Thursday, 9 April 2015

আইৰ ঘৰখনি ....

আইৰ ঘৰখনি ....
ব'হাগী বাই, অ' ব'হাগী বাই ...সুৰমুৰকৈ জধলা মধলাকৈ ঘুৰি ফুৰা বৰদৈচিলাই মাকৰ ঘৰৰ পৰা আহি বায়েক ব’হাগীক মাতিলেহি। ব’হাগী সিহঁত বাৰটা লৰা ছোৱালীৰ ভিতৰত সকলোতকৈ ডাঙৰ। তাই গহীন-গম্ভীৰ আৰু বৰ ৰঙীয়াল _ যদিও ঘৰৰ সকলোতকৈ ডাঙৰ, দেখাত তাইহে সকলোতকৈ কোমল _ যৌৱনেৰে ভৰপূৰ। তাইৰ প্ৰেমিকৰ সংখ্যাও বহুত। যদিও তাই সেইসকলো প্ৰেমিকক শ্ৰদ্ধা কৰে, কাকো কিন্তু প্ৰশয় নিদিয়ে _কোনো প্ৰেমিকৰ লগত অযথা নৈৰ গৰাত ৰৈ বা গছৰ তলত লুকাই কথা পাতি সময় নষ্ট নকৰে। ব'হাগীয়ে হাঁহি হাঁহি সকলোৰে প্ৰাণত জীৱনৰ গীত জুৰে, সৃষ্টিৰ গজালি মেলি সময়ত নিজৰ ঘৰলৈ যায় গৈ। তাইৰ মৰমৰ চঞ্চল মাজুভনীয়েক বৰদৈচিলা। সৰুতেই বিয়া হৈ গ'ল। কামে কাজে তাই বৰ খৰ আৰু পাকৈত। একেবাৰে চিলনীৰ জীয়েকৰ লগতহে ৰিজাব পাৰি। কিন্তু তাই বৰ একাচেকা। মাকৰ ঘৰলৈ বছৰত এবাৰ আহে। তাকে সময়ত আহিব নোৱাৰিলে খঙত তাই কাক কেতিয়া মহটিয়াই যাব একো ঠিক নাই। ..মাকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ ঘুৰি যাওঁতেও একে দশা। কান্দি কাটি ব্যাকুল ...ইফালে আউল বাউল চুলি..খৰতকীয়া গতি _ সকলো মিলি তাই কেতিয়াবা মানুহৰ বাবে বৰ ভয়ানক হৈ পৰে। মানুহে তাইক গালি পাৰিলেও ভ্ৰূক্ষেপ নকৰে ..ব'হাগীয়ে ক'ত দিন তাইক বুজাইছে _ কিন্তু তাই সকলো পাহৰি যায়। সেয়া, আকৌ তাই চিঞৰিলে “ ক'ত নো থাকা বাই ,শুনাচোন” বুলি তাই ব'হাগীৰ শয়ন কক্ষলৈ সোমাই আহিল। ব'হাগীৰ শয়ন কক্ষত কাকো নেদেখি কাষৰ ৰুমত থকা সৰুমাজু বায়েক ফাগুনীৰ কক্ষত ভুমুকি মাৰি চালে _ আৰে, দুইজনী বায়েকেচোন গভীৰ ভাবে কিবা আলোচনা কৰি আছে ..তাইৰ উপস্থিতিও গম পোৱা নাই। দীঘল উশাহ এটা লৈ বৰদৈয়ে চিঞৰি ক'লে : ব'হাগী বাই তুমি যে ইয়াত ? কি কথা। তোমালোকে মই ইমান মাতি থকাতো শুনা নাই নে ? _বৰদৈৰ মাতত দুয়োজনী বায়েক উচপ খাই উঠিল। তাইৰ খং সিহঁত দুয়ো জানে _সেয়ে লগে লগে ব্যতিব্যস্ত হৈ দুয়োজনী উঠি আহি বৰদৈক সাবটি লৈ আথে বেথে বহুৱাই সুধিলে : কোৱাচোন, আইৰ ঘৰত কেনে লাগিল? সকলোৰে ভাল নে ? “ ভাল বাইহঁত, সকলোৰে ভাল, কিন্তু কব নোৱাৰো সকলোৰে মনবোৰ সঁচাকৈ ভাল নে বাহিৰতহে হাঁহি মাতি আছে .. আজি কালি আইৰ ঘৰলৈ গৈ মনটো ভাল নালাগে _সেয়ে ব'হাগী বাইৰ ওচৰলৈ আহিছিলো কথাবোৰ কবলৈ ! পিছে ফাগুনী বাই তুমিনো ইমান সোনকালে আইৰ ঘৰৰ পৰা গুচি আহিলা কিয় ?” “মোৰো একে অনুভৱ হ'ল অ' ভনীটি ..মনটো ইমান বেয়া লাগিল যে সোনকালেই গুচি আহিলো ..