এটা
সুখবৰ : বিশ্ব নাৰী দিৱসৰ দিনা আমেৰিকাৰ প্রথম মহিলা মিছাইল অবামা আৰু
US Secretary of State জন কেৰীয়ে নিৰ্ভয়াক মৰণোত্তৰ ভাবে “ International
Women of Courage” অৰ্থাৎ “বিশ্বৰ সকলোতকৈ সাহসী মহিলা”ৰ সন্মান প্রদান
কৰিব ।
: যোৱাবছৰ ডিচেম্বৰ মাহৰ পহিলা সপ্তাহত দিল্লীত এক চলন্ত বাচৰ ভিতৰতে গণধৰ্ষণৰ বলি হোৱা ২৩ বছৰীয়া এগৰাকী ভাৰত কন্যা যাক “টাইমচ্ অব ইন্ডিয়া”ই ‘নিৰ্ভয়া’ নাম দিছিল আৰু দুৰদৰ্শনে “ডামিনি” নাম দিছিল আৰু যি ছিংগাপুৰৰ “এলিজাবেথ হস্পিটেল”ত মৃত্যুক সাবটি ল’লে – সেই নিৰ্ভয়া তথা ডামিনী এই সুন্দৰ পৃথিৱীখনৰ পৰা হেৰাই গ’ল মানুহ ৰূপধাৰী নিষ্ঠুৰ পিশাসকেইটামানৰ কামনাৰ বলি হৈ.. কিন্তু এইখন দেশত কেৱল এজনী নিৰ্ভয়াই মানৱ ৰূপী দানৱৰ বলি হোৱাৰ উদাহৰণ নহয়। আমাৰ দেশত চুকে কোণে প্রতিটো মূহূৰ্ততে আৰু কিমানজনী নিৰ্ভয়া/ডামিনী/আজলী মানৱ ৰূপী দানৱৰ হাতত বলি হৈ আহিছে তাৰ সীমা সংখ্যা নাই বুলি কলেও অত্যাধিক কোৱা নহ’ব । কিন্তু আৰু কিমান দিন – কিমান দিন আমি দেবী ৰূপত পূজা কৰা “নাৰী”ক এনেকুৱা নৰপিশাচৰ বলি হ’বলৈ আগুৱাই দিম ! কিমান দিন “নাৰী” জনম লোৱাৰ বাবেই ভয়ে ভয়ে আগবাঢ়িম.. বাটে পথে ,ৰাজহুৱা স্থান, কৰ্মস্থান সকলোতে শংকা ভাব এটা অনবৰতে কঢ়িয়াই ফুৰিম ..এয়া মই কোনো নৰপিশাচৰ বলি হ’ম নেকি বাৰু ?? ..এই মানুহটোৱে মোক কিয় এনেকৈ চাইছে ?? ..এই সময়ত অকলে মই কেনেকৈ যাম ?? .. এইযোৰ কাপোৰ মোৰ ছোৱালীজনীক পিন্ধিবলৈ দিমনে ??... ঘৰৰ বাহিৰত পঢ়িবলৈ বা কিবা কামৰ সংক্রান্তত ওলাই যোৱা কন্যা সন্তানটিৰ বাবে প্রতিটো ক্ষণতে কিমান দুঃচিন্তা কৰি থাকিম ..!! বহুত হ’ল । আমি জীৱ শ্রেষ্ঠ মানুহ । মানৱীয়তাৰ উত্তৰণৰ বাবে ,কামনা-বাসনাত বিবেক-জ্ঞান হেৰুৱাই পেলোৱা সকলক শিকনি দিবৰ বাবে যথাবিহিত ব্যৱস্থা ল’বৰ হ’ল । তেতিয়াহে আমি নাৰী দিৱস পালন কৰাৰ বা নাৰীক “দেৱী”ৰূপে পূজা কৰাৰ অৰ্থ থাকিব । নাৰী দিৱসত সমূহ নাৰীজাতিৰ হৈ মানৱীয়তাৰ উত্তৰণৰ বাবে প্রাৰ্থনা কৰিলো !

- You, Sarada Shrestha, Kowstoovmoni Saikiadutta, Mukundamoni Gogoi and 44 others like this.
