জোৰেৰে এটা থাপৰ মাৰিলে । তাৰ মুখৰ পৰা সৰসৰকৈ তেজ এখিনি বাগৰি পৰিল । হঠাৎ ক’ৰপৰা জানো তাৰ মনত এনে প্রচণ্ড সাহস আৰু আত্মবিশ্বাস জাগিল – গাৰ সমস্ত জোৰেৰে সি চিঞৰি উঠিল । তাৰ চিঞৰত গোটেই বননিখন কঁপি উঠিল । বাঘটোৱেও যেন কিবা বুজি পালে । কিছু সময় থৰ লাগি তালৈ চাই জিভাৰে ঠোট মোচ চেলেকি তাক তাতে এৰি অহা বাটেৰে গুচি গ’ল বাঘটো !! সি আচৰিত হৈ তাৰ চিঞৰ বন্ধ কৰিলে । কিন্তু তাৰ চিঞৰ বন্ধ হোৱাৰ পিছতো চিঞৰৰ প্রতিধ্বনি বননিখনত ৰৈ ৰৈ বাজি থাকিল । সি অলপ সময় থমকি ৰ’ল । ক’তা, এইটো চোন তাৰ মাত নহয় ! এই মাতটো তাৰ মাততকৈও দুগুণ শক্তিশালী আৰু দৃঢ় । সি ঘুৰি চালে – দেখিলে অলপ দূৰত নদীৰ পাৰত তাক বিচাৰি বিচাৰি বাউলী হৈ পৰা মাকজনীয়ে প্রচণ্ড আক্রোশেৰে চিঞৰি আছে বাঘটোলৈ চাই । তাৰ মনটো আনন্দত নাচি উঠিল । সি দৌৰ মাৰি গ’ল মাকৰ ওচৰলৈ । মাকে পৰম আশ্বাসেৰে নিজৰ মৰম কোমল উষ্ণ জিভাখনেৰে তাৰ দুখ পাই তেজ ওলোৱা ঠাইবোৰ চেলেকিবলৈ ধৰিলে । ….
৩.
: “ দাদা , উঠ ইমানকৈ ফোনটো বাজি আছে শুনা নাই নেকি তই ?” ভনীয়েকে তাৰ গাত ধৰি হেঁচুকি জগাই দিলতহে সি সাৰ পালে । ফোনটো ডাঙি চালে । চাৰিটা মিচ ক’ল । তাৰে তিনিটা তাৰ স্বাস্থ্যকেন্দ্রৰ ডাইৰেক্টৰজনৰ । মানুহজনৰ মাতটো শুনিবৰ মন নাযায় তাৰ । ইমান দিনে দুখীয়া হোজা মানুহবোৰৰ কল্যাণৰ বাবে অহা টকাবোৰ খাই খাই মানুহজন তেজখোৱা জোকৰ দৰে শকত হৈ পৰিছে । নিজৰ বাৰীৰ তামোল, শাক- পাচলি বেচি দুটা পইচা আর্জন কৰা মানুহবোৰৰ পৰাও চহী এটা কৰাৰ বিনিময়ত পইচা ল’বলৈ সংকোচ নকৰে এই মানুহবোৰে ! গাঁৱখনৰ বেমাৰী মানুহ এজনক হোজাইৰ স্বাস্থ্যকেন্দ্রত চিটি স্কেন, আলট্রা চাউণ্ড আদিৰ পৰীক্ষাৰ বাবে পঠিয়াবলৈ ডাক্টৰজনে লিখি চহী এটা মাৰি দিলেই তেওঁলোকে তাত বিনামূলীয়াকৈ এনে পৰীক্ষা কৰাব পাৰে । কিন্তু সেই বিনামূলীয়া সেৱাখিনি পাবৰ বাবেও মাজত ধৰি এই তেজখোৱা জোকৰ দৰে মানুহবোৰক নিজৰ সাঁচতীয়া টকা দিব লাগে । বিতৃষ্ণা লাগি যায় তাৰ । সি যোৱা মাহৰ তেনেকুৱা দুখনমান খেলি মেলি টকাৰ বিল চহী কৰা নাই । এই মাহতো ড্ংকামকামৰ খণ্ড স্বাস্থ্য কেন্দ্রটোত খৰচ হোৱা বুলি দেখুওৱা ভুৱা বিলত সি চহী নকৰাৰ বাবে হুলস্থুল লাগি আছে ! দুৰ্নীতিক প্রশয় নিদিয়া তাৰ এই স্বভাৱটোৰ বাবে ওপৰৰ প্রতিজনেই বুজনি দিছে – ঠাট্টা কৰিছে । এতিয়া সেই বুজনি, ঠাট্টাবোৰ ধমকিলৈ পৰিবৰ্তন হৈছে । তাৰ নিজৰো তিনিমাহৰ দৰমহা বন্ধ হৈ আছে ।
ফোনটো লৈ সি অলপ সময় বিচনাখনতে চকু মুদি বহি থাকিল । ভনীয়েকক ক’লে –
: “ যা মোলৈ ধুনীয়াকৈ কফি একাপ বাকি আন !”
