এনে কোনো সজীৱ শিল্প নাই, যাৰ মানৱতাৰ সৈতে সম্পৰ্ক নাই । সাহিত্য এনে এক শিল্প যাক বুজিবৰ বাবে পৃথিৱীৰ নানা ভাষাত না না শ্রেষ্ঠ মহিষীয়ে যুগ যুগ ধৰি চেষ্টা কৰি আহিছে । ইংৰাজ সাহিত্যিক ইমাৰচনৰ মতে “ A record of best thoughts” অৰ্থাৎ সৰ্ব্বশ্রেষ্ঠ চিন্তাৰাশিৰ লিপিবদ্ধ বিবৰণেই হ’ল সাহিত্য । অনেকে কয় সনাতন সত্য প্রকাশ কৰিব পৰা ৰচনাই সাহিত্য । কিন্তু এই “সনাতন সত্য”নো কি ? অনন্ত ব্রহ্মৰ চিৰন্তৰ সত্যৰ কথা এৰি জাগতিক সত্য যেনে ৩ +৩ =৬ – এয়াও সনাতন সত্য । তেন্তে পাটিগণিতো উৎকৃষ্ট সাহিত্য হব নেকি ? কিন্তু আমি পাটিগণিত বা অংক শাস্ত্রক সাহিত্য বুলি নকওঁ – কাৰণ ই মানুহৰ মনৰ নিভৃত কোণত কোনো ধৰণৰ স্পর্শ কাতৰ আবেগ বা কোনো ৰসৰ সৃষ্টি নোতোলে । এনে গাণিতিক সত্যবিলাক এবাৰ জানি লোৱাৰ পিছত নিতৌ নতুন নতুন হৈ আমাৰ মনত আৱেগ- বিস্ময় , আনন্দ বা দুখ সৃষ্টি নকৰে । সেয়ে ইয়াক আমি সাহিত্যৰ শাৰীত নধৰোঁ । সীতাৰ অগ্নিপৰীক্ষা, শকুন্তলা-দুষ্মন্তৰ প্রেম-বিচ্ছেদ , ৰ’মিও-জুলিয়েটৰ প্রেম, ইডিপাছৰ মৰ্ম্মভেদী হাহাকাৰ – এইবিলাকে সৃষ্টিৰ প্রথমদিনাই পৰাই মানুহৰ মনত যি আবেগৰ সৃষ্টি কৰিছিল, আজিও সেই একে আবেগৰ সৃষ্টি কৰি আছে আৰু আগলৈকো কৰি থাকিব । এই চিৰন্তন সত্যই প্রকৃত সাহিত্যৰ প্রধান লক্ষণ ।
মানুহৰ হৃদয়ৰ সুখ-দুখ , আবেগ- উদ্বেগ, আশা-আকাঙ্খা, বিৰহ-বেদনা – এই বিলাকেই সাহিত্যৰ উপাদান । জীৱনৰ ঘাত-প্রতিঘাতৰ ওপৰিও বিশ্ব-প্রকৃতিৰ ৰূপ-ৰহস্যয়ো মানুহৰ মনত না না ভাৱৰ উদ্ভৱ কৰে । গতিকে প্রকৃতি আৰু মানৱ-চৰিত্র এই দুটা লৈয়েই সাহিত্যৰ সৃষ্টি হয় । জনজীৱনৰ আশা-আকাঙ্খা, তেওঁলোকৰ জীৱন সংগ্রামৰ অন্তহীন নিৰলস চেষ্টাক প্রতিফলিত কৰে সাহিত্যই ।
২য় মহাযুদ্ধত জাৰ্মানীত বন্দী হৈ থকা ইংৰাজ কেপ্তেইন এজনে লগৰ দুৰ্ভগীয়াসকলক ইংৰাজী সাহিত্যৰ বিবিধ ৰসৰ আভাস দি দুঃসহ সময়বোৰ পাৰ কৰিছিল । এই সাহিত্যপ্রেমী চিপাহীজনে উপন্যাসৰ কথা কওঁতে মন্তব্য কৰিছিল : “উপন্যাসে মানুহৰ জীৱন যথাযথ ভাবে প্রতিফলন নকৰে । ই বহু সময়ত কল্পনা বিলাসত ভ্ৰমি ফুৰে আৰু কাহিনী ৰসাল কৰিবলৈ নিজৰ জগত এখনেই সৃষ্টি কৰি লয় । তথাপিও ই জীৱনৰে অংশ । জীৱন নেওচি সম্ভৱ উপন্যাস হব নোৱাৰে ।”