- Prasanta Ballav Hazarika এটা অতি ভাল খবৰ ৷
- Prasanta Ballav Hazarika কিন্তু আমি বিচাৰো মানুহৰ মাজত থকা বেয়াবোৰৰ সুমতি আহক ৷
- Anupama Borgohain হয় , আপোনাৰ সৈতে মই সহমত Prasanta Ballav Hazarika !
- Ajoy Lal Dutta আমি এই পুৰস্কাৰ প্ৰদানেৰে কি বুজাব বা উদযাপন কৰিছো একো বুজা নাই ৷ নিৰ্যাতিতা অৱলা এগৰাকী সাহসী হ’ল কেনেকৈ? তেখেত নিৰ্যাতনৰ ফলত মৃত্যু হ’ল ৷
উদাহৰণযোগ্য শাস্তি প্ৰদানেৰে এনে বাই-ভনীলৈ চকু দিয়া সকলক হাত বান্ধিব লাগে ৷ নিধি খুলি, আমেৰিকাৰ পৰা কিবা সন্ম...See More - Diganta Bora আপোনাৰ শংকাখিনি আজি প্ৰতিজন ভাৰতীয়ৰ শংকা। এনে অপৰাধীৰ বিৰুদ্ধে আমাৰ আইনবোৰত থকা সুৰুঙাবোৰ বন্ধ কৰি কঠোৰ কৰিবৰ হল।
- Prasanta Ballav Hazarika অজয়লাল দত্তৰ কথাৰো যুক্তি আছে ৷
- Syamanta K. Goswami এই উদাহৰণযোগ্য শাস্তিৰ কথাষাৰ মানি ল'ব নোৱাৰোঁ। এই বিষয়ে কিছুদিন আগতে উদ্দীপদাই (Uddip talukdar ) অতি সুন্দৰভাৱে আলোকপাত কৰিছিল। তেখেতৰ কথাখিনি কপি-পেষ্ট কৰি দিছোঁ।
....."ভয়ংকৰ শাস্তিয়ে অপৰাধ নিয়ন্ত্ৰণ কৰে জানো? মই এতিয়ালৈ এই বিষয়ে কিছু বিচাৰ-খোঁচাৰ ক...See More - Anupama Borgohain "উদাহৰণযোগ্য শাস্তি প্ৰদানেৰে এনে বাই-ভনীলৈ চকু দিয়া সকলক হাত বান্ধিব লাগে" ..একেবাৰে সঁচা কথা !! কিন্তু নিৰ্য্যাতনত বলি হয়ো জীযাই থকাৰ সাহস দেখুৱা , দেশৰ হাজাৰ হাজাৰ মানুহক অন্যায়ৰ ,নিৰ্য্যাতনৰ প্রতিবাদ কৰিবলৈ উদ্বদ্ধ কৰি তোলা এগৰাকী নাৰীক "পুৰস্কাৰ" দি তেওঁক সন্মান কৰাটো বেয়া কথা বুলি মই নাভাবো !.. কথা হ'ল ভাৰত, আমেৰিকা বা ইউৰুপ ..পৃথিৱীৰ যিকোনো অংশতে নাৰী ধৰ্ষিতা হৈছে এয়া গোটেই মানবজাতিৰ বাবে লজ্জ্বাজনক !!
- Rajib Ranjan মিছাইল অবামা -> Michelle Obama, অসমীয়াত মিছেলী বা মিচ্ছেল লিখিব পাৰি নেকি? মিছাইল বুলি ক'লে Missile হে মনলৈ আহেচোন।
- Anupama Borgohain তোমাৰ কথাটো হয় ৰাজীৱ ৰঞ্জন ..মুখেৰে সদায় "মিশ্বেল" বুলিয়েই কও লিখোতে ভুল হ'ল
- Ajoy Lal Dutta "কিন্তু নিৰ্য্যাতনত বলি হয়ো জীযাই থকাৰ সাহস দেখুৱা , দেশৰ হাজাৰ হাজাৰ মানুহক অন্যায়ৰ ,নিৰ্য্যাতনৰ প্রতিবাদ কৰিবলৈ উদ্বদ্ধ কৰি তোলা"... কথাষাৰ মেডিয়া পইণ্টৰ পৰা শুদ্ধ ৷
কিন্তু ভাৱকচোন, চেতনাহীন অৱস্থাত এগৰাকী জীৱনৰ বাবে হাঁহাকাৰ কৰি থকা নিৰ্যাতিতাক এ...See More
No comments:
Post a Comment