“পেচেন্ট নম্বৰ ৪৯৯”
“পেচেন্ট নম্বৰ ৪৯৯” ...
গুলপীয়া শাৰী পিন্ধা ধুনীয়া ৰিচেপচনিষ্ট গৰাকীয়ে আৰু এবাৰ চিঞৰিবলৈ লওঁতেই – কলা ওখ কেঁকোৰা কেঁকুৰি চুলিৰে হলৌ চোলা পিন্ধা পাহোৱাল ডেকা এজন ৰিচেপচনিষ্ট গৰাকীৰ ওচৰ চাপি গ’ল । লৰাটোৰ পিছে পিছে হুইল চেয়াৰখনত বহি থকা এজন ডেকাক লৈ কলা ওখ আদহীয়া মহিলা এগৰাকীও ৰিচেপচনিষ্টৰ ওচৰ পালেহি । ৰিচেপচনিষ্ট গৰাকীয়ে দেখুৱাই দিয়া মতেই বাওঁফালৰ সৰু কৰিডৰটোৰে সোমাই গ’ল –বৈদ্যুতিক চুম্বকীয় ফটোকক্ষ (এম . আৰ. আই . ) টোৰ ভিতৰলৈ তিনিওটা । কি বাৰু লিখা আছে হুইল চেয়াৰত বহি থকা লৰাটোৰ চিকিৎসাৰ ফাইলটোত !! আছে নেকি বাৰু তাৰ কলিজাত এটা সৰু ছিদ্র নাইবা খাদ্যনলীত এডোখৰ সৰু ঘাঁ .. ..!!!
খট্ খট্ খট্ কৈ এগৰাকী সুন্দৰী সোমাই আহিল –আপেক্ষাগৃহটোলৈ । কাণত চেলফোনটো লগাই অনৰ্গল কথা পাতি আছে সুন্দৰী গৰাকীয়ে ! জীয়ৰী নে বোৱাৰী ধৰিব নোৱাৰি । দেহাটোৰ ওখ চাপৰ সকলো ভাজ ধুনীয়াকৈ প্রকট কৰা কাপোৰ সাজেৰে সুন্দৰীগৰাকীক এই পৰিবেশত কিছু আচহুৱা যেন লাগিছে । ক্ষিপ্ৰতাৰে মোৰ চকু ধুনীয়া গোলাপী পোচাক পিন্ধা ৰিচেপচনিষ্ট কেইগৰাকীলৈ গ’ল । নাই, সুন্দৰীয়ে ৰিচেপচনিষ্টৰ টেবুলখনলৈ নগৈ মোৰ সন্মুখৰ দীঘলীয়া চকীখনতে বহিল । কাণৰ পৰা হাতখন গুচোৱাই নাই তেওঁ । অনৰ্গল কথা কৈ আছে । ৰোগী নে ৰোগীৰ আত্মীয় - চিকিৎসালয়ৰ কঠিন ৰোগৰ বেমাৰৰ পৰীক্ষা কৰা আপেক্ষাগৃহত নে কোনোবা চৰাইখানাৰ অপেক্ষগৃহলৈ আহিছে – একো ধৰিব নোৱাৰি তেওঁক দেখিলে !! আমন-জিমন কৈ মোৰ হাতখনত ধৰি বহি থকা মালাৰ মুখখনলৈ চালো – যিদিনাৰ পৰাই চিকিৎসকে পৰীক্ষা -নিৰীক্ষা কৰি মোৰ খাদ্যনলীত এডোখৰ সৰু ঘাঁ হৈছে বুলি ঘোষণা কৰিলে – সেইদিনাৰ পৰাই মালাৰ চকুত টোপনি নাই । দুদিনতে মালাৰ বয়স যেন ১০বছৰ বাঢ়ি গ’ল । ধুনীয়া মালাজনী , নিজক যত্ন লৈ সদায় নিত্য নতুন ফেচনেৰে সাজি কাচি থকা মালাজনী মৰহি যোৱা মালা এডালৰ দৰে হ’ল । মালাৰ মুখত সুন্দৰীৰ প্রতি এটা অকাৰণ ক্ষোভ ফুটি উঠা যেন লাগিল । মনে মনে অলপ হাঁহি উঠিল । মোৰ এই কালান্তক অসুখটোৰ সংকেত অহাৰ বাবেই যেন জগতখনৰ সকলো মানুহে মালাৰ দৰে দুখ আৰু চিন্তাই কৰি থাকিব লাগে ! এনে সময়ত হাঁহি মাতি কথা কৈ থকা