বৰগোহাঞি , বৰগোহাঁই আৰু বৰগোঁহাই...
অসমীয়া মাধ্যমত প্রাথমিক বিদ্যালয়ৰ শিক্ষা জীৱন শেষ হোৱাৰ পিছত নিজৰ নামটো অসমীয়াত লিখাৰ প্রয়োজন প্রায় কম হৈ যায় । কাৰণ হাইস্কুল বা কলেজত নিজৰ নাম সাধাৰণতে ইংৰাজীতেই লিখিব লাগে –অসমত অসমীয়া ভাষাতে লিখি ভৰ্তি কৰিব লগা প্রপত্রও তেনেকৈ নাই ! গতিকে নিজৰ নামটো পুনৰ অসমীয়াত লিখাৰ সুবিধা অকব ত হে পালো –বহুত দিনৰ মুৰক । এইবাৰ মোৰ নামটোত নতুনকৈ পতিৰ উপাধিটো লগাই লিখিবলৈ ললো । শৈশৱৰ পৰা মোৰ এজন অন্তত্য প্রিয় লিখক হল- হোমেন বৰগোহাঞি – গতিকে মোৰ নামটোৰ পিছত তেওঁৰ অনুকৰণতে “বৰগোহাঞি” লিখিবলৈ ললো । .. কিন্তু মোৰ পতিয়ে মোৰ নামৰ পিছত “বৰগোহাঞি” লিখিলে মুখ টিপি হাঁহে -- বাধা নিদিয়ে । তেওঁ নিজে বৰগোহাঁই লিখে । সাহিত্য. অৰ্গত মোৰ লিখনিবোৰত মোৰ নামটো বৰগোহাঞি , বৰগোহাঁই আৰু বৰগোঁহাই...সকলো ভাগে ওলাল । এবাৰ অসমৰ পৰা এগৰাকী বান্ধৱীয়ে ফোন কৰি সুধিলে “ তুমি “ঞি’ লিখা অনুপমা নে “হাঁই” লিখা্ অনুপমা ? দুয়োজনী একে নে বেলেগ ?”—তেতিয়া মই অলপ সচকিত হলো । হয়তো, নিজৰ নামটো এনেকৈ ভিন ভিন ধৰণেৰে লিখিলেটো নহব ! সেয়ে সাহিত্য. অৰ্গৰ পূৰ্বৰ সম্পাদিকা মাধুৰিমাক কৈ নিজৰ লিখনিবোৰত নামটো “বৰগোহাঁই” কৰাই ললো –যিহেতো মোৰ পতিয়ে “বৰগোহাঁই” বুলিহে লিখে । চন্দ্রবিন্দুটো কত কেনেকৈ দিছিলো –মনত নাই !! সিদিনা এইবাৰৰ সাহিত্য.অৰ্গৰ সম্পাদক ৰাজীৱ ৰঞ্জনে সুধিলে “ আপুনি বৰগোহাঁই নে বৰগোঁহাই ”—মই লৰালৰিকৈ উত্তৰ দিলো “বৰগোঁহাই”—কিন্তু উত্তৰটো লিখাৰ লগে লগে ভাব আহিল –মই বাৰু ভুল কৰিলো নেকি ? লগে লগে অনলাইনত থকা পতিক সুধিলো । তেওঁ মৃদু ভৎসনা এটাৰে লিখিলে “বৰগোহাঁই” !! মই লগে লগে ওচৰত পোৱা জুৰি বৰা বৰগোহাঞিৰ “নাংফা” নামৰ কিতাপখন উলিয়াই চালো – "বুৰঞ্জীবিদ পদ্ম বৰগোহাঁই" – "সুকৃতি বৰগোহাঁই" -- !! ৰাজীৱক পুনৰ শুদ্ধ কৰি লিখি দিলো । হয় । মই সিদিনাহে নিজৰ নামটো সম্পূৰ্ণ শুদ্ধকৈ লিখিব শিকিলো !! মনে মনে সম্পাদক ৰাজীৱ ৰঞ্জনক অশেষ ধন্যবাদ দিলো !

কিন্তু এইখিনিতে মই বুৰঞ্জীৰ জ্ঞান থকা বা জনা বুজা সকলক সুধিব খুজিছো - :
বৰগোহাঞি আৰু বৰগোহাঁই দুয়োটা বেলেগ ফৈদ নেকি ? একেটা উপাধিৰ কিয় দুটা
বেলেগ বানান ? দুটা বেলেগ বানানৰ প্রয়োজন আছেনে বা কোনটো শুদ্ধ বানান??
আশাকৰো উত্তৰ পাম অকবৰ মজিয়াতেই !!
- You, Nibedita Hazarika, Ayan Uttam, Marylene Dutta and 60 others like this.
- Anupama Borgohain অকল হাঁহি মাৰি থৈ দিলা যে মাধুৰিমা ? মোৰ শেষৰ পেৰেগ্রাফটো নপঢ়িলা নেকি ! উত্তৰ আশা কৰিছো সদাশয় পাঠকসকলৰ পৰা !..
