Wednesday, 1 April 2015

জীৱন আৰু মৃত্যু ( প্ৰৱন্ধ )

জীৱন আৰু মৃত্যু ( প্ৰৱন্ধ ) অনুপমা বৰগোহাঁই
বাতৰি কাকত, বৈদ্যুতিক মাধ্যম সকলোতে প্রতিদিনাই এটা নহয় এটা হত্যা , আত্মহত্যা বা অকাল মৃত্যুৰ খবৰ থাকিবই । কোনোবাটো মৃত্যুৰ খবৰে কেতিয়াবা সমাজত বহুত তোলপাৰ লগায় – কিন্তু বেছি সংখ্যক মৃত্যুৰ খবৰত সমাজে কোনো প্ৰতিক্ৰিয়া নেদেখুৱায় । অৰ্থাৎ মৃত্যুক সহজভাৱে গ্ৰহণ কৰে। প্রকৃততে আজিৰ সমাজৰ সৰহ সংখ্যক ব্যক্তিয়েই জীৱন আৰু মৃত্যুৰ সম্বন্ধে কোনোদিনেই গভীৰ ভাবে চিন্তা নকৰে ।
জীৱন আৰু মৃত্যু - বিশ্ব ব্রক্ষ্মাণ্ডৰ এক গভীৰ ৰহস্য । “The Great Thoughts” (Complied by George Seldes) নামৰ গ্রন্থখনত বিখ্যাত ফৰাচী লেখক ভিক্টৰ হিউগৰ এটা উক্তি আছিল : “We are all under sentence of death, but with a sort of indefinite reprieve” । জীৱৰ জন্মৰ লগে লগে মৃত্যু নামৰ নিৰ্দিষ্ট “শাস্তি” টোও অৱধাৰিত হয় । অৱশ্যে এই নিৰ্দিষ্ট “শাস্তি”ৰ শুনানি কেতিয়া আহি পৰিব, তাৰ কোনো নিশ্চয়তা নাই । কিন্তু এদিন যে আহিব –সেয়া নিশ্চিত !
“মৃত্যু” – এই শব্দটোক আমি ভয় কৰো আৰু ইয়াৰ পৰা আঁতৰি থাকিবলৈ বিচাৰো । কিন্তু এক আনন্দময় আৰু অৰ্থবহ জীৱন যাপন কৰিবলৈ বিচাৰিলে আমি সকলোৱে “জীৱন আৰু মৃত্যু” এই দুয়োটা বিষয়েই ভালদৰে বুজি পাবলৈ চেষ্টা কৰিব লাগিব । বর্তমান পৃথিৱীৰ সকলো দেশেই কম বেছি পৰিমাণে দুৰ্নীতি-অনিয়ম আৰু সন্ত্ৰাসৰ কৰাল গ্ৰাসত ডুবি আছে । বিশিষ্ট জাপানী দাৰ্শনিক ড: ডাইচাকু ইকেডাৰ মতে ইয়াৰ মুখ্য কাৰণ হ’ল পৃথিৱীৰ সৰহ সংখ্যক ব্যক্তিৰে জীৱন আৰু মৃত্যুৰ মৌলিক প্রশ্নবোৰৰ সন্দৰ্ভত অস্পৃহা আৰু অজ্ঞানতা । আমাৰ সমাজৰ ডাঙৰ ডাঙৰ নেতা আৰু সমাজ সংস্কাৰক সকলে জীৱন আৰু মৃত্যুৰ দৰ্শনক একাষৰীয়া কৰি থৈ সমাজত চানি ধৰা অন্ধকাৰ নিৰাময়ৰ উপায় বিচাৰে । কিন্তু এয়া বেমাৰৰ প্রকৃত উৎস নিবিচৰাকৈ কেৱল বিষ-কোপ নোহোৱা কৰিবলৈ দৰব দি বেমাৰৰ যন্ত্রণা কিছু সময়ৰ বাবে দমাই ৰখাৰ দৰে কথা । বৃটিছ বুৰঞ্জীবিদ ড: আৰ্নল্ড টয়নবিয়ে কৈছিল : পৃথিৱীৰ সকলো দুৰ্ভাগ্যজনক ঘটনাৰ মূল কাৰণ হ’ল- প্রতিটো কৰ্মক্ষেত্রত থকা মুখ্য নেতাসকলৰ “মৃত্যু”ৰ সমন্ধে মৌলিক বিচাৰ কৰাত ব্যৰ্থতা । এটা সঁচা ঘটনাৰ দ্বাৰা এই কথাষাৰৰ সত্যতা বিশ্লেষণ কৰিব পাৰোঁ ।