মানুহবোৰ বৰ নিষ্ঠুৰ যেন লাগে হেনো মালাৰ ! মালাই ইমান সময়ে আমাৰ বাওঁফালে থকা দীঘল চকীখনৰ শেষৰ কোণাটোত বহি থকা মধ্য প্রাচ্যৰ পৰা অহা পৰিয়ালটোৰ দুখবোৰৰ লগত একান্ত হৈ আছিল । বোৰ্খা পিন্ধা নাৰীগৰাকীয়ে অসুখীয়া তিনিবছৰীয়া শিশুটোৰ লগত লাগি ভাগৰি গৈছে । শিশুটোৰ হাতত লাগি আছে তেজৰ শিৰাৰ মাজেৰে ঔষধ সোমাই দিবলৈ লগাই দিয়া প্লাষ্টিকৰ টোপাটো !! কান্দি কান্দি টোপাটো বাৰেপতি এৰুৱাই দিব বিচাৰে শিশুটিয়ে !! কম বয়সীয়া মাকজনীৰ চকু কেইটা বাৰেপতি সেমেকি উঠিছে । দেউতাকজনে ওচৰতে থকা কলা চামৰাৰ কোমল চকীখনত অলসভাবে গাটো এৰি দি চকু কেইটা জপাই দিছে । মালাই মহিলা গৰাকীৰ ওচৰলৈ গৈ দুই এটা কথা পাতি পুনৰ মোৰ ওচৰলৈ আহি আজন-জিমন কৰি বহি আছে । মই বুজি পাইছোঁ – এই সময়ত কাৰো দুখ বা সুখে মালাৰ বুকুত মোৰ বেমাৰক লৈ সৃষ্টি হোৱা দুখ আৰু চিন্তাৰ বোজাটো কমাব পৰা নাই ! মালাৰ আশা দিল্লীৰ এই বিখ্যাত ইন্দ্রপস্থ এপল’ হস্পিতেলখনে মোৰ ঘৰৰ ওচৰৰ হস্পিতেলখনৰ চিকিৎসকে সংকেত দিয়া বেমাৰটো মিছা বুলি প্রমাণ কৰি দিব । বেয়া লাগিছে মালাজনীলৈ - কিমান আশাৰে দিল্লীলৈ আহিছিল মোৰ লগত । দিল্লীৰ চুক কোণ বোৰৰ লগত ভালকৈ চিনাকি হ’বই নাপালে – হঠাৎ এই দুৰ্যোগ !! আগৰ ঠাইখনত থাকোঁতে মালাৰ স্বাস্থ্যক লৈহে সদায় চিন্তিত থাকিব লগা হৈছিল । এতিয়া আকৌ হঠাৎ মোৰ এই ঘুৰঘুৰীয়া কাহ আৰু প্রায়েই উঠি থকা জ্বৰ । শেষত এয়া আলট্রা চাউন্ড, চিটি ক্সেন আদি কৰি গম পালো মোৰ খাদ্যনলীত হোৱা এডোখৰ সৰু অথচ পচি যোৱা ঘাৰ কথা !!! সঁচা কথা ক’বলৈ গলে মদ ,মাংস আদি বস্তুৰ লগত জীৱনৰ কোনো দিনতেই মোৰ পৰিচয় নহ’ল । কেৱল পঞ্চম নে যষ্ঠ শ্রেণীত পঢ়ি থাকোঁতে লগৰে সাত ঘাটৰ চেঙেলী, মহাদুষ্ট সৰুকণে চাধা খাবলৈ শিকাইছিল – আৰু তাৰপিছৰ পৰা নিয়মীয়াকৈ নিচাৰ ভিতৰত সেইকণ বস্তুৱেই খাই আছিলোঁ । বিয়াৰ পিছত মালাই প্রথমে কথাটো গম পাই বৰ দুখ পাইছিল । মৰম, খং ,অভিমান, শপত আদি একোৰে মোৰ এই অভ্যাস টো দূৰ কৰিব নোৱাৰিলে মালাই । পিছলৈ মালা নিৰাসক্ত হৈ পৰিল- মোৰ এই বদ অভ্যাস বিধক লৈ !! ময়ো মুকলি অনুভৱ কৰিলোঁ । মোৰ ছোৱালী নুপুৰজনীয়েহে আজিকালি মাকৰ সলনি মোক আমনি কৰে চাধা খোৱাৰ কথাটো লৈ !!
