Saturday, 4 April 2015

মৰমৰ মেঘালী,

মৰমৰ মেঘালী,
বহুতদিনৰ পিছত তোলৈ চিঠি লিখিব বহিছোঁ। তহঁতৰ তিনিওৰে মংগল কামনা কৰিলোঁ। বিহু পাইছেহি নহয়, অসমলৈ মনত পৰিছে ছাগে' নহয়! বসন্তই ছাগে' তাতো ৰঙ বোলাইছে। তথাপি নাহৰ, তগৰ, কপৌফুলৰ গোন্ধৰ অভাৱ একোৱে পুৰাব পৰা নাই ছাগে নহয়!! আমাৰ হোষ্টেলৰ পাছফালে কেইজোপামান বৰ ওখ দৌল একোটা হেন নাহৰ গছ আছে। সেইকেইজোপালৈ এইকেইদিন চালেই মনটো ভাল লাগি যায়। বহাগৰ গোটেই শুভ্ৰতাখিনি যেন তাতেই গোট খাইছেহি!! মই পৰহিলৈ ঘৰলৈ যাম। পিঠা পনাবোৰ বনাব লাগিব নহয়! সোনকালে যাম বুলিও যাব পৰা নাই। এইকেইদিন মোৰ গৱেষণা প্ৰকল্পটোৰ কামৰ বৰ হেঁচা পৰিছে _ বছৰেকীয়া খচৰাখন জমা দিবলৈ চাৰ আৰু মোৰ লগৰ আনজন গৱেষণাকাৰী ডেৰাডুনলৈ যাব। মই এইবাৰ নগলো-বোধহয় আৰু নাপামো যাবলৈ !!(সাঁথৰ যেন লাগিছে নেকি ? ৰহ কৈ আছো ) মই এই গৱেষণা পত্ৰখনৰ বাবেই বহুত কাম কৰিব লগীয়া হৈছে। দেওবাৰেও জিৰণি নাই !! আজিৰ পৰাহে অলপ সকাহ পাইছো।
জান মেঘা, মই মাজে মাজে ভাবো, ছোৱালীবোৰৰ জীৱনটো সঁচাই বৰ লেহুকা নেকি ?? কোনসময়ত পৰিস্থিতিয়ে আমাক কোনফালে বেঁকা কৰে, আমি নিজেই ধৰিব নোৱাৰো। তাৰ প্ৰমাণ মই নিজেই নিজত পাইছো। মই যেতিয়া গৱেষণা কৰিবলৈ সুবিধা পাইছিলো, সঁচাই বৰ সুখী হৈছিলো ( তোলৈ মই সেই কথা লিখিছিলোই ) গোটেই জীৱনটো পঢ়া-শুনা কৰি কটাই দিব পালেও হয়তো মই সুখী হ'ম। কিন্তু মই কেৱল নিজকে সুখী দেখিব নোখোজো .সেইটোও ঠিক। মোৰ মা-দেউতা মোৰ ঘৰৰ আনবোৰ মানুহে ,মোৰ বন্ধু-বান্ধৱ ( তয়োতো!) মোক কেৱল এজনী অধ্যয়নশীল নাৰীৰ ৰূপততে দেখি সন্তোষ্ট নহয়!! সকলোৱে বিচাৰে এজনী নাৰীৰ পৰিপূৰ্ণ হব পৰা চিনাকী এটাত মোক চাবলৈ। মই জানো, সেয়া মোৰ প্ৰতি থকা সকলোৰে শুভেচ্ছাৰে চিন আৰু এই ইচ্ছাক ৰূপ দিবলৈ মই বোধকৰো মোৰ এটা সপোন আধৰুৱা কৈয়ে এৰিব লাগিব।। মেঘা , তোলৈ আগৰবাৰ লিখিছিলো যে যোৰহাটৰ মানুহজনৰ কথা, সেই কথাটোৱেই এতিয়া ক্ৰমাগত ভাবে অংকুৰণ ঘটি পুলি পোখা মেলি মোৰ জীৱনটো চাটি পেলাবলৈ লৈছে !!! মাহঁতক তো জানই ..ভাল লৰা এটা পালে বিয়াৰ বয়স ভাটি দিও দিও যেন কৰা জীয়ৰীক যিমান সোনকালে পাৰে সিমান সোনকালে উলিয়াই দিবলৈ চেষ্টা কৰে.. আনহাতে লৰাৰ ঘৰৰ ফালৰ পৰাও খৰধৰ!! কি কৰো বাৰু ?? মা- দেউতাৰ মুখখনলৈ চালে, তেওঁলোকৰ কথাবোৰ শুনিলে আপত্তি কৰিবলৈ মন নাযায়। ..সেয়ে এদিন খোলাখুলি কৈয়ে মানুহজনৰ লগত কথা পাতিলোঁ তেখেতৰ ৰুগ্ন আৰু বৃদ্ধা মাকৰ অন্তিম ইচ্ছা বৰ পুত্ৰৰ বোৱাৰী চাই যাবলৈ ! সৰু পুতেকৰ ইতিমধ্যে বিয়া হৈ লৰা ছোৱালীও এহাল হ'ল ! মানুহজনে মোক গৱেষণাৰ বাকীখিনি কাম বিয়াৰ পিছতো সম্পূৰ্ণ কৰিব পাৰিম বুলি বুজনি ( বা প্ৰতিশ্ৰুতি যিয়েই নকৱ ) দিছে। গতিকে ময়ো অমান্তি হোৱাৰ কাৰণ উলিয়াব নোৱাৰিলোঁ ...