১৯৫০ চনত জাপানৰ মিনামাটা (Minamata) নামৰ সৰু ধুনীয়া দ্বীপ এটাত কেইজনমান ধনী আৰু পাৰদৰ্শী ব্যক্তিয়ে এটা কাৰখানা স্থাপন কৰিছিল । তেওঁলোকে কাৰখানাৰ পৰা নিৰ্গত হোৱা পাৰাযুক্ত বিষাক্ত আৱৰ্জনা সাগৰত পৰাৰ ব্যৱস্থা কৰিছিল । ইয়াৰ ফলত সেই অঞ্চলৰ সাগৰীয় মাছবোৰ বিষ যুক্ত হৈ পৰিছিল । তেনে মাছবোৰ খোৱাৰ বাবে তাত থকা সৰহসংখ্যক বাসিন্দাই অচিন ৰোগত ভুগিছিল নতুবা প্রাণ এৰিব লগা হৈছিল । জীয়াই থকা লোক সকল আৰু তেওঁলোকৰ সতি-সন্তানসকল শাৰীৰিক ভাৱে বিসংগতি পূৰ্ণ হৈ পৰিছিল । ইয়াৰ কাৰণ যে কাৰখানাই সৃষ্টি কৰা প্ৰদূষণ, বহু বছৰ ধৰি সেই কথা কাৰখানাৰ কৰ্তৃপক্ষ বা চৰকাৰ- কোনেও স্বীকাৰ কৰা নাছিল । নিৰ্দোষ মিনামাটা বাসীসকলৰ জীৱন নৰক সদৃশ হৈ পৰিছিল । ১৫ বছৰৰ পিছত যেতিয়া সেই কাৰখানাৰ কাৰণেই মিনামাটা বাসীৰ এনে দুৰ্দশা হৈছে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হ’ল , তেতিয়া চৰকাৰে কাৰখানা বন্ধ কৰিবলৈ বাধ্য হ’ল । কিন্তু ইতিমধ্যেই বহুতো সৰ্বনাশ হৈ গৈছিল । এটা প্ৰজন্ম ঘুণীয়া হৈ পৰিছিল । এই প্ৰসংগত ড: ডাইচাকু ইকেদাই কৈছে – কাৰখানা স্থাপন কৰা তথা সেই কাৰখানা চলোৱা লোকসকল আৰু জাপানৰ সেই সময়ৰ প্ৰশাসকসকল – সকলোৱেই জাপানৰ ভাল শিক্ষানুষ্ঠানৰ পৰা উচ্চ ডিগ্রী লোৱা মেধাৱী ব্যক্তি আছিল । কাৰখানা তৈয়াৰ কৰোঁতে তেওঁলোকৰ সমস্ত মেধা আৰু জ্ঞান আৰ্থিক লাভালাভ সৃষ্টিতহে প্ৰয়োগ কৰিছিল । সেই কাৰখানাই যে সমাজৰ কাৰোবাক কিবা অপকাৰ কৰিব পাৰে - তাৰবাবে চিন্তা কৰা নাছিল । চকুৰ আগত নিৰ্দোষ জনসাধাৰণৰ অসহনীয় যন্ত্ৰণা দেখিও তেওঁলোকৰ বিবেক দংশন হোৱা নাছিল । এইয়া আমাৰ শিক্ষা ব্যৱস্থাৰে এটা আসোঁৱাহ । শিক্ষাই যদি কেৱল জাগতিক আৰু আৰ্থিক সুখ সৃষ্টি কৰাতহে সহায় কৰে – জীৱনৰ প্ৰমূল্যবোধ সৃষ্টি কৰাত সহায় নকৰে তেনে আমি এখন অৱক্ষয়ী সমাজেই পাম । ড: ডাইচাকু ইকেদাৰ মতে জীৱন আৰু মৃত্যু সম্পৰ্কে সৰুৰে পৰা এক দাৰ্শনিক চিন্তাবোধৰ জন্ম দিলেহে সমাজত মানৱীয় প্রমূল্যবোধৰ সৃষ্টি হ’ব ।