এজনী ভৰ যৌৱনা গাভৰু আমি ৰুমত সোমোৱাৰ আগৰে পৰাই ৰোগী বহিবলৈ থোৱা দীঘল চকীখনত শুই আছিল !! ওচৰতে মানুহ এগৰাকী (হয়তো ছোৱালীগৰাকীৰ মাক) চিন্তাক্লিষ্টভাৱে বহি আছে । মানুহগৰাকীয়ে মাজে মাজে ছোৱালীজনীৰ গাত লৈ থকা গৰম চাদৰখন ভালকৈ টানি টুনি ঠিক কৰি দিয়ে । মাজে মাজে ছোৱালীজনীৰ কপালত আলফুলে হাত বোলাই মুৰৰ চুলিখিনিত ভাল কৰি দিয়ে । দেউতাকজনে এক্স ৰে ৰিপৰ্ট আৰু কাগজ পত্র কিছুমান লৈ কিছু সময়ৰ মুৰে মুৰে বাহিৰৰ পৰা কিবা কিবি কৰি আহি মাক গৰাকীক কিবা কৈ যায়হি । মাকৰ মুখখনৰ কোনো ভাবৰ পৰিবৰ্তন নহ’ল । জীয়েকক লৈ মানুহগৰাকীৰ যেন চিন্তাৰ শেষ নাই !!......
নুপুৰো আৰু কেইবছৰ মানৰ পিছত এই ছোৱালীজনীৰ সমান ডাঙৰ হব । মই বাৰু দেখিবলৈ পামনে নুপুৰক ইমান ডাঙৰ হোৱা ?? জোনটি ডেকাই হৈছে । মোতকৈয়ো ওখ হৈছে সি । কিন্তু জোনটি এতিয়াও প্রশ্নবোধক চিন হৈয়ে আছে মোৰ বাবে । মাকে মৰম কৰি কৰি একেবাৰে নষ্ট কৰিলে তাক । মোৰ একো কথাই নুশুনে সি । বিজুলীৰ চমক লগাৰ দৰে থিয় থিয় কৰি লোৱা চুলিখিনি, এখন কাণত তিনিটামান ফুটা কৰি লৈ পিন্ধা তিনিপাত কাণফুলিৰে মোৰ বাবে সি আজিকালি এটা অচিনাকি লৰা হৈ পৰিছে । আশাকৰা মতে ডিগ্রীটোও ল’ব নোৱাৰিলে । তাৰ লগতে পঢ়া মোৰ সহকৰ্মী বিজিত শৰ্মাৰ লৰাটোৱে এতিয়া কাণপুৰ আই আই টিত ইঞ্জিনিয়াৰিং পঢ়ি আছে । হঠাৎ হুমুনিয়াহ এটা ওলাই পৰিল বুকুৰ পৰা ।
“কি হ’ল .. কি হৈছে তোমাৰ ..বেছি বেয়া লাগিছে নেকি তোমাৰ ? ইয়াতে অলপ শুই দিবা নেকি ??” মোৰ হুমুনিয়াহ শুনি মালাই হাহাকাৰ কৰি উঠিল । বেচেৰী মালাজনী !! সৌ সিদিনালৈকে মোৰ লগত কথাই প্রতি কাজিয়া কৰি থকা মালাজনীয়ে এতিয়া মোক লগত কাজিয়া কৰা দূৰৰ কথা – মোৰ মুখৰ পৰা সৰি পৰা প্রতিটো শব্দ, উশাহ আৰু নিশাহতো সচকিত হৈ উঠি মৰম আৰু শুশ্ৰূষাৰ জলধাৰা বোৱাই দিব বিচাৰে ।