ভনীয়েক ৰুমটোৰ পৰা ওলাই যোৱাৰ লগে লগেই সি ডাইৰেক্টৰলৈ ফোনটো লগালে । কাণখন তাৰ সাজুৱেই আছিল ডাইৰেক্টৰৰ কৰ্কশ মাতটোৰ কটু কথা কিছুমান শুনিবৰ বাবে । তেওঁ তাক গুৱাহাটীলৈ যাবলৈ কৈছে - স্বাস্হ্য সচিৱালয়ৰ মুখ্য বিষয়াসকলে তাৰ লগত কিবা কিবি হিচাপ নিকাচ কৰিব । সি নিজেই তাৰ সুন্দৰ ভৱিষ্যতটো লৈ মূৰ্খৰ দৰে খেল খেলিছে । সেয়ে সেই খেলৰ যোগ্য বঁটাটোও তাক নিজ হাতেৰে লৈ আনিবলৈ কৈছে ।
শান্তভাৱেই সি সকলো কথা শুনি গ’ল । কঠিন ভাবে কিবা এটা উত্তৰ দিম বুলি ভাবিও সি ৰৈ গ’ল । কোনো লাভ নাই এইবোৰ অজ্ঞ মানুহক টান কথা কৈ । এইবোৰ মানুহ পুতৌৰহে যোগ্য । কিমান দিন জীয়াই থাকিব এইখন পৃথিৱীত তেওঁলোক ! ডায়েবেটিচ , হাই ব্লাডপ্রেচাৰ , থাইৰড আৰু নানাবিধ বিলাসী ৰোগত আক্রান্ত্র । তাৰোপৰি প্রতিদিনেই টকা পইচাৰ চিন্তা । আনক শোষণ কৰি ধন ঘটাৰ গ্লানিত তেওঁলোক নিজৰ মনৰ ওচৰত ক’ব নোৱাৰাকৈয়ে দোষী হৈ থাকে সদায় । তেওঁলোকে খোৱা প্রতি গৰাহ খাদ্যতে সেই গ্লানি বিহ হৈ পেটলৈ সোমায় । পায় জানো শান্তি এনেদৰে অসৎ উপায়েৰে টকা ঘটা লোকসকলে । নাপায়... । মাকে ঠিকেই কৈছে । সৎ ভাবে উপাৰ্জন কৰা প্রতিটো টকাৰ মূল্য অপৰিসীম । সেই টকাৰে আহৰণ কৰা প্রতিটো সম্পদ বা খাদ্য অমূল্য আৰু পৱিত্র । সেয়ে হয়তো মাকে প্রতিদিনে খোৱা সাধাৰণ উপবাসী খাদ্যৰেই যিমান পৰিপুষ্টি আৰু তৃপ্তি পায় – মাকৰ লগত একেলগে চাকৰি কৰা, অথচ অন্যায় ভাবে টকা ঘটি কোটিপতি হোৱা বন্ধু- বান্ধৱীসকলে বিলাসী হোটেলত খাদ্য খায়ো সিমান তৃপ্তি নাপায় । সেইসকল বন্ধু-বান্ধৱীয়ে প্রায়ে তাৰ মাকৰ আগত নিজৰ হৃদয়বোৰ খুলি দুখ যন্ত্রণাৰ ভাগ বতৰা কৰি থাকে । মাকৰ ওচৰত সততা আৰু শান্তিৰ এনে এক দৃঢ় মন্ত্র আছে যে – তাৰ উগ্র দেউতাকো প্রায় সকলো সময়তে মাকৰ ওচৰত কৃতজ্ঞ হৈ থাকিবলৈ বাধ্য হয় । দেউতাকে তেওঁৰ জীৱনৰ বহুবোৰ কঠিন আৰু অকলশৰীয়া মূহূৰ্ত মাকৰ সহায়তেই হেলাৰঙে পাৰ কৰি আহিছে । এই গৰাকী মাকৰ সন্তান হৈ সি দুৰ্বল হলে নহ’ব । সি কোনোপধ্যেই দুৰ্বল নহয় । সি কাকোয়েই ভয় নকৰে । নিজৰ মতে সি যুঁজি যাব অন্যায়ৰ বিপক্ষে । তাৰ জ্ঞান আৰু প্রজ্ঞাৰে হাজাৰ হাজাৰ দুখীয়া মানুহৰ জীৱনৰ চাকি জ্বলাব । এইবোৰ অসৎ দুৰ্নীতিত লিপ্ত মানুহৰ মিছা হুংকাৰে তাৰ গাৰ নোম এডালো লৰাব নোৱাৰে । সি হিচাপ কৰি চালে । তাৰ কম্পালচৰি পষ্টিঙৰ এটা বছৰ পাৰ হৈ গলেই । এতিয়া তাৰ উচ্চ শিক্ষা ল’বৰ বাবে আৰু বাধা নাই ! প্রয়োজন হলে সি চাকৰিয়ে এৰি দিব – কিন্তু অন্যায়ৰ লগত বুজাবুজি নকৰে । সি পঢ়িব – বহুত পঢ়িব । ফোনটো লৈ সি তাৰ আনটো মিচ কল চালে । তাৰ মুখত এটা মিচিকিয়া হাঁহি ওলাই গ’ল । “অ’ এইটোচোন ‘চাইনটিষ্ট’ৰ নম্বৰ !” সি নিজৰ মুখৰ ভিতৰতে ক’লে । বুকুখনত সোঁ হাতখন লগাই চালে সি । কলিজাটোচোন আগৰ দৰেই ধপ ধপ কৰিছে ! সেই অন্ধকাৰ কন্টক বনত হেৰাই যোৱা তাৰ হৃদয়খন ‘চাইনটিষ্ট’ গীতিমাই বিচাৰি আনি আগৰ ঠাইত বহুৱাব পাৰিছে হয়তো !

পিছদিনা ৰাতিপুৱাই সি কাপোৰ কানি পিন্ধি সাজু হ’ল- গুৱাহাটীলৈ যাবলৈ । মাকৰ ওচৰতে ৰৈ ভনীয়েকে তাইৰ দীঘল চুলিখিনি পকাই পকাই বেণী এডাল গুঠিবলৈ চেষ্টা কৰি আছিল । আনদিনাৰ দৰেই সি ভনীয়েকৰ বেণীডালত লাহেকৈ টান এটা মাৰিলে । তায়ো চিঞৰ এটা মাৰি তাৰ পিঠিত জোৰকৈ এটা ভুকু মাৰিলে । তাৰ পিঠিত ভুকু মাৰিলে ভনীয়েকে নিজৰ হাতখনতহে দুখ পায় । অতি শান্ত আৰু আলফুলীয়া তাৰ মৰমৰ ভনীয়েকজনী । তাইৰ সপোনবোৰ সিয়েইতো পূৰণ কৰিব লাগিব ! সি মাকক সেৱা এটা কৰি ক’লে -
: “মা , মই যাওঁ । গুৱাহাটীলৈ । আজি মই দুটা ডাঙৰ সিদ্ধান্ত ল’ম । তোমাৰ সহায় আৰু আশীৰ্বাদ মোক সদায় দিবা দেই ।”
কানাই মাকে উপহাৰ দিয়া নতুন ৱাগেনাৰখন গেৰেজৰ পৰা উলিয়ালে । ভনীয়েকে পদুলিৰ জপনাখন সম্পূৰ্ণ কৈ খুলি দিলে । মাকে আগবাঢ়ি গৈ পুনৰ তাৰ কপালত আলফুলে হাত বুলাই দিলে । মাকৰ সেই স্পৰ্শত আছিল পৰম আশ্বাস আৰু নিৰাপত্তা । গাড়ীখনে মৃদু শব্দ কৰি ধূলি উৰুৱাই দীঘল পদূলিটো পাৰ কৰি নিয়াৰ লৈকে মাকে কানাক চাই থাকিল ! তেওঁৰ চকু মুখত তেতিয়াও লাগি আছিল প্রশান্তিৰ হাঁহি আৰু তাৰ প্রতি থকা থকা গভীৰ বিশ্বাস । ....

সুন্দৰ সংস্কাৰ আৰু নৈতিক মূল্যবোধেৰে ডাঙৰ কৰা “ড:শ্যামকানু” নামৰ ডেকা চিকিৎসকজনৰ আদৰ্শবান পিতৃ-মাতৃ দ্বয়ৰ নামত গল্পটো উৎসৰ্গা কৰিলোঁ ।
অনুপমা বৰগোহাঁই
নয়ডা
ভ্রাম্যভাষ: ০৯৭১১৪৯৭৩২৮
অনুপমা বৰগোহাঁই
নয়ডা
ভ্রাম্যভাষ: ০৯৭১১৪৯৭৩২৮
No comments:
Post a Comment