আমি কিয় জন্ম হৈছোঁ ? - এই প্রশ্ন নিজক সুধিবৰ বাবে যুৱকালেই উপযুক্ত সময় । ডঃ ইকেডাৰ মতে ‘যুব কাল’ ত মানৱৰ ২য় জন্ম হয় এজন “ব্যক্তি” হিচাপে । যিদৰে এজন ছাত্রই স্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত বা কলেজীয়া শিক্ষা শেষ হোৱাৰ পাছত ভবিষ্যতে কি কৰিব –এনেবোৰ প্রশ্নৰ উত্তৰ নাপালে নিৰাশাবোধ কৰে । সেইদৰে মৃত্যুৰ পিছত কি হ’ব – এই প্রশ্নৰ উত্তৰ নাপালেও জীৱনৰ আচল লক্ষ্যত উপনীত হ’বৰ বাবে ব্যক্তিৰ প্ৰকৃত উদ্যম আৰু পৰিকল্পনা নাথাকে । প্ৰত্যেকৰে জীৱনত দুখ-কষ্ট আৰু সংগ্ৰাম আছে । কিছুমান লোকে দুখ কষ্ট অসহনীয় হ’লে আত্মঘাতী হোৱাৰ চেষ্টা কৰে । তেওঁলোকে ভাবে যে মৃত্যুৱে তেওঁলোকৰ সকলো যন্ত্ৰণাৰ অন্ত পেলাব কাৰণ মৃত্যু মানেই সকলো শেষ !! কিন্তু “মৃত্যু” মানেই জানো সকলো শেষ !! বুদ্ধ দৰ্শনৰ মতে আমাৰ জীৱন সনাতন । আমি যদি সমস্ত বিশ্ব-ব্রক্ষ্মাণ্ডক এখন সাগৰ বুলি ধৰি লওঁ, তেনে আমাৰ জীৱনক সাগৰৰ একোটাহঁত সৰু ঢৌ বা তৰংগ বুলি ক’ব পাৰোঁ । সাগৰৰ তৰংগবোৰ নাচি বাগী ওফন্দি পাৰলৈ আগবাঢ়ি আহে আৰু কিছু সময়ৰ পাছত পুনৰ সাগৰৰ লগত মিলি যায় ! আমাৰ জীৱনো সাগৰৰ ঢৌ এটাৰ দৰেই বিশ্ব- ব্রক্ষ্মাণ্ডৰ পৰা আহে আৰু মৃত্যুৰ পিছত বিশ্ব- ব্রক্ষ্মাণ্ডৰ সৈতে মিলি যায় । প্রতিটো জীৱকে বিশ্ব- ব্রক্ষ্মাণ্ডই নিজৰ সমস্ত শক্তি আৰু শুভকামনাৰে সাগৰৰ ঢৌৰ দৰে আগবঢ়াই দিয়ে আৰু নিৰ্দিষ্ট সময়ৰ পিছত নিজৰ বুকুত সামৰি লয় । বিশ্ব- ব্রক্ষ্মাণ্ডৰ বাবে প্রতিজন ব্যক্তিৰ জীৱন অতি গুৰুত্বপূৰ্ণ আৰু অমূল্য । ২০০০ বছৰৰ পূৰ্বে জাপানী বৌধগুৰু নিচিৰেণ ডাইচনিনে লিখিছিল- “জীৱন, পৃথিৱীৰ সকলোতকৈ ডাঙৰ ঐশ্বৰ্য ।” (Life is foremost of all treasure” (WND -1 ,p. 1125 ) তেওঁ আৰু লিখিছিল “ বুদ্ধই কৈছে যে পৃথিৱীৰ সমস্ত ঐশ্বৰ্য আৰু বিভূতিৰ দ্বাৰাও আমি এটা জীৱন ক্ৰয় কৰিব নোৱাৰোঁ । “the Buddha says that life is something that cannot be purchased even for the price of an entire major world system” (WND -1 ,p. 983) “আমাৰ এদিনৰ জীৱনো পৃথিৱীৰ সমস্ত ঐশ্বৰ্য আৰু বিভূতিতকৈ বেছি মূল্যবান” ( “one day life is more valuable than all the treasure ”(WND -1 ,p. 955 )