“ধেৎ একো নাই হোৱা মোৰ । তুমি জোখতকৈ বেচি চিন্তা কৰা – ভাল নালাগে মোৰ !!” ইচ্ছা কৰিয়েই অলপ কঠিনকৈ মালাক ক’লো । নাই – এনেকৈ নহ’ব । মালাক অলপ কঠিন হ’বলৈ শিকাব লাগিব । মই গুচি যোৱাৰ পিছত নুপুৰ আৰু জোনটিৰ লগতে মোৰ বৃদ্ধা মা, নিষ্কৰ্মা পতিৰ লগত কাজিয়া কৰি ৭ বছৰীয়া পুত্রৰ সৈতে ঘৰত থকা ভনীজনী , চাকৰি নথকা ভাইটিটো – সকলোৰে দায়িত্ব মালাই ল’ব লাগিব । ঘৰৰ সকলোৱে মালাক আজিকালি ভালপায় । কিন্তু মোৰ ভয়তহে যেন সিহঁতি মালাক ভালপোৱাৰ ভাও ধৰে – এনে লাগে মোৰ । মই নাথাকিলেও সিহঁতি মালাক ভাল ব্যৱহাৰ কৰিবনে –সেই লৈ মোৰ অলপ সন্দেহ হয় ! মালা মোৰ ঘৰখনৰ পছন্দৰ বোৱাৰী নহয় । আমাৰ লগত জাত-কুল নিমিলা , আমাতকৈও দুখীয়া পৰিয়াল এটাৰ ছোৱালী মালা । ঘাতমাউৰী মালা মোমায়েকহঁতৰ ঘৰত ডাঙৰ দীঘল হৈছিল । ককাক আইতাকৰ মৃত্যুৰ পিছত মামীয়েকে মালাক বৰ অত্যাচাৰ কৰিছিল ... হিন্দী চিনেমাৰ কাহিনীৰ “হিৰো”ৰ দৰেই মই মালাক মামীয়েকৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈকে আমাৰ ঘৰখনৰ বিৰুদ্ধে গৈ বিয়া কৰালোঁ । অৱশ্যে অতিপাত ধুনীয়া মালাজনীৰ বাবে যিকোনো ডেকাই হিন্দী চিনেমাৰ “হিৰো” হ’বলৈ পাৰিলেহেঁতেন !!

“ ব’লা আমাৰ নম্বৰ আহিল ।” মালাই কোৱাতহে সন্মুখলৈ চাই পঠিয়ালো । হয় ৪৯৯ - নম্বৰটো ডিজিটেল সংকেত বৰ্ডত জিলিকি আছে । এম. আই. আৰ. কক্ষৰ ভিতৰলৈ সোমাই গলো মালাৰ সৈতে । তাতো আছে অপেক্ষা ! এইবাৰ পাতল নীলা ৰঙৰ ফ্রক পিন্ধা সৰু ফুটীয়া নাৰ্চ এজনীয়ে মোৰ হাতত ধুই ইস্ত্রি কৰি থোৱা কাপোৰ এসাজ দি গ’লহি । পাতল সেউজীয়া চেক চেক কাপোৰৰ কপাহী হলৌ চোলা আৰু পেন্ট এটা । ..কাৰ কাৰ বা গাত সোমাইছিল কাপোৰসাজ !! আছিল নেকি বাৰু সেই কাপোৰসাজ পিন্ধা মানুহটো বা মানুহজনীৰো খাদ্যনলীত এটুকুৰা ঘা !!! সেই সৰু পচা ঘা টুকুৰাৰ এটা মানুহক, এটা পৰিয়ালক এনেকৈ মৰহি যাবলৈ দিব পৰা শক্তি আছিল নে বাৰু !!!