জীৱন উপন্যাস নহয়....কিন্তু উপন্যাসত জীৱন থাকে । সেয়ে সাহিত্যত জীৱন প্ৰতিফলিত কৰিবলৈ যাওঁতে সাহিত্যিকে বহুতো সাৱধানতা অৱলম্বন কৰিব লগীয়া হয় ।

জীৱন লৈয়ে সাহিত্য সৃষ্টি হয় যদিও, যেতিয়া জীৱনৰ অস্তিত্ব বা জীৱনৰ সমস্যালৈ প্রশ্ন উঠে, তেতিয়া সমাজৰ অংশীদাৰ হিচাপে সাহিত্যিকে নিজৰ নিজৰ কাৰ্য সম্বন্ধে সজাগ হ’বৰ হেতু ওলায় । বিৱর্তনৰ চকৰীত প্রতিটো সতেজ যুগেই নিজৰ সম্বন্ধে সচেতন হয় আৰু সাহিত্যৰো পৰিবৰ্তন হয় । বহুতো সাহিত্যিকে সন্মুখত থকা বাধা বিঘিনিবিলাক কলমৰ জোৰতে ওফৰাই পেলাবলৈ চেষ্টা কৰে । সাহিত্যই জণগণৰ মনত সচেতনতাৰ সৃষ্টি কৰিব পাৰে । পৰাধীনতাৰ সময়ত অম্বিকাগিৰী , জ্যোতিপ্রসাদ, কমলাকান্ত ভট্টাচাৰ্য আদিৰ লেখনিয়ে অসমৰ জণগণৰ মনত দেশপ্রেমৰ অগ্নিস্ফূলিংগ উদগীৰণ কৰিছিল । অষ্টাদশ শতিকাত ফৰাচী দেশৰ সাহিত্যত ৰুচো,ভল্টেয়াৰ , দিদাৰো আদিয়ে ৰাজতন্ত্র-পুৰোহিততন্ত্রৰ বিৰুদ্ধে সামন্তবাদী সমাজৰ মতান্ধতা , অভিজাত শ্রেণীৰ নিৰ্বোধ জীৱন যাত্রা আৰু প্রতিক্রিয়াশীল ভাবাদৰ্শৰ ওপৰত যি প্ৰচণ্ড আঘাত হানিছিল , তাৰ প্রভাৱত ১৭৮৯ চনত ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ অৰ্ধ শতিকাৰ আগতে ফৰাচী জনগণৰ সচেতন অংশ এই বিপ্লৱৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ উঠিছিল । ইউৰোপত মধ্যযুগীয় ক্ষয়প্রাপ্ত সামন্তবাদ ভাঙি বুৰ্জোৱা উৎপাদন ব্যৱস্থাৰ বাট মোকলাই দিয়াৰ ঐতিহাসিক প্রয়োজন দান্তেৰ সাহিত্যত প্রতিফলিত হৈছিল । ভিক্টৰ হুগোৰ “লা মিজাৰেবল”ত যি সমাজ চিত্র আৰু সমাজসচেতনতা প্রকাশিত হৈছে , তাৰ প্রভাৱ পৰিছিল সমগ্র বিশ্বত, প্রগতিবাদী মানুহৰ চিন্তাত । সমগ্র বিশ্বত সাম্যবাদী আন্দোলনৰ ভাবাদৰ্শৰ প্রসাৰ আৰু শ্রমিক শ্রেণীৰ অগ্রগামী ভূমিকা সম্পৰ্কত জনগণক সচেতন কৰাত মেক্সিম গোৰ্কীৰ “মা”ৰ প্রভাৱ অপৰিসীম । ভাৰতৰ উপনিবেশীয় সমাজত সাম্রাজ্যবাদৰ লগত ভাৰতৰ জনগণৰ মুক্তি আৰু বিকাশৰ আকাংখাৰ সংঘাতৰ বাস্তৱতা বঙ্কিমচন্দ্র আৰু ৰবীন্দ্রনাথৰ সাহিত্যত প্রতিফলিত হৈ জাতীয় জাগৰণত তুৰ্য্যধ্বনি স্বৰূপে কাম কৰিছে ।