মই আহোঁতে _কিন্তু কোনেও মোক থাকিবলৈ জোৰ নকৰিলে ! আজিকালি মোৰ অবিহনেও ৰঙৰ ফাকু হয় ..মোৰ প্ৰয়োজনেই নাই ..” ফাগুনীৰ চকু চলচলীয়া হ'ল ! বহাগীৰ সদা হাস্যময়ী, মুখখনতো বেজাৰ দেখি অতি আবেগিক স্পৰ্শকাতৰ বৰদৈচিলাজনীয়ে নিজৰ চকুপানী ৰাখিব নোৱাৰিলে। ধাৰাসাৰ চকুলো বোৱাই তাই বায়েক ব'হাগীক সাবটি ধৰি ক'লে : বাই তুমিয়েই কিবা এটা কৰা। আইৰ মনত বৰ বেজাৰ হৈছে.. আয়ে দিনে নিশাই লুকাই চুৰকৈ কান্দি থাকে। আমাৰ আগত নেদেখুৱালেও মই কিন্তু ভালকৈ বুজি পাইছো। এনেকৈ বেছিদিন থাকিলে আমাৰ আই জীয়াই নাথাকিব ...আগতকৈ কিমান শুকাই খীণাই গ'ল আমাৰ আইজনী ! এনেদৰে হলে জীয়াই থাকিবলৈকে কষ্ট হ'ব চোন !” ব'হাগীয়ে দুয়োজনী ভনীয়েকৰ কথা শুনি কিছু সময় গহীন হৈ ভাবিলে ..তাৰপিছত তাই ভনীয়েক দুইজনীক সাবটি নিজৰ স্বভাৱসিদ্ধ সৰল হাঁহিটো মাৰি ক'লে : ভনীহঁত কিয় ইমান চিন্তা কৰিছা ?..তোমালোকৰ কথাবোৰ মই বুজিছোঁ। আমাৰ আয়ে লুকাই চুৰ কৈ কান্দিছে বুলি তোমালোকে ভাবিছাহে ..আচলতে আয়ে কন্দা নাই। আইৰ মনত আগতে যিবোৰ দুখ বা যিবোৰ সুখ আছিল ..এতিয়াও একেই আছে। যিবোৰ বেমাৰে আইক আগেয়ে আমনি কৰিছিল -এতিয়া সেইবোৰ নাই, সেয়া ভাল কথা নহয় জানো ! হয়তো নতুন দুই এক বেমাৰে উক দিব লৈছে ..সেয়াও ভাল হৈ যাব। চিন্তা নকৰিবা-মই আছো নহয়। চোৱাচোন মইতো এনে চিন্তা কৰা নাই। মই সদায় আশাবাদী। আমাৰ আই সুস্বাস্থ্যৰে থাকিব _পুৰণা বেমাৰবোৰ ভাল হোৱাৰ দৰে নতুন বেমাৰো ভাল হ'ব _আচলতে এইবাৰ মই আইৰ ঘৰলৈ গৈ সকলো বেমাৰৰ উৎস _ অসুখী মন ,অপূৰ্ণ বাসনা আদি দূৰ কৰিবলৈ চেষ্টা কৰিম। -- ভন্টিহঁত, উঠা চিন্তা নকৰিবা। তোমালোকৰ নিৰ্মল চকুলোৱে আমাৰ আইৰ ঘৰৰ চুক কোণ সকলো ধুই চাফা কৰি নিলে। মই গৈ তাত শান্তি আৰু ৰঙৰ বীজ চটিয়াই থৈ আহিম ..চাবা আমাৰ আইজনী কিমান সুন্দৰ ,জাকত জিলিকা হৈ পৰিব !!!
“আজ্জৌ আজ্জৌ”.. জেঠিমলা, আহিনি, ভাদৈ ..আদি কৰি আন কেইজনী ভনীয়েকেও ক'ৰবাৰ পৰা খেলি ধূলি আহি বায়েক বহাগীৰ কথা শুনি আছিলহি। বায়েকৰ কথা শুনি সিহঁতি আনন্দত কিৰীলি পাৰি উঠিল। বহাগীয়ে সিহঁত কেইজনীক দেখি আনন্দত ৰ'ব নোৱাৰি কঁকাল ভাঙি এপাক নাচি দিলে। বায়েকৰ লগতে বাকীকেইজনী ভনীয়েকেও হেঁপাহ পলুৱাই নাচিলে। তাৰপিছত আটাই কেইজনী মিলি বায়েক ব'হাগীক অপূৰ্ব ৰূপত সজাই মাকৰ ঘৰলৈ পঠিয়াবৰ বাবে উঠিপৰি লাগিল !!! ব'হাগী, ফাগুনী, বৰদৈচিলাহঁতৰ চকুত জিলিকি উঠিল ৰামধেনুৰ সাতো ৰং.........
( লেখাটো “সৃষ্টিৰ জিলিঙণি” নামৰ ই-আলোচনীখনত প্রকাশৰ বাবে দিয়া হৈছে )

No comments:

Post a Comment