“যোৱা আকৌ –কাপোৰসাজ সলাই আহা” – মালাই অলপ চিঞৰিয়েই কলে ।
মোৰ লগে লগে মালাও উঠি আহিল কাপোৰ সলনি কৰা ৰুমটোৰ ওচৰলৈ ।
আমি জীৱনে মৰণে সাত জনম জনম একেলগে থাকিম বুলি হোমৰ গুৰিত বহি প্ৰতিজ্ঞা কৰা নাছিলোঁ । তথাপিও মালাই মোৰ লগত হয়তো একেলগে চিতাত জাপ দিবও পাৰিব । - কাপোৰসাজ পিন্ধি আহি তাকে ভাবি আছো । নীলা ফ্রক পিন্ধা নাৰ্চজনী আহি কিবা এটা বেজী দি থৈ গ’ল । আমাৰ সন্মুখৰ পৰ্দাৰে আৱৰি থোৱা কাচৰ বেৰা থকা ৰুমটোৰ ভিতৰত যেন যন্ত্রপাতিবোৰৰ কেৰেত কুৰুত ধাতৱ শব্দবোৰে মোক ভেঙুচালি কৰি থাকিবলৈ ল’লে । নৰকৰ দুৱাৰ মুখত এয়া যেন মই বহি আছো । যমৰাজৰ শাস্তিৰ পৰিমাণ শুনিবৰ বাবে । বেমাৰৰ প্রথম স্তৰ ..কম শাস্তি ..২য় স্তৰ ...৩য় স্তৰ ...অন্তিম স্তৰ ..কঠোৰ শাস্তি !! মোৰ আগেয়ে আহি বহি থকা লৰাজন পৰীক্ষাৰ বাবে যন্ত্র থকা ৰুমত সোমাল আৰু বাহিৰৰ পৰা দৰ্জাখন খুলি নতুন এগৰাকী সোমাল পৰীক্ষাৰ বাবে সাজু হ’বলৈ । নতুন গৰাকীৰ মুখলৈ চালো । আৰে এইয়া চোন অথনি দেখা সুন্দৰী গৰাকী !! তাৰমানে সুন্দৰী এগৰাকী ৰোগীহে । মোৰ দৰেই হয়তো মৰণ পথৰ যাত্রী তেওঁ !!! ক’তা –সুন্দৰীৰ চকুত চোন অলপো মৃত্যু ভয় নাই !! মালাৰ চকুলৈ চালো । মালাৰো চকু সুন্দৰীৰ ওপৰত । মোৰ লগত ছাঁৰ দৰে প্রতি ক্ষণতে মালা ঘুৰি ফুৰিছে । সুন্দৰীৰ লগত কোনো নাই .. অকলে আহিছে । নাৰ্চগৰাকীয়ে সুন্দৰীকো কাপোৰসাজ দি গ’ল পিন্ধিবলৈ । বৰ সেৰেকা মুখৰ নাৰ্চজনী । যেন তাইৰ সন্মুখত বহি থকা আমিবোৰ মৃত্যুৰ ক্ষণ গণি তথা তেজ মঙহৰ মানুহ নহয় । কিছুমান মাটিৰ পুতলাক তাই কাপোৰ দিছে – বেজী দিছে । বিনিময়ত তাই দৰমহা পাইছে আৰু দুসাজ খাই নিজৰ মাটিৰ দেহটো মাটিৰ লগত মিলাই দিবলৈ বাট চাই আছে । এই তিনি মাহ বেমাৰ , চিকিৎসা , ন ন পৰীক্ষা -নিৰীক্ষা , মালাৰ চকুপানী, অত্যাধিক মৰম আদিয়ে মোক মাজে মাজে অলপ দাৰ্শনিক কৰি তুলিছে । ঈশ্বৰ , ধৰ্ম আদি বিশ্বাস নকৰা ময়ো ঈশ্বৰক সুঁৱৰিবলৈ লৈছো । ভাল লাগে আজিকালি ঈশ্বৰৰ কথা পাতি – দৰ্শনৰ কথা শুনি !!