- Debabrot Gogoi গোঁহাই শব্দটো আহোম শব্দ " কুন-হাই " পৰা অপভ্ৰংশ হৈ আহিছে । বৰগোঁহাই আৰু বৰগোহাঞি শব্দ দুটাৰ ক্ষেত্ৰত বানান বিভ্ৰাট হৈ আছে । দুয়োটা শব্দ একেই ।
বুৰঞ্জীবিদ পদ্মনাথ বৰগোহাঞিয়ে "অসমৰ বুৰঞ্জীত" গোহাঞি বানানটো ব্যৱহাৰ কৰিছে , আনহাতে ড সুৰ্য্যকুমাৰ ভুঞা দেৱে "গোঁহাই" বানানটো ব্যৱহাৰ কৰিছিল । আহোম বুৰঞ্জী বিশেষজ্ঞ সৰ্বানন্দ ৰাজকুমাৰে আকৌ "গোঁহাই" বুলি নিজৰ গ্ৰন্থবোৰত লিখিছে । আনহাতে বৃটীছৰ আগমণৰ ঠিক পাছতে পদ্মেশ্বৰ নাওবৈছা ফুকনে ৰচনা কৰা অসম বুৰঞ্জীত "বুৰা গোহাই" আৰু "বৰগোহাই" বুলি লিখিছিল । চন্দ্ৰবিন্দুটো ব্যৱহাৰ কৰা নাছিল ।
গোঁহাই আৰু গোহাঞি কিয় লিখে এই লৈ এটা আমোদজনক প্ৰৱব্ধও পঢ়িছিলো , কিন্ত তাৰ কথাবোৰ এতিয়া সৰ্ম্পূণ ৰূপে পাহৰিছো । হলেও পুৰণা আলোচনীবোৰ খুচৰি আছো । পালে লিখিম । - Anupama Borgohain ধন্যবাদ Pratim Pratap Baruah আৰু Debabrot Gogoi, ! আচলতে মই এই বিষয়ে জানাবলৈ বৰ অনুসন্ধিসু -- বিচাৰ খোচাৰ কৰিবলৈ মোৰ ওচৰত কিতাপ পত্রও সীমিত --আশাকৰো দেবব্রত ডাঙৰীয়াই সোনকালে ইয়াৰ ওপৰত লিখা এটা দিব !!
- 'Nilanjon Gohain কালৰ গতিত আমি বৰপাত্ৰ গোহাঁইটো কেৱল গোহাঁই লিখিবলৈ ল'লো। পিছে উজনি অসমৰ পিনে মানুহে সোধে - গোহাঁই মানে কোনটো গোহাঁই। এইপিনে কেৱল গোহাঁই বুলিলে যথেষ্ট নহয়। গতিকে পিছৰ জেনেৰেশ্যনটোক বৰপাত্ৰ গোহাঁই লিখাবলৈ লৈছো।
- Surajit Neog মোৰ পেহাদেউহঁতেও 'বৰগোহাঁই' য়েই লিখে । এবাৰ সুধিছিলো এই কথাটো, কিন্তু বিশেষ সদুত্তৰ নাপালো ।
- Abhijit Kalita মই লগে লগে ওচৰত পোৱা জুৰি বৰা "বৰগোহাঞি"ৰ “নাংফা” নামৰ কিতাপখন উলিয়াই চালো – "বুৰঞ্জীবিদ পদ্ম বৰগোহাঁই" – "সুকৃতি বৰগোহাঁই" ..এই কথাষাৰতে গন্দগোল আছে দেখোন। কিন্তু মোৰ জ্ঞান বুদ্ধি মতে গোটেইকেইটা একেই। গতিকে উচ্চাৰণ চাই এটা বানান কৰি পেলাব লাগে। আচলতে...See More
- Anupama Borgohain লেখিকা জুৰি বৰাই তেওঁৰ নামত "বৰগোহাঞি" লিখে আৰু তেখতৰ কিতাপ নাংফা খনৰ পৰা "বুৰঞ্জীবিদ পদ্ম বৰগোহাঁই" – "সুকৃতি বৰগোহাঁই" এই নাম দুটা চাই চন্দ্রবিন্দুৰ অৱস্থিতি সম্পৰ্কে নিশ্চিত হৈছিলো !! অৱশ্যে আলোচনাটিৰ মতামতৰ পৰা মোৰ মনতো ভাব হৈছে "বৰগোহাঁই " বানানটোহে শুদ্ধ হব । যদিহে দুয়োটা উপাধি একেই তেনে এটা বানান হোৱাহে উচিত !
- Niranjan Hazarika অসম বুৰঞ্জীত তিনিজন মন্ত্ৰীৰ আসন আছিল বৰগোঁহাই বুঢ়াগোঁহাই আৰু
বৰপাত্ৰগোঁহাই ।
No comments:
Post a Comment