লেখকৰ অভিজ্ঞতা , আবেগ আৰু সুকীয়া দৃষ্টি সাহিত্য সৃষ্টিৰ বাবে অতি প্রয়োজনীয় । খাবলৈ নোপোৱা বা জাৰত কাপোৰ এখন ল’ব নোপোৱা মানুহে পেট ভৰাই খাব পোৱা, বিধে বিধে কাপোৰ লব পৰা ভাগ্যশালীসকলক কি চকুৰে চায়,সেয়া সকলোৱে অনুভৱ কৰিব নোৱাৰে । সুক্ষ্ম অনুভূতিসম্পন্ন লিখকে সেইসকল লোকৰ মনৰ যাতনা লেখনিৰ জৰিয়তে সকলোকে অনুভৱ কৰাব পাৰে । এয়াই প্রকৃত সাহিত্য । জীৱনৰ প্রতিটো সমস্যা, প্রতিটো সূক্ষ্ম কোণত সাহিত্যই পৰশ পেলাব পাৰিব লাগে । জীৱনৰ লগত যিহেতু দেশ আৰু সমাজৰ ওতঃপোত সম্বন্ধ আছে –সেয়ে সমাজৰ আৰ্থ সামাজিক ,ৰাজনৈতিক সমস্যা সমূহক কোনো লেখকেই উপেক্ষা কৰিব নোৱাৰে ।
যুদ্ধৰ পটভূমিত ৰচনা কৰা গ্রন্থই মানুহৰ হৃদয়ত যুদ্ধৰ প্রতি ভয়, ঘৃণা আৰু বিতৃষ্ণাৰ সৃষ্টি কৰিছে । যুদ্ধই মানুহৰ জীৱনত সামাজিক ,মানসিক প্ৰতিটো স্তৰতে প্ৰভূত প্ৰভাৱ পেলায় । আমাৰ পৌৰাণিক সাহিত্য মহাভাৰত, ৰামায়ণে যুদ্ধ আৰু জীৱনৰ সংঘাত আৰু সম্পৰ্ক দেখুৱায় । সেইদৰে টলষ্টয়ৰ “War and Peace” পঢ়িলে জীৱন সম্পৰ্কে নতুন অনুভৱ পাব পাৰি । ২য় মহাসমৰৰ সময়ত জাৰ্মান সৈন্যৰ অত্যাচাৰৰ পৰা পৰিত্রাণ পাবলৈ গুপ্তগৃহত লুকাই থকা ইহুদী পৰিয়ালৰ কিশোৰী “এন ফ্রাংকৰ ডায়েৰী” য়ে সাধাৰণ নিৰপৰাধী মানুহৰ জীৱন যুদ্ধই কি দৰে দুঃসহ কৰি তোলে তাক সমগ্র পৃথিৱীবাসীক জানিবলৈ সুবিধা দিছে । সাহিত্যই যুগ আৰু পৰিধিৰ সীমা ভাঙি জীৱনক বুজিবলৈ সুবিধা দিয় ।
জীৱনত কোনো এক ভাল কাম কৰিবলৈ , বা মানসিক উৎকৰ্ষ সাধন কৰিবলৈ আমি মহৎ, সনাতন কলাত্মক সৃষ্টিৰ পৰা অনুপ্ৰেৰণা বিচাৰো । লাভ-লোকচানৰ কথা বিবেচনা নকৰাকৈ সত্যৰ আশ্রয় লোৱা –truth for truth’s sake- এই বিষয়ে আলোচনা কৰিবলৈও আমি সাহিত্যৰ আশ্রয় লও ।