সেয়ে জীৱনক আমি সদায় সন্মান কৰিব লাগে আৰু প্রতিটো মূহূৰ্তৰ সৎ উপযোগ কৰিব লাগে । জীৱনৰ প্রতিটো মূহূৰ্ত কিমান অমূল্য আৰু ইয়াক কেনেকৈ সদ উপযোগ কৰিব পাৰি সেই কথা আমি ৰাছিয়ান লেখক ফিয়ডৰ ডষ্টয়ভস্কিৰ (১৮২১-৮১) জীৱনৰ এটা ঘটনাৰ পৰা অনুধাৱন কৰিব পাৰোঁ । ১৮৪৯ চনত ডষ্টয়ভস্কিক এখন গুপ্ত সমাজৰ লগত জড়িত থকাৰ অপৰাধত সেই সময়ৰ ৰাচিয়াৰ জাৰ নিকোলাচৰ সৈন্যবাহিনীয়ে বন্দী কৰিছিল । মাত্র ৫ মিনিটৰ পিছত খুটা এটাত বান্ধি আন সকলো বন্দী সহকৰ্মীৰ লগত তেওঁকো গুলীয়াই হত্যা কৰিব বুলি ঘোষণা কৰা হৈছিল । মৃত্যু অৱধাৰিত বুলি জনাৰ লগে লগে ডষ্টয়ভস্কিয়ে নিজৰ জীৱনৰ সেই বহুমূলীয়া শেষ মূহূৰ্ত খিনি স্মৰণীয় ভাবে পাৰ কৰিবলৈ এটা পৰিকল্পনা কৰিলে । তেওঁ হাতত থকা জীৱনৰ অন্তিম ৫ মিনিট সময় তিনিটা ভাগত ভাগ কৰিলে । প্রথম ২ মিনিট সময় তেওঁ নিজৰ বন্ধু –বান্ধৱ আৰু প্রিয়জনক বিদায় জনাবলৈ, মাজৰ ২ মিনিট সময় নিজৰ বিষয়ে গভীৰ ভাবে ভাবিবলৈ আৰু শেষৰ ১ মিনিট সময় ধুনীয়া পৃথিৱীখনক শেষবাৰলৈ চাবৰ বাবে থিৰাং কৰিলে । লগতে তেওঁ এই কথাও ভাবিলে যে যদি কেনেবাকৈ তেওঁৰ মৃত্যু নহয় , তেনে জীৱনৰ প্রতিটো পলেই এটা বহুমূলীয়া যুগৰ দৰে পালন কৰিব আৰু এক মূহূৰ্তও অযথা অপব্যয় নকৰিব ( Fyodor Dostoevsky “The Idiot” trans. David Magarshack. p.55) । অৱশ্যে ডষ্টয়ভস্কি সেইবাৰ সৌভাগ্যক্রমে মৃত্যুৰ শাস্তিৰ পৰা ৰক্ষা পৰিছিল । মৃত্যুদণ্ডৰ আগমূহূর্তত -জীৱনৰ এক মূহূৰ্তও অযথা অপব্যয় নকৰো বুলি ভৱা কথা পিছৰ জীয়াই থকা সময়খিনিত আখৰে আখৰে পালন কৰিছিল । সেয়ে তেওঁ কেইবাখনো বহুমূলীয়া গ্রন্থ লিখি সাহিত্য জগতত স্মৰণীয় হৈ ৰ’ল । হয়তো জীৱনৰ শেষ মূহূৰ্তত উপনীত হ’লেহে আমি অনুভৱ কৰিব পাৰোঁ জীৱন কিমান অমূল্য !! সেয়ে জীৱনৰ প্রতিটো দিনেই শেষ দিন বুলি ধৰি লৈ প্রতিটো দিন পৰিপূৰ্ণ ভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰিলে জীৱনটো সঁচাকৈয়ে সুন্দৰ হৈ পৰিব ।
মৃত্যুবিহীন এটা জীৱন ভাবিবলৈ বৰ সুন্দৰ যেন লাগে । কিন্তু দৰাচলতে মৃত্যু বিহীন জীৱন চূড়ান্ত বিৰক্তিকৰ আৰু পৰিকল্পনা বিহীন হ’ব । কাৰণ আমাৰ হাতত অন্তহীন সময় থাকিলে প্রতিটো কাম পিছলৈ থৈ দিয়াৰ মানসিকতাই গঢ় ল’ব । যিদৰে নিৰ্দিষ্ট সময়ৰ মূৰত পৰীক্ষা হ’ব বুলি জানিলেহে ছাত্র–ছাত্রীয়ে মনোযোগেৰে পঢ়া শুনা কৰে, ঠিক সেইদৰে নিৰ্দিষ্ট সময়ৰ পিছত জীৱৰ মৃত্যু অৱধাৰিত বুলি জনাৰ বাবেহে আমি সময়ৰ কাম সময়ত কৰো ।
