Thursday, 9 April 2015

জীৱন –জীৱন –বৰ অনুপম ...

জীৱন –জীৱন –বৰ অনুপম ...
মৃত্যুৰ হিমশীতল হাতৰ পৰশ কোনোবাই বাৰু উপলব্ধি কৰি পাইছেনে ? সেই হিমশীতল স্পৰ্শৰ অনুভৱ লৈ প্ৰাণোচ্ছল এই পৃথিৱীখনলৈ ঘুৰি আহি কেনেকুৱা অনুভৱ কৰে –সেয়াও হয়তো ব্যক্তিভেদে বেলেগ । কিন্তু মৃত্যুৰ দুৱাৰ গচকি জীৱনলৈ ঘুৰি অহা সকলোৱে কবি–সাহিত্যিক নিৰ্মলপ্রভা বৰদলৈয়ে লিখি যোৱাৰ দৰে একেমুখে হয়তো ক’ব – “জীৱন –জীৱন বৰ অনুপম,মৰণ বিজয়ী সাধনা” !!
হোমেন বৰগোহাঞিয়ে “সাউদৰ পুতেকে নাও মেলি যায়” নামৰ আত্ম-জীৱনীমূলক উপন্যাসখনত বাপুকণ নামৰ চৰিত্রটোৰ যোগেদি লিখিছিল : ..আনন্দৰ ৰাগিত বাপুকণ পাগল হৈ পৰিল । মৃত্যুৰ ৰাজ্যৰ পৰা পৃথিৱীলৈ ঘুৰি আহিহে সি আৱিষ্কাৰ কৰিলে- এই পৃথিৱীখন কি অপৰূপ সুন্দৰ । ইয়াৰ প্রতিটো ধূলিকণা, প্রতিটো পোহৰ কণা, প্রতিখিলা সৰাপাত, প্রতিটো পশু-পক্ষী,প্রতিটো মানুহ – সকলোৱেই কি আশ্চাৰ্যভাৱে অসামান্যভাৱে সুন্দৰ । ...
...
যোৱা এটা সপ্তাহ এটাৰ পিছত আনটো সন্তানৰ অসুখ , সিহঁতৰ চিকিৎসা ,শুশ্রুষা আদিত ব্যস্ত হৈ নিজৰ সামান্য জ্বৰ ,ডিঙিৰ বিষ এইবোৰক অৱজ্ঞা কৰি থাকোতে হঠাৎ মোৰ শৰীৰটোৱেও বিদ্রোহ আৰম্ভ কৰি দিলে । গৃহস্থ আছে প্রৱাসত । কাম বন কৰি সহায় কৰি দিও তাও কোনো নাই । লৰাৰো পৰীক্ষাৰ বতৰ । গতিকে দায়িত্ব আৰু স্বাস্থ্য এই দুয়োটাৰ টনাটনিত এদিন ৰাতি ১০মান বজাতে মোৰ উশাহ নিশাহ বন্ধ হৈ প্রাণবায়ু ওলোৱাৰ উপক্রম হ’ল !! ইতিমধ্যে টোপনিৰ কোলাত ধলি পৰা মোৰ ডাঙৰ লৰাটো হঠাৎ সাৰ পাই মোৰ অৱস্থা দেখি কি কৰিম নকৰিম হৈ ফোনটো লৈ ওচৰৰ “কিৰণ আন্টি” লৈ ফোন কৰিলে । এই অঞ্চলত “কিৰণ আন্টি” মোৰ মা স্বৰূপ ! মৰমীয়াল এই আন্টিগৰাকীৰ লগত মোৰ তেজ- মঙহ, ভাষা-সংস্কৃতি, আনকি জীৱন ধাৰণৰ প্রণালীৰো একো মিল নাই । মাথো মিল তেওঁ আৰু মোৰ জীৱন দৰ্শনৰ – আমি দুয়ো Soka Gakki বা Human Value Creating Society ৰ সদস্যা ! য’ত আমি মানৱীয়তাৰ শুদ্ধ পাঠ পঢ়াই নহয় তাক বাস্তৱত কাৰ্যকৰী কৰিবলৈও সদায় বদ্ধ পৰিপক্ক ! আমাৰ মতে সকলো মানুহৰ বুদ্ধত্ব প্ৰাপ্তিৰ গুণ আছে মাত্র সেই গুণ বিকশিত কৰিবলৈ শুদ্ধ জীৱন দৰ্শন বা পথ বিচাৰি লব লাগে । ..