আমি জীৱন কালত সাধাৰণতে এটা বিষয়ৰ পৰা পৰাপক্ষত আঁতৰি থাকিব বিচাৰো – সেইয়া হৈছে মৃত্যু । পৰিহাসৰ কথা যে এবাৰ জন্মগ্রহণ কৰাৰ পাছত মানুহৰ বাবে কিবা এটা অমোঘ সত্য যদি আছে –সেইটো হ’ল –মৃত্যু । যিহেতু মৃত্যুৰ দুৱাৰ-ডলি পাৰ কৰি যোৱাসকলক আমি কেতিয়াও লগ নাপাওঁ, আমি মৃত্যুৰ বিষয়ে কিছুমান অস্বচ্ছ ধাৰণা লৈ থাকো, মৃত্যুৰ সম্ভাৱনাৰ কথা ভাবি বিচলিত আৰু আতংকিত হওঁ । কিন্তু জীৱন আৰু মৃত্যু – একেটা মুদ্রাৰে ইপিঠি আৰু সিপিঠি । সেয়ে সাহিত্যত কেৱল জীৱনৰ বিষয়েই নহয় মৃত্যুৰ বিষয়েও সমানেই প্ৰাধান্য পায় । মৃত্যু চিন্তাই মানৱ চৰিত্রৰ নানা দিশ উন্মোচন কৰে । মৃত্যুৰ সম্ভাৱনাৰ প্রতি নানা জনৰ নানা প্রতিক্রিয়া হব পাৰে , আৰু এই প্রতিক্রিয়াবোৰ তেওঁলোকৰ কলমৰ জৰিয়তে নাটকীয়ভাৱে প্রকাশ কৰি সাহিত্যিকসকলে জীৱিত সকলৰে চৰিত্র বিশ্লেষণ কৰে । ভি. এচ. নাইপ’লৰ উপন্যাস “A House for Mr. Biswas”ত কেইগৰাকীমান তিৰোতাই পৰিয়ালত হোৱা কিছুমান মৃত্যুৰ প্রতি নিৰুদ্বিগ্ন আৰু নিৰাসক্ত প্রতিক্রিয়া প্রদৰ্শন কৰা দেখা যায় । কিন্তু যেতিয়া পদ্মা নামৰ নামৰ তিৰোতাজনীৰ মৃত্যু হ’ল তেতিয়া সিহঁতৰ নিৰুদ্বেগ ভাব ক’ৰবালৈ গ’ল । পদ্মা বয়সত সিহঁতৰ ওচৰা-উচৰি হোৱা বাবে এই তিৰোতাকেইজনীয়ে পদ্মাৰ মৃত্যুত যেন যমদূতৰ আহ্বানৰ আগলি বতৰা পালে । বিকোনো প্রকাৰে জীয়াই থকাৰ মানবৰ যি হাবিয়াস তাৰে মৰ্মস্পৰ্শী ছবি হ’ল উপৰোক্ত তিৰোতা কেইগৰাকীৰ প্রতিক্রিয়া ।
কডৱেল,ৰালফ ফক্স আদি লিখকৰ মতে সাহিত্যই সামাজিক ,অৰ্থনৈতিক অন্যয়বিলাক সামৰি লৈ তাৰ নিৰাময়কৰণত আত্মনিয়োগ কৰিব লাগে আৰু সাহিত্যৰ লক্ষ্য পাঠকক আমোদ বা চিন্তাৰ সামগ্রী দিয়াতকৈ কৰ্মলৈ ঠেলি দিয়া । যি সাহিত্যত সাধাৰণ ৰাইজে হজম কৰিব নোৱাৰা মেধা বা পান্ডিত্যৰ স্ফুৰণ ঘটে তেনে সাহিত্যৰ প্রতিও সেইসকল লেখকে আস্থা নাৰাখে ।
যি সাহিত্যৰ দৃষ্টিভংগী উদাৰ, যি সাহিত্যই মানৱৰ সমস্যাবহুল জীৱন সমবেদনাৰে স্পৰ্শ কৰিছে , যি সাহিত্যই ব্যক্তিৰ দুখ বেদনাক ৰূপ দিয়াৰ লগতে সকলো জাতিৰ , সকলো দেশৰ লোকৰ হিয়াত বিশেষ স্থান দখল কৰিব পাৰিছে – সেই সাহিত্যই সভ্যতাৰ বুৰঞ্জীত যুগ যুগান্তৰ ধৰি অমূল্য হীৰাৰ দৰে জিলিকি থাকিব পাৰিছে আৰু তেনে সাহিত্যৰ স্রষ্টাজনেও জীৱন আৰু সাহিত্যৰ “প্রজাপতি” ৰূপে স্বীকৃত পাবলৈ সক্ষম হৈছে !!

No comments:
Post a Comment