বহুলোকৰ মতে জীৱন মাত্র এটাই – আৰু মৃত্যু মানেই সকলো শেষ । এই ধাৰণাটোৰ বাবেই বহুলোকে জীৱনত যিকোনো প্রকাৰে ধন সম্পত্তি, মান সন্মান আহৰণ কৰি ভোগ বিলাসেৰে জীৱনটো যাপন কৰিব বিচাৰে । বহুলোকে ভগবান, পুনৰ জন্ম ,পাপ-পূণ্য, আধ্যাত্মিকতা আদিৰ বিচাৰ কৰি থকাতো অন্ধবিশ্বাস আৰু বিজ্ঞানৰ পৰিপন্থী বুলিয়েই ভাবে । এইখিনিতে ডষ্টয়ভস্কিৰ “ The Brothers Karamazov” নামৰ বিখ্যাত উপন্যাসখনৰ মুখ্য চৰিত্র আইভানৰ এটা উক্তি উল্লেখ কৰিব পাৰি “Supposing there is no God, what then would be crime ? Wouldn’t all things be lawful?” এই উক্তিত “God” শব্দটোৰ ঠাইত যদি আমি “life after death” এই শব্দটো লগাই দিওঁ তেনে একেটা প্রশ্নই উত্থাপন হ’ব ।
মৃত্যুৰ পিছত জীৱৰ কি হয়- সেইয়া আমি কোনেও নাজানোঁ । বুদ্ধৰ মতে মৃত্যু হ’ল আমাৰ ভৌতিক শৰীৰৰ ক্ষন্তেকীয়া জিৰণি । ক্ষন্তেকীয়া জিৰণিৰ পিছত আমি পুনৰ নতুন শৰীৰ লৈ নতুন জীৱন এটা ধাৰণ কৰোঁ । শৰীৰটো যদিও নতুন, আমাৰ ভাল বা বেয়া কৰ্মৰ তালিকাখন নতুন নহয় । সেই পুৰণা তালিকাখনৰ মতেই আমি নতুন জীৱনত কৰ্মফল ভোগ কৰো । কেৱল সেয়াই নহয় – নতুন জীৱনত কৰা ভাল কামৰ জৰিয়তে পূৰ্বে কৰা বেয়া কামৰ ক্ষতিপূৰণো কৰিব পাৰোঁ । বৈজ্ঞানিক ভাৱে এই কথাৰ সত্যতা এতিয়াও প্রমাণ হোৱা নাই । টলষ্টয়, গথে আৰু মহাত্মা গান্ধী আদিৰ দৰে মহিষীয়ে কৈছিল : Science has no authority to declare whether life exists after death or doesn’t. মৃত্যুৰ পিছত কি হয় – সেয়া জানিবৰ কোনো উপায় সদ্যহতে নাই । মৃত্যুৰ পিছত যদি আমি গম পাওঁ যে আগৰ জীৱনত কৰা ভাল আৰু বেয়া কামৰ ফল পিছৰ জীৱনতো কঢ়িয়াব লগা হয় – তেনে আমি পুনৰ আগৰ জন্মলৈ গৈ ভাল কাম কৰি নতুন জীৱনটো ভাল কৰিব নোৱাৰোঁ । বৈজ্ঞানিকভাৱে প্ৰমাণিত নহ’লেও আমি জীৱনত যিমান পাৰোঁ সিমান ভাল কাম কৰি যাব লাগে । কাৰণ ভাল কামৰ ভাল ফল এই জন্মত নাপালেও পিছৰ জন্মত পাম – এই আশাই আমাৰ ভাল কাম কৰিবলৈ প্রেৰণা দিব । বেয়া কামৰ বেয়া ফল এই জন্মত নাপালেও পিছত জন্মত ভোগ কৰিব লাগিব – এই অনুভৱে আমাক বেয়া কৰা কৰাৰ পৰা বিৰত ৰাখিব ।