মোৰ লৰাৰ ফোন পায়েই কিৰণ আন্টি দৌৰি আহিল । লগতে তেওঁ ফোন কৰি ওচৰৰ আন দুগৰাকী সদস্যা অলকা আগৰৱাল আৰু দিপিকা ব্রাউনকো সোনকালে মোৰ ওচৰলৈ আহিবলৈ কৈ আহিল । আয়ুৰ্বেদিক ডাক্তৰ অলকাই আয়ুৰ্বেদিক দৰবৰ ভাণ্ডাৰটো – “গ্রেট ইন্ডিয়া পেলেচ’ নামৰ বৃহৎ শ্বপিংমল খনৰ এখন কাপোৰৰ দোকানৰ গৰাকী দিপিকাই উশাহ লবলৈ অসুবিধা হোৱা বুলি জানি “নেবুলাইজাৰ” লৈ উপস্থিত হ’ল । তাৰ পিছত তেওঁলোকৰ শুশ্রুষা আৰু প্রাৰ্থনাত মোৰ অৱস্থা উন্নত হ’ল । ৰাতি বাৰ বজাত চিন্তিত মনেৰে ঘৰা ঘৰি যোৱা আটাইকেইগৰাকী মহিলাই মোক যেতিয়াই দৰকাৰ হয় বিনা সংকোচে ফোন কৰিবলৈ দঢ়াই দঢ়াই কৈ গ’ল !!
তেওঁলোকৰ উপস্থিতি ,নিঃস্বাৰ্থপৰ সেৱাই জীৱনটোক মোৰ পুনৰ নতুনকৈ চাবলৈ শিকালে । পুৱাৰ পৃথিৱীখন মই নতুন ৰহন সানি চালো । কি আছে বাৰু আমাৰ জীৱনত !! --এইটো মোৰ, এইটো তোৰ , মই ভাল ,তই বেয়া কৰি থাকোতে আমি পাহৰি যাওঁ যে আমি এইখন পৃথিৱীৰ দুদিনৰহে আলহী .. এটা জীৱন হেৰাই গলে আমি হাজাৰ কান্দোন, অনুতাপ বা শ্রদ্ধাঞ্জলী যাচিওঁ ঘুৰাই আনিব নোৱাৰো । কিয় বাৰু আমি জীয়াই থকা দিন কেইটাত নিঃস্বাৰ্থপৰ ভাবে মৰম চেনেহ বিনিময় কৰিব নোৱাৰো । “মোৰ ল’ৰা” “মোৰ ভাই” “মোৰ জাতি” – এইবোৰ কৈ মৰামৰি , ভেদাভেদ আনি জীয়াই থকাতকৈ গোটেই পৃথিৱীয়েই মোৰ ঘৰ –গোটেই মানব সমাজেই মোৰ পৰিয়াল –এনে ভাবিলে আমি বেচি সুখী হৈ জীয়াই নাথাকিম নে বাৰু ??
মোৰ অসুখ বুলি জানিও “ তোৰ ভালনে?” বুলি খবৰ এটা নোলোৱা বোৰ মোৰ সহোদৰ নে মোৰ অসুখ বুলি শুনিয়েই নিজৰ ব্যক্তিগত কাম ,ঘৰ সংসাৰৰ বোজা এৰি মোৰ ওচৰলৈ দৌৰি অহা তেজ-মঙহ ,ভাষা-সংস্কৃতিৰ মিল নথকা সেই নাৰী কেইগৰাকী মোৰ সহোদৰ ???? মৃত্যুৰ শীতল পৰশে মোক বহুত কথাই শিকাই গ’ল ... পৃথিৱীৰ কোনো অংশতে, কোনো কাৰণতেই মানুহ অকলশৰীয়া নহয় ... পৰক আপোন কৰিব পাৰিলে সংসাৰ সঁচায়ে সুখৰ ঠাই .. আমি সকলো ভাই ভনী !! .. আজি কাৰো প্রতি মোৰ ক্ষোভ বা মোহ নাই । .. জীৱন সঁচাই বৰ অনুপম !!!
( মোৰ অসুখৰ সময়ত লৰাৰ জেঙাৰ পৰা ,ৰান্ধনিশালৰ জেঙাৰ লৈকে সহায় কৰা অন্তৰৰ সম্পৰ্কৰে সঁচা ভনী মাধুৰিমা ,ভনীজোঁৱাই জোন, ফোনযোগে সমবেদনা আৰু সাহস যোগোৱা বান্ধৱী নিৰ্জুমণি আৰু ৰূপালী –ভাইটি দিগন্ত বৰা –যি সুদূৰ অসমৰ পৰা মোৰ আৰোগ্যৰ বাবে প্রাৰ্থনা পঠিয়াইছিল আৰু সঁচা সম্পৰ্ক, সহৃদয়তা কি - তাক প্রমাণ কৰিছিল .. তেওঁলোকক পুনৰ কৃতজ্ঞতা জনালো !!)

No comments:

Post a Comment