Friday, 22 July 2016

ক'তেনো আছা মোৰ কলিজাৰ আই...খণ্ড ১০

 চিঠিখন লিখি শেষ হোৱাৰ লগে লগে ৰুলী সোমাই আহিল তাৰ বুকুখন ধক ধক কৰি উঠিল তেনেই সহজ সৰল এখন ধুনীয়া মুখ ফুলা ফুলা চকুকেইটাত কাজলৰ প্রলেপ আজি যেন সেই প্রলেপ বহুত বেছি তা - সেই দুটা চকুত চোন তাৰবাবে অলপো আবেগ উৎকণ্ঠা সোমাই থকা নাই ! তেনেই সাধাৰণ এহাল চকু সেই চকুত বহু 'ৰা ছগাৰ দৰে জাহ যাবকিন্তু প্রেমৰ গভীৰ সাগৰত সাতুৰি নাদুৰি ক্লান্ত হৈ জিৰাব নোৱাৰিব ! 
হাতৰ বেগটো কফি টেবুলখনত থৈ তাই শ্যামৰ সন্মুখত থকা চোফাখনত ভাগৰুৱা ভাবে বহিল মুখত তাইৰ উচপিচ ভাব এটাৰবাত যেন বহুত ডাঙৰ কাম এটা আধৰুৱাকৈ এৰি থৈ আহিছে !
: “
শ্যাম , তুমি মোক ইয়াত সদায় কফি খুওৱা আজি মই তোমাক কফি খুৱাম দেই !” 
ৰুলীয়ে কথাষাৰ কৈ তাৰ উত্তৰলৈ বাট নাচালে কফি দুকাপৰ অৰ্ডাৰ দি তাই পুনৰ শ্যামৰ ওচৰত বহিলহি শ্যামে কি কফি খাই ভালপায়কোনখন চকীত বহি ভালপায় সকলো তাই জানে তথাপিও আজি তাই একো নজনাৰ দৰে শ্যামে ভাল নোপোৱা আইৰিচ কফি এচপ্রেচ অৰ্ডাৰ দিলে কফিকাপৰ গোন্ধটোৱে তাক কলিজালৈকে তিতা কৰি দিলে কেৱল ৰুলীক ভাল লগাবৰ বাবে কফিকাপত এটা সোহা মাৰি সি থমকি উস্ ইমান তিতা ! ইমান তিতা একো বস্তুৱেই সি জীৱনত মুখত দি পোৱা নাই কিছু সেমেনা সেমেনি কৰি ৰুলীয়ে লে
: “
মোৰ হাতত আচলতে আইৰিচ কফি দুকাপ কিনিব পৰাকৈ হে পইচা আছিল শ্যাম I am so sorry !!”
: “
কোনো কথা নাই চানশ্বাইন ! তুমি দিয়া যিকোনো বস্তুআনকি তিতা বিহো মই হাঁহি হাঁহি খাব পাৰিম !” –শ্যামে লে
: “
তেনেহলে খোৱা!” – ৰুলীয়ে নিৰুদ্বেগ ভাবে লে
মই কিন্তু খাব নোৱাৰোঁ!” অলপ সময় ৰৈ তাই পুনৰ লে
: “
শ্যাম, তুমি বৰ ভাল লৰা মোৰ দৰে এজনী ছোৱালীৰ লগত থাকিলে গোটেই জীৱন তিতা বিহ খাই থাকিব লগীয়া তুমি তোমাৰ বাবে যোগ্য এজনী ছোৱালীক ভাল পাবা বুজিছা!!”
: “
চানশ্বাইন!!” শ্যামে বহুত কিবা কিবি কথা বলৈ খুজিছিল কিন্তু এনেকুৱা সময়ত তাৰ মুখত কথা লাগি লাগি ধৰে ৰুলীৰ যেন তাৰ মুখত লাগি ধৰা কথা শুনিবলৈ অলপো ধৈৰ্য নাই! তাৰ চকুৰ পৰা হৰ হৰকৈ বাগৰি অহা লোতকখিনি চাবৰ বাবেও তাইৰ ইচ্ছা নাই  
: “
'ৰা মানুহ হৈ কেনেকৈ কান্দি থাকা হে!” –তাইৰ ভৎসৰ্না কোনোমতে তাৰ কাণত সোমাল  
তাৰ মনৰ শংকা কিদৰে সত্য হৈ গৈ আছেভাবি আচৰিত লৰালৰিকৈ সি লিখা চিঠিখন তাইক দিলে তাই চিঠিখন লওঁ নলওঁকৈ লে
: “
ভালদৰে থাকিবা মই থাকিলেও বা নাথাকিলেও তুমি কিন্তু ভালদৰে থাকিবা ! আৰু মোক ক্ষমা কৰি দিবা !!
স্তব্ধ হৈ বহু সময় স্থানুৰ দৰে বহি থাকিল সি তাৰ মনলৈ আহিল তাৰ লগৰ উত্তৰ প্রদেশৰ বন্ধু কুলদীপে কোৱা কথা এষাৰ মনলৈ আহিল
Love- a single word, a wispy thing, a word not bigger or longer than an edge, a razor…and thats what it is, a razor...It draws up through centre of your life, cutting it into two, before and after, and your world falls apart on either side .
সঁচাইপ্রেম” – কি যে এক স্পৰ্শকাতৰ অনুভৱ! “প্রেমএডাল কাড় যি হৃদয়খনক দুটা টুকুৰা কৰি জীৱনৰ দুটা প্রান্তত পেলাই থয় এই এটা মাত্র শব্দই আমাৰ জীৱন কিমান যে চিত্ৰ বিচিত্ৰ কৰি পেলাব পাৰে! (প্ৰথম অধ্যায় সমাপ্ত)