এতিয়া কথা হ'ল মই বা কিমান মনোযোগীতা দিব পাৰো গৱেষণা শেষ কৰি “ডক্টৰেট” নামৰ ডিগ্ৰীটো লবলৈ আৰু তেওঁ বা কিমান নিজৰ প্ৰতিশ্ৰুতি ৰাখিবলৈ সক্ষম হয় !! নতুন দায়িত্ব আৰু নতুন সংসাৰে মোক বা কোনফালে বেঁকা কৰি নিয়ে ...।
বাৰু মোৰ কথা ইমানতেই সামৰিছোঁ। তোৰ কথা কচোন ?? তোৰ গৃহস্থ আৰু অকণমাণি কচুগুটিটোৰ কি খবৰ ? সি ছাগে এতিয়া এখুজি দুখুজিকৈ খোজ দিয়াৰ লগতে এটা দুটা অমাতৰ মাতো মাতিব পৰা হ'ল। আৰু শুনচোন , তই কিন্তু অসমৰ বাহিৰত আছ কাৰণেই আমাৰ ৰানুহঁতৰ নিচিনাকৈ লৰাটোক হিন্দিত মাত কথা শিকাবলৈ নাযাবি। হিন্দি, ইংৰাজী বা তই থকা ঠাইখনৰ মাত কথা সি নিজেই শিকিব _ কিন্তু তোৰ নিজৰ মাতৃভূমিখনৰ অমিয়া মাতকথাবোৰ তহঁতি নিশিকালে কোনে শিকাব বাৰু কচোন !! চাবিচোন, নিজৰ মাতৃভাষাত প্ৰথম কথা কবলৈ শিকিলে তাৰ মানসিক বিকাশো বেচি হ'ব। তই মই চোন অসমীয়া ভাষাতে পঢ়ি , ওমলি জামলি ডাঙৰ দীঘল হ'লো। ইংৰাজী, হিন্দি এইবোৰ ভাষা জানো আমি এতিয়া সলসলিয়াকৈ কবলৈ বা লিখিবলৈ নোৱাৰাকৈ আছো !! ভাগ্যৰ বলত তোৰ লৰাই তোৰ মাতৃভাষাৰ লগত আন আন ভাষা শিকিবলৈও সৰুৰে পৰা পৰিবেশ এটা পাইছে..এই সুযোগৰ অপব্যৱহাৰ নকৰিবি! তোৰ অকণমানিটোৰ মুখৰ মৌবৰষা মাতেৰে “মা মোক অলপ ভাত দিয়া” ক'লে যিমান ভাল লাগিব “মাম্মী, মোঝে থড়া চাৱল দে দ..” বা “ মাম, গিভ মি লিটল ৰাইচ” কলে সিমান ভাল লাগিব নে বাৰু ?? আৰু শুন,তাক কিন্তু মোক “আমৈ” বুলি মাতিবলৈহে শিকাবি। “আন্টি” কলে কিন্তু মোৰ তাক হিয়া উবুৰিয়াই মৰম কৰিবলৈ সংকোচ লাগিব .... ধেৎ তোক যে মই কি কথা কৈ আছো. তোৰ ছাগে খঙেই উঠিছে। তইতো ৰানুহঁতৰ নিচিনা নহয়, মই জানো। তই স্বাভিমানী। নিজক ভালপাবলৈ জান। নিজক ভাল পাৱ বাবেই আনৰো ভালটোহে লবলৈ চেষ্টা কৰ। আনৰ অন্ধ অনুকৰণ নকৰ। আচলতে কি জান, সিদিনাখন ৰানুহঁতৰ মাকে আমাৰ ঘৰলৈ আহি নাতি_পুতি কেইটাৰ লগত ভালদৰে মনৰ ভাব বিনিময় কৰিব নোৱাৰা বাবেই বৰ দুখ কৰিলে। নিজৰ তেজ মঙহৰ নাতি কেইটাক হেনো পৰৰ কোনোবা যেন লাগিল!!
বিয়াৰ দিন ঠিক হলে জনাম। আহিবই লাগিব ...মই কোনো কৈফিয়ৎ নুশুনিম কিন্তু!! ..আৰু কিনো লিখো ! কথা নিশ্চয় আৰু আছে। পিছে এই মূহূৰ্তত চকুত টোপনিয়ে ভিৰ কৰিছে। থওঁ দেই।
কণমাণিলৈ আমৈৰ ঢেৰ চুমা থাকিল। তহঁত দুয়োলৈ বহুত মৰম আৰু বিহুৰ শুভেচ্ছাৰে...
ইতি ,
অনু
.......
বি.দ্র. চিঠিখন "চিঠি" গোটতো পষ্ট কৰা হৈছে ।
Unlike · Comment · 
