Thursday, 9 April 2015

সোণ কিনো আহক ..

সোণ কিনো আহক ..
“সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
চেনেহ যদি তই দিয় মোক হাততে পিন্ধাই” ......
জীয়ৰীয়ে যিমান কলেও আমাৰ দেশৰ পিতৃ মাতৃয়ে বিয়া দিবলৈ ওলোৱা কন্যাক সোণৰ খাৰু, কেৰু মণিৰে ভৰাই দিবলৈ যত্পৰোনাস্তি চেষ্টাৰ ক্ৰুটি নকৰে । বহু পিতৃ মাতৃয়ে পুত্রৰ বাবে আনিব বিচৰা কন্যাগৰাকীকো বুজন পৰিমাণৰ সোণৰ গহনাৰে সজাই পৰাই আনিব পাৰিলেহে সন্তোষ্টি লভে । ..এই সকলো ৰীতি নীতিৰ যুক্তি যুক্ততা আছে বা নাই তাৰ ওপৰত আলোচনা নকৰি, আমাৰ সোণৰ প্রতি থকা অত্যধিক আনুগত্যই অৰ্থনীতি ক্ষেত্রখনতনো কেনে প্ৰভাব পেলাইছে তাৰ ওপৰত সামান্য আলোকপাত কৰিবলৈহে লেখাটোৰ উদ্দেশ্য ।
পৌৰাণিক কালৰ পৰাই “সোণ” নামৰ হালধীয়া দ্রব্যবিধৰ প্রতি মানুহৰ আকৰ্ষণ প্রয়োজনাধিক । ইয়াৰ কাৰণ কেৱল ইয়াৰ উজ্জ্বলতা বা দীৰ্ঘজীৱিতাই নহয় – ই হ’ল পৌৰাণিক কালৰ পৰাই বিনিয়োগৰ বা হঠাৎ আহি পৰা আৰ্থিক সংকট মোচনৰ এক সঁজুলি । সোণৰ গহনা বন্ধকত দি বহু পৰিয়ালে আটক কালত বিপদৰ পৰা হাত সাৰে বা বিক্রি কৰি পোৱা ধনেৰে অন্য স্থানত জোৰা মাৰে । গতিকে সোণৰ প্রতি মানুহৰ আদৰ বেচি । কিন্তু কথা হ’ল অত্যাধিক পৰিমাণৰ সোণৰ গহনা ,বিয়াৰ কইনা মানেই সোণৰ গহনাৰে দো খাই পৰা এটা ডিঙি , সোণৰ খাৰুৰে লৰচৰ কৰিব নোৱাৰা দুখন হাতে সু-বিনিয়োগ বা সু-আৰ্থিক পৰিকল্পনা বুজায় নে ? নিশ্চয় নুবুজায় । অলংকাৰ হিচাপে সোণ কিনিলে ইয়াৰ বিক্রি মূল্যত অলংকাৰ বনোৱাৰ খৰচটো নোসোমায় –তাৰোপৰি অলংকাৰ বনাবলৈ সোণৰ লগত মিহলি কৰা অন্য ধাতুৰ মূল্যও বিয়োগ কৰা হয় । সোণৰ মুদ্রা বা স্কেল ৰাখিলে সোণৰ অলংকাৰতকৈ বেছি বিক্রি মূল্য পোৱা যায় । সোণত প্রয়োজনাধিক বিনিয়োগ কৰাটো অৰ্থনীতিৰ ফালৰ পৰা (দীৰ্ঘমাদ্যত) বেছি লাভজনক নহয় । সেয়ে আৰ্থিক নীতি বিশেষজ্ঞসকলে সোণত বিনিয়োগ কৰিবলে বেছি উৎসাহ নিদিয়ে । নিজৰ পৰ্টফ’লিও ( বছৰি বা মাহিলী আয়ৰ হিচাব নিকাচ )ৰ ১০% তকৈ বেচি যদি সোণত লগায় সেয়া বুদ্ধিমানৰ কাম নহব ।
আচলতে মানুহে সোণ কিনি গোটাই থোৱা কামটো আৰ্থিক বিনিয়োগতকৈ বেছি আবেগিক কাৰণত কৰে । ২০০৮ চনৰ বিশ্ব আৰ্থিক মন্দাৱস্থাৰ পিছত মানুহে সোণত বিনিয়োগ কৰাটো সুৰক্ষিত বুলি ভাবি বেচি সোণত বিনিয়োগ কৰিবলৈ লোৱাৰ পৰাই ( যিহেতু চাহিদা বৃদ্ধি হ’ল ) সোণৰ দাম আকাশলংঘী হ’ল । তলত ফেব্রুৱাৰি২০১২ ৰ পৰা জানুৱাৰী ২০১৩ লৈ সোণৰ দাম পৰিসংখ্যা এটা দিয়া হ’ল :
চন সোণৰ মূল্য প্রতি ১০গ্রামত(টকা)
ফেব্রুৱাৰি ১৬,২০১২ ২৭,৮৬১
মে ১৬,২০১২ ২৭,৯৪৪
জুন ১৬,২০১২ ৩০,২৫১
চেপ্তেম্বৰ১৬,২০১২ ৩১,৮৯৫
নভেম্বৰ১৬,২০১২ ৩২,৪৬০
ফেব্রুৱাৰি ১৬,২০১৩ ২৯,৭৯৪
ওপৰৰ তালিকাখনত আমি দেখিছোঁ যে সোণৰ মূল্য কেইবা মাহে ক্ৰমাত বৃদ্ধি হৈ থকাৰ পৰিবৰ্তে এই মাহত সোণৰ দাম যথেষ্ঠ কমি আহিল । বিশেষজ্ঞৰ মতে ইয়াৰ দাম আৰু কিছু কমাৰ সম্ভাৱনা আছে (কাৰণ বিশ্ব অৰ্থনীতিৰ কিছু টনকিয়াল হোৱা তথা আমেৰিকাৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ উত্তৰণ ) সোণৰ বজাৰৰ উচ্চ হাৰৰ বাবে ইয়াৰ চাহিদা বাৰুকৈয়ে কমি গৈছিল ( আগৰ বছৰৰ তুলনাত ভাৰতত সোণৰ চাহিদা ২০১২ চনত ১২% কমি গৈছিল ; ৱৰ্ল্ড গ্ল’ড কাউন্সিলৰ হিচাপ ) কিন্তু এতিয়া আমাৰ সকলো শংকাৰ ওৰ পেলাই সোণৰ দাম কমি আহিছে । গতিকে এইটো চেগতে নিজৰ ছোৱালী ,বোৱাৰী,বা পত্নী, প্রেয়সীৰ বাবে দুই এপদ সোণৰ গহনা বনোৱাৰ লগতে পাৰিলে দুই এটা সোণৰ মুদ্রাও কিনি থওঁ আহক !!
‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‌‌‌‌‌_______________________________________________________________________________
  • Lochan Juman Bordoloi গুৰুত্বপুৰ্ণ কথা |
  • Surajit Neog ভাল কথা, অতি সজ কথা . . "দুই এপদ সোণৰ গহনা বনোৱাৰ লগতে পাৰিলে দুই এটা সোণৰ মুদ্রাও কিনি থওঁ আহক !!" ... এইষাৰেই একেবাৰে তামাম দেই ... বিপদঘন্টাটো কিয় বজোৱা হে ... এই বাক্যতিয়ে আমাৰ দৰে কিছুক মন্দাৱস্থালৈ লৈ গৈ ঘৰুৱা অৰ্থনীতিত কিছু প্র্ভাৱ পেলোৱাৰ শংকা একেবাৰে নুই কৰিব নোৱাৰি . . .!!
  • Diganta Bora সোণৰ বিষয়ে বহু নজনা তথ্য জানিলো।
  • Anupama Borgohain Surajit দা, আপোনাৰ ঘৰুৱা অৰ্থনীতিৰ মন্দাৱস্থাৰ উত্তৰণ হ'ব..শ্ববনমক এই লেখাটো দেখুৱাবলৈ নাপাহৰিব !!
  • Surajit Neog বিয়াৰ সময়তে অতি কৃপনভাৱে এডাল চেইন আৰু এটা সোণৰ আঙূঠিৰে কোনোমতে কাম চলাই এতিয়াও তেনে অৱস্থাতে উত্তৰণৰ আশাত আছো (মানে আছে ..) ... তাতে এবাৰ ঘৰত চোৰ সোমাই শ্ববনমৰ একমাত্র প্র্কাণ্ড 'সোণৰ' ৮০০ টকীয়া চেটটো লৈ গ'ল . . মোৰ ভয়েই হৈছিল ... চোৰকিটাই ৰাস্তাই ঘাটে পাই মোক নিকিলালেই হ'ল বুলি ... !!
  • Rajib Ranjan (মন্দাৱস্থাহেতু এই সময়ত সোণৰ বিস্কুট আৰু অলপমান গহনাৰ দুখনমান ফটোকে ডাউনলোড কৰি থৈছোঁ।)
  • Anupama Borgohain শ্ববনমৰ একমাত্র প্র্কাণ্ড 'সোণৰ' ৮০০ টকীয়া চেটটো চোৰে নিলে !!ৰক্ষা !!!অৱশ্যে আজিকালি গুৱাহাটীত চোৰৰ যি অতপালি সোণৰ অলংকাৰ পিন্ধা মানে চোৰক আহ্বান কৰাই হয় । সেয়ে কৈছো দাম কমাৰ সময়ত (সাধ্যানুসৰি) এটা বা দুটা সোণৰ বিস্কুট বা মুদ্রা কিনি বেংকৰ লকাৰত থওঁক..কেতিয়াবা দৰকাৰত আহিব !
  • Surajit Neog বৰ্তমান এনেই ফ'ট চ'ট বোৰ চাই আছো . . দুদিনমানতে প্রিন্টআউট এটা লৈ ভালকৈ বন্ধাই শোৱনি কোঠাত আৰিমগৈ বুলি এওঁক কথা দি দিছো ইতিমধ্যে . . .
  • Bidya Das সময় উপযোগী তথ্য।
  • Laksheswar Hazarika আপুনি ভাল কথাটোকে ক'লে দেই। এই চেগতে মোৰ ল'ৰা দুটাৰ বিয়াৰ বাবে(মানে ভাবী বোৱাৰী দুজনীৰ বাবে ) ধুনীয়া ধুনীয়া চেট দুটামান বনাই থব লাগিব । এওঁক ইতিমধ্যে দিজাইন পছন্দ কৰিবলৈ কৈছোঁৱেই।
  • Anupama Borgohain বৰ ভাল চিন্তা কৰিছে দেই Laksheswar Hazarika দাদা, এ্বইবাৰ বাজেটত সোণ আৰু হীৰাৰ দাম কমাইছেই ..আগতীয়া শুভেচ্ছা জনালো লৰাদুটাৰ নতুন জীৱনৰ বাবে ..


No comments:

Post a Comment