বুদ্ধ দৰ্শনৰ মতে, আমাৰ জীৱনৰ প্রতিটো ঘটনাৰে একোটা মহত্ব আছে । জীৱনলৈ অহা প্রতিটো জয় (আনন্দ) বা পৰাজয়ে (যন্ত্ৰণা) জীৱনক অধিক মহত্ব প্রদান কৰে । জীৱনৰ অসহনীয় যন্ত্ৰণাক প্ৰত্যাহ্বান হিচাপে লৈ কিছুদূৰ আগবাঢ়ি গলেই অনুভৱ কৰিব পাৰি যে যন্ত্রণাই জীৱনটো নতুনকৈ চালি জাৰি চোৱাত বা বুজি পোৱাত সহায়হে কৰে । আপোনজনৰ অকাল “মৃত্যু”ৰ যন্ত্রণাতকৈ অধিক অসহনীয় যন্ত্রণা নাই বুলিয়েই আমি জানো । । কিন্তু মৃত্যুও আমি অৰ্থপূৰ্ণ আৰু আনন্দময় বুলি ভাবিব পাৰোঁ – যদিহে বুদ্ধৰ দৃষ্টিকোণৰ পৰা জীৱন আৰু মৃত্যুক বিশ্লেষণ কৰি চাওঁ । জীৱনৰ মূল্য দীৰ্ঘ আয়ুৰ ওপৰত নিৰ্ভৰ নকৰে – জীৱনৰ মূল্য নিৰ্ভৰ কৰে সুন্দৰ আৰু অৰ্থবহ ভাবে জীয়াই থকাৰ ওপৰত ! আমেৰিকাৰ সাংবাদিক লেখক ড: নৰমেন কাজিনচে কৈছিল : “মৃত্যুটো জীৱনৰ দুভার্গ্যজনক ঘটনা নহয় কিন্তু জীয়াই থাকোঁতেই নিজৰ আত্মাক মৰিবলৈ দিয়াটোহে দুভার্গ্যজনক”! . সৎ ভাৱে , আত্ম বিশ্বাসেৰে, সুখ দুখ প্রতিটো ক্ষণতে সুন্দৰ ভাৱে জীৱনটো পাৰ কৰিব পৰাটোহে সকলোতকৈ দৰকাৰী কথা ! লিও অনাৰ্ড ডা ভিন্সিয়ে কৈছিল : “ সুন্দৰ ভাৱে পাৰ কৰা এটা দিনৰ শেষত আনন্দৰ টোপনি আহে আৰু সুন্দৰ ভাৱে যাপন কৰা এটা জীৱনৰ শেষত আনন্দৰ মৃত্যু আহে।”
বিজ্ঞানে বৰ্তমানলৈকে বিশ্ব ব্রক্ষ্মাণ্ডৰ বহুতো ৰহস্য উদ্ঘাটন কৰিছে – কিন্তু মৃত্যুৰ পিছত জীৱৰ কি হয় – এই ৰহস্য উদ্ঘাটন কৰিব পৰা নাই । বৈজ্ঞানিক আবিষ্কাৰে আমাৰ জীৱনটো বহুত আৰামদায়ক কৰি তুলিছে সচাঁ, কিন্তু মানুহৰ মনত হতাশা , ঘৃণা, একাকিত্ব আদিৰ দৰে জটিলতা দিনে দিনে বৃদ্ধিহে হৈছে । বিজ্ঞানৰ প্রগ্রতিয়ে পৃথিৱীত হত্যা, সন্ত্ৰাস আৰু দুৰ্নীতি আদিও ৰোধ কৰিব পৰা নাই বা মানৱীয় প্ৰমূল্যবোধ বৃদ্ধি কৰিব পৰা নাই । দুৰ্নীতি, হত্যা, হিংসা বন্ধ কৰিবলৈ তথা আমাৰ মানৱীয় প্ৰমূল্যবোধ বৃদ্ধি কৰি সমাজৰ সকলো দিশতে শান্তি আৰু আনন্দ বিয়পাবলৈ বৈজ্ঞানিক মানসিকতাৰ লগতে সঠিক জীৱন দৰ্শনৰ সাধনা কৰাটোও প্ৰয়োজনীয় ।
************
  • Pronab Xoikia 'মৃত্যুবিহীন এটা জীৱন ভাবিবলৈ বৰ সুন্দৰ যেন লাগে । কিন্তু দৰাচলতে মৃত্যু বিহীন জীৱন চূড়ান্ত বিৰক্তিকৰ আৰু পৰিকল্পনা বিহীন হ’ব । কাৰণ আমাৰ হাতত অন্তহীন সময় থাকিলে প্রতিটো কাম পিছলৈ থৈ দিয়াৰ মানসিকতাই গঢ় ল’ব ।'

    মৃত্যুৰ বিষয়ে অৰ্থপূৰ্ণ লেখা এটা পঢ়িলো !! বহুত কথাই মন চুই গ'ল, বুজি পালো ইমানদিনে নুবুজা কিছুমান কথা !! বহুত ধন্যবাদ বা !!