“হাই , কেন আই চিট হিয়েৰ ?” সুন্দৰীয়ে কাপোৰ সলনি কৰি আহি মালাৰ ওচৰত খালি হৈ থকা স্থানত বহিবলৈ বিচাৰিলে ।এটা কথা মনত পৰি মোৰ অলপ হাঁহি উঠিল । মালাই আগতে কোনোবাই তাইৰ লগত ইংৰাজীত কথা পাতিবলৈ বিচাৰিলে থতমত খাই তেনেই ৰঙা চিঙা পৰি গৈছিল । কোনোবাই ইংৰাজীত “হোৱাট ইজ য়ুৰ নেম ?” বুলি কলেও উত্তৰ দিবলৈ নোৱাৰিছিল । কিন্তু আজি অত বছৰে অসমৰ বাহিৰত থাকি থাকি মালা ইমান স্মাৰ্ট হ’ল যে কোনোবাই ইংৰাজীত নালাগে ফৰাচীত কিবা সুধিলেও সাহসেৰে উত্তৰ দিব পৰা হ’ল । সেন্দুৰীচুক গাৱৰ হায়াৰচেকেন্দ্রেৰী ফেইল মালাক কোনেও ইংৰাজীত কথা পতাত হাৰ মনাব নোৱাৰে । মালাক লৈ সেয়ে মোৰ বৰ গৌৰৱবোধ হয় ।
মালাই সুন্দৰীৰ লগত কথা পতা শুনি আছো । সুন্দৰী এগৰাকী বিবাহ বিচ্ছেদ হোৱা নাৰী । বিদেশী লৰা এটাৰ বিয়া হৈছিল । কিন্তু বিদেশত গৈ পতিৰ পৰা বহুত যাতনা ভুগিব লগা হোৱাত তাক এৰি দেশলৈ গুচি আহে । কিন্তু ঘৰলৈ অহাৰ পিছত তাইক নিজৰ মাক-দেউতাকেই আদৰি নল’লে ! আচলতে একমাত্র পুত্রৰ দয়াত জীয়াই থকা বৃদ্ধ পিতৃ-মাতৃৰ মন থাকিলেও তাইক আদৰি ল’ব নোৱাৰিলে – ককায়েক- বৌৱেকৰ বাধাৰ বাবে । এতিয়া তাই অকলেই থাকে । কোম্পানী এটাত ভাল চাকৰি কৰে । আজি কেইবছৰৰ আগেয়ে তাইৰ খাদ্যনলীত কেন্সাৰ হৈছিল । এইখন হস্পিতেলতে অপাৰেচন, কেম’থেৰাপী এইবোৰ চিকিৎসা কৰি সম্পূৰ্ণ ভাল পালে । আজি কেইমাহমানৰ পৰা আকৌ সৰু কাহ এটাই মাজে মাজে দিগদাৰ কৰি আছে । সেয়ে পুনৰ পৰীক্ষাৰ বাবে আহিছে । কিন্তু সুন্দৰী নিশ্চিন্ত যে তাইক পুনৰ কেন্সাৰে আক্রমণ কৰা নাই । আৰু কেন্সাৰ কি- স্বয়ং যমদূত আহিলেও তাইক একো কৰিব নোৱাৰে - কাৰণ তাই অতি সোনকালে লিভ- ইন- টুগেদাৰ কৰি থকা বয়ফ্রেন্ড যি নিজেও এজন কেন্সাৰ বিজয়ী যুৱক –তাৰ লগত বিয়াখন পাতিব । ..সুন্দৰীৰ লগত কথা পাতি মালাক বহুত সাহস পোৱা যেন লাগিল । মোৰো মনত আশাৰ ঢৌ এটা খেলি গ’ল !