  • Ayan Uttam চিঠিখনে বহুতো কথাই কৈ গ’ল.... ভাল লাগিল.... মন চুই গ’ল....
  • Kaushik Hazarika নাৰীৰ ক্ষেত্ৰত আমাৰ কটকটিয়া সমাজৰ নিয়ম বোৰ ভাবিলে মই অলপ অবাক হে হ'ও "বিয়া হ'লনে" , ভালঘৰলৈ গ'লনে," বিয়াৰ চিন্তা কৰিছেনে " আজিৰ যুগত বহু অকলে থকা নাৰীক দেখিলো বিদেশত.... বিয়াৰ পিন্জৰাত থকা যেন জৰুৰি নাই,যিয়ে মন কৰিছে বিয়া কৰিছে । বাকী সকলে নিজৰ প্ৰতিভা...See More
  • Anjali Sonowal ভাল লাগিল পঢ়ি... সন্দেহ এটা আছিল ... মাকৰ আবিবাহিত বান্ধবীক আমৈ বুলি সম্বোধন কৰে নে নাই....অভিধান মেলি ল'লো.....হয় কৰে 
  • Pankaj Bharali তথাকথিত আধুনিকতাৰ পৰা বহু আঁতৰৰ এক চিন্তা..ভাৱ । ভাল লাগিল।
  • Anupama Borgohain ধন্যবাদ ! চিঠিখনে যদি কাৰোবাক অলপো স্পৰ্শ কৰিব পাৰিছে তেন্তে চিঠিখন প্রকাশ কৰা সাৰ্থক হ'ল । অঞ্জলী বাইদেউ, Anjali Sonowal আপুনি অভিধান চাই মাকৰ আবিবাহিত বান্ধবীকো আমৈ বুলি সম্বোধন কৰে বুলি স্পষ্ট কৰি দিয়াৰ বাবে ধন্যবাদ! মোৰ লৰাই মোৰ অবিবাহিত বান্ধৱীকো "আমৈ" বুলিয়েই মাতি আছে !!..
  • Madhurima Gharphalia সঁচাই চিঠিখনে বহু কথাই কৈ গ’ল ।
    আৰু এই যে আমৈ শব্দটো ,এইটো সম্বোধন বহুদিনৰ মূৰত মই দিল্লীত শুনি আচৰিত হৈছিলোঁ । তাৱৈ, আমৈ এই শব্দ দুটা আজিকালি খুব কম ব্যৱহাৰ কৰে । আংকল ,আণ্টিয়ে এই শব্দ কেইটাক গিলি পেলালে ।
    সম্বন্ধক লৈ কথা এটা মনত পৰিছে । আজি অলপ দিনৰ
    ...See More
  • Lochan Juman Bordoloi "আৰু শুন,তাক কিন্তু মোক "আমৈ" বুলি মাতিবলৈহে শিকাবি। “আন্টি” কলে কিন্তু মোৰ তাক হিয়া উবুৰিয়াই মৰম কৰিবলৈ সংকোচ লাগিব ... |" সকলো কথা কৈ গ'ল বাক্য কেইটায়ে 
  • Anupama Borgohain আমৈ বুলি মাতিব শিকোৱা মানেই যে আনৰ সম্বোধন বা আনৰ ভাষাক অশ্রদ্ধা কৰা নুবুজায়, সেয়া বুজি পোৱা সকলোকে বহুত ধন্যবাদ !..আমাৰ মাতৃভাষা আমাৰ কাণত সদায় অতি মৌবৰষা লাগিলে তাৰবাবে আমাক লঘু বা হাঁহিয়াতৰ পাত্র কৰক .. ..!!
  • Pratibhu Dutta এই চিঠাখন এতিয়াহে দেখিছো ৷

    এটা কথা কওঁ -
    ...See More
  • Partha Bijoy Thakur ভাল লাগিল পঢ়ি....
  • Raju Das ভাল লাগিলে, সুন্দৰ |
  • Anamika Bora ভাল লাগিল। তাৱৈ-আমৈ সম্বন্ধবোৰ আমাৰ ঘৰতো প্রচলিত হৈ আছে।
  • Pankaj Thakuria ভাল লাগিল পঢ়ি । গতিশীল হৈছে বর্ণণা ।
  • Bidya Das তোমাৰ প্ৰতিটো লেখাই মোৰ ভাল লাগে অনু.....এই চিঠিখনো ইয়াৰ ব্যতিক্ৰম নহয়।
  • দিগন্ত শইকীয়া মাকৰ বান্ধবীক 'আমৈ'/ বাপেকৰ বন্ধুক 'তাৱৈ' ৷ মোৰ বোধেৰে ইয়াত বিবাহিত বা অবিহিত বুলি কথা নাই ৷

No comments:

Post a Comment