  • Rumi Borah ভাল লিখনি।
  • Hirákjyóti Báishýá ...“Supposing there is no God, what then would be crime ? Wouldn’t all things be lawful?” এই উক্তিত “God” শব্দটোৰ ঠাইত যদি আমি “life after death” এই শব্দটো লগাই দিওঁ তেনে একেটা প্রশ্নই উত্থাপন হ’ব ।
    kothakhar porhi alap domojat porilu. instead of think
    ...See More
  • Jahnu Bharadwaj অৰ্থবহ লেখা বা'৷সুন্দৰ৷জীৱন আৰু মৃত্যুৰ বিষয়ে গভীৰ আলোকপাত৷অৱশ্যে হিৰকে কোৱা কথাখিনি ময়ো ক'ব খোজো৷
  • Anupama Borgohain ধন্যবাদ প্রণৱ . ৰুমী, হিৰক আৰু জাহ্নু !! হয় কথাখিনি মই বুদ্ধ দৰ্শনৰ ভিত্তিতেই লিখিছিলো । অপৰাধ বা বেয়া কামৰ পৰা আঁতৰি , সদ্ভাৱ আৰু ভালগুণবোৰক বিকশিত কৰি মৃত্যুৰ আগলৈকে জীয়াই থাকিব লাগে - এই কথা সকলোৱে জানে -কিন্ত কিয় সকলোৱে নামানে !! কাৰণ মৃত্য...See More
  • Indranil Gayan অনুপমা বা, লেখাটো পঢ়ি আপ্লুত হ’লো|
  • Sarada Shrestha তোমাৰ লেখনী পঢ়ি অভিভূত হৈছোঁ । আমাৰ কবি হীৰুদাই বৰ সুন্দৰ ভাৱে মৃত্যুক উপলব্ধি কৰিছে - মৃত্যুওটো এটা শিল্প, জীৱন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য । হয়...মৃত্যু শেষ সত্য আৰু সেই সত্যতেই লুকাই আছে পৰম সুখ । অৱশ্যে জীৱন যন্ত্ৰণাৰ পৰা পলাই মৃত্যুক আকোৱলী লোৱা...See More
  • Anupama Borgohain ধন্যবাদ Indranil আৰু Sarada বা ! সাৰদা বা মৃত্যু সম্বন্ধে আপোনাৰ অভিমত আৰু জীৱন সম্বন্ধে আপোনাৰ উপলব্ধি অতি সুন্দৰ ! আপোনাৰ লগত মোৰ অনুভৱৰ মিল সদায়েই পাওঁ ..!
  • Manohar Dutta 'মৃত্যুবিহীন এটা জীৱন ভাবিবলৈ বৰ সুন্দৰ যেন লাগে । কিন্তু দৰাচলতে মৃত্যু বিহীন জীৱন চূড়ান্ত বিৰক্তিকৰ আৰু পৰিকল্পনা বিহীন হ’ব ।'- লেখাটো অতি গুৰুত্বপূৰ্ণ আৰু জীৱনক বুজাৰ যথেষ্ট সমল আছে।
  • Anupama Borgohain ধন্যবাদ Manohar Dutta দাদা !!
  • Mousumee Bori লিও অনাৰ্ড ডা ভিন্সিয়ে কৈছিল : “ সুন্দৰ ভাৱে পাৰ কৰা এটা দিনৰ শেষত আনন্দৰ টোপনি আহে আৰু সুন্দৰ ভাৱে যাপন কৰা এটা জীৱনৰ শেষত আনন্দৰ মৃত্যু আহে।” .....Really a beautiful thought...Bhal lagil apunar lakhatu Anupama ba
  • Anupama Borgohain ধন্যবাদ মৌচুমী !!
  • Sarada Shrestha মৃত্যুবিহীন জীৱন কিমান ভয়ানক হব পাৰে তাক কল্পনা কৰাও কঠিন । সৰুতে মহাভাৰত পঢ়িছিলো ...(যিটো নেপালী ভাষাৰ আছইল)মহাভাৰতত বহু আনুসংগিক কাহিনী কিছুমান আছে । কাহিনীটো এনেকুৱা আছিল (মোৰ বৰ বিশেষ মনত নাই...থুলমুল কাহিনীটো কৈছোঁ, তুমি যদি জানা বিতং জনাবা) এগৰা...See More
  • Jyoti Pcsaikia খুউব তত্ব গধুৰ প্রবন্ধটিৰ ওচৰ চাপিও বাৰে বাৰে আতৰিছিলো ,মগজে ঢুকি নাপাব বুলি...,আজি ভাবিলো পঢ়াই যাঁওক ।জীৱন-মৃত্যুৰ ওপৰত লিখা প্রবন্ধটিয়ে মোৰ মন-মগজু শাঁত পেলালে। অনুপমা বৰগোঁহাঞলৈ এই সুন্দৰ লেখাটোৰ বাবে ধন্যবাদ আৰু অভিনন্দন ....