০০০০
ডাক্তৰে ক’লে “ সোনকালে অপাৰেচন কৰাই লওক – ভাল হৈ যাব । এয়া বেমাৰৰ ২য় স্তৰহে – একো চিন্তা নাই !!” নুপুৰে অহা বছৰ মেট্রিক পৰীক্ষা দিব । মোৰ বেমাৰে তাইৰ পঢ়াত বৰ ক্ষতি কৰিছে । গতিকে যিমান সোনকালে পাৰি অপাৰেচন কৰাই ল’ব পাৰিলে ভালেই পাম । আজিকালি মোৰ বেমাৰটোলৈ ভয় কমি গ’ল । কেন্সাৰ হৈ ভাল হোৱা বহুবোৰ মানুহৰ কথা শুনিছোঁ বন্ধু –বান্ধৱ , আত্মীয় স্বজনৰ মুখত !
০০০০০
অপাৰেচন হৈ যোৱাৰ পিছত আজি প্রথম অফিচলৈ আহিছোঁ । সকলোৰে অভিনন্দন, শুভেচ্ছাৰে মোৰ টেবুল ভৰি গৈছে – যেন মই কোনোবা ডাঙৰ যুদ্ধ এজন জয় কৰি আহিছো !! ভাল লাগিছে – বৰ ভাল লাগিছে মোৰ ।
আৰু ছয়মাহৰ পিছত ...
মই সম্পূৰ্ণ ভাল হৈ গলো !! জীৱনটো সঁচাই সুন্দৰ । বেমাৰে মোৰ জীৱনলৈ,পৰিয়ালটোলৈ কিমান যে পৰিবৰ্তন আনি দিলে ভাবিব নোৱাৰি । স্বাস্থ্যই পৰম সম্পদ – এই কথাষাৰ আমাৰ পৰিয়ালৰ প্রত্যকজন সদস্যই বুজি পালো । মালাৰ মোৰ প্রতি মৰম আৰু শাসন দুয়োটাই বাঢ়ি গ’ল । জোনটিও মোৰ ওচৰ চাপি আহিল । নুপুৰজনীয়ে বৰ মনপুতি পঢ়াশুনা কৰিছে । ককায়েকতকৈ বহুত ভাল ৰিজাল্ট কৰিব তাই !!
– মিশ্রজীৰ লগত অফিচৰ পৰা খোজকাঢ়ি মেট্ৰ ষ্টেচনলৈ গৈ আছিলোঁ । মিশ্রজীয়ে মই আগতে সদায় পাণ চাধা কিনা গুমটি দোকানখনৰ পৰা নিজৰ বাবে পাণ এখন কিনিবলৈ সোমাইছিল । মই ওচৰতে ৰৈ আছিলো । মোক দেখি লৰাটোৱে হাঁহি মাৰি সুধিলে :
“ বাবু, আজকল আপ মেৰে দ’কান পৰ আতে নহি - কিউ ?” মোৰ হৈ মিশ্রই উত্তৰ দিলে আজিকালি চাহাবে পাণ চাধা নাখায় বুলি । মনটো মোৰ অলপ বেয়া লাগি গ’ল । আজিকালি খোৱা –বোৱা কৰা পিছত মুখ খন বৰ বেয়া লাগি থাকে । ...

“তুমি আকৌ এইবোৰ খাবলৈ লৈছা হ’বলা ??” – মালাৰ মাতত উচপ খাই উঠিলোঁ । এই মানুহজনীৰ পৰা উপায় নাই । মুখখন বেয়া লগা বাবে অলপমান চাধা মুখত ভৰাবলৈ লৈছিলোহে !!
সৰু সুৰা কাহ এটাই আজি কিছুদিনৰ পৰা মোক আকৌ আমনি কৰিব লৈছে দেখোন !!
০০০০
“ দেউতা, চোৱা এইখন মোৰ ৰিপৰ্ট কাৰ্ড – । মই কিমান পাইছো জানা – ৯৫% !!!৯৫% পাইছোঁ দেউতা । দাদাৰ ৰিজাল্ট দেখি তোমাৰ যে বৰ দুখ লাগিছিল .. তেতিয়াই মই ভাবিছিলোঁ – যিয়েই নহওক কিয় মই বহুত ভাল ৰিজাল্ট কৰি তোমাৰ মনৰ আশা পুৰণ কৰিম। এয়া চোৱা, মই দাদাতকৈ বহুত ভাল নম্বৰ পাইছো ! দেউতা, তুমি সোনকালে ভাল হৈ ঘৰলৈ আহা । আমি এটা ডাঙৰ পাৰ্টি দিম । খুউব স্ফূৰ্তি কৰিম । তুমি সোনকালে ভাল হোৱা দেউতা । ..” নুপুৰে চিঞৰি চিঞৰি কৈ থকা কথাবোৰ মোৰ কাণত ভগা চিঙা টুকুৰা হৈ সোমাইছেহি । মই আজিকালি বিচনাত চেপেটা স্কেল এডালৰ দৰে শুই থকা হ’লো । হস্পিতেল – ঘৰ – কেমথেৰাপী – ৰেডিয়েচন - হস্পিতেল – ঘৰ ..। মোৰ লগতে মালাৰো এয়াই দৈনন্দিন ৰুটিন হৈছে । মোৰ মুৰৰ ডাঠ চুলিবোৰ নাইকিয়া হৈ মিহি তালুখন চিকমিক কৰি ওলাই থাকিব ল’লে । মোৰ মুখৰ পকা ডাঢ়িবোৰ মালাই আজি কালি কাটিবলৈ এৰি দিলে । মালাই আজিকালি পুনৰ ভালদৰে সাজি কাচি থাকিবলৈ এৰি দিছে । জোনটিও আজিকালি ঘৰতে থাকে । কিবা প্রফেচনেল কৰ্চ এটাৰ পৰীক্ষা দিবৰ বাবে ভালদৰে পঢ়িছে সি । আজিকালি তাৰ চুলিখিনি বিজুলীৰ চমক লাগি থকাৰ দৰে নাথাকে । গোটেই ঘৰখন মোৰ ওচৰতে থাকে আজিকালি । বন্ধু –বান্ধৱবোৰো প্রায়ে আহে মোৰ ওচৰলৈ । মই সঁচাকৈয়ে সুখী ..সঁচাকৈয়ে ..
০০০
মালাক আজিকালি মই কাগজত লিখি লিখি কথা কওঁ । মোৰ অনলাইন বেংকিংৰ পাচৱৰ্ড ক’ত লিখি ৰাখিছিলোঁ ..ক’ত ক’ত কি কি সাঁচি ৰাখিছিলোঁ ..মালাক ক’বলৈ আপ্ৰাণ চেষ্টা কৰিও পৰা নাইচোন !! ... মোৰ ভাই আৰু তাৰ নতুন কইনাজনী – ভাগিনটোৰ সৈতে ভনীজনী -সকলো দিল্লীত মোৰ ওচৰতে আছেহি । আজিকালি বন্ধু বান্ধৱবোৰ বৰকৈ নহা হ’ল মোৰ ওচৰলৈ !! মোৰ মা – মা বাৰু ক’ত আছে ? গোটেইবোৰ মানুহ মোৰ ওচৰত থাকিলে বুঢ়ী মানুহজনীৰ বাৰু দিগদাৰ নহবনে ?... মোক বাৰু সেই মৰমৰ জনমভূমি অসমৰ সেন্দুৰীচুক গাঁৱখনলৈ লৈ যাবলৈ নোৱাৰেনে ইমানবোৰ মানুহে !! ..ইমান যে মন গৈছে মোৰ গাঁৱৰ সোণালী পকা ধানৰ মাজে মাজে দৌৰি ফুৰিবলৈ । পকা ৰবাৱটেঙা লৈ ফুটবল খেলিবলৈ । মোক চাধা খাবলৈ শিকোৱা দুষ্ট সৰুকণক দুটামান ভুকু দিবলৈ !!.... চাধা নোখোৱাকৈয়ে মোৰ মুখত ডাঢ়ি গজাই দেখুৱাম ..সৰুকণ ..সৰুকণ .. !!

************************
No comments:
Post a Comment