মাদাৰ টেৰেচাই কৈছিল : মানুহ স্বাৰ্থপৰ , যুক্তিহীন আৰু অবিবেচক হ’লেও তেওঁলোকক ভাল পাব লাগে । তুমি যদি নিস্বাৰ্থ ভাৱে কিবা ভাল কাম কৰি আছা তেতিয়াও মানুহে তোমাৰ কামত স্বাৰ্থৰ গোন্ধ পাব , তথাপিও ভাল কাম কৰিবলৈ নেৰিবা । তুমি যদি সফল হোৱা , বহুত মিছা বন্ধু আৰু সঁচা শত্ৰুৰ সন্মুখীন হ’বা – তথাপিও সফলতাৰ চিৰিত উঠি যাবলৈ নেৰিবা । আজি তুমি কৰা ভাল কাম মানুহে কালিলৈকে পাহৰি যাব । তথাপিও ভাল কাম কৰি যাবা । সততা আৰু স্পষ্টবাদী স্বভাৱৰ বাবে বহু সময়ত তুমি আঘাত পাব লগা হ’ব পাৰে । তথাপিও সৎ আৰু স্পষ্টবাদী হ’বা । তোমাৰ বহু বছৰৰ সাধনাৰ অন্তত গঢ়ি উঠা এটা কাম বা প্ৰতিষ্ঠা খন্তেকতে তচনচ হ’ব পাৰে । তথাপিও গঢ়াৰ সাধনা নেৰিবা । সহায়ৰ প্রয়োজন হোৱা লোকক সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে তেওঁলোকে তোমাক আক্ৰমণ কৰিব পাৰে । তথাপিও তুমি তেওঁলোকক সহায় কৰিবা । পৃথিৱীক তোমাৰ সৰ্বশ্রেষ্ঠ অৱদান দিয়া । তোমাৰ কষ্ট হ’ব –তথাপিও পৃথিৱীখনক তোমাৰ সৰ্বশ্রেষ্ঠ অৱদান দি যোৱা ।
********
মাডাৰ টেৰেচাৰ এই কথাখিনি মোক বহুত প্রেৰণা দিয়ে ... আশাকৰো বহুতকে প্রেৰণা দিব সদায় ভাল কাম কৰি যাবলৈ ....
********
মাডাৰ টেৰেচাৰ এই কথাখিনি মোক বহুত প্রেৰণা দিয়ে ... আশাকৰো বহুতকে প্রেৰণা দিব সদায় ভাল কাম কৰি যাবলৈ ....
No comments:
Post a Comment