  • Malabika Bora Brahma Xomoi loi bhaldore porhim buli asilu eikedin.,.. Khub xundor mononxeel likhoni eitu .. Anupoma, xorol othoso jibon totwo hen godhur bixoyor uporot tumar ei likhoni tu porhi apluto holu. 
    Jibonok khub usoror pora tumar eidore suwar prosestai ( ji tumar likhonit prokax pai) muk sui jai., bhal palu khub.
    ...See More
  • Anamika Baruah সুন্দৰ বিষয় এটা সহজ-সৰল ভাষাৰে তুলি ধৰিলা। খুব ভাল হৈছে অনুপমা। চিন্তা গভীৰতাই চুই গৈছে।
  • Bhaskarjyoti Das ভাল লাগিল লেখাটো। জীৱন-মৃত্যুৰ জীয়া সংজ্ঞাবোৰ সহজ সৰল অথচ গভীৰভাৱে আলোচিত হৈছে লেখাটোত। সুন্দৰ।
  • Anupama Borgohain সাৰদা বা , আপোনাৰ কথাখিনি পঢ়ি বৰ ভাল লাগিল । কাহিনীটো মই শুনা যেন লাগিছে - কিন্তু ভালদৰে মনত নাই । যযাতিৰ কথাহে ভালদৰে জানিছিলোঁ । আপুনি কাহিনীটো বিস্তাৰকৈ লিখি সকলোকে জনাবচোন - বৰ ভাল লাগিব ;জীৱনক বুজি পাবলৈ এনেধৰণৰ কাহিনীয়ে বহুত সহায় কৰে !! জ্যোতি বাইদেউ - আপোনাক অশেষ ধন্যবাদ প্রৱন্ধtটো পঢ়ি চোৱাৰ বাবে ..মালবিকা , অনামিকা , ভাস্কৰ তোমালোকলৈও অশেষ ধন্যবাদ । প্রৱন্ধটোৰ জৰিয়তে জী ৱন আৰু মৃত্যুৰ ৰহস্য কিঞ্চিতো যদি উদ্ঘাটন কৰিব পাৰিছো তেনে লেখাটোৰ সাৰ্থকতা বিচাৰি পাম !! মালৱিকা তুমি ঠিকেই কৈছে .. শিক্ষাৰ প্রকৃত উদ্দেশ্য কেৱল যদি বৈষয়িক উন্নতিৰ বাবেহে হয় তেনে পৃথিৱীৰ যিকোনো স্থানতে মিনামাতাৰ দৰে ঘটনা হ'ব আৰু হৈ আছে .. (ভূপালৰ গেছ দুৰ্ঘটনাৰ কথা কোনেনো পাহৰিব পাৰিছে ..তথাপিও একো সলনি হোৱা নাই । মানুহৰ মানসিকতা বা চিন্তা চৰ্চাৰ যাতে অলপ সলনি হয় তাৰবাবেই বৌধিক উন্নতিৰ লগতে আধ্যাত্মিক উন্নতিৰ বাবেও সমানে চেষ্টা কৰিব লাগে বুলি ভাবো !! Sarada ShresthaJyoti Pcsaikia,Malabika BrahmaAnamika BaruahBhaskarjyoti Das !!!
  • ঈশানজ্যোতি বৰা দুদিনৰ
    পূৰ্বে মোৰ কৰ্মস্থলীৰ ওচৰতে শোকাৱহ দূঘটনা এটা সংঘটিত হ’ল৷১১০০০ ভল্টৰ 
    বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ এজন মানুহৰ মৃত্যু হ’ল৷তেওঁ পেছাত
    ...See More
  • Manohar Dutta হয় ঈশান, নিশ্চয়কৈ আমি তেতিয়া এখন সুন্দৰ পৃথিৱী পালোহেঁতেন। কিন্তু এয়া যেন এক কল্পনাহে মাত্ৰ। কাৰণ বাস্তৱত আমি বেছি ভাগ মানুহেই সদায় স্বাৰ্থপৰ।
  • Anupama Borgohain বৰ সুন্দৰকৈ তোমাৰ কথাখিনি লিখিছা ঈশান ! .. কেৱল ভোগ , বিলাস আৰু আৰামেৰে পাৰ কৰা অৰ্থহীন এশ বছৰীযা জীৱন এটাতকৈ অৰ্থপূৰ্ণ আৰু পৰৰ হিতৰ বাবে পাৰ কৰা এশটা কষ্টৰ দিনও মহামূল্যবান আৰু আনন্দময